ক্ৰিকেটৰ মধ্যমনি- উইকেট ৰক্ষক:: ৰমেন চন্দ্ৰ হাজৰিকা
ক্ৰিকেট খেলৰ প্ৰতি মোৰ এক অনামী আকৰ্ষণ, এক বিশেষৰো বিশেষ প্ৰেম আছে। যি প্ৰেমে যি আকৰ্ষণে সেই খেলৰ প্ৰতিটো টিপচ্, বলিং, ফিল্ডিং, বলাৰ, উইকেট, উইকেট কিপাৰ, বেটছমেন, ইনিংছ, আম্পায়াৰ, কমেন্ট্ৰী ইত্যাদি প্ৰতিটো বিভাগ আৰু অংশৰ বিষয়ে জনা আৰু জনোৱাৰ, বুজা আৰু বুজোৱাৰ, শিকা আৰু শিকোৱাৰ এক অদ্যম্য হেপাঁহে মোক টনা আজোৰা কৰি থাকে। যি হেপাঁহে ক্ৰিকেটৰ লগত মোৰ প্ৰেম ভালপোৱা আৰু অধিক গাঢ় কৰি তুলিছে। এই প্ৰেম ভালপোৱাই ক্ৰিকেটৰ ভিন্ন অংশবোৰৰ কৰ্ম-ধৰ্ম, নীতি-কৌশলক নিজাকৈ বিশ্লেষণ কৰাৰ বাট মুকলি কৰিছে। আজিৰ বিশ্লেষণৰ বিষয় উইকেট কিপাৰ বা উইকেট ৰক্ষক। যাক মোৰ অনুভৱৰ গৱেষনাই ক্ৰিকেটৰ মধ্যমনি বুলি মূল্যাংকন কৰিছে।এই খিনিতে উল্লেখ কৰিছো যে এই উইকেট ৰক্ষকৰ ভূমিকাৰ কথা ক্ৰিকেট আইনৰ ৪০ ধাৰাত বৰ্নিত আছে যদিও এই মূল্যাংকন একেবাৰে মৌলিক, মোৰ নিজা।নাম থকা উইকেট ৰক্ষক বাংলাদেশৰ খালেক মাচুদ, ভাৰতৰ মহেন্দ্ৰ সিং ধোনী, পাকিস্তানৰ মাইন খান, ৱেষ্ট ইণ্ডিজৰ জেফ ডুজন, অষ্টেলিয়াৰ ইয়াৰ হিলি, ৰড মাৰ্ক বা আডাম গিলখ্ৰীষ্ট, ইংলেণ্ডৰ জ্যাক ৰাছেল, শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰা, নিউজীলেণ্ডৰ ব্ৰেণ্ডন মেককালাম আদিৰ খেল চাই বুজি মোৰ অনুভৱ তেওঁলোকে দলীয়ৰ লগতে নিজৰ একক আৰু অন্যান্য শ্ৰম আৰু একাগ্ৰতাৰে নিজৰ পৰিচয় গোটাবলৈ সক্ষম হৈছে। ষোল্লশ শতিকাত দক্ষিণ ইংলেণ্ডত জন্ম লাভ কৰি ওঠৰ শতিকাৰ শেষলৈ ইংলেণ্ডৰ ৰাষ্টীয় ক্ৰীড়া ৰূপে চিহ্নিত হৈ বৃটিছ সাম্ৰাজ্যৰ প্ৰসাৰৰ সমান্তৰালকৈ উনৈছ শতিকাত বিশ্বৰ বিভিন্ন দেশলৈ জনপ্ৰিয়তা বিয়পি পৰা ৰাজকীয় খেল ক্ৰিকেটৰ অন্যতম কেন্দ্ৰবিন্দু হ’ল উইকেট কিপাৰ বা উইকেট ৰক্ষক।সাধাৰণতে এখন টেষ্টত ১০০/১৫০ অ’ভাৰৰ একোটা ইনিংছ বা এদিনীয়া ক্ৰিকেটত পঞ্চাছটা অ’ভাৰ যোৰা একোটা ইনিংছৰ প্ৰতিটো পলত হেলমেট পৰিধান কৰি বলৰ আঘাটৰ পৰা নিজক বচাই উইকেট ৰক্ষকৰ প্ৰধান কাম হ’ল বলাৰে নিক্ষেপ কৰা বল সংগ্ৰহ, বেটছমেনৰ বেটৰ স্পৰ্শকৃত বল হাতৰ মুঠিত ৰখা, উইকেট ভাঙি পেলোৱা, ফিল্ডাৰে ঘূৰাই পঠোৱা বল ধৰি উইকেট ভাঙি ৰান আউট কৰা। মুঠৰ ওপৰত ক্ৰিকেট খেলখনৰ সোঁমাজত থকা ২২ গজ দৈৰ্ঘ্যৰ আয়ত আকাৰৰ ক্ষেত্ৰ যাক পিটচ্ বোলা হয়, সেই পিটচ্ৰএটা মূৰে থকা ক্ৰীজ আৰু তিনিডাল উইকেটৰ পিছফালে বল আৰু বলাৰক তীক্ষ্ণ নিৰিক্ষণেৰে উইকেট ৰক্ষকজন ৰৈ থাকে। পেচ আৰু স্পিনৰবলৰ সম্পূৰ্ণ বুৰঞ্জী তেওঁ জানিব লাগে বা জানে। ন’ বল, ৱাইড বল আৰু শুদ্ধ বলৰ নিৰ্ণায়ক দক্ষতা থাকে তেওঁৰ। তেওঁ আম্পায়াৰে নিৰ্দেশনা ঘোষনা কৰাৰ আগতেই এজন উইকেট ৰক্ষকে জানে বলটো ন’বল নে ৱাইড বল নে শুদ্ধ বল। তেওঁ বল আৰু ব’লাৰৰ গতি-প্ৰগতি লক্ষ্য কৰি ফিল্ডিঙৰ টিপচ্ তাৎক্ষণিক ভাৱে সলনি কৰি কেতিয়াবা দলটোক বিজয়ৰ দিশে আগবঢ়াই নিব পাৰে। মোৰ দৃষ্টিত মহাভাৰতত অৰ্জুনে লক্ষ্য ভেদি শৰ নিক্ষেপনৰ সেই খনিক লক্ষ্যস্থিৰতা উইকেট ৰক্ষকে সমগ্ৰ ইনিংছ জুৰি স্থাপন কৰি ৰাখিব লাগে বা ৰাখে। যদিও সমগ্ৰ খেলখনৰ কৌশল আৰু নীতি নিৰ্ধাৰনৰ ক্ষমতা দলনেতাৰ হাতত থাকে তথাপি বহু ক্ষেত্ৰত ফিল্ডিঙৰ ক্ষেত্ৰত কেপ্টেইনে উইকেট ৰক্ষকৰ পৰামৰ্শ গ্ৰহন কৰে। কেতিয়াবা উইকেট ৰক্ষকে মাজেমধ্যে বলিং কৰিবলৈও যাব পাৰে তেতিয়া সাময়িকভাৱে অন্য এজনে উইকেট কিপাৰৰ দায়িত্ব লয়। আকৌ বেটিঙৰ সময়ত কেতিয়াবা এই একেজন উইকেট কিপাৰে বেটছ্মেনৰ দায়িত্বও খুউব সুন্দৰকৈ পালন কৰিব পাৰে।তাৰোপৰি কেতিয়াবা খেলৰ কোনো অংশৰ জটিলতা নিশ্চিতি তৃতীয় আম্পায়াৰৰ পৰা জনা বা চোৱাৰ আগতে উইকেট ৰক্ষকৰ পৰাও সিদ্ধান্তৰ নিশ্চিতি বিচৰা হয়। এইক্ষেত্ৰত তেওঁ দিয়া নিশ্চিতি আৰু তৃতীয় আম্পায়াৰৰ নিশ্চিতি বহুসময়ত একে হয়। অৰ্থাৎ তেখেত এজন প্ৰকৃত পৰীক্ষক আৰু নিৰিক্ষক।
এনে ভিন্ন জটিলতম কৰ্ম, ধৰ্ম আৰু কৌশলেৰে খেলি এটি দলক জয়ৰ পথ সুগম কৰা ক্ৰিকেটৰ মধ্যমনি উইকেট ৰক্ষকে কিমান যথোচিত স্বীকৃতি পায় নাজানো তথাপি মই কওঁ যে কোনো এটা কাম সুচাৰু ৰূপে পৰিচালিত হোৱাটোৱেই যিহেতু সেই কামৰ পুৰষ্কাৰ। সেয়ে
উইকেট ৰক্ষকে নিজৰ ৰ্কমৰ যোগেদি নিজৰ পৰিচয় অক্ষুন্ন ৰাখিছে ৷