এখন তিনিদিনীয়া টেষ্ট আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বীপত ভাৰতৰ সম্ভাৱনা-দীপজ্যোতি শৰ্মা

সদ্যসমাপ্ত ভাৰত বনাম বাংলাদেশৰ টেষ্ট শৃংখলাটোত ভাৰতে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰি ২-০ ব্যৱধানত ছিৰিজটো জয় কৰে ৷ চেন্নাইত খেলা প্ৰথমখন টেষ্টত ভাৰত ২৮০ ৰানৰ বিশাল ব্যৱধানত জয়ী হোৱাৰ পাছত কাণপুৰৰ গ্ৰীণ পাৰ্কত খেলা দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনটোতেই বৰষুণে বিঘিনি জন্মায় আৰু মাত্ৰ ৩৫ অ’ভাৰৰ খেলহে সম্ভৱ হয় ৷ পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় দিনৰ খেল বৰষুণ আৰু সমেকা পিটছৰ বাবে সম্পূৰ্ণভাৱে বাতিল হোৱাৰ পাছত চতুৰ্থ দিনটোত খেল পুনৰ আৰম্ভ হয় ৷ বাংলাদেশে তিনি উইকেটত ১০৭ ৰানৰ প্ৰথম দিনৰ স্কোৰৰ পৰা ইনিংছ

Read more

ভাৰতীয় ক্ৰিকেটক সঞ্জীৱনী সুধা-দীপজ্যোতি শৰ্মা

বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ভাৰতীয় দলে এটা আইচিচি ট্ৰফীৰ যি খৰাং চলি আছিল তাৰ সমাপ্তি ঘটাই দখল কৰিলে টি২০ বিশ্বকাপ-২০২৪ৰ খিতাপ ৷ ২০০৭ বৰ্ষত টি২০ বিশ্বকাপৰ প্ৰথমটো সংস্কৰণতে খিতাপ দখল কৰা দলটোৱে দ্বিতীয়টো খিতাপৰ বাবে ১৭ বছৰ অপেক্ষা কৰিবলগীয়া কথাটোৱে অকল ভাৰতীয় সকলকেই নহয় অস্বস্তিত ৰাখিছিল সমগ্ৰ বিশ্ববাসীকো ৷ ২০১১ বৰ্ষত এদিনীয়া বিশ্বকাপ জয়ৰ পাছত  পৰৱৰ্তী বিশ্বকাপটো হাতত তুলি ল’বলৈ ১৩ বছৰ আৰু ২০১৩ বৰ্ষত শেষবাৰৰ বাবে চেম্পিয়নছ ট্ৰফী জয়েৰে আইচিচিৰ ট্ৰফী জয় কৰিবলৈ কৰা ১১ বছৰৰ এই অপেক্ষাৰ সময়চোৱাত

Read more

ভাৰতৰ ঘৰুৱা ক্ৰিকেট আৰু তাৰকা খেলুৱৈৰ অনীহা :: দীপজ্যোতি শৰ্মা

ভাৰতবৰ্ষৰ ক্ৰিকেট ক্ষেত্ৰখনৰ উত্থানৰ ক্ষেত্ৰত ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা সমূহৰ ভূমিকা অপৰিসীম ৷ ঘৰুৱা প্ৰতিযোগিতা সমূহৰ ভিতৰত ৰঞ্জী ট্ৰফী, দেওধৰ ট্ৰফী, দুলীপ ট্ৰফী, ইৰাণী ট্ৰফী, বিজয় হাজাৰে ট্ৰফী আদি উল্লেখযোগ্য ৷ বছৰ বছৰ ধৰি এই প্ৰতিযোগিতা সমূহৰ পৰা বহু প্ৰতিভা ওলাই আহিছে আৰু ইয়াৰে মাজৰ পৰাই বহুতে বিভিন্ন সময়ত ভাৰতীয় ক্ৰিকেটলৈ সেৱা আগবঢ়াইছে ৷ এই প্ৰতিযোগিতা সমূহত ভাল খেলি পৰৱৰ্তী সময়ত তাৰকাৰ পৰা মহাতাৰকাৰ শাৰীলৈ উন্নীত হোৱা বহু খেলুৱৈ আছে আৰু তাৰকাৰ শাৰীত থকাৰ পিছতো সেইসকলৰ খেলুৱৈৰ অংশগ্ৰহণে প্ৰতিযোগিতা বোৰক মহীয়ান

Read more