সূৰ্য্যই ঢাকি ৰখা হাজাৰটা চন্দ্ৰ- মইদুল হক

If you have good batters in your team you can win a match. But if you want to win a tournament you must have good bowlers in your team. ক্ৰিকেট খেলত ব’লাৰৰ গুৰুত্ব অনুধাৱন কৰিবলৈ এনেধৰনৰ এটা মন্তব্যই যথেষ্ট। ক্ৰিকেট এক দলগত খেল। দলৰ প্ৰতিজন খেলুৱৈৰে নিজা নিজা দায়িত্ব থাকে। তথাপিও যেন ক্ৰিকেটীয় মহাযুদ্ধৰ আজন্ম সৈনিক হ’ল ব’লাৰসকল। ব’লাৰ এজনে এটা অ’ভাৰতে খেল এখনৰ গতি সলনি কৰি দিব পাৰে। বহু সময়ত বেটাৰ সকলে খেল এখন ধৰি ৰাখিবলৈ নিজৰ বেটিং কৌশলক

Read more

ক্ৰিকেট ইতিহাসৰ ১০ শীৰ্ষ ব’লাৰ যুটি-প্ৰাচুৰ্য্য মহন্ত

বেট-বলৰ মহাৰণ ক্ৰিকেটত আজিৰ এই টি২০ ক্ৰিকেটৰ দিনত প্ৰায় দৰ্শক বা সমৰ্থকে বেটাৰৰ তুলনাত ব’লাৰক কম গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷ (বিশেষকৈ ভাৰতত)বেটাৰক ভগৱানৰ দৰে পূজা কৰা হয় কিন্তু ব’লাৰৰ ফেনবেচ তেনেই নগণ্য। নিজকে ব’লাৰ হিচাপে প্ৰতিস্থা কৰিব বিচৰা কিছুমান খেলুৱৈয়ে আইডল হিচাপে বেটাৰক বাচনি কৰে। এইটো ভাবিবলগীয়া কথা নহয় নে? আজিৰ পৰা ২০বছৰৰ আগত ক্ৰিকেটত হয়টো এইটো পৰিৱেশ নাছিল৷ ক্ৰিকেট বিশ্বৰ প্ৰেক্ষাপটত অহাৰ পৰাই ব’লাৰে বেটাৰৰ সমানে সমানে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰি আহিছে লাগিলে সি পেচ ব’লাৰেই হওঁক

Read more

বাৰ্বাডোজৰ সেই মূহুৰ্তটো-অলকেশ হালৈ

বহুত হতাশা, বহুত ট্ৰল, বহুত অশ্লীল গালি – গালাজ, নিজৰ লগতে নিজৰ পৰিয়ালৰ মানুহ খিনিকো যেন এৰি দিয়া নাছিল ট্ৰল কৰিবলৈ জীৱশ্ৰেষ্ঠবোৰে। এই আটাইবোৰৰ উত্তৰ যেন এটাই আছিল ২০২৪ চনৰ টি টুৱেন্টী বিশ্বকাপৰ ট্ৰফিটো। হয় মই ২০২৪ বৰ্ষৰ ক্ৰিকেট টি টুৱেন্টী বিশ্বকাপ বিজয়ী টিম ইণ্ডিয়াৰ কথাই কৈ আছোঁ । ২০১১ চনৰ ২ এপ্ৰিল তাৰিখে মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন ভাৰতে ৱানখেৰে ষ্টেডিয়ামত উঠোৱা ট্ৰফীটোৰ পিছত সুদীৰ্ঘ ১৩ বছৰ বিশ্বকাপৰ ট্ৰফী জয়ৰ সোৱাদৰ পৰা ভাৰত বঞ্চিত হৈ আছিল । ২০১৩ চনত চেম্পিয়নছ

Read more

মহিলা টি ২০ বিশ্বকাপ- এক চমু অৱলোকন-কৌশিক প্ৰতীম ভূঞা

বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন দেশত ক্ৰিকেটৰ প্ৰসাৰ ঘটা দেখা গৈছে। শেহতীয়াকৈ এছিয়ান গেমছ আৰু আগন্তুক অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিয়ে ক্ৰিকেটক এক নতুন মাত্ৰা প্ৰদান কৰিছে । বৰ্তমান সময়ত পুৰুষৰ লগতে মহিলা ক্ৰিকেটো অনুৰাগীৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে। এই মহিলা ক্ৰিকেটক আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ বাবে ২০০৯ চনত আইচিচি য়ে আৰম্ভ কৰিছিল মহিলা টি ২০ বিশ্বকাপ ক্ৰিকেট। মহিলা টি ২০ বিশ্বকাপৰ ইতিহাস বৰ পুৰণি নহয় যদিও ই কম সময়ৰ ভিতৰতে দৰ্শকৰ ব্যাপক সমাদৰ লাভ কৰিছে। এই বিশ্বকাপৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল

Read more

আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ(WTC): টেষ্ট ক্ৰিকেটৰ এক নতুন যুগ-–নীলু কুমাৰ আচাৰ্য্য

ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া আৰু পুৰণি সংস্কৰণ টেষ্ট ক্ৰিকেটক অধিক আকৰ্ষণীয় আৰু প্ৰাসংগিক কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ দ্বাৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) প্ৰৱৰ্তন কৰা হৈছিল। ২০১৯ চনত আৰম্ভ হোৱা ডব্লিউ টি চিৰ লক্ষ্য হৈছে টেষ্ট মেচৰ তাৎপৰ্য্য বৃদ্ধি কৰা, টেষ্টৰ দ্বিপাক্ষিক শৃংখলালৈ প্ৰতিযোগিতামূলক তত্ব অনা আৰু বিশ্বজুৰি অধিক সংখ্যক ক্ৰিকেট অনুৰাগীক আকৰ্ষণ কৰা। ২০১৯ চনৰ পৰা ২০২১ চনলৈ অনুষ্ঠিত হোৱা আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ উদ্বোধনী সংস্কৰণত শীৰ্ষ ৯ খন টেষ্ট খেলা দেশে অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিল। প্ৰতিটো দলে ছটা ছিৰিজ (ঘৰুৱা

Read more

দ্য গ্ৰেট ইণ্ডিয়ান ক্ৰিকেট চাৰ্কাচ-পংকজ কুমাৰ নেওগ

(১) দ্য ‘কোটা’জ: ‘বম্বে পেন্টাগুলাৰ’ৰ জনপ্ৰিয়তাৰ পৰা স্পষ্ট হয় যে স্বাধীনতাৰ পূৰ্বে ভাৰতত ক্ৰিকেট খেলত আন্তঃধৰ্মীয় প্ৰতিদ্বন্দ্বিতা আছিল অতি তীব্ৰ। ১৯১১ চনত ইংলেণ্ডলৈ যোৱা প্ৰথমটো সৰ্বভাৰতীয় দল নিৰ্বাচন কৰিছিল এখন সাতজনীয়া কমিটীয়ে আৰু ইয়াৰ অধ্যক্ষ আছিল সন্দেহজনক ব্ৰিটিছ ক্ৰিকেটাৰ “জাংলি” গ্ৰে’গ। পেনেলত দুজন পাৰ্চী (জে.এম. ফ্ৰেমজী পেটেল আৰু এম.ই. পাভৰী), দুজন হিন্দু (চুনিলাল ভি.মেহতা আৰু ভি.জে. নাইক), আৰু দুজন মুছলমানো (ইব্ৰাহিম ৰহিমতুল্লা আৰু আমিৰুদ্দিন ত্যবজী) আছিল। পাটিয়ালাৰ মহাৰাজা ভূপিন্দৰ সিং নামৰ এজন শিখে দলটোৰ নেতৃত্ব দি সকলো ধৰ্মকে প্ৰতিনিধিত্ব কৰে।

Read more

সৌৰভ’ময় সপোনৰ পম খেদি…..-ঋতুপৰ্ণ বৰা

টি২০ বিশ্বকাপ-২০২৪ৰ চেম্পিয়ন ভাৰতকে ধৰি বিভিন্ন দেশৰ যি সমুহ খেলুৱৈৰ নাম-যশ ক্রিকেট বিশ্বত উপচি পৰিছে তাৰ মাজতে সকলোৰে অনাকাংক্ষিত ভাৱে সমগ্র বিশ্বৰ সম্মুখত উজ্বলি উঠিল আন এটি নাম- সৌৰভ নেত্ৰভালকাৰ। আয়োজনকাৰী দেশ হিচাপে বিশ্বকাপত অংশগ্রহণ কৰিবলৈ সুবিধা পোৱা আমেৰিকা যুক্তৰাষ্ট্রৰ ক্রিকেট দলটিৰ নায়ক ৰূপে নিজকে প্রতিপন্ন কৰা সৌৰভ নেত্ৰভালকাৰ । সময় আৰু সুযোগে সৌৰভক আনি দিলে বিশ্বকাপৰ দৰে এক বৃহৎ মঞ্চ, তাতোকৈও ৰোমাঞ্চকৰ- পাকিস্তানৰ দৰে বিশ্বমানৰ ক্রিকেট দল এটিক পৰাস্ত কৰাৰ এক প্রত্যাহ্বান। নিজৰ খেল কৌশলতাক প্রমাণ কৰিবলৈ সৌৰভৰ বাবে

Read more

সূৰ্য্যৰ উত্তাপত চাৰখাৰ বিপক্ষৰ জয়ৰ সপোন-ৰূপম গোস্বামী

সূৰ্য্য কুমাৰ যাদৱ নামৰ এজাক ধুমুহা আহিল হঠাৎ‌ ভাৰতীয় ক্ৰিকেটত ২০২১ চনত । আহিব লাগিছিল বহু আগতেই । বহু প্ৰতীক্ষাৰ অন্তত অভিষেক ঘটিল  ধুমূহাজাকৰ।  সূৰ্য্যকুমাৰ যাদৱ বা চমুকৈ স্কাই (SKY) বৰ্তমান ক্ৰিকেট বিশ্বত মিষ্টাৰ ৩৬০ ডিগ্ৰী নামেৰে যাৰ পৰিচয়, বিশ্ব ক্ৰিকেটৰ অন্যতম বিধ্বংসী বেটাৰ । ‘স্কাই’ৰ এই যাত্ৰা পিছে মসৃণ নাছিল । ১৯৯০ চনৰ ১৪ ছেপ্টেম্বৰত মুম্বাইত জন্ম গ্ৰহণ কৰা স্কাইৰ পিতৃৰ প্ৰকৃত ঘৰ হল উত্তৰ প্ৰদেশৰ ঘাজীপুৰত। তেওঁ প্ৰায় ১০ বছৰ বয়সত ক্ৰিকেটৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে প্ৰশিক্ষক অশোক

Read more

উমাৰ অনিৰুদ্ধ যাত্ৰা-স্বপ্না দাস

ক্ৰিকেটৰ নামত বলিয়া কণমানি ছোৱালীজনী । ক্ৰিকেট খেলিব বিচাৰে । কিন্তু তাই নিৰুপায় ! কোনেও খেলিবলৈ সংগ নিদিয়ে । খেলিবলৈ গ’লেই বাটে-পথাৰে ক্ৰিকেট খেলি থকা শিশু-কিশোৰবোৰে তাইক কয়– ছোৱালীয়ে বোলে ক্ৰিকেট নেখেলে । মনৰ তাগিদাত তাই সহোদৰা আৰু দুই-এগৰাকী সমনীয়াৰ সৈতে ঘৰৰ সন্মুখৰ বাটতেই খেলিবলৈ লয় ক্ৰিকেট । মাকে আঁৰ চকুৰে চাই থাকে জীয়েকক। তাই ক্ৰিকেট খেলা, ক্ৰিকেটৰ নাম শুনিলেই উদ্বাউল হোৱা জীয়েকৰ মনৰ উমান পাই মাকে তাইক প্ৰেৰণা দিয়ে– “ছোৱালী হ’লি কি হ’ল; মন আছে যদি খেল ক্ৰিকেট।” *

Read more

অসফল খেলুৱৈ–সফল প্ৰশিক্ষক: সত্যেন্দ্ৰ শৰ্মা

ভালকৈ মন কৰিলেই আমাৰ আশে-পাশেই হওঁক অথবা দূৰণিৰেই হওক এনেকুৱা ভালেসংখ্যক ব্যক্তিৰ বিষয়ে আমি জ্ঞাত যিসকলে অতি সফলভাবে কাম কৰি থকা ক্ষেত্ৰখনত নিজৰ এক নিৰ্দিষ্ট বয়সলৈকে আছিল কোনো কাৰণতেই চকুত নপৰা বিধৰ। সেইয়া  শিক্ষা, ৰাজনীতি, ক্ৰীড়া, সাংস্কৃতিক আদি যি দিশতেই নহওঁক । কিন্তু পিছলৈ তেওঁলোকে বাছি লোৱা ক্ষেত্ৰখনত হয়গৈ আনৰ কাৰণে একো একোজন ঈৰ্ষণীয় ব্যক্তি।  আমি ইয়াত উল্লেখ কৰিবলৈ লৈছোঁ ক্ৰীড়া জগতৰ এনেকুৱা কেইজনমানৰ বিষয়ে যাৰ খেলুৱৈ জীৱনত নাছিল কোনো উল্লেখযোগ্য সফলতা। কিন্তু পিছলৈ তেওঁলোকে বাছি লোৱা প্ৰশিক্ষকৰ বৃত্তিটোত হ’লগৈ

Read more
1 2 3