দুলীপ ট্ৰফী-২০২৪ আৰু ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত-পাৰ্থপ্ৰতীম গোস্বামী

ভাৰতীয় ক্ৰিকেটৰ উত্থানৰ আঁৰৰ এক মূল অংশ ঘৰুৱা ক্ৰিকেটত খেলুৱৈসকলৰ প্ৰদৰ্শনৰ প্ৰতি সচেতন ক্ৰিকেট অনুৰাগীৰ দৃষ্টি সদায়েই নিবদ্ধ হৈ আহিছে। ঘৰুৱা ক্ৰিকেট অথবা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দৃষ্টিনন্দন প্ৰদৰ্শন দাঙি ধৰি ৰাষ্ট্ৰীয় দলত স্থান লাভৰ সপোন সকলো খেলুৱৈয়ে মনত সাঁচি ৰাখে। শেহতীয়াকৈ কৰ্ণাটকৰ এম চিন্নাস্বামী ষ্টেডিয়াম আৰু অনন্তপুৰৰ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈ হোৱা দুলীপ ট্ৰফী প্ৰতিযোগিতাই পুনৰবাৰ ক্ৰিকেট অনুগামীসকলৰ মন মুহিবলৈ সক্ষম হৈছে। আকৰ্ষণীয় বেটিং আৰু বিধ্বংসী বলিঙৰ যৌথ সমাহাৰ হোৱা এই প্ৰতিযোগিতাখনৰ ২০২৪ বৰ্ষ সঁচাকৈয়ে এক গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আছিল। ২০২৪

Read more

এখন তিনিদিনীয়া টেষ্ট আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বীপত ভাৰতৰ সম্ভাৱনা-দীপজ্যোতি শৰ্মা

সদ্যসমাপ্ত ভাৰত বনাম বাংলাদেশৰ টেষ্ট শৃংখলাটোত ভাৰতে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰি ২-০ ব্যৱধানত ছিৰিজটো জয় কৰে ৷ চেন্নাইত খেলা প্ৰথমখন টেষ্টত ভাৰত ২৮০ ৰানৰ বিশাল ব্যৱধানত জয়ী হোৱাৰ পাছত কাণপুৰৰ গ্ৰীণ পাৰ্কত খেলা দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনটোতেই বৰষুণে বিঘিনি জন্মায় আৰু মাত্ৰ ৩৫ অ’ভাৰৰ খেলহে সম্ভৱ হয় ৷ পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় দিনৰ খেল বৰষুণ আৰু সমেকা পিটছৰ বাবে সম্পূৰ্ণভাৱে বাতিল হোৱাৰ পাছত চতুৰ্থ দিনটোত খেল পুনৰ আৰম্ভ হয় ৷ বাংলাদেশে তিনি উইকেটত ১০৭ ৰানৰ প্ৰথম দিনৰ স্কোৰৰ পৰা ইনিংছ

Read more

সূৰ্য্যই ঢাকি ৰখা হাজাৰটা চন্দ্ৰ- মইদুল হক

If you have good batters in your team you can win a match. But if you want to win a tournament you must have good bowlers in your team. ক্ৰিকেট খেলত ব’লাৰৰ গুৰুত্ব অনুধাৱন কৰিবলৈ এনেধৰনৰ এটা মন্তব্যই যথেষ্ট। ক্ৰিকেট এক দলগত খেল। দলৰ প্ৰতিজন খেলুৱৈৰে নিজা নিজা দায়িত্ব থাকে। তথাপিও যেন ক্ৰিকেটীয় মহাযুদ্ধৰ আজন্ম সৈনিক হ’ল ব’লাৰসকল। ব’লাৰ এজনে এটা অ’ভাৰতে খেল এখনৰ গতি সলনি কৰি দিব পাৰে। বহু সময়ত বেটাৰ সকলে খেল এখন ধৰি ৰাখিবলৈ নিজৰ বেটিং কৌশলক

Read more

ৰঞ্জী ট্ৰফীত বিদেশী খেলুৱৈ-দৰ্শনজ্যোতি পৰাশৰ

২২ গজৰ ক্ৰিকেট বিশ্বত নিজকে প্ৰতিষ্ঠা কৰি যোৱা ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ ৰঞ্জিত সিংজীৰ নামেৰে নামাকৰণ কৰা ৰঞ্জী ট্ৰফী হৈছে ভাৰতৰ ঘৰুৱা প্ৰথম শ্ৰেণী ক্ৰিকেটৰ প্ৰধান প্ৰতিযোগিতা। BCCIয়ে আয়োজন কৰা এই বিশ্ব প্ৰসিদ্ধ  ঘৰুৱা প্ৰতিযোগিতা ক্ৰিকেট জগতৰ শীৰ্ষ ৩ প্ৰথম শ্ৰেণী ঘৰুৱা প্ৰতিযোগিতা অৰ্থাৎ ইংলেণ্ডৰ কাউন্টী ক্ৰিকেট আৰু অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ডৰ সমকক্ষ। বিভিন্ন সময়ত বহু ক্ৰিকেট পণ্ডিতে ৰঞ্জী ট্ৰফীৰ পৰিসৰ, খেলুৱৈৰ সংখ্যা তথা খেলৰ মানদণ্ড আদি বিভিন্ন কাৰকৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বিশ্বৰ শীৰ্ষতম প্ৰথম শ্ৰেণী ক্ৰিকেট প্ৰতিযোগিতাৰ শিতানত ৰাখিব বিচাৰে।

Read more

ক্ৰিকেট ইতিহাসৰ ১০ শীৰ্ষ ব’লাৰ যুটি-প্ৰাচুৰ্য্য মহন্ত

বেট-বলৰ মহাৰণ ক্ৰিকেটত আজিৰ এই টি২০ ক্ৰিকেটৰ দিনত প্ৰায় দৰ্শক বা সমৰ্থকে বেটাৰৰ তুলনাত ব’লাৰক কম গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷ (বিশেষকৈ ভাৰতত)বেটাৰক ভগৱানৰ দৰে পূজা কৰা হয় কিন্তু ব’লাৰৰ ফেনবেচ তেনেই নগণ্য। নিজকে ব’লাৰ হিচাপে প্ৰতিস্থা কৰিব বিচৰা কিছুমান খেলুৱৈয়ে আইডল হিচাপে বেটাৰক বাচনি কৰে। এইটো ভাবিবলগীয়া কথা নহয় নে? আজিৰ পৰা ২০বছৰৰ আগত ক্ৰিকেটত হয়টো এইটো পৰিৱেশ নাছিল৷ ক্ৰিকেট বিশ্বৰ প্ৰেক্ষাপটত অহাৰ পৰাই ব’লাৰে বেটাৰৰ সমানে সমানে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰি আহিছে লাগিলে সি পেচ ব’লাৰেই হওঁক

Read more

ভৱিষ্যতৰ ভাৰতীয় অলৰাউণ্ডাৰ-অক্ষয় সন্দিকৈ

বৰ্তমান সময়ত ক্ৰিকেট জগতত অলৰাউণ্ডাৰৰ ভুমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। এজন ক্ৰিকেটাৰে কেৱল বেটিং বা বলিঙত ভাল প্ৰদৰ্শন কৰিলেই দলত স্থান লাভ কৰা সহজ নহয়। এজন খেলুৱৈ বেটিং বা বলিং কোনোবা এটা বিভাগত ভাল খেলুৱৈ হোৱাৰ লগতে আনকেইটা বিভাগতো ভাল হোৱাটোও খুবেই গুৰুত্বপূৰ্ণ। ভাৰতীয় ক্ৰিকেট দলৰ বহু গুৰুত্বপূৰ্ণ খেলত পৰাজয় বৰণ কৰাৰ মুখ্য কাৰণ হৈ পৰে প্ৰকৃত অলৰাউণ্ডাৰৰ অভাৱ। বৰ্তমান সময়ত ভাৰতত লাহে লাহে সুদক্ষ অলৰাউণ্ডাৰ খেলুৱৈৰ উত্থানে ভৱিষ্যতৰ ভাৰতীয় দলক আৰু অধিক শক্তিশালী হোৱাত সহায় কৰিব। আজি আমি ভাৰতীয়

Read more

বাৰ্বাডোজৰ সেই মূহুৰ্তটো-অলকেশ হালৈ

বহুত হতাশা, বহুত ট্ৰল, বহুত অশ্লীল গালি – গালাজ, নিজৰ লগতে নিজৰ পৰিয়ালৰ মানুহ খিনিকো যেন এৰি দিয়া নাছিল ট্ৰল কৰিবলৈ জীৱশ্ৰেষ্ঠবোৰে। এই আটাইবোৰৰ উত্তৰ যেন এটাই আছিল ২০২৪ চনৰ টি টুৱেন্টী বিশ্বকাপৰ ট্ৰফিটো। হয় মই ২০২৪ বৰ্ষৰ ক্ৰিকেট টি টুৱেন্টী বিশ্বকাপ বিজয়ী টিম ইণ্ডিয়াৰ কথাই কৈ আছোঁ । ২০১১ চনৰ ২ এপ্ৰিল তাৰিখে মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন ভাৰতে ৱানখেৰে ষ্টেডিয়ামত উঠোৱা ট্ৰফীটোৰ পিছত সুদীৰ্ঘ ১৩ বছৰ বিশ্বকাপৰ ট্ৰফী জয়ৰ সোৱাদৰ পৰা ভাৰত বঞ্চিত হৈ আছিল । ২০১৩ চনত চেম্পিয়নছ

Read more
1 2 3 5