ৰঞ্জী ট্ৰফীত বিদেশী খেলুৱৈ-দৰ্শনজ্যোতি পৰাশৰ
২২ গজৰ ক্ৰিকেট বিশ্বত নিজকে প্ৰতিষ্ঠা কৰি যোৱা ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ ৰঞ্জিত সিংজীৰ নামেৰে নামাকৰণ কৰা ৰঞ্জী ট্ৰফী হৈছে ভাৰতৰ ঘৰুৱা প্ৰথম শ্ৰেণী ক্ৰিকেটৰ প্ৰধান প্ৰতিযোগিতা। BCCIয়ে আয়োজন কৰা এই বিশ্ব প্ৰসিদ্ধ ঘৰুৱা প্ৰতিযোগিতা ক্ৰিকেট জগতৰ শীৰ্ষ ৩ প্ৰথম শ্ৰেণী ঘৰুৱা প্ৰতিযোগিতা অৰ্থাৎ ইংলেণ্ডৰ কাউন্টী ক্ৰিকেট আৰু অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ডৰ সমকক্ষ। বিভিন্ন সময়ত বহু ক্ৰিকেট পণ্ডিতে ৰঞ্জী ট্ৰফীৰ পৰিসৰ, খেলুৱৈৰ সংখ্যা তথা খেলৰ মানদণ্ড আদি বিভিন্ন কাৰকৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বিশ্বৰ শীৰ্ষতম প্ৰথম শ্ৰেণী ক্ৰিকেট প্ৰতিযোগিতাৰ শিতানত ৰাখিব বিচাৰে। ক্ৰিকেট বলিয়া এইখন দেশত য’ত বিশ্বৰ প্ৰতিটো ধৰ্মৰ লোক বিদ্যমান, অনৈক্যৰ মাজত ঐক্য আদি অভিধাৰে বিশ্বত পৰিচয় দিয়া ভাৰতৰ দৰে দেশ এখনতো কিন্তু ক্ৰিকেটেই হৈছে একমাত্ৰ ক্ষেত্ৰ যিয়ে দেশৰ সকলো ধৰ্ম, সম্প্ৰদায়, জাতি-বৰ্ণ, গাওঁ চহৰ সকলোকে একগোট কৰি ৰাখিব পাৰে আৰু ৰাখি আহিছে। গতিকে এনে এখন দেশত প্ৰাথমিক পৰ্যায়ৰ পৰাই চুকে কোণে বিয়পি থকা ক্ৰিকেট প্ৰতিভা সমূহৰ চিনাক্ত আৰু বিকাশৰ বাবে এক বিস্তৃত পৰিকাঠামোৰ প্ৰয়োজন আৰু ৰঞ্জী ট্ৰফী হৈছে ইয়াৰ অন্যতম উদাহৰণ। এই উদেশ্যকে সাৰোগত কৰি বছৰ বছৰ ধৰি ৰঞ্জি ট্ৰফীয়ে এনে অসংখ্য প্ৰতিভাৱান ক্ৰিকেটাৰ সৃষ্টি কৰিলে যিয়ে ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আগুৱাই আহিছিল। বহু স্মৰণীয় মুহূৰ্ত আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সাক্ষী এই ৰঞ্জী ট্ৰফী হৈছে ভাৰতীয় ক্ৰিকেটৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এক সন্মানীয় আৰু ঐতিহাসিক প্ৰতিযোগিতা।
কিন্তু আমি ইতিমধ্যে উল্লেখ কৰা কাউন্টী, শ্বেফিল্ড শ্বীল্ড আৰু ৰঞ্জী ট্ৰফীৰ মাজৰ এটা প্ৰধান পাৰ্থক্য হ’ল ঘৰুৱা প্ৰথম শ্ৰেণী প্ৰতিযোগিতাত বিদেশী খেলুৱৈৰ অন্তৰ্ভুক্তি। যদিও ক্ৰিকেট জগতত ঘৰুৱা প্ৰতিযোগিতা যেনে ইংলেণ্ডৰ কাউন্টি চেম্পিয়নশ্বিপ আৰু অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ড আদিত বিদেশী খেলুৱৈয়ে অংশগ্ৰহণ কৰাটো স্বাভাৱিক, কিন্তু ভাৰতৰ ক্ষেত্ৰত এয়া যথেষ্ট পৃথক। ভাৰতবৰ্ষৰ ঘৰুৱা প্ৰতিযোগিতা যেনে ৰঞ্জী ট্ৰফী আৰু দুলীপ ট্ৰফীৰ ক্ষেত্ৰত বিদেশী খেলুৱৈৰ অংশগ্ৰহণৰ নিয়ম কিছু ব্যতিক্ৰম। আজিও নিজস্ব নিয়ম দোহাই দি BCCIয়ে ঘৰুৱা ক্ৰিকেটত বিদেশী খেলুৱৈক অংশগ্ৰহণৰ অনুমতি দিয়া নাই। আৰু ইয়াৰ প্ৰধান কাৰণেই হৈছে স্থানীয় প্ৰতিভাৰ চিনাক্তকৰণ, বিকাশ আৰু প্ৰাথমিক পৰ্যায়ৰ পৰাই খেলুৱৈসকলক ভৱিষ্যতৰ বাবে সাজু কৰা। আজিও ৰঞ্জী ট্ৰফী হৈছে ভাৰতীয় খেলুৱৈসকলৰ বাবে প্ৰতিভা আৰু দক্ষতা প্ৰদৰ্শনৰ এক মঞ্চ, যিয়ে তেওঁলোকক ৰাষ্ট্ৰীয় দলত নিজৰ স্থান সুনিশ্চিত কৰাত সহায় কৰে, খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে সাজু কৰে আৰু স্থানীয় পৰ্যায়ত নিজৰ নাম উজলোৱাৰ সুযোগ প্ৰদান কৰে। ইয়াৰোপৰি আমি ক’ব পাৰো ভাৰতৰ প্ৰতিযোগিতামূলক ঘৰুৱা ক্ৰিকেটৰ নিয়ম, পৰিসৰ আৰু উদ্দেশ্য ইত্যাদি বিশ্বৰ অন্যান্য ঘৰুৱা প্ৰতিযোগিতা যেনে ECBৰ কাউন্টি ক্ৰিকেট, ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ক্ৰিকেটৰ ক্ৰমে শ্বেফিল্ড শ্বিল্ড আৰু প্লাংকেট শ্বিল্ডৰ আৰু দক্ষিণ আফ্ৰিকা, বাংলাদেশ, ৱেষ্ট ইণ্ডিজ, পাকিস্তান আৰু শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ডৰ ঘৰুৱা ৰেড বল প্ৰতিযোগিতাতকৈ যথেষ্ট পৃথক। কিন্তু যদিও আমি ৰঞ্জী ট্ৰফীক প্ৰধানকৈ ভাৰতীয় ক্ৰিকেট কেন্দ্ৰীক এক প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতা বুলি অভিহিত কৰো তথাপিও আমি এই প্ৰতিযোগিতাৰ ইতিহাসত এনে বহু বিদেশী ক্ৰিকেটাৰৰ অংশগ্ৰহণ দেখিবলৈ পাঁও যিয়ে এই প্ৰতিযোগিতাখনত এক নতুন ৰূপ দিবলৈ সক্ষম হৈছিল। ৰঞ্জী ট্ৰফীত খেলা ইংৰাজ খেলুৱৈ তথা প্ৰশাসনিক বিষয়া জৰ্জ এবেল আছিল ৰঞ্জি ট্ৰফীত দ্বৈত শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ। ১৯২৮ চনত ভাৰতীয় অসামৰিক সেৱাত যোগদান কৰা এবেলে আগতে এচেক্সৰ হৈ খেলিছিল। ভাৰতত তেওঁৰ বেছিভাগ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট উত্তৰ ভাৰততে সীমাবদ্ধ আছিল। কিন্তু তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ আকৰ্ষণীয় ইনিংছ আছিল ১৯৩৪–৩৫ চনত প্ৰথম ৰঞ্জী ট্ৰফীত সেনাবাহিনীৰ বিৰুদ্ধে উত্তৰ ভাৰতৰ হৈ কৰা ২১০ ৰান। উত্তৰ ভাৰতে সেই ছিজনত একমাত্ৰ বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছিল, বম্বেৰ বিৰুদ্ধে এবেল তেওঁলোকৰ অধিনায়কো কৰিছিল। আকৌ ১৯৪১–৪২ চনৰ ৰঞ্জী ট্ৰফীত দক্ষিণ পঞ্জাবৰ বিৰুদ্ধে উত্তৰ ভাৰতৰ অধিনায়ক হিচাপে তেওঁৰ প্ৰথম শ্ৰেণীৰ অন্তিমখন খেল খেলিছিল লাহোৰত। তেওঁ এটা ষ্টাম্পিং, দুটা কেচ ধৰি ক্ৰমে ১১ আৰু ২ ৰান সংগ্ৰহ কৰি উত্তৰ ভাৰতক ৭৪ ৰানৰ ব্যৱধানত সেই মেচ জিকায়। ইংৰাজ খেলুৱৈ কনৰাড পাৱেল জনষ্টোনেও মাদ্ৰাজৰ হৈ ৰঞ্জী ক্ৰিকেট খেলিছিল। ১৯৩৪ চনত উদ্বোধনী ৰঞ্জি ট্ৰফীত তেঁও মাদ্ৰাজৰ অধিনায়কত্ব কৰিছিল আৰু ১৯৪০-৪১ চনত দলটোৱে প্ৰতিযোগিতাৰ ফাইনেলত বম্বেৰ হাতত পৰাস্ত হৈ ৰানাৰ্ছ আপ হোৱাৰ সময়তো তেওঁ অধিনায়ক আছিল। ১৯৩৬ চনৰ ফেব্ৰুৱাৰী মাহত চেপ’কত অনুষ্ঠিত হোৱা ৰঞ্জি ট্ৰফীৰ ছেমি ফাইনেলত বংগৰ বিৰুদ্ধে ৬ আৰু ২৮ ৰান সংগ্ৰহ কৰাৰ লগতে তেওঁ ২৪টা উইকেট দখল কৰিছিল। সেই ছেমি ফাইনেলত জনষ্টন বেটৰ সৈতেও জিলিকি উঠিছিল, ৯৩ আৰু ৩৬ ৰান সংগ্ৰহ কৰি জনষ্টনৰ নেতৃত্বতে মাদ্ৰাজে ৯১ ৰানত খেলখন জয় কৰিবলৈ সক্ষম হৈছিল। কনৰাড জনষ্টন ১৯২৫-২৬ চনৰ পৰা ১৯৪৭-৪৮ চনলৈ মাদ্ৰাজ প্ৰেচিডেন্সি মেচসমূহৰ নিয়মীয়া খেলুৱৈ আছিল। জনষ্টোন বেছিভাগ সময় ইউৰোপীয় দলটোৰ অধিনায়ক হিচাপে আছিল। ইংৰাজ কাউন্টি ক্ৰিকেটত তেওঁৰ দল আছিল কেণ্ট। আন এজন ইংৰাজ ক্ৰিকেটাৰ ডেনিছ কম্পটনে চি কে নায়ুডুৰ অধিনায়কত্বত ১৯৪৮-৪৯ ছিজনৰ ৰঞ্জী ট্ৰফীত হোলকাৰক প্ৰতিনিধিত্ব কৰিছিল। ৰঞ্জী ট্ৰফীৰ সেই ছিজনত ডেনিছ ছেমি ফাইনেলত সৰ্বাধিক স্ক’ৰাৰ আছিল আৰু বম্বেৰ বিৰুদ্ধে ফাইনেলতো আকৰ্ষণীয় ২৪৯ ৰান সংগ্ৰহ কৰিছিল। তেওঁ ক্ৰিকেট কেৰিয়াৰত কাউন্টীত মিডলছেক্সৰ হৈ ৫০০ৰো অধিক খেল খেলিছিল আৰু ৩৮ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰাৰ লগতে ইংলেণ্ডৰ হৈ ৭৮খন টেষ্টত অংশগ্ৰহণ কৰে। ৱেষ্ট ইণ্ডিজ ক্ৰিকেটাৰ ৰয় গিলক্ৰিষ্টেও ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলিছিল। জামাইকান ক্ৰিকেটাৰ ৰয়ে ১৯৬২/৬৩ ছিজনত হায়দৰাবাদৰ হৈ ৰঞ্জি ট্ৰফী খেলিছিল আৰু তেঁও দলৰ হৈ ৯টা উইকেট দখল কৰিছিল যদিও হায়দৰাবাদ কোৱাৰ্টাৰ ফাইনেলত বংগৰ বিৰুদ্ধে পৰাস্ত হয়। ইয়াৰ উপৰিও ৰয়ে ৱেষ্ট ইণ্ডিজৰ হৈ ১৩খন টেষ্ট খেলিছিল। গিলক্ৰিষ্টৰ উপৰিও তেওঁৰ সহযোগী চাৰ্লি ষ্টেয়াৰ্ছ, লেষ্টাৰ কিং আৰু চেষ্টাৰ ৱাটছনকো সেইবাৰ ৰঞ্জী ট্ৰফীলৈ আমন্ত্ৰণ জনোৱা হৈছিল। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ দিলীপ দোশীৰ পুত্ৰ আৰু বাঁওহতীয়া স্পিনাৰ ইংলেণ্ডৰ নয়ন দোশীয়ে ২০০১/০২ ছিজনত সৌৰাষ্ট্ৰৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক কৰিছিল। তেওঁ মূলতঃ ইংলেণ্ডৰ ছাৰেৰ এজন বগা বলৰ খেলুৱৈ। ২০২০ চনৰ আই পি এল নিলামত বহা আটাইতকৈ বয়সীয়াল খেলুৱৈ প্ৰবীণ তাম্বেৰ পিছতে ২০২১ চনৰ আই পি এল নিলামত নয়ন দোশী আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হয় ৷ মুম্বাইত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমান কেনিয়া বাসী তন্ময় মিশ্ৰই বিশ্বকাপকে ধৰি অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেনিয়াক প্ৰতিনিধিত্ব কৰাৰ লগতে ২০১৯/২০ ছিজনত ত্ৰিপুৰাৰ হৈ ৰঞ্জি ট্ৰফীত অংশগ্ৰহণ কৰিছিল। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পঞ্চম সংস্কৰণৰ বাবে ডেকান চাৰ্জাৰ্ছ দলে তেওঁক ক্ৰয় কৰিছিল আৰু এতিয়ালৈকে ২০১২ৰ প্ৰতিযোগিতাখনতে তেওঁৰ একমাত্ৰ প্ৰদৰ্শন কৰাৰ সুযোগ পাইছিল। পিছত ২০১৪ চনৰ আই পি এলৰ নিলামত মিশ্ৰক বাংগালোৰে নিজৰ দলত অন্তৰ্ভুক্ত কৰাইছিল যদিও তেঁওক খেলুৱা নাছিল। ইংলেণ্ডৰ বৰ্তমান খেলুৱৈ মইন আলীৰ সম্বন্ধীয় কবীৰ আলীয়েও ৰাজস্থানৰ হৈ ৰঞ্জি ট্ৰফীত অংশগ্ৰহণ কৰিছিল । ইংলেণ্ডৰ হৈ এখন টেষ্ট মেচকে ধৰি ১৫খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা কবীৰে বিভিন্ন ইংৰাজ কাউন্টি ক্লাব যেনে হেম্পশ্বাৰ, লেংকাশ্বাৰ, ৱৰ্চেষ্টাৰশ্বাৰৰ হৈও ক্ৰিকেট খেলিছিল। ইনামুল হক জুনিয়ৰ এজন বাংলাদেশী বাওঁহতীয়া স্পিনাৰ যিয়ে ২০০৮/০৯ চনৰ ৰঞ্জী ট্ৰফী ছিজনত মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল। এখন মেচত ১০টা উইকেট দখল কৰা আটাইতকৈ কম বয়সীয়া বলাৰ হোৱাৰ অভিলেখ তেওঁৰ হাতত আছে।
আন এজন ইংৰাজ ক্ৰিকেটাৰ বিক্ৰম সোলংকীয়ে ২০০৬/০৭ ৰঞ্জী ছিজনত ৰাজস্থানক প্ৰতিনিধিত্ব কৰিছিল। বিক্ৰমে ইংলেণ্ডৰ হৈ ৫৪খন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰাৰ ৰগতছ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৮ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰে।
মূলতঃ ভাৰতীয় ক্ৰিকেটাৰৰ মঞ্চ ৰঞ্জী ট্ৰফীত যদিও কিছু বিদেশী খেলুৱৈয়েহে খেলপথাৰৰ শোভা বঢ়াইছে তথাপিও তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিযোগিতাখনৰ প্ৰতিযোগিতামূলক মনোভাৱক সমৃদ্ধ কৰাই নহয়, ভাৰতীয় ক্ৰিকেটক প্ৰভাৱিত কৰাৰ লগতে ক্ৰিকেট অনুৰাগী সকলোকো এক ন অভিজ্ঞতাৰে সমৃদ্ধ কৰিছিল।
*******