ৰিয়ানৰ প্ৰত্যাৱৰ্তন :: অম্লান আশীষ নাথ

আইপিএলৰ বতৰত একেবাৰে শেহতীয়াকৈ চৰ্চাত থকা নামটোৱেই হৈছে- ৰিয়ান পৰাগ ৷ ছৈয়দ মুস্তাক আলী প্ৰতিযোগিতাত ক্ৰমাগত সাতটা ইনিংছত অৰ্ধশতক অৰ্জন কৰি বিশ্ব অভিলেখৰ গৰাকী হোৱা ৰিয়ানে একপ্ৰকাৰ একক প্ৰচেষ্টাৰেই অসমক ছেমি ফাইনেল পৰ্যন্ত আগুৱাই লৈ গৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ ২০২৩ বৰ্ষৰ দেওধৰ ট্ৰফীতো ৮৮.৫০ গড়ে ৩৫৪ ৰাণ আৰু ১১ টা উইকেট দখলেৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছিল ৷ আনকি ২০২৩-২৪ বৰ্ষৰ শেহতীয়া ৰঞ্জী ছিজনতো প্ৰথম দুখন মেচতেই দুটা শতকেৰে দুৰ্দান্ত আৰম্ভণি কৰিছিল যদিও আঘাতৰ বাবে আটাইকেইখন মেচ খেলিব নোৱাৰিলে ৷ এই সকলোবোৰ প্ৰদৰ্শনৰ ভিত্তিত এতিয়া ক্ৰিকেট মহলত সৰ্বাধিক চৰ্চিত নাম হৈ পৰিছে অসম সন্তান ৰিয়ান পৰাগ ৷

২০১৯ চনত ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত আত্মপ্ৰকাশ কৰা ৰিয়ানক বেছিভাগ খেলতেই মেনেজমেন্টে ফিনিশ্বাৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু একেবাৰেই নিৰাশজনক প্ৰদৰ্শনৰ পিছত মেনেজমেন্টে  অৱশেষত এইবেলি তেওঁৰ সুবিধাজনক স্থানত (চাৰি নম্বৰত) খেলিবলৈ অনুমতি দি সঠিক ঠাইত উপস্থাপন কৰা যেন পৰিলক্ষিত হৈছে । কেইমাহ মান আগৰ কথা,পৰাগ দাসে তেওঁৰ পুত্ৰ ৰিয়ানৰ সৈতে থাকিবলৈ কেইদিনমানৰ বাবে বেংগালুৰু ভ্ৰমণ কৰিছিল। সেই চমু ভ্ৰমণকালত পিতৃ পৰাগ দাসে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী (এনচিএ)ত আঘাতৰ পৰা মুক্ত হৈ পুনৰ অনুশীলন চলাই থকা তেওঁৰ পুত্ৰ ৰিয়ান পৰাগক অনুপ্ৰাণিত কৰিবলৈ যথেষ্ট সময় অতিবাহিত কৰিছিল। সেইখিনি সময় পৰিয়ালৰ বাবে উদ্বিগ্ন সময় আছিল কিয়নো কান্ধৰ আঘাতৰ বাবে ৰিয়ানে ঘৰুৱা ছিজনৰ অধিকাংশ খেল হেৰুৱাব লগাত পৰিছিল আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ওচৰ চাপি অহাৰ লগে লগে পিতৃ পৰাগ দাসে প্ৰতিযোগিতাখনৰ আগতে ৰিয়ান এশ শতাংশ সাজু হ’ব নে নাই আৰু লগতে বিগত চিজন কেইটাত ৰিয়ানৰ নিৰাশজনক প্ৰদৰ্শনৰ প্ৰত্যুত্তৰ এইবাৰ দিব পাৰিব নে নাই সেয়া ভাবি চিন্তিত হৈছিল ।অৱশ্যে ৰিয়ানে তেওঁৰ নিয়ন্ত্ৰণত নথকা বস্তুবোৰ উপেক্ষা কৰিছিল আৰু তেওঁৰ সম্পূৰ্ণ সুস্থ হৈ উঠিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। এনচিএ (NCA)ৰ কৰ্মচাৰীসকলে নিৰ্ধাৰণ কৰা এক কঠোৰ প্ৰশিক্ষণ ব্যৱস্থা অনুসৰণ কৰি তেওঁ সোনকালেই আঘাতমুক্ত হৈ ঘূৰি আহিল আৰু তেওঁ ৰাজস্থান ৰয়েলছৰ শিবিৰত যোগদান কৰিলে। অনুশীলনৰ প্ৰথম কেইদিনমান বাদ পৰাৰ পিছত ২২ বছৰীয়া ৰিয়ানে আত্মবিশ্বাসেৰে উচ্ছ্বসিত হৈ খেলপথাৰত অনুশীলনৰ বাবে নামে। 

এটা সাক্ষাৎকাৰত পিতৃ পৰাগ দাসে কয় যে-“এটা সময় আছিল যেতিয়া আমি ভাবিছিলো যে এই চিজনতো চাগে তাৰ(ৰিয়ানৰ) বাবে শেষ হ’ব চিজন হব”। গুজৰাটৰ বিৰুদ্ধে বিজয় হাজাৰে ট্ৰফীৰ প্ৰথমখন খেলৰ সময়ত ৰিয়ানে কান্ধত আঘাত পাইছিল, আৰু বাকী খেলবোৰৰ পৰা বঞ্চিত হ’ব লগা হৈছিল আৰু পুনৰ খেলপথাৰলৈ  উভতি অহাৰ পিছতো তেওঁ বেংগলৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ মেচত ফিল্ডিং কৰোতে একেধৰণৰ আঘাতৰ সন্মুখীন হৈছিল। সেইবোৰ প্ৰত্যাহ্বানজনক সময় আছিল, কিন্তু তেওঁ মানসিকভাৱে যথেষ্ট শক্তিশালী আছিল আৰু দ্ৰুতভাৱে আৰোগ্য লাভ কৰিছিল, কিন্তু তেতিয়াও মই আইপিএলত কেনে পৰিস্থিতি ৰক্ষা হ’ব তাক লৈ অলপ শংকিত আছিলো কিয়নো প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি কৰিবলৈ তেওঁৰ ওচৰত বেছি সময় নাছিল” পিতৃ পৰাগে কয়। কিন্তু ৰিয়ানে দ্ৰুতভাৱে প্ৰগতি দেখুৱাইছিল আৰু আই পি এল আৰম্ভ হোৱাৰ সময়ত ৰাজস্থানৰ পৰিচালকে তেওঁক ৪ নম্বৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয় যি তেওঁৰ বাবে ঘৰুৱা ক্ৰিকেটৰ যোগেদি এক পৰিচিত স্থান। ঘৰুৱা ছিজনত অসমৰ হৈ একেটা স্থানতে বেটিং কৰি ৰিয়ানে চৈয়দ মুস্তাক আলী ট্ৰফীৰ যোৱাতো সংস্কৰণত ৮৫ ৰাণ গড়ে আৰু ১৮২.৭৯ ষ্ট্ৰাইক ৰেটৰে মুঠ ৫১০ ৰাণ সংগ্ৰহ কৰিছিল লগতে বলিঙেৰে ১১ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । পুব মণ্ডলৰ হৈ অংশগ্ৰহণ কৰি দেওধৰ ট্ৰফীত তেওঁ পাঁচখন মেচত ৩৫৪ ৰাণ সংগ্ৰহ কৰে, যি প্ৰতিযোগিতাখনত সৰ্বাধিক ৰাণ আৰু লগতে অফ স্পিন বলিং কৰি ১১ টা উইকেট দখল কৰে। তেওঁ ৰঞ্জী ট্ৰফীলৈ তেওঁৰ সেই ফৰ্ম কঢ়িয়াই আনিছিল, য’ত তেওঁ চাৰিখন মেচত ৭৫.৬০ গড়ে ৩৭৮ ৰাণ সংগ্ৰহ কৰিছিল, যাৰ ভিতৰত দুটা শতক আছিল।

ঘৰুৱা ক্ৰিকেটত কৰা অসাধাৰণ প্ৰদৰ্শনৰ বাবে ৰাজস্থানৰ মেনেজমেন্টে ৰিয়ানক ৪ নং স্থানলৈ উন্নীত কৰায় । অসাধাৰণ প্ৰদৰ্শন কৰা স্বত্বেও আঘাতৰ সমস্যা আৰু যোৱা চিজনকেইটাত আশানুৰূপ প্ৰদৰ্শন নোহোৱাৰ বাবে সকলো ৰিয়ানক লৈ যথেষ্ট চিন্তিত আছিল যদিও লক্ষ্ণৌৰ বিৰুদ্ধে আই পি এল-২০২৪ প্ৰথমখন মেচত খেলপথাৰত অৱতীৰ্ণ হৈ ৰিয়ানে ২৯ টা বলত ৪৩ ৰাণৰ এক সুন্দৰ ইন্নিংছ খেলে য’ত তেওঁৰ বেটিঙত আত্মবিশ্বাস আৰু দৃঢ়তা দেখা গৈছিল । সেই একেই ফৰ্ম অব্যাহত ৰাখি দিল্লীৰ বিৰূদ্ধে ৪৫ টা বলত অপৰাজিত ৮৪ ৰাণৰ এক বিস্ফোৰক ইন্নিংছ খেলে । চলিত আই পি এলত এই প্ৰতিবেদন লিখা পৰ্যন্ত ছয়খন মেচত মুঠ তিনিটা অৰ্ধ-শতকসহ ৭১.০০ গড়ে সৰ্বমুঠ ২৮৪ ৰাণেৰে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত বিৰাট কোহলীৰ পিছতেই দ্বিতীয় স্থানত আছে । ইয়াৰোপৰি ডাঙৰ শ্বট খেলাৰ আক্ৰমণাত্মক চৰিত্ৰৰ পৰিচয় দি এতিয়ালৈকে ১৮ টা ছিক্সাৰেৰে সৰ্বাধিক ছিক্সাৰৰ তালিকাতো প্ৰথম স্থানত আছে ৷ ৰিয়ানৰ এনে প্ৰদৰ্শনক লৈ অসমবাসী তথা ভাৰতবাসী সকলোৱে এতিয়া গৌৰৱান্বিত। যিসকলে কেইটামান দিন আগলৈকে ৰিয়ানক বহু ঠাট্টা-মস্কৰা কৰিছিল, ‘পান-পৰাগ’ বুলি কৈ হাঁহিছিল সেই সকলেও এতিয়া গুনানুকীৰ্ত্তন কৰাত ব্যস্ত । মুঠতে এতিয়া ৰিয়ানৰ ওপৰত ভাৰতৰ সকলোৰে দৃষ্টি নিবদ্ধ। আই পি এলত এই ধাৰা অব্যাহত ৰাখিলে ভাৰতীয় জাতীয় দলৰ পোছাক পৰিধান কৰিবলৈ বেছি দুৰ নাই ৰিয়ানৰ । ৰিয়ানৰ এনে প্ৰদৰ্শনৰ বাবে তেওঁৰ লগতে তেওঁৰ পিতৃ-মাতৃক কৃতিত্ব দিব লাগিব আৰু আশানুৰূপ প্ৰদৰ্শন নকৰা স্বত্ত্বেও তেওঁৰ ওপৰত বিশ্বাস আৰু আস্থা ৰখা ৰাজস্থানৰ মেনেজমেন্টো ধন্যবাদৰ পাত্ৰ। সকলোধৰণৰ বলিঙৰ বিৰুদ্ধে আক্ৰমণাত্মক শ্বট খেলাৰ ক্ষমতা থকা ৰিয়ানে প্ৰয়োজনত খেলিব পাৰে ধৈৰ্য্যশীল ইনিংছো ৷ সুৰেশ ৰাঈনা বা যুৱৰাজ সিঙৰ লেখীয়া বেটিং অলৰাউণ্ডাৰ হোৱাৰ সম্পূৰ্ণ ক্ষমতা আছে ৰিয়ানৰ খেলত ৷ ৰিয়ানৰ ক্ষেত্ৰত আন এক যোগাত্মক দিশ হ’ল প্ৰয়োজনসাপেক্ষে কৰিব পৰা বলিং দক্ষতা আৰু ফিল্ডিঙত থকা ক্ষিপ্ৰতা ৷ ভাৰতীয় দলত পাৰ্ট টাইম ব’লাৰৰ যি অভাৱ বহুদিনৰ পৰা পৰিলক্ষিত হৈ আহিছে সেয়া ৰিয়ানৰ দৰে খেলুৱৈয়ে পৰিপূৰ্ণ কৰিব পাৰিব বুলি আমি আশাবাদী ৷ এতিয়া সমগ্ৰ দেশবাসীয়ে অপেক্ষা কৰিছে ৰিয়ানক ভাৰতীয়  দলৰ জাৰ্চীত চাবলৈ ৷ উল্লেখ্য যে যদিহে ৰিয়ানে ভাৰতীয় দলত অভিষেক কৰে তেন্তে তেওঁ হ’ব প্ৰথমজন অসমীয়া পুৰুষ খেলুৱৈ ৷ ইয়াৰ পূৰ্বে উমা চেত্ৰীয়ে ভাৰতীয় মহিলা দলত স্থান পাইছে যদিও মূল একাদশত সুযোগ পোৱা নাই ৷ আমি এতিয়া সকলোৱে আশাৰে বাট চাইছো ৰিয়ানে ভাৰতীয় দলত স্থান পোৱাৰ লগতে মূল একাদশত খেলা সেই ঐতিহাসিক দিনটোলৈ ৷ আশাকৰো খুব সোনকালেই আমাৰ সেই আশা পুৰণ হ’ব ৷