অন- ড্ৰাইভ::অমিতাভ মহন্ত

আমাৰ ওঠৰজনীয়া স্কোৱাডৰ ভিতৰত আলোকে আটাইতকৈ জোৰে বলিং কৰিব পাৰে৷ জোৰে মানে এশ পঁচিশৰ ওপৰতেই কৰে৷ বিশাল শৰীৰ, তাৰোপৰি কংক্ৰীটৰ উইকেট৷ নেটত আলোকৰ বল খেলা এটা ডাঙৰ চেলেঞ্জ৷ এই লৈয়েই আলোকৰ বেছ অহমিকা আছে৷ এতিয়ালৈ ডিষ্ট্ৰিক লেভেলত আলোকক চেলেঞ্জ দিব পৰা বেটছমেন তেনেকৈ ওলোৱা নাই৷  আলোকৰ টাৰ্গেট- স্পেলৰ প্ৰথম দুই অভাৰ মেইডেন৷ তাৰপাছত বেটছমেন প্ৰেছাৰত পৰিলে উইকেট নিজেই আহিব৷  দুই অপেনাৰে প্ৰেকটিচ কৰাৰ পিছত মই নেটলৈ গ’লোঁ৷ এতিয়ালৈ বলৰ চাইন ভালেখিনি কমিছে৷ অন্ততঃ বাউঞ্চাৰকেইটা দেখা পাম চাগে৷ নাই তথাপি পৰা

Read more

অসমৰ ক্লাৱ ক্ৰিকেট বিশেষ— শ্বহীদ স্মৃতি প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতা আৰু নৱাৰুণ ক্লাৱৰ যাত্ৰা:: সত্যেন্দ্ৰ শৰ্মা (সম্পাদক, নৱাৰুণ ক্লাৱ, নলবাৰী)

১৯৮৩ চনৰ ২৫ জুনৰ ভাৰতীয় সময়মতে সন্ধিয়া সময়। স্থান- ঐতিহাসিক লৰ্ডচ খেলপথাৰ । ক্ৰিকেট বিশ্বকাপ (প্ৰুডেঞ্চিয়েল কাপ)ৰ ফাইনেল খেল । প্ৰতিদ্বন্দ্বী ভাৰত বনাম ৱেষ্ট ইণ্ডিজ। খেলৰ দ্বিতীয়াৰ্ধত বলৱিন্দৰ সিং সান্ধুৰ বলে গৰ্ডন গ্ৰীনিজৰ অফ ষ্টাম্প চুই যোৱা বলটো আৰু ভিভ ৰিচাৰ্ডছৰ বেটৰ পৰা আকাশলৈ ধাৱমান সেই বলটো যাক কেচ আকাৰত আয়ত্ত কৰিছিল কপিল দেৱে- ছাত্ৰ অৱস্থাত টিভিত উপভোগ কৰা সেই মূহুৰ্তবোৰ আমাৰ মনত এতিয়াও সজীৱ। সেই বলটোৰ মাধ্যমেৰেই হয়তো ভাৰতবৰ্ষলৈ উৰি আহিছিল ক্ৰিকেট জ্বৰৰ ভাইৰাছ। পৰৱৰ্তী সময়ত ভাৰতত সেই জ্বৰ

Read more

ক্ৰিকেটৰ মধ্যমনি- উইকেট ৰক্ষক:: ৰমেন চন্দ্ৰ হাজৰিকা

ক্ৰিকেট খেলৰ প্ৰতি মোৰ এক অনামী আকৰ্ষণ, এক বিশেষৰো বিশেষ  প্ৰেম আছে। যি প্ৰেমে যি আকৰ্ষণে সেই খেলৰ প্ৰতিটো টিপচ্‌, বলিং, ফিল্ডিং, বলাৰ, উইকেট, উইকেট কিপাৰ, বেটছমেন, ইনিংছ, আম্পায়াৰ, কমেন্ট্ৰী ইত্যাদি প্ৰতিটো বিভাগ আৰু অংশৰ বিষয়ে জনা আৰু জনোৱাৰ, বুজা আৰু বুজোৱাৰ, শিকা আৰু শিকোৱাৰ এক অদ্যম্য হেপাঁহে মোক টনা আজোৰা কৰি থাকে। যি হেপাঁহে ক্ৰিকেটৰ লগত মোৰ প্ৰেম ভালপোৱা আৰু অধিক গাঢ় কৰি তুলিছে। এই প্ৰেম ভালপোৱাই ক্ৰিকেটৰ ভিন্ন অংশবোৰৰ কৰ্ম-ধৰ্ম, নীতি-কৌশলক নিজাকৈ বিশ্লেষণ কৰাৰ বাট মুকলি কৰিছে। আজিৰ

Read more
1 2 3