বাজবল বনাম টেষ্ট ক্ৰিকেট :: নয়নজ্যোতি শৰ্মা

সাম্প্ৰতিক সময়ত ক্ৰিকেটজগতত জনপ্ৰিয় হৈ উঠা এটি শব্দ হৈছে বাজবল। ২০২২ চনৰ মে’ মাহত এণ্ড্ৰিউ মিলাৰ নামৰ এজন ক্ৰিকেট সাংবাদিকে প্ৰথমবাৰৰ বাবে এই শব্দটিৰ ব্যৱহাৰ কৰিছিল। দৰাচলতে ২০২২ চনত ব্ৰেণ্ডন মেককুলাম ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা তাৰকা অলৰাউণ্ডাৰ বেন ষ্টোকছ টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক হিচাপে নিয়োজিত হোৱাৰ পিছৰেই পৰাই ইংলেণ্ড দলটোৰ টেষ্ট ক্ৰিকেট খেলাৰ শৈলী সম্পূৰ্ণৰূপে সলনি হৈ পৰে। এক অধিক আক্ৰমণাত্মক শৈলীৰে বেটিং কৰি টেষ্ট ক্ৰিকেটত টি-২০ অথবা এদিনীয়া ক্ৰিকেটৰ দৰে গতিৰে ৰাণ কৰাৰ এক নতুন প্ৰণালীৰ বাবে বৰ্তমান ইংলেণ্ড দলটো জনাজাত। ইংলেণ্ড দলটোৱে টেষ্ট ক্ৰিকেটত প্ৰৱৰ্তন কৰা এই নতুন বেটিং শৈলীটোকেই বাজবল বুলি অভিহিত কৰা হয়। ষ্টোকছ আৰু মেককুলামৰ যুটিটোৱে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই এই বাজবল খেলৰ জৰিয়তে ২০২২ চনৰ জুন-জুলাই মাহত ভ্ৰমণকাৰী নিউজিলেণ্ডক এটি ৩ খনীয়া টেষ্ট শৃংখলাত ৩-০ আৰু ভাৰতক এখন টেষ্টত পৰাভূত কৰে। এই ৪ খন খেলত ইংলেণ্ডে চতুৰ্থ ইনিংছত ক্ৰমে ২৭৭, ২৯৯, ২৯৬ আৰু ৩৭৮ ৰাণৰ লক্ষ্য অনায়াসে অতিক্ৰম কৰি টেষ্ট ক্ৰিকেট ইতিহাসত ক্ৰমাগত ৪ খন মেচত ২৫০ ৰ অধিক লক্ষ্য অতিক্ৰম কৰি জয়লাভ কৰা বিশ্বৰ প্ৰথমটো দল হিচপে পৰিগণিত হয়। ২০২২ ৰ মে’ মাহৰ পৰা ২০২৩ ৰ আগষ্ট মাহলৈকে খেলা টেষ্ট মেচ সমূহত ইংলেণ্ড দলৰ প্ৰতি অভাৰত গড় ৰান হ’ল ৪.৮৫; যিটো ইয়াৰ পিছতে থকা ষ্টিভ ৱ’ৰ অধিনয়কত্বৰ সময়ছোৱাত অষ্ট্ৰেলিয়া দলৰ গড় ৰাণ ৩.৬৬ তকৈ যথেষ্টখিনি বেছি। নিউজিলেণ্ড আৰু ভাৰতক নিজৰ মাটিত হৰুওৱাৰ পিছত ইংলেণ্ডে ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকা, আয়াৰলেণ্ডক বাজবলৰ জৰিয়তে ধৰাশায়ী কৰাৰ লগতে পাকিস্তানক নিজৰ গৃহভূমিতে ক্লীন-ছুইপ কৰে।

প্ৰথম এক-ডেৰ বছৰ সময়ছোৱাত সমগ্ৰ ক্ৰিকেটপ্ৰেমীয়ে ইংলেণ্ড দলৰ এই শৈলীৰ প্ৰশংসা কৰিছিল যদিও লাহে লাহে বিশেষজ্ঞসকলে বাজবলৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। টেষ্ট ক্ৰিকেট হৈছে ক্ৰিকেটৰ সৰ্বোচ্চ স্তৰ। টেষ্ট ক্ৰিকেটৰ জৰিয়তেহে এজন ক্ৰিকেটাৰৰ প্ৰকৃত দক্ষতা, খেলৰ শৈলী প্ৰকাশ হয়। ই হৈছে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া আৰু বিশুদ্ধ সংস্কৰণ। পাচদিনীয়া খেল এখনত এটা দিনত চালকৰ আসনত থকা দলটো তাৰ পৰৱৰ্তী দিনা বেকফুটত যোৱা যথেষ্ট উদাহৰণ দেখিবলৈ পোৱা গৈছে। তদুপৰি নিজৰ গৃহভূমিত খেলি জয়লাভ কৰা আৰু বিদেশৰ মাটিত জয়লাভ কৰাৰ মাজত পাৰ্থক্য আছে। ইংলেণ্ডে বাজবলৰ জৰিয়তে নিজৰ গৃহভূমিত বিপক্ষক ধৰাশায়ী কৰিবলৈ সক্ষম হৈছে যদিও শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ আহি ৫ খনীয়া টেষ্ট শৃংখলাত ৪-১ ব্যৱধানত পৰাভূত হৈ বেয়াকৈ মুখথেকেছা খায়। তেতিয়াৰে পৰাই ইংলেণ্ড দলৰ এই বাজবলক লৈ ক্ৰিকেট বিশেষজ্ঞ তথা ক্ৰিকেটপ্ৰেমীসকলৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে। যদিও ইংলেণ্ডে পাকিস্তানক পাকিস্তানৰ গৃহভূমিতেই পৰাভূত কৰিছে তথাপিও বৰ্তমানৰ পাকিস্তানৰ টেষ্ট ক্ৰিকেট দলটো এদিনীয়া অথবা টি-২০ দলটোতকৈ যথেষ্টখিনি দুৰ্বল। সেয়েহে ভাৰতৰ হাতত আত্মসমৰ্পন কৰাৰ পিছত এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে যে এই শৈলীৰে খেলি ইংলেণ্ডে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আদি শক্তিশালী দলৰ বিৰুদ্ধে তেওঁলোকৰ মাটিত গৈ টেষ্ট শৃংখলাত জয়লাভ কৰিব পাৰিবনে?

টেষ্ট ক্ৰিকেট হ’ল ক্ৰিকেটৰ সৰ্বোচ্চ স্তৰ। ইয়াত প্ৰতিফলিত হয় এজন ক্ৰিকেটাৰৰ ক্ৰিকেট শৈলী। ইয়াত পৰীক্ষা হয় এজন ক্ৰিকেটাৰ ধৈৰ্য্যৰ, তেওঁৰ দক্ষতাৰ। নিজৰ ঘৰুৱা পৰিস্থিতি তথা নিজৰ দেশৰ পিটছৰ লগত প্ৰতিজন পেছাদাৰী ক্ৰিকেটাৰ বাৰুকৈয়ে অভ্যস্ত। সেয়েহে এজন ক্ৰিকেটাৰে নিজৰ দেশৰ মাটিত কি প্ৰদৰ্শন কৰিছে ততোকৈ অধিক গুৰুত্ব আৰোপ কৰা হয় তেওঁ বিদেশত গৈ কেনেকুৱা প্ৰদৰ্শন কৰিছে। তেনেদৰে ইংলেণ্ড দলে বাজবল শৈলীৰ জৰিয়তে তেওঁলোকৰ ঘৰুৱা পৰিস্থিতিত সফলতা লাভ কৰাতকৈ বিদেশলৈ গৈ এই শৈলীৰে সফলতা লাভ কৰিবনে সেয়াহে লক্ষ্যণীয় বিষয়।শেহতীয়াকৈ হাৰত ভ্ৰমণলৈ আহি তেওঁলোকৰ কি অৱস্থা হ’ল সেয়া সমগ্ৰ ক্ৰিকেট বিশ্বৰে বিদিত। ক্ৰিকেটৰ দীঘলীয়া সংস্কৰণত বিদেশৰ ভূমিত সফলতা লাভ কৰিবলৈ হ’লে পৰিস্থিতি সাপেক্ষে তথা দলৰ প্ৰয়োজন অনুসৰি নিজৰ খেলক ঢাল খুৱাই খেলৰ প্ৰদৰ্শন কৰিব লাগিব। টি-২০ ৰ দৰে একঘেয়ামী খেল খেলি টেষ্ট ক্ৰিকেটত কিছু সময়ৰ বাবে সফলতা লাভ কৰিব পাৰি যদিও ই ক্ষন্তেকীয়া তথা পৰিস্থিতি অনুপাতে বেলেগ বেলেগ হয়। এয়াই হৈছে টেষ্ট ক্ৰিকেটৰ গৰিমা। ইয়াৰ জৰিয়তেই প্ৰকাশ পায় এজন ক্ৰিকেটাৰৰ দক্ষতা তথা তেওঁৰ ব্যক্তিত্বৰ। বিশ্বৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ বেটছ্মেন এ বি ডি ভিলিয়াৰ্ছ, যাৰ নামত এদিনীয়া ক্ৰিকেটত মাত্ৰ ৩১ টা বলত দ্ৰুততম শতৰাণৰ অভিলেখ আছে, সেই ডি ভিলিয়াৰ্ছেই এখন ২০১২ চনত অষ্ট্ৰেলিয়াৰ বিপক্ষে এখন টেষ্টত ২২০টা বলৰ সন্মুখীন হৈ মাত্ৰ ৩৩ সংগ্ৰহ কৰি নিজ দলক নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা কৰি টেষ্টমেচখন ড্ৰ কৰিবলৈ সমৰ্থ হৈছিল। এয়াই হৈছে টেষ্ট ক্ৰিকেটৰ বৈশিষ্ট্য, ইয়াৰ আমোদ।

গতিকে ক’বলৈ গ’লে বাজবলৰ জৰিয়তে ইংলেণ্ড দলে যি সফলতা লাভ কৰিছে সেয়া দীৰ্ঘস্থায়ী নহয়গৈ। শেহতীয়াকৈ ভাৰতৰ বিপক্ষে সামৰণি পৰা ৫ খনীয়া টেষ্ট শৃংখলাটোতেই ইয়াৰ প্ৰমাণ পোৱা গ’ল। বাজবলৰ জৰিয়তে তেওঁলোকে নিজৰ ঘৰুৱা পৰিস্থিতিত সফলতা লাভ কৰিব পাৰে, কিন্তু বিদেশৰ ভূমিত সফলতা লাভ কৰিবলৈ হ’লে পৰিস্থিতি অনুযায়ী পৰম্পৰাগত তথা সৰল ক্ৰিকেট খেলাটোৱেই বাঞ্ছনীয়।