জেমছ এণ্ডাৰচন: আত্মবিশ্বাস আৰু সমৰ্পনৰ কিংবদন্তি পুৰুষ :: মইদুল হক

খেল জগতত খেলুৱৈৰ সুস্থ শৰীৰে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। খেলুৱৈ জীৱনৰ মাপকাঠী নিৰ্ধাৰণ কৰিবলৈ এটা আঘাতেই হয়টো যথেষ্ট হয়। তাতে আকৌ যদি খেলুৱৈ জন ক্ৰিকেটৰ পেচ ব’লাৰ হয় তেন্তে আঘাত যেন তেওঁৰ নিত্ত নৈমিত্তিক সহযাত্ৰী। আঘাতৰ বাবেই ইতিহাসে বহুত পেচ ব’লাৰৰ কেৰিয়াৰ চমু কৰি তুলিছিল। কিন্তু এই সকলোবোৰ ধাৰনা ভুল বুলি প্ৰমানিত কৰিবলৈ আজিৰ তাৰিখত এটা নামেই হয়টো যথেষ্ট হ’ব… জেমছ মাইকেল এণ্ডাৰচন…৷ হয় আপুনি থিকেই ভাবিছে, বিশ্ব ক্ৰিকেট প্ৰেমীৰ প্ৰৌঢ়ৰ পৰা শিশুলৈ সকলোৰে চিৰ পৰিচিত পেচাৰ ইংলেণ্ডৰ জেমছ এণ্ডাৰচন (জিমি) ৰ কথাকেই কোৱা হৈছে। ১৫ ডিচেম্বৰ ২০০২ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিজৰ আন্তৰ্জাতিক কেৰিয়াৰ আৰম্ভ কৰা এণ্ডাৰচনে ২০১৫ চনতে নিজৰ অন্তিমখন এদিনীয়া মেচ খেলিছিল যদিও ক্ৰিকেটৰ দীৰ্ঘতম সংস্কৰণত নিজৰ সেৱা অব্যহত ৰাখিলে ৷ ক্ৰিকেটৰ আধুনিক যুগত বহু পেচ ব’লাৰে বহুল জনপ্ৰিয় আৰু প্ৰচুৰ অৰ্থ সম্বলিত টি২০ লীগ বোৰ খেলাৰ বাবে টেষ্ট ক্ৰিকেটৰ পৰা নিজকে আতৰাই ৰখাৰ সময়ত এণ্ডাৰছনে নিজকে টেষ্ট ক্ৰিকেটৰ মাজত চিৰসেউজ কৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। ১৯৮২ চনত জন্ম গ্ৰহন কৰা এণ্ডাৰছনে ৪২ বছৰ বয়সলৈ নিজৰ কেৰিয়াৰৰ পৰিসমাপ্তি নঘটোৱাটো হয়টো পৃথিৱীৰ সকলো পেচ ব’লাৰৰ বাবে এক ঈৰ্ষণীয় বিষয় । ক্ৰিকেট বিশ্বই মেলক’ম মাৰ্শ্বাল, কৰ্টনী ৱালছ, কাৰ্টলী এমব্ৰোছ, ডেনিছ লিলি, গ্নেন মেকগ্ৰাথ, ব্ৰেট লী, জেচন গিলেস্পী, নাথান ব্ৰেকেন, মিচেল জনচন, শ্বন পোলক, ডেল ষ্টেইন, ৱাকাৰ ইউনিছ, ৱাচিম আক্ৰাম, চোৱেইব আখতাৰ, চামিণ্ডা ভাচ, লাচিথ মালিংগা, শ্বেণ বণ্ড, শ্বন টেইট আদিৰ দৰে দ্ৰুতবেগী তথা ভয়াৱহ পেচ ব’লাৰ দেখিছে,  কিন্তু এই সকলোবোৰ পেচ বলাৰৰ কেৰিয়াৰৰ বহু সময়ত আঘাতে প্ৰভাৱ পেলাইছিল। সেই কাৰনেই হয়টো কোনেও ইমান দীৰ্ঘ সময় নিজকে খেলপথাৰৰ ভিতৰত ৰাখিব নোৱাৰিলে। কিন্তু এণ্ডাৰছন যেন ব্যতিক্ৰম, নিজৰ বলিং একচন আৰু আঘাতৰ বাবে প্ৰথম অৱস্থাত খেলপথাৰৰ পৰা বাহিৰত থাকিব লগীয়া হৈও দীৰ্ঘতম কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছিল। ৪২ বছৰ বয়সতো ৫ দিন ধৰি টেষ্ট মেচ খেলাটো এণ্ডাৰছনৰ কেৰিয়াৰৰ চুড়ান্ত সাফল্য। নিজৰ খেলুৱৈ জীৱনত বৰ্তমানলৈ তেওঁ ইংলেণ্ডৰ বাবে সৰ্বাধিক ১৮৭ খন টেষ্ট মেচ খেলিছে। আনহাতে বিশ্ব পৰ্যায়ত কিংবদন্তি শচীন টেণ্ডুলকাৰৰ ২০০ খন টেষ্ট মেচৰ পিছত এণ্ডাৰচন দ্বিতীয় স্থানত আছে। পেচ ব’লাৰ হিচাপে ক্ৰিকেট ইতিহাসত ৭০০ টেষ্ট উইকেট দখল কৰা একমাত্ৰ ব’লাৰ হল জেমছ এণ্ডাৰচন। শেহতীয়াকৈ সম্পন্ন হৈ যোৱা ভাৰত বনাম ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচৰ দ্বিতীয় ইনিংছত ভাৰতৰ কুলদীপ যাদৱৰ উইকেটটো দখল কৰি নিজৰ ৭০০তম উইকেট দখল কৰে এই জীৱন্ত কিংবদন্তী জনে। এণ্ডাৰচন এদিনীয়া ক্ৰিকেটৰো ইংলেণ্ডৰ সৰ্বাধিক (২৬৯ টা) উইকেট দখলকাৰী ব’লাৰ। বেটাৰ হিচাপে এণ্ডাৰচনে গুৰুত্বপূৰ্ণ সময়ত দললৈ অৰিহনা যোগাই আহিছে। তেওঁ জ’ ৰুটৰ লগত দশম উইকেটত ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ (১৯৮ ৰাণৰ) যুটি গঢ়িছিল।

২০০৩ বৰ্ষত ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডচত টেষ্ট কেৰিয়াৰৰ আৰম্ভনি কৰি এণ্ডাৰচনে নিজৰ প্ৰথম খন টেষ্টতে এটা ইনিংচত পাঁচটা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। পৰৱৰ্তী পৰ্যায়ত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰি এই সফলতা অৰ্জনকাৰী ইংলেণ্ডৰ প্ৰথমগৰাকী ব’লাৰ হিচাপে পৰিগণিত হয়। এণ্ডাৰচনৰ এই জয়যাত্ৰা পৰৱৰ্তী দক্ষিণ আফ্ৰিকা ভ্ৰমনলৈ অব্যাহত আছিল । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত এণ্ডাৰচনে ১৫ টা উইকেট দখল কৰি শৃংখলাত সমতা স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিছিল। তেনেকুৱা সময়তে এণ্ডাৰচনে আঠুৰ আঘাতৰ বাবে দলৰ পৰা বাদ পৰে। একে সময়তে এণ্ডাৰচনে বলিং একচনৰ বাবে কিছু সমালোচোনাৰ সম্মুখীন হয়। প্ৰাক্তন পেচাৰ বব উইলিচে এণ্ডাৰচনক সমালোচোনা কৰি কৈছিল যে সেইটো একচনেৰে এণ্ডাৰচনে মাত্ৰ ৫ বছৰ মান হে খেলিব পাৰিব। ইংলেণ্ডৰ প্ৰশিক্ষণ শিবিৰতো এণ্ডাৰচনৰ বলিং একচন সলনি কৰিবলৈ প্ৰয়াস কৰোৱা হল। কিন্তু এণ্ডাৰচনৰ গতি কমি গ’ল। আঘাত আৰু বলিং একচনৰ পৰিৱৰ্তনে এণ্ডাৰচনৰ বলিঙৰ চোক কমাই আনিলে। এণ্ডাৰচন ফৰ্মহীন হৈ পৰিল। পৰৱৰ্তী শৃংখলা বোৰত এণ্ডাৰচনৰ এই দুৰ্বলতা বাৰুকৈয়ে স্পষ্ট হৈ পৰিছিল। ২০০৫ চনৰ এচেজ শৃংখলাৰ বাবে এণ্ডাৰচনক বিবেচনা কৰা হৈছিল যদিও শেষ পৰ্যায়ত অলৰাউণ্ডাৰ প’ল কলিঙউদকহে প্ৰাধান্য দিয়া হৈছিল। পুনৰ এণ্ডাৰচনক পাকিস্তানৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাত দলভুক্ত কৰা হৈছিল যদিও তেওঁ এখনো মেচ নেখেলাকৈয়ে শৃংখলা সমাপ্ত কৰিব লগা হৈছিল। ২০০৬ বৰ্ষৰ ভাৰত ভ্ৰমণকাৰী বৃটিছ দলত প্ৰথম অৱস্থাত তেওঁক দলভুক্ত কৰা হোৱা নাছিল যদিও শৃংখলা আৰম্ভ হোৱাৰ আগতেই পেচাৰ চাইমন জ’নচৰ আঘাতৰ বাবে এণ্ডাৰচনক দললৈ আমন্ত্ৰন কৰা হয়। উল্লেখযোগ্য যে একে সময়তে মাইকেল ভন আৰু মাৰ্কুচ ট্ৰেচক’থিকচৰ আঘাতৰ বাবে ইংলেণ্ড দলেলৈ আগমন ঘটে এলিয়েষ্টাৰ কুক আৰু ওৱাইজ শ্বাহৰ। এইটো শৃংখলাত এণ্ডাৰচনে প্ৰসংশনীয় প্ৰদৰ্শন আগবঢ়াই দলৰ মূখ্য ব’লাৰৰ আসন লাভ কৰে । দুৰ্ভাগ্যবশতঃ এণ্ডাৰচনে এচেজ ২০০৬ শৃংখলাৰ পিছতে পুনৰ পিঠিৰ আঘাতত ভোগে আৰু দলৰ পৰা বাহিৰ হয়। পিঠিৰ আঘাতৰ পৰা মুক্তি লাভ কৰি ২০০৭ চনৰ বিশ্বকাপ দললৈ আমন্ত্ৰন লাভ কৰিলেও খেল আৰম্ভ হোৱাৰ থিক আগে আগে এণ্ডাৰচনে পুনৰ আঙুলিৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হয়। পৰৱৰ্তী ভাৰত ভ্ৰমনত এণ্ডাৰচনে আটাইকেইখন টেষ্ট মেচ খেলিছিল। যদিও এই শৃংখলাত ইংলেণ্ড ১-২ ৰ ব্যৱধানত হাৰিছিল তথাপি এণ্ডাৰচনে আগৰ তুলনাত উন্নত প্ৰদৰ্শন কৰি দললৈ গুৰুত্বপূৰ্ণ অৰিহনা যোগাইছিল। এই শৃংখলাতে এণ্ডাৰচনে কেৰিয়াৰৰ ১৭তম টেষ্টত মহেন্দ্ৰ সিং ধোনীক আউট কৰি ৫০ তম উইকেট দখল কৰিছিল। পৰৱৰ্তী শ্ৰীলংকা ভ্ৰমন আৰু নিউজিলেণ্ড ভ্ৰমনত এণ্ডাৰচনৰ প্ৰদৰ্শন মুঠেও ভাল নাছিল। শৃংখলাৰ মাজতে দলৰ পৰাও বাহিৰ হৈছিল এণ্ডাৰচন। কিন্তু তাৰ পৰৱৰ্তী ২০০৮ চনৰ নিউজিলেণ্ডৰ বিৰুদ্ধে হোৱা ঘৰুৱা শৃংখলাত এণ্ডাৰচনে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। সেইটো শৃংখলাত এণ্ডাৰচনে ১৯.৩১ গড়ে ১৯ টা উইকেট দখল কৰিছিল। এয়া আছিল এণ্ডাৰচনৰ কোনো এটা শৃংখলাত দখল কৰা সৰ্বাধিক উইকেট। শৃংখলাটোত এণ্ডাৰচনৰ প্ৰদৰ্শন চাই ইংলেণ্ডৰ তদানীন্তন বলিং প্ৰশিক্ষক অটিচ গিবচনে কৈছিল যে এণ্ডাৰচনৰ আত্মবিশ্বাস থাকিলে হয়টো এদিন তেওঁ এজন বিশ্বমানৰ ব’লাৰ হ’ব পাৰিব। এণ্ডাৰচনে নিজৰ প্ৰদৰ্শন ক্ৰমাগত ভাবে উন্নত কৰিবলৈ সক্ষম হৈছিল। প্ৰথম ২০০৮ ৰ জুনলৈ এণ্ডাৰচনে খেলা ২৫ খন টেষ্ট মেচৰ ২০০৭ চনৰ জুলাই মাহলৈ খেলা ১৬ খন টেষ্টত ৩৮.৩৯ গড়ে ৪৬ টা উইকেট দখল কৰিছিল। কিন্তু পৰৱৰ্তী ৯ খন টেষ্টত ৩০.৫৮ গড়ে ৪৩ টা উইকেট দখল কৰিছিল। ২৯তম টেষ্টত এণ্ডাৰচনে দক্ষিন আফ্ৰিকাৰ জেক কালিচক আউট কৰি জীৱনৰ শততম টেষ্ট উইকেট দখল কৰিছিল। এণ্ডাৰচন নিজৰ কেৰিয়াৰক লৈ যঠেষ্ট সচেতন আছিল। ইংলেণ্ডৰ কাৰনে খেলিবলৈ তেওঁ বদ্ধ পৰিকৰ আছিল। ইংলেণ্ডৰ বাবে নিজৰ টেষ্ট কেৰিয়াৰ দীঘলীয়া কৰাৰ স্বাৰ্থতে এণ্ডাৰচেন প্ৰাৰম্ভিক অৱস্থাতে  IPL ৰ দৰে লোভনীয় লীগৰ পৰা নিজকে বিৰত ৰাখিছিল।

টেষ্ট ক্ৰিকেটৰ প্ৰতি এজন পেচ ব’লাৰ হিচাপে এণ্ডাৰচনৰ সমৰ্পন অতিকে প্ৰসংশনীয়। আজিৰ যুগত প্ৰতিজন পেচাৰৰ বাবে এণ্ডাৰচন এন অনুকৰনীয় উদাহৰণ। এণ্ডাৰচনৰ এই সমৰ্পনৰ বাবেই টেষ্ট ক্ৰিকেটত এণ্ডাৰচনৰ জয়যাত্ৰা আজিপৰ্যন্ত অব্যাহত আছে । জীৱনৰ প্ৰথম অৱস্থাত আঘাত আৰু ফৰ্মহীনতাৰ সৈতে যুঁজি থকা এণ্ডাৰচনে ক্ৰমান্বয়ে নিজকে পৃথিৱীৰ ভিন্ন দেশৰ পৰিবেশৰ লগত খাপ খুৱাই নিজৰ বলিং কৌশল উন্নত কৰিবলৈ যত্ন কৰিলে। ফলত সকলো দেশতে এণ্ডাৰচন এজন সফলতম ব’লাৰ হিচাপে পৰিগনিত হ’ল। এই যাত্ৰাৰ মাজতে এণ্ডাৰচনে ২০১৮ চনত এজবাষ্টনত ভাৰতৰ বিপক্ষে খেলা টেষ্ট খনত দলভুক্ত হৈ ইংলেণ্ডৰ ১০০০ তম টেষ্ট খন খেলৰো গৌৰৱ অৰ্জন কৰে। শৃংখলাৰ দ্বিতীয় খন টেষ্টত এণ্ডাৰচনে লৰ্ডচত ১০০ টেষ্ট উইকেট আৰু সৰ্বমুঠ ৫৫০ টেষ্ট উইকেট দখল কৰা ব’লাৰ হিচাপে পৰিগনিত হয়। একেটা শৃংখলাতে এণ্ডাৰচনে ভাৰতৰ বিপক্ষে ১০০ উইকেট দখলকাৰী ব’লাৰ হিচাপেও নিজকে প্ৰতিপন্ন কৰে আৰু অষ্ট্ৰেলিয়াৰ গ্লেন মেকগ্ৰাথৰ ৫৬৩ টা উইকেট অতিক্ৰমি ৫৬৪ টা উইকেট দখলেৰে পেচাৰ হিচাপে বিশ্বৰ সৰ্বাধিক টেষ্ট উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে। যি বয়সত বিশ্বৰ সফলতম পেচাৰ, বেটাৰ তথা স্পীনাৰেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহন কৰে সেই বয়সটো এণ্ডাৰচনে নিজকে টেষ্ট ক্ৰিকেট খেলিবলৈ সম্পূৰ্ণ সুস্থ কৰি ৰাখিবলৈ যত্ন কৰি আহিছে । ২০২৪ চনৰ ভাৰত ভ্ৰমনৰত ইংলেণ্ড দলত ৪২ বছৰীয়া এণ্ডাৰচনক দলভুক্ত কৰা হয় । লগত আছিল এণ্ডাৰচনৰ আন্তৰাষ্ট্ৰীয় অভিষেক ঘটাৰ পিছত জনগ্ৰহন কৰা ৰেহান আহমেদ আৰু ছোৱাইব বাছিৰ। ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় এণ্ডাৰচনৰ টেষ্ট কেৰিয়াৰৰ প্ৰসাৰতাৰ বিষয়ে ৷ এইটো শৃংখলাত ৫ম টেষ্টত এণ্ডাৰচনে ভাৰতৰ কুলদীপ যাদৱৰ উইকেটটো দখল কৰি ইতিহাসত ৭০০ টেষ্ট উইকেট দখল কৰা ৩য় ব’লাৰ আৰু একমাত্ৰ পেচ ব’লাৰ হিচাপে চিহ্নিত হয়। কেৰিয়াৰৰ প্ৰথম অৱস্থাত আঘাত আৰু ফৰ্মহীনতাৰ সৈতে সহাৱস্থান কৰি দীৰ্ঘতম টেষ্ট কেৰিয়াৰ গঢ়াটো এণ্ডাৰছনৰ বাবে এজন পেচ ব’লাৰ হিচাপে অতুলনীয় সফলতা।

জেমচ এণ্ডাৰচনৰ টেষ্ট ক্ৰিকেটৰ প্ৰতি থকা সন্মান আৰু সমৰ্পনৰ বাবে এণ্ডাৰচন আজি এক জীৱন্ত কিংবদন্তিত পৰিগণিত হৈছে। এণ্ডাৰচনৰ বিষয়ে লিখি শেষ কৰিব হয়টো নোৱাৰিম। কিন্তু ভাৰত ভূমিত আহি ৭০০ টেষ্ট উইকেট দখল কৰি আমাক এই বিৰল ক্ষণৰ সাক্ষী হোৱাৰ সুবিধা দিয়াৰ বাবে আমি টেষ্ট ক্ৰিকেটৰ শুভাকংক্ষী হিচাপে গৌৰৱান্বিত। এই লেখনিৰ জৰিয়তে জেমছ এণ্ডাৰচনৰ প্ৰতি আমি আমাৰ মৰম আৰু ভালপো‍ৱা প্ৰকাশ কৰিবলৈ যতকিঞ্চিত চেষ্টা কৰিলোঁ।