ISPL আৰু ক্রিকেটৰ আহিবলগীয়া দিনবোৰ :: ঋতুপৰ্ণ বৰা

ক্রিকেটৰ ৰম্যভূমি ভাৰতবর্ষৰ ইতিহাসত নতুনকৈ সংযোজন হ’ল ক্রিকেটৰ আন এক নব্য সংস্কৰণ ISPL- INDIAN STREET PREMIER LEAGUE। IPLৰ আৰম্ভণিৰ ঠিক ১৬ বছৰৰ পাছত BCCIৰ তত্ত্বাৱধানত ৬ মার্চ ২০২৪ ৰ পৰা আৰম্ভ হ’ল ১০ অ’ভাৰৰ টেনিচ বল ক্ৰিকেট প্রতিযোগিতাখন। হয়তো ইতিমধ্যে আপুনিও প্রত্যক্ষ কৰিলে এই প্ৰতিযোগিতাৰ খেলসমূহ fancode বা অন্য মাধ্যমত। ভাৰতীয় চলচ্চিত্ৰ জগতৰ তাৰকা সকলৰ মালিকাধীন ৬টা দলৰ প্রতিযোগিতা খনত দেশৰ মুম্বাই, হাইদৰাবাদ, বাংগালোৰ, চেন্নাই, কলকাতা আৰু শ্ৰীনগৰক কেন্দ্র কৰি দলবোৰ গঠন কৰা হ’ল।প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ প্রীতি খেল খনত কৌতুক শিল্পী- অভিনেতা মুনাবৰ ফাৰুকীয়ে ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক আউট কৰা ভাইৰেল ভিডিঅ’ আপোনাৰো মোবাইল স্ক্রিনত চলমান হৈছিল চাগে | অসম সন্তান দীপক কুমাৰ লিম্বু আৰু ডেভিদ গগৈ ‘Manjhi Mumbai’ দলত অন্তৰ্ভুক্ত হোৱাৰ খবৰো ক্ৰিকেটৰ ভু-ৰখা সকলৰ হাতত নপৰাকৈ থকা নাই ৷ ইতিমধ্যে ‘Tigers of Kolkata’ দলটোৱে প্ৰতিযোগিতাখনৰ প্ৰথমটো সংস্কৰণত বিজয়ী হবলৈও সক্ষম হ’ল। অসম সন্তান ডেভিদ গগৈয়ে সর্বাধিক উইকেট দখলকাৰীৰ খিতাপ আজুৰি আনিলে, এইটো অসমৰ বাবে নিশ্চয় এটা ভাল খবৰ। এনেকৈয়ে এটা ক্ষন্তেকীয়া পর্বৰ অন্ত পৰিল | বাৰু যিয়েই নহওক ক্রিকেটৰ আন বহু ধামখুমীয়া খবৰৰ মাজতে হোৱা নতুন প্ৰতিযোগিতাখনে  চর্চা যে লাভ কৰিব সি ধূৰূপ।

ইংৰাজৰ সেই ‘দৌ গুনা লগান’ৰ দিনৰে পৰা ভাৰতীয় সকলৰ আবেগ-অনুভূতিৰ এক অংশ হৈ ৰোৱা ক্রিকেটে এই বিশাল  উপমহাদেশখনত ভিন্ন উত্থান পতনৰ অংশীদাৰি হৈ ৰ’ল। কোৱা হয় ভাৰতীয় একতাৰ বহিঃপ্রকাশ হোৱা দুটাই ঘটনা সহজতে দেখিবলৈ পোৱা যায়- পাকিস্তানৰ লগত যুদ্ধ আৰু ক্রিকেট ৷ খেলিব পৰা হোৱা বয়সৰ পৰা শিশুৱে হাতত বেট বল লোৱা পৰম্পৰাৰ শিকলিডাল দিনে দিনে দীঘল হৈয়ে গৈ আছে। বাহৰ মুঢ়া কাটি পুৰি বনোৱা বল, নাৰিকল পাতৰ মাজৰ শিৰা চটাৰে বনোৱা ভাঁজখোৱা বেটখনৰ কথা ইয়াত পাগুলি আপোনাক আমনি দিবলৈ নিবিচৰাৰ কাৰণ এয়ে যে সেই সময় আপুনি গচকি আহিছে। সেইয়া আপোনাৰ অতি চিনাকি আৰু আপোন অতীত ৷ তাৰ পৰা জপিয়াই আহি আপুনি ৰঙা মাৰুতি বল খেলি বর্তমান টেনিচ বল-উডচ্‌ বলৰ নগৰ গাঁৱে ভূঁঞে হোৱা প্ৰতিযোগিতাবোৰত দপদপাই ফুৰিছে। (‘আপুনি’ খেলা বুলি এই কাৰনেই কৈছো ডিউচ্‌  বল খেলা ‘আপোনা’তকৈ টেনিচ বল খেলা  ‘আপোনাৰ’ সংখ্যাজোৰ বেছি)। এইখিনিতে মন কৰিব আপুনি মই অনুসৰণ কৰো ডিউচ্‌ বলৰ ঘৰুৱা, আন্তঃৰাষ্ট্ৰীয় বা অন্যান্য লীগ খেলবোৰ । সকলোৱে জনা কথা, টিভি বা আপোনাৰ মবাইল স্ক্রিনত চলি থকা  খেলখনৰ ডিউচ্‌ বলৰ স্পিন, ছুয়িং, কভাৰ ড্রাইভ, টাইমিং আপুনি গাৱঁৰ খেলপথাৰত টেনিচ বলেৰে দিব নোৱাৰে। সেইয়া ডিউচ্‌ বল ক্ৰিকেটৰ কলাত্মক প্ৰদৰ্শন যাৰ প্ৰতি আমাৰ আছে আজীৱন আকৰ্ষণ ৷ সেইখিনিতে আহি পৰে টেনিচ বলৰ সীমাবদ্ধতাৰ কথা। অথচ একমাত্ৰ ক্ৰিকেটৰ প্ৰতি থকা অপৰিসীম আকৰ্ষণৰ বাবেই  আপুনি মই এই টেনিচ বল ক্ৰিকেট খেলিয়েই আছো। এনেদৰে খেলি অহা টেনিচ বল ক্ৰিকেটে খেলুৱৈৰ লগতে প্ৰকৃত ক্রিকেট খেলৰ ওপৰত পোলাৱা প্ৰভাৱৰ কথা আপুনি নিশ্চয় নুই নকৰে।  পিছে সেই পর্যায়ৰ পৰা উঠি আহিবহে পৰা নাই ৷ অহাৰ বাটতে আন্তঃগাঠনি বা সাংগঠনিক অন্তৰায়, তাৰ মাজতে BCCI ৰ এই নতুন আৱিষ্কাৰ !! !

সময় সলনিৰ লগে লগে ক্রিকেটতো পৰিৱর্তন আহিছে। ই এক স্বাভাবিক কথা ৷ BCCIৰ দৰে অর্থবান ক্ষমতাশালী ক্রিকেট ব’ৰ্ড এখনে নিত্য নতুন পৰীক্ষণো যে কৰিব সি সহজেই অনুমেয়। সেই পৰীক্ষণৰ ফল কেতবোৰ ইতিবাচক কেতবোৰ নেতিবাচক। টেনিচ বলৰ প্রতিযোগিতা এখন অনুষ্ঠিত কৰাটোও তেনে এক পৰীক্ষণৰে অংশ বুলিব পাৰি। IPL ৰ প্রৱর্তনৰ পাছৰে পৰা যি হাৰত অৰ্থ  আহৰণৰ সোঁত বৈছে সেই সোঁত বোৱাই দিয়া  বৃহৎ সংখ্যক ক্রিকেট অনুৰাগীৰ এই দেশখনত টেনিচ বল খেলা মানুহৰ সংখ্যা যে বহুত সেইয়া BCCI য়ে নিশ্চয়  নিৰীক্ষণ কৰিছে। কিন্তু সেই পৰীক্ষণ কৰিবলৈ যাওতে  ISPL সৃষ্টিৰ জড়িয়তে যি ধৰণৰ নিয়ম নীতিৰ প্ৰৱর্তন কৰিলে তাৰ প্রভাৱ কি ধৰণৰ হয় সেয়াহে মন কৰিবলগীয়া হ’ব। যদি আপুনি ISPL চাইছে তেন্তে নিশ্চয় মন কৰিছে। থাওকতে চাওচোন আহক—

(ক) টেপ বলৰ ব্যৱহাৰ : ISPL ত ব্যৱহাৰ কৰা হ’ল টেপ বল। ই আন একো নহয়।  টেনিচ বল এটাকে অধিক চুৱিং হ’বৰ কাৰণে টেপেৰে মেৰিয়াই দিয়া হয়। এই পদ্ধটিতো অৱশ্যে  পাকিস্তানত আগৰে পৰা বহুলভাৱে প্রচলিত৷ তুলনামুলকভাৱে টেপ বল নিয়ন্ত্ৰণ কৰাটো জটিল।

(খ) ২০-২০ অ’ভাৰ : এই নিয়মৰ জড়িয়তে বেটিং দলে তেওঁলোকৰ ইনিংছৰ যিকোনো এটা অ’ভাৰত বিপক্ষৰ যিকোনো এজন বলাৰক নির্বাচন কৰি সেই অ’ভাৰত কিমান ৰান সংগ্ৰহ কৰিব আগতীয়াকৈ কব লাগে। নুন্যতম ৰান ১৬ ৰ অধিক হ’ব লাগিব। যদিহে বেটিং দলে আগতেই টার্গেট কৰা ৰানতকৈ বেছি ৰান  সংগ্রহ কৰিব পাৰে তেন্তে তেওঁলোকে সেই অ’ভাৰটোত সংগ্রহ কৰা মুঠ ৰানৰ ৫০ শতাংশ ব’নাচ হিচাপে লাভ কৰে । বিপৰীতে যদি টাৰ্গেট কৰা ৰান সংগ্রহ কৰিব নোৱাৰে তেন্তে পেনাল্টি হিচপে সেই অভাৰত সংগ্রহ কৰা  ৰানৰ  ৫০ শতাংশ সেই অ’ভাৰটোত সংগ্রহ কৰা ৰানৰ পৰা বিয়োগ হ’ব।

(গ) অতিৰিক্ত ৰানৰ নিয়ম (9 street Run): এই নিয়ম অনুসৰি কোনো বেটাৰে যদি  বল কোবাই ষ্টেণ্ডত পেলাবলৈ সক্ষম হয় তেন্তে বৰ্তমানে প্ৰচলিত খেলত অ’ভাৰ বাউণ্ডেৰীৰ কাৰণে পোৱা ৬ ৰানৰ পৰিৱৰ্তে ৯ ৰান লাভ কৰিব।  

এইবোৰৰ উপৰিও তিনি অ’ভাৰৰ পাৱাৰপ্লে, দুজন কৈ খেলুৱৈক Substitute (পৰিৱৰ্ত) হিচাপে ব‍্যবহাৰ কৰিব পৰা নিয়ম এইবাৰৰ ISPL ৰ উদ্বোধনী সংস্কৰণত সন্নিবিষ্ট কৰা হৈছে।

এইধৰণৰ নিয়ম সমূহ আপোনাৰ গাঁৱত খেলা টেনিচ বলৰ খেলতো অনাগত দিনত যে উদয় হ’ব সেয়া অৱধাৰিত। স্বাভাৱিকতে এই নিয়মবোৰ আপোনাৰ মোৰ কাৰণে নতুন আৰু আচহুৱা। কিন্তু তাৰ মাজৰে কিছুমান নিয়মে ক্রিকেটৰ মাধুর্য্য ম্লান কৰাত হাত উজান দিব নেকি?  অধিক অৰ্থমুখী হোৱাৰ পাছৰে পৰা ভাৰতীয় ক্রিকেটৰ পৰিৱেশ আপুনি নিশ্চয় দেখিছে । টি-টুয়েন্টি, টি-টেন খেলৰ ব্যাপক প্রচলনৰ লগে লগে টেষ্ট ক্রিকেটৰ প্রতি তাৰকা ক্রিকেটাৰ কিছুমানৰো যি অনীহা দেখা গৈছে তাৰ উদাহৰণ দিনক দিনে বাঢ়িবহে লাগিছে। আনকি বিভিন্ন দেশত হোৱা এইধৰণৰ লীগ খেলৰ বাবে খেলুৱৈয়ে নিজ দেশৰ খেল বাদ দিয়াৰ দৰে ঘটনা ঘটিছে। ঘৰুৱা ক্রিকেটক প্রকাৰান্তে অৱজ্ঞা কৰা হৈছে। তেনে সময়তে টেনিচ বল ক্রিকেটক দিয়া এনে বৃহৎ আনুষ্ঠানিক প্ৰাধান্যই প্ৰকৃত ক্রিকেটৰ প্রতি কেতবোৰ নেতিবাচক প্ৰভাৱ পেলাব পাৰে। যদিওবা ISPL নামটোতেই Street league অর্থাৎ ৰাস্তা বা গলিৰ খেল বুলি কোৱা হৈছে তথাপি এবাৰ সাপে খুটিলে কেঁচুলৈও ভয় খোৱাৰ দৰে হৈছে ৷

ধ্রুপদী ক্রিকেটৰ মানদণ্ড সদায়ে সুকীয়া । পৰিৱৰ্তশীল খেলৰ ক্ষন্তেকীয়া মনোৰঞ্জণৰ ব্যতিৰেকে ঘুৰি পকি আকৌ সেই ধ্রুপদী সোণালী দিনৰ বাটেই ল’ব লাগিব। প্ৰতিটো বস্তুৰেই ভাল আৰু বেয়া দুয়োটা দিশেই থাকে আৰু ISPL তাৰ ব্যতিক্রম নহয়।  আগতেই  উল্লেখ কৰা হৈছে ই BCCIৰ এক পৰীক্ষণহে মাথোন। ভবিষ্যতে কি ৰূপ লয় সেইয়া এতিয়াই ধাৰণা এটা দিলে বৰ অপৈণত কথা হ’ব ।অন্য দিশেদি ইতিবাচক দৃষ্টিৰে চাবলৈ গলে ISPLযোগেদি আর্থিক দৈন্যৰ মাজত থকা বা আন্তঃগাঠনিমূলক অভাৱৰ বাবে গাঁৱে-ভূঁঞে থকা প্ৰভিভাবোৰে বিকাশ হবলৈ এখন মঞ্চ পাবলৈ সক্ষম হ’ব। সেই মঞ্চই বহুতৰে আর্থিক স্বচ্ছলতাৰ বাট মুকলি কৰিব পাৰে ।এই মঞ্চৰ জড়িয়তে নির্বাচিত হোৱা খেলুৱৈৰ প্ৰতিভা আৱিষ্কাৰ কৰি ভবিষ্যতৰ ডিউচ বলৰ ক্ৰিকেটত আত্মপ্রকাশ কৰাৰ সম্ভাৱনীয়তাকো নুই কৰিব নোৱাৰি। কঠিন হ’ব পাৰে কিন্তু সেই বাট বুলাৰ উৎসাহ এই দেশৰ খেলুৱৈৰ আছে । আজীৱন সঁপি দিছে ক্ৰিকেটৰ নামত, ক্ৰিকেট এক ধৰ্ম হৈ পৰিছে ৷ সেই উৎসাহেই সমল হৈ ক্ৰিকেটলৈ সদায়ে ভাল বাৰ্তা লৈ আনক । ক্রিকেট খেলি ভালপোৱা, ক্রিকেট চাই ভালপোৱা সর্বোপৰি ক্ৰিকেটক ভাল পোৱা মানুহৰ কাৰণে ক্রিকেট খেলবিধ  ক্রিকেট হৈ ৰওক, নতুনৰ মাজলৈ ই অধিক তীব্ৰতাৰে বিস্তাৰিত হওঁক ৷