২০২৪ বিশ্বকাপ আৰু  আই চি চিৰ সহযোগী ৰাষ্ট্ৰ-পাৰ্থপ্ৰতীম গোস্বামী

২০২৪ বৰ্ষৰ টি-টুৱেন্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাই সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ প্ৰসাৰ আৰু প্ৰচাৰৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰা বুলি ক’লেও হয়তো ভুল ন’হব। ভদ্ৰলোকৰ খেল ক্ৰিকেটৰ বৰ্তমান তিনিটা সংস্কৰণত ক্ৰমে টেষ্ট, এদিনীয়া আৰু টুৱেন্টি ২০ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, এদিনীয়া বিশ্বকাপ, টুৱেন্টি২০ বিশ্বকাপ আৰু চেম্পিয়নচ ট্ৰফীৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আই চি চিয়ে নিৰ্ধাৰিত সময়ৰ অন্তত অনুষ্ঠিত কৰি আহিছে। কিন্তু বৰ্তমান বিশ্বত সমগ্ৰ ক্ৰিকেট প্ৰকৃততে ভাৰত, অষ্টেলিয়া আৰু ইংলেণ্ডৰ মাজতহে সীমাবদ্ধ হৈ ৰোৱা বুলি বহুতো সময়ত অনুভৱ হয়। টি-টুৱেন্টি আৰু টি-১০ আদিৰ দৰে সীমিত ক্ৰিকেট তথা পৃথিৱীৰ চুকে-কোণে গঢ় লৈ উঠা ফ্ৰেনছাইজী লীগ সমূহৰ ফলত টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ প্ৰতি বহুতো দেশৰ খেলুৱৈ তথা ব’ৰ্ডসমূহৰ এক শিথিল স্থিতি পৰিলক্ষিত হৈছে। এসময়ত বিশ্ব ক্ৰিকেটৰ দুৰ্দান্ত দল ৱেষ্ট ইণ্ডিজকে ধৰি দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডো শেহতীয়াকৈ বহু পৰিমাণে কমসংখ্যক ক্ৰিকেট মেচত অংশ লৈছে। তেনেস্থলত আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বহুতৰে মনত আশংকাৰ সৃষ্টি হৈছিল।

চলিত বৰ্ষৰ ১ জুনৰে পৰা অনুষ্ঠিত হোৱা বিশ্বকাপ ক্ৰিকেটৰ মঞ্চত আমেৰিকাৰ ভূমিত ১৮৪৪ চনত বিশ্বৰ প্ৰথমখন আন্তৰ্জাতিক মেচত অংশ লোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ মুখামুখি হৈছিল। বিশ্বকাপ মঞ্চত দুয়োটা দলৰ পৰস্পৰৰ বিৰুদ্ধে প্ৰথমখন মেচতেই আৰ’ণ জেমছৰ চাঞ্চল্যকৰ ৯৪ আৰু এন্ড্ৰিউচ গ’জৰ উপযোগী ৬৫ ৰাণৰ সহযোগত ১৯৪ ৰাণৰ বিশাল লক্ষ্য অনায়াসে অতিক্ৰম কৰি আমেৰিকা ক্ৰিকেট দলে নিজৰ প্ৰতিভাৰ উমান দিছিল। পাপুৱা নিউ গিনি, ওমান, নামিবিয়া, উগাণ্ডা, নেপাল, স্কটলেণ্ড, নেডাৰলেণ্ড আদি কেইবাখনো সহযোগী ৰাষ্ট্ৰৰ প্ৰদৰ্শনৰ প্ৰতি বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ বিশেষ লক্ষ্য আছিল। কিন্তু উদ্বোধনী খেলত দুয়োখন সহযোগী ৰাষ্ট্ৰৰ প্ৰদৰ্শনে নিসন্দেহে ক্ৰিকেট অনুৰাগী মনত এক নতুন জোৱাৰ আনিবলৈ সক্ষম হৈছিল। যদিওবা বাকী সহযোগী ৰাষ্ট্ৰসমূহে বিশেষ অঘটন ঘটাবলৈ সক্ষম ন’হল কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই সমগ্ৰ বিশ্বকাপৰে এক অন্যতম চৰ্চিত দল হিচাপে পৰিগণিত হয়। বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন মেচত কানাডাৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত আমেৰিকাই পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন মেচ অবিশ্বাস্য প্ৰদৰ্শন দাঙি ধৰি পাকিস্তানৰ ১৫৯ ৰাণৰ প্ৰত্যুত্তৰত আমেৰিকা যুক্তৰাষ্ট্ৰই নিৰ্ধাৰিত অভাৰত ১৫৯ ৰাণ সংগ্ৰহ কৰি মেচ ড্ৰ’ কৰিবলৈ সক্ষম হয়। মেচৰ ফলাফল নিৰ্ণয় কৰিবলৈ অনুষ্ঠিত চুপাৰ অ’ভাৰত আমেৰিকাই প্ৰথমে বেট ধৰি ১৯ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ মেচত অৱতীৰ্ণ হোৱা ভাৰতীয় মূলৰ সৌৰভ নেত্ৰভালকাৰৰ তীক্ষ্ণ বলিঙত পাকিস্তানে মাত্ৰ ১৩ ৰাণ কৰিবলৈ সক্ষম হয়। পাকিস্তানক পৰাস্ত কৰি সহযোগী ৰাষ্ট্ৰ হিচাপে আমেৰিকাই সমগ্ৰ বিশ্বৰে ক্ৰীড়াপ্ৰেমীক আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

বিশ্বৰ কেইখনমান মুষ্টিমেয় দেশৰ মাজত সীমাবদ্ধ হৈ ৰোৱা ক্ৰিকেট খেলৰ বিশ্বব্যাপী প্ৰসাৰৰ বাবে সহযোগী ৰাষ্ট্ৰসমূহৰ উত্থান অতিকৈ গুৰুত্বপূৰ্ণ। কেৱল মাত্ৰ বিশ্বকাপ বা তেনে কোনো প্ৰতিযোগিতাৰ সময়ত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ লগতে পৰ্যাপ্ত পৰিমাণে ক্ৰিকেট খেল অনুষ্ঠিত কৰিবলৈ সক্ষম হ’লে হয়তো অনাগত দিনত সহযোগী ৰাষ্ট্ৰসমূহে আকৰ্ষণীয় ফলাফল দেখুৱাবলৈ সক্ষম হ’ব। বহুতো দেশত ক্ৰিকেটৰ বাবে প্ৰয়োজনীয় সুবিধা নোহোৱাৰ পিছতো খেলুৱৈসকলে অশেষ পৰিশ্ৰমৰ দ্বাৰা নিজৰ দেশৰ ধ্বজা বহন কৰিবলৈ সক্ষম হৈছে। আই চি চিৰ নীতিসমূহৰ বাবে বহুতো সময়ত ক্ৰিকেটৰ প্ৰসাৰ স্থবিৰ হৈ ৰোৱা বুলি একাংশ সংবাদ মাধ্যম তথা বিশ্লেষকে মত পোষণ কৰা আমি দেখিবলৈ পাওঁ। তেনেস্থলত বৰ্তমানৰ প্ৰেক্ষাপটত আই চি চিয়ে প্ৰতিখন সহযোগী ৰাষ্ট্ৰৰ ক্ৰিকেট প্ৰতিভাৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি ক্ৰিকেট বিশ্বৰ চুকে-কোণে বিয়পি পৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি সকলো আশাবাদী।