দুলীপ ট্ৰফী-২০২৪ আৰু ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত-পাৰ্থপ্ৰতীম গোস্বামী

ভাৰতীয় ক্ৰিকেটৰ উত্থানৰ আঁৰৰ এক মূল অংশ ঘৰুৱা ক্ৰিকেটত খেলুৱৈসকলৰ প্ৰদৰ্শনৰ প্ৰতি সচেতন ক্ৰিকেট অনুৰাগীৰ দৃষ্টি সদায়েই নিবদ্ধ হৈ আহিছে। ঘৰুৱা ক্ৰিকেট অথবা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দৃষ্টিনন্দন প্ৰদৰ্শন দাঙি ধৰি ৰাষ্ট্ৰীয় দলত স্থান লাভৰ সপোন সকলো খেলুৱৈয়ে মনত সাঁচি ৰাখে। শেহতীয়াকৈ কৰ্ণাটকৰ এম চিন্নাস্বামী ষ্টেডিয়াম আৰু অনন্তপুৰৰ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈ হোৱা দুলীপ ট্ৰফী প্ৰতিযোগিতাই পুনৰবাৰ ক্ৰিকেট অনুগামীসকলৰ মন মুহিবলৈ সক্ষম হৈছে। আকৰ্ষণীয় বেটিং আৰু বিধ্বংসী বলিঙৰ যৌথ সমাহাৰ হোৱা এই প্ৰতিযোগিতাখনৰ ২০২৪ বৰ্ষ সঁচাকৈয়ে এক গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আছিল। ২০২৪

Read more

ৰঞ্জী ট্ৰফীত বিদেশী খেলুৱৈ-দৰ্শনজ্যোতি পৰাশৰ

২২ গজৰ ক্ৰিকেট বিশ্বত নিজকে প্ৰতিষ্ঠা কৰি যোৱা ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ ৰঞ্জিত সিংজীৰ নামেৰে নামাকৰণ কৰা ৰঞ্জী ট্ৰফী হৈছে ভাৰতৰ ঘৰুৱা প্ৰথম শ্ৰেণী ক্ৰিকেটৰ প্ৰধান প্ৰতিযোগিতা। BCCIয়ে আয়োজন কৰা এই বিশ্ব প্ৰসিদ্ধ  ঘৰুৱা প্ৰতিযোগিতা ক্ৰিকেট জগতৰ শীৰ্ষ ৩ প্ৰথম শ্ৰেণী ঘৰুৱা প্ৰতিযোগিতা অৰ্থাৎ ইংলেণ্ডৰ কাউন্টী ক্ৰিকেট আৰু অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ডৰ সমকক্ষ। বিভিন্ন সময়ত বহু ক্ৰিকেট পণ্ডিতে ৰঞ্জী ট্ৰফীৰ পৰিসৰ, খেলুৱৈৰ সংখ্যা তথা খেলৰ মানদণ্ড আদি বিভিন্ন কাৰকৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বিশ্বৰ শীৰ্ষতম প্ৰথম শ্ৰেণী ক্ৰিকেট প্ৰতিযোগিতাৰ শিতানত ৰাখিব বিচাৰে।

Read more

ভৱিষ্যতৰ ভাৰতীয় অলৰাউণ্ডাৰ-অক্ষয় সন্দিকৈ

বৰ্তমান সময়ত ক্ৰিকেট জগতত অলৰাউণ্ডাৰৰ ভুমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। এজন ক্ৰিকেটাৰে কেৱল বেটিং বা বলিঙত ভাল প্ৰদৰ্শন কৰিলেই দলত স্থান লাভ কৰা সহজ নহয়। এজন খেলুৱৈ বেটিং বা বলিং কোনোবা এটা বিভাগত ভাল খেলুৱৈ হোৱাৰ লগতে আনকেইটা বিভাগতো ভাল হোৱাটোও খুবেই গুৰুত্বপূৰ্ণ। ভাৰতীয় ক্ৰিকেট দলৰ বহু গুৰুত্বপূৰ্ণ খেলত পৰাজয় বৰণ কৰাৰ মুখ্য কাৰণ হৈ পৰে প্ৰকৃত অলৰাউণ্ডাৰৰ অভাৱ। বৰ্তমান সময়ত ভাৰতত লাহে লাহে সুদক্ষ অলৰাউণ্ডাৰ খেলুৱৈৰ উত্থানে ভৱিষ্যতৰ ভাৰতীয় দলক আৰু অধিক শক্তিশালী হোৱাত সহায় কৰিব। আজি আমি ভাৰতীয়

Read more

দূৰ্ঘটনাৰ পৰা বিশ্বকাপ জয়লৈ— ঋষভ পন্টৰ এক প্ৰেৰণাদায়ক যাত্ৰা: ৰক্তিম ৰঞ্জন ফুকন

ভাৰতীয় উইকেটৰক্ষক বেটাৰ ঋষভ পন্ট দীৰ্ঘদিন ধৰি ভাৰতীয় ক্ৰিকেটৰ বাবে গেম চেঞ্জাৰ হিচাপে কৰিগণিত হৈ আহিছে। আক্ৰমণাত্মক বেটিং, অগতানুগতিক ষ্ট্ৰ’কপ্লে, আৰু ষ্টাম্পৰ পিছৰ আচৰণৰ  বাবে পৰিচিত পণ্ট ভাৰতীয় ক্ৰিকেট দলৰ এক গুৰুত্বপূৰ্ণ অংশ । টেষ্ট আৰু সীমিত অ’ভাৰ ক্ৰিকেট দুয়োটাতে তেওঁৰ অতুলনীয়  প্ৰদৰ্শনৰ বাবে তেওঁ সদায়ে অনুৰাগীৰ প্ৰিয়। কিন্তু কেৰিয়াৰৰ শিখৰত থকা সময়তেই ২০২২ চনৰ ডিচেম্বৰৰ শেষৰ ফালে হোৱা জীৱনৰ সংকটজনক পথ দুৰ্ঘটনাৰ বাবে পণ্টৰ যাত্ৰাই অভাৱনীয় আৰু দুৰ্ভাগ্যজনক ৰূপ ধাৰণ কৰে। পুনৰ্বাসনৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি অহা তেওঁৰ যাত্ৰা

Read more

ফ্ৰন্টফুটত উমা-যুগললোচন দাস

বোকাখাতৰ  কান্ধুলীমাৰি গাঁৱৰ কিশোৰীজনীয়ে ৰাস্তাত ভায়েকৰ লগত ক্ৰিকেট খেলি ভবা নাছিল যে তাই বোকা- পানীৰ মাজত ফ্ৰন্টফুটত ভৰিখন থৈছে। তাই ভবা নাছিল যে তাইৰ হাতদুখন উইকেটৰ পিছত ভাৰতীয় দলৰ অতন্দ্ৰ প্ৰহৰী হ’ব। ফ্ৰন্টফুটত ভৰিখন থকাৰ বাবেই তাই আজি ২২ গজৰ যুঁজত দেশৰ এগৰাকী যোদ্ধাৰূপে পৰিগণিত হ’ব পাৰিছে। (২) চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলত অভিষেক। ভাৰতীয় ক্ৰিকেটত  এগৰাকী অসমীয়া হিচাপে কোনেও ইমান দিনে সম্ভৱ নকৰা এটা সপোন বাস্তৱায়িত হৈছে। বোকাখাতৰ  কান্ধুলীমাৰি গাঁৱৰ সেই কিশোৰীজনীয়ে অসমৰ ক্ৰিকেট ইতিহাসত নতুন

Read more

পৰ্দাৰ আঁৰৰ মানুহ- ৰঘুৰাম মুকুন্দ : সাক্ষৰ জ্যোতি মহন্ত

ভাৰতীয় ক্ৰিকেট দলৰ কেৱল বিশ্বকাপ বুলিয়ে নহয়, যিকোনো সফলতাৰ আঁৰত বহুত মানুহ থাকে, যিসকল কেমেৰা বা চৰ্চাৰ পৰা সদায় আঁৰত থাকে বাবে তেওঁলোক দৰ্শক তথা ক্ৰীড়াপ্ৰেমীৰ মাজতো অপৰিচিত হৈয়ে থাকি যায় ৷ তেনে এজন ব্যক্তি হৈছে “থ্ৰ’ডাউন স্পেচিয়েলিষ্ট” ৰঘুৰাম মুকুণ্ড, যিজন ৰঘু নামেৰেও পৰিচিত। “থ্ৰ’ডাউন বিশেষজ্ঞ” হ’ল এনে এজন ব্যক্তি যিয়ে বলাৰৰ ক্ৰিয়াৰ (Action) অনুকৰণ কৰি বেটছমেনক অনুশীলন আৰু মেচৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিবলৈ অতি নিখুঁত আৰু তীব্ৰ গতিৰে বল নিক্ষেপ কৰাত বিশেষজ্ঞ ৷ ৰঘুৱে বেটছ্মেনক 150/160 Km/hr স্পীডত

Read more

তিনি তাৰকাৰ ৰিক্ততা পূৰাব কোনে ?-কৌশিক প্ৰতীম ভূঞা

২৯ জুন ২০২৪,সময় তেতিয়া মাজ নিশা ১১ বাজি ২৩ মিনিট। হঠাৎ সকলো ক্ৰিকেটপ্ৰেমী ভাৰতীয়ৰ বুকুৰ স্পন্দন বাঢ়ি গৈছিল । কাৰণ সেই সময়ত এটা মৰিব ধৰা স্বপ্ন পুনৰ প্ৰাণ পাই উঠিছিল। কিন্তু  কেনেকৈ….? হয় ঠিকেই ধৰিব পাৰিছে । সেই সময়তেই ভাৰতৰ বিশ্ব জয়ত হেঙাৰ হৈ পৰা ডেভিদ মিলাৰক হাৰ্দিক পাণ্ডিয়াৰ বলত সূৰ্য কুমাৰ যাদৱে এক অবিশ্বাস্য কেটচ আয়ত্ব কৰি পেভিলিয়নৰ বাট দেখুৱাইছিল। মাজ নিশা । সচৰাচৰ সকলোৰে শুৱাৰ সময় । কিন্তু সেইদিনা সেই সময়ত সকলো ক্ৰিকেটপ্ৰেমী আছিল উজাগৰে। কাৰণ সেই সময়ত

Read more

ক্ৰিকেটৰ মহান শিল্পী এলেষ্টেয়াৰ কুক-সাক্ষৰ জ্যোতি মহন্ত

বিশ্ব ক্ৰিকেটত এনে এজন খেলুৱৈ আছে যিজনৰ কথা কমকৈ চৰ্চিত হ’লেও সেইজন খেলুৱৈয়ে যদি কম বয়সতে অৱসৰ নল’‌লেহেঁতেন তেন্তে হয়টো টেষ্ট ক্ৰিকেটত হয়টো ‘God of Cricket’ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰিব পাৰিলেহেঁতেন । সেই মহান খেলুৱৈজন হৈছে ইংৰাজ ক্ৰিকেটাৰ এলেষ্টেয়াৰ কুক‍‍, যিজন ‌‌‌‌ সঁচাকৈয়ে এই খেলৰ কিংবদন্তি ৷ তেওঁৰ কেৰিয়াৰ আছিল উল্লেখযোগ্য৷ বয়স আৰু স্বাস্থ্য বিবেচনা কৰিলে তেওঁ অৱসৰ সঁচাকৈয়ে সময়তকৈ বহুত আগত লৈছিল ।  ক্ৰিকেট ইতিহাসত কুকৰ কৃতিত্ব আকৰ্ষণীয় : – টেষ্ট ক্ৰিকেটত ইংৰাজ বেটছমেনে সৰ্বাধিক ৰান সংগ্ৰহ (১২,৪৭২)

Read more

২০২৪ বিশ্বকাপ আৰু  আই চি চিৰ সহযোগী ৰাষ্ট্ৰ-পাৰ্থপ্ৰতীম গোস্বামী

২০২৪ বৰ্ষৰ টি-টুৱেন্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাই সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ প্ৰসাৰ আৰু প্ৰচাৰৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰা বুলি ক’লেও হয়তো ভুল ন’হব। ভদ্ৰলোকৰ খেল ক্ৰিকেটৰ বৰ্তমান তিনিটা সংস্কৰণত ক্ৰমে টেষ্ট, এদিনীয়া আৰু টুৱেন্টি ২০ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, এদিনীয়া বিশ্বকাপ, টুৱেন্টি২০ বিশ্বকাপ আৰু চেম্পিয়নচ ট্ৰফীৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আই চি চিয়ে নিৰ্ধাৰিত সময়ৰ অন্তত অনুষ্ঠিত কৰি আহিছে। কিন্তু বৰ্তমান বিশ্বত সমগ্ৰ ক্ৰিকেট প্ৰকৃততে ভাৰত, অষ্টেলিয়া আৰু ইংলেণ্ডৰ মাজতহে সীমাবদ্ধ হৈ ৰোৱা বুলি বহুতো সময়ত অনুভৱ হয়। টি-টুৱেন্টি আৰু টি-১০ আদিৰ

Read more

ভাৰতৰ টি-২০ বিশ্বকাপ ২০২৪ জয়ৰ তাৰকা -দীপাঞ্জন কাশ্যপ

ক্ৰীড়া সমালোচক, ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক, আৰু সৰহ সংখ্যক প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈৰ দৃষ্টিত বিগত দহ-পোন্ধৰ বছৰৰ ভাৰতীয় পুৰুষ ক্ৰিকেট দলটো বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দল। বিভিন্ন জনে মন্তব্য কৰিলেও ভাৰতীয় দলে আই.চি.চি. প্ৰতিযোগিতাত খিতাপ জয় কৰি সেই কথা প্ৰতীয়মান কৰিবলৈ সক্ষম হোৱা নাছিল। ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাদে বিগত এক দশকতকৈও অধিক কাল ভাৰতীয় দলে কোনো আই.চি.চি. ট্ৰফীত চুম্বন আঁকিব পৰা নাছিল। ২০১৩ চনৰ পিছৰ পৰা ভাৰতে এইবাৰৰ টি-২০ বিশ্বকাপলৈ সৰ্বমুঠ দহখনকৈ আই.চি.চি.

Read more
1 2