টাইমিং-দিগন্ত কুমাৰ ভট্টাচাৰ্য্য
‘টাইমিং’- শব্দটো প্ৰথমবাৰৰ বাবে শুনিছিলোঁ ৰন্টু দাৰ মুখত। আমি তেতিয়া হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়োঁ। হাইস্কুল এৰাৰ আমাৰ প্ৰায় বিশ বছৰেই হ’ল। ৰন্টু দাক আমি শ্ৰদ্ধা কৰিছিলোঁ। তেওঁক লৈ গৌৰৱো কৰিছিলোঁ খুউব। গুৱাহাটীত থাকি তাৰে ক্লাৱ এটিৰ হৈ ক্ৰিকেট খেলিছিল। তেতিয়াৰ খুউব নাম কৰা ক্ৰিকেটাৰ আছিল তেওঁ। গাঁৱৰ ঘৰলৈ আহিলে কেতিয়াবা আমাৰ স্কুলৰ ফিল্ডত নামি আমাৰ লগত ক্ৰিকেট খেলিছিল। চিলাই দিয়া বল প্ৰথম তেওঁৰ হাততেই দেখিছিলোঁ। প্ৰায়েই বাঁহৰ বলেৰে খেলা আমিবোৰে ৰ’ লাগি চাইছিলোঁ। আমাৰ দুজনমানক তেওঁ বতাহৰ গতি আৰু দিশ
Read more