অনুৰাগীৰ মনৰ কথাৰে— আই.পি.এল. (IPL) :: দীপাঞ্জন কাশ্যপ

(ব্যক্তিগত অনুভৱ)

বৰ্তমান আই.পি.এল. (Indian premier league)ৰ সপ্তদশ সংস্কৰণটো চলি আছে ৷ টেষ্ট ক্ৰিকেট মোৰ সদায় প্ৰথম পছন্দৰ হ’লেও আৰম্ভণিতে কেইজনমান বিশেষ খেলুৱৈৰ‌ বাবে আই.পি.এল. (IPL) চাইছিলোঁ। এক কথাত ক’ব পাৰি সেই বিশেষ খেলুৱৈ কেইজনেই আই.পি.এল. (IPL) চাবলৈ আগ্ৰহ জন্মাইছিল। তেওঁলোকৰ বাবে একো একোটা দলক সমৰ্থন কৰিছিলোঁ। উপলব্ধি কৰিছিলোঁ একো একোজন মহান খেলুৱৈয়ে কেনেকৈ দৰ্শকক এটা দলৰ প্ৰতি আকৃষ্ট কৰিব পাৰে ৷ তেনে কেইজনমান মহান খেলুৱৈ আছিল— 

মুম্বাই ইণ্ডিয়ানছ: শচীন তেণ্ডুলকাৰ, ৰোহিত শৰ্মা, কাইৰন পোলাৰ্ড, লাছিথ মালিংগা, হৰভজন সিং

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ— ক্ৰিছ গেইল, বিৰাট ক’হলি, এ বি ডি ভিলিয়াৰ্ছ

কলকাতা নাইট ৰাইডাৰ্ছ— সৌৰভ গাংগুলী, আন্দ্ৰে ৰাছেল 

দিল্লী কেপিটেলছ— বীৰেন্দ্ৰ সেহৱাগ, গৌতম গম্ভীৰ, শিখৰ ধাৱান

কিংছ ইলেভেন পাঞ্জাব— যুৱৰাজ সিং, বীৰেন্দ্ৰ সেহৱাগ, ডেভিদ মিলাৰ

দল হিচাপে ছানৰাইজাৰ্ছ হায়দৰাবাদক ভাল নাপাইছিলোঁ যদিও ডেভিদ ৱাৰ্ণাৰ, ভুৱনেশ্বৰ কুমাৰ, আৰু কেন উইলিয়ামছনৰ খেল ভাল পাইছিলোঁ। একেদৰে পূৰ্বতে ৰাজস্থান ৰয়েলছক ভাল নাপাইছিলোঁ যদিও ৰিয়ান পৰাগক ক্ৰয় কৰাৰ পৰা আজিকালি দলটো অন্যতম ফেভাৰিট। দলটোৰ জ’ছ বাটলাৰ, সঞ্জু ছেমছন আৰু যশস্বী জয়ছৱালৰ বেটিং মোৰ প্ৰিয়। 

একদম চকু পাৰি দেখিব নোৱাৰা দলটো হ’ল চেন্নাই চুপাৰকিংছ। অৱশ্যে তাৰ আঁৰত এক কাহিনী নথকা নহয়। আই.পি.এল. (IPL)ৰ ২০০৯ পৰা ২০১১লৈ তিনিটা বৰ্ষৰ খেল চলি থকা সময়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে মুম্বাইত আছিলোঁ। শিক্ষানুষ্ঠানখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছিল বাবে ভাৰতৰ সকলো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী আছিল। হোষ্টেলৰ ডাঙৰ হ’লঘৰত সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়েই আই.পি.এল. (IPL) চাইছিল। আৰম্ভণিৰ‌ সময়ত আই.পি.এল. (IPL)ৰ‌ উত্তেজনা এনেও অলপ বেলেগ ধৰণৰ আছিল। সকলো ছাত্ৰ-ছাত্ৰীৰে নিজৰ পছন্দৰ দল আছিল আৰু সেইমতে সমৰ্থন কৰিছিল। কিন্তু তামিলনাডুৰ সকলো ছাত্ৰ-ছাত্ৰী আছিল চেন্নাই চুপাৰকিংছৰ ঘোৰ সমৰ্থক; হোৱাটো স্বাভাৱিক, তাত একো সমস্যা নাছিল। সমস্যাটো আছিল চেন্নাই জিকিলে তামিলনাডুৰ ছাত্ৰসকলে সৃষ্টি কৰা হুলস্থলীয়া আৰু অপ্ৰীতিকৰ পৰিস্থিতি, যাৰ বাবে হোষ্টেলৰ আন সকলে খং আৰু ধৈৰ্যৰ সীমাৰেখা চেৰাবলৈ বাধ্য হৈছিল। ফলত চেন্নাই চুপাৰ কিংছ হৈ পৰিছিল তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীৰ বাদে আন সকলোৰে বাবে আটাইতকৈ বেয়া পোৱা দল। সেই যি বেয়া পালোঁ আজি পৰ্যন্ত ভাল পাবই পৰা নাই। কিন্তু এম এছ ধোনী আৰু সুৰেশ ৰাইনাৰ খেল চাই ভাল পাইছিলোঁ। দলটোক বেয়া পালেও এটা কথা কিন্তু ক’বই লাগিব যে দলটোৰ খেলুৱৈ নিৰ্বাচন, খেলুৱৈৰ প্ৰতি সমৰ্থন, আৰু পৰিকল্পনা আন দলবোৰতকৈ বহুত ওপৰত। 

মুম্বাইতে পঢ়া কাৰণে মুম্বাই ইণ্ডিয়ানছ আছিল ফেভাৰিট দল। তাতে প্ৰথমতে আছিল শচীন, পিছলৈ ৰোহিত আৰু পোলাৰ্ড। কিন্তু সৰ্বকালৰ মোৰ হট ফেভাৰিট’ দলটো হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ। তাৰ মূলতেই হ’ল প্ৰথমে ক্ৰিছ গেইল, আৰু তাৰ পিছত ক’হলি আৰু ডে ভিলিয়াৰ্ছ। গেইল আৰু ডে ভিলিয়াৰ্ছ দলৰ পৰা আঁতৰা সময় হ’ল। হ’লেও ক’হলি আছে কাৰণেই দলটোক ভাল পাওঁ। ভাল পালেও কিন্তু এইটোও জানো যে আই.পি.এল. (IPL)ৰ খিতাপ জয় কৰিব পৰাকৈ দলটো বৰ্তমান শক্তিশালী নহয়। এটা সময়ত গেইল, ভিলিয়াৰ্ছ আৰু ক’হলি একেলগে থাকোঁতে আশা এটা দেখিছিলোঁ; কিন্তু পূৰণ নহ’লগৈ। এতিয়া আৰু আশা পূৰণ হোৱাৰ সম্ভাৱনা একেবাৰে নাই। তাৰ মূলতে হ’ল পূৰ্বৰ নিচিনাকৈ এতিয়াও একেবাৰে দুৰ্বল বলিং। তথাপিও ক’হলি থকালৈকে বাংগালোৰৰ প্ৰতি হৃদয়ৰ নিভৃত কোণৰ পৰা সমৰ্থন এটা থাকিব। বাংগালোৰৰ সমানে সমানে বৰ্তমান সমৰ্থন‌ কৰোঁ ৰাজস্থান ৰয়েলছক; পিছলৈ কি হয় নাজানো, অন্ততঃ ৰিয়ান দলত থকালৈ। মুম্বাইৰ প্ৰতি সমৰ্থন লাহে লাহে কমি আহিছিল যদিও এইবাৰ মোৰ সমৰ্থন‌ একেবাৰে শূন্য। তাৰ মূলতেই হ’ল ৰোহিতক অধিনায়কৰ পদৰ পৰা দিয়া অপ্ৰত্যাশিত অব্যাহতি। 

সকলো কথা ফহিয়াই চালে দেখোঁ যে আমি সেই সময়ৰ ক্ৰীড়াপ্ৰেমী যেতিয়া গাংগুলীৰ নেতৃত্বাধীন ভাৰতীয় দলে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। গাংগুলীয়ে জন ৰাইটৰ সমৰ্থনত এচাম খেলুৱৈক নিৰাপত্তা প্ৰদান কৰি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গঢ় লৈ উঠাত সহায় কৰিছিল। কোনো সন্দেহ নথকাকৈয়ে তেওঁলোক হৈ পৰিছিল আমাৰ সকলোৰে প্ৰিয় খেলুৱৈ। তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ জীৱনৰ সময়ছোৱাত অগাধ ধন ঘটিবলৈ আই.পি.এল. (IPL)ৰ‌ দৰে প্ৰতিযোগিতা নাছিল। গতিকে ভাৰতীয় দলকে মন-প্ৰাণ সঁপি দিছিল। 

এতিয়া সেই অযোধ্যাও নাই, ৰামো নাই। দিন সলনি হ’ল। এটা বছৰতে টেষ্ট, এদিনীয়া, আৰু টি-২০ মিলাই ভাৰতীয় দললৈ প্ৰতি বছৰে দুই-চাৰি ডজন নতুন খেলুৱৈৰ আগমন ঘটাটো নিত্যনৈমিত্তিক ঘটনা হৈ পৰিল। দুই-তিনিখন খেলত ভাল খেলিব নোৱাৰিলে ‘ড্ৰ’প’। সৰহসংখ্যক খেলুৱৈয়ে ভাৰতীয় দলৰ আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে নিজকে ফিট ৰখাৰ পৰিৱৰ্তে আই.পি.এল. (IPL)ৰ বাবে ফিট হৈ থকাতহে অগ্ৰাধিকাৰ দিয়া হ’ল। ফলত আমাৰ নিচিনা খেল বলীয়া সমৰ্থকৰ চকুত তেওঁলোক তললৈ নামিবলৈ ধৰিলে আৰু বৰ্তমানেও নামিয়ে আছে। তৎসত্ত্বেও এটা কথা ক’বই লাগিব আই.পি.এল. (IPL) হৈছে বিশ্বৰ সৰ্ববৃহৎ ফ্ৰেঞ্চাইজী প্ৰতিযোগিতা। মোৰ নিজৰ দৃষ্টিকোণেৰে আই.পি.এল. (IPL)ৰ আটাইতকৈ ধনাত্মক দিশ দুটা হৈছে:

(ক) বছৰ বছৰ ধৰি ঘৰুৱা ক্ৰিকেটত অধ্যৱসায় আৰু পৰিশ্ৰমেৰে ক্ৰিকেটতে সকলো সমৰ্পণ কৰা এচাম খেলুৱৈ কেইবা লাখ বা কোটি টকাৰ বিনিময়ত কোনো দলৰ অংশীদাৰ হৈছে, যিয়ে নেকি কেতিয়াও ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ নাপালেও ভৱিষ্যত জীৱনত আৰ্থিক ভাৱে সৱল হ’ব পাৰিব। প্ৰবীন তাম্বে, জলজ ছাক্সেনা আদি খেলুৱৈ এই তালিকাৰ অন্তৰ্ভুক্ত।

খ) আই.পি.এল.(IPL)য়ে জশপ্ৰীত বুমৰাহ, সূৰ্য্যকুমাৰ যাদৱ, ৰিংকু সিং, যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল, ৰুতুৰাজ গাইকোৱাড়, দেৱদত্ত পাডিক্কাল, তিলক বাৰ্মা, ৰবি বিষ্ণয় আদিৰ নিচিনা টি-২০ খেলুৱৈ ভাৰতক উপহাৰ দিছে, যি পৰৱৰ্তী সময়ত টেষ্ট ক্ৰিকেটত ভাৰতক বিশ্ব শ্ৰেষ্ঠ হোৱাত সহায় কৰিছে বা কৰিব।

সৰ্বশেষত কওঁ যে আজিকালি স্ক’ৰ বৰ্ড লক্ষ্য কৰোঁ যদিও খেল তেনেকৈ নাপাওঁ। তাৰ মাজতে ক’হলি, ধাৱান, ৰিয়ান, বাটলাৰ, কুলদীপ, যশস্বী, কে. এল. ৰাহুল আদিয়ে ভাল খেলিলে অলপ সময় চাওঁ। আগৰ ভাল লগা খেলুৱৈবোৰ নথকাত কিবা ৰসেই নোপোৱা হ’লোঁ। তাতে নতুন খেলুৱৈবোৰে ক্ৰিকেটৰ ‘ভদ্ৰ মানুহৰ খেল’ বুলি থকা সুনাম বাৰুকৈয়ে নষ্ট কৰিছে।