সৌৰভ’ময় সপোনৰ পম খেদি…..-ঋতুপৰ্ণ বৰা

টি২০ বিশ্বকাপ-২০২৪ৰ চেম্পিয়ন ভাৰতকে ধৰি বিভিন্ন দেশৰ যি সমুহ খেলুৱৈৰ নাম-যশ ক্রিকেট বিশ্বত উপচি পৰিছে তাৰ মাজতে সকলোৰে অনাকাংক্ষিত ভাৱে সমগ্র বিশ্বৰ সম্মুখত উজ্বলি উঠিল আন এটি নাম- সৌৰভ নেত্ৰভালকাৰ। আয়োজনকাৰী দেশ হিচাপে বিশ্বকাপত অংশগ্রহণ কৰিবলৈ সুবিধা পোৱা আমেৰিকা যুক্তৰাষ্ট্রৰ ক্রিকেট দলটিৰ নায়ক ৰূপে নিজকে প্রতিপন্ন কৰা সৌৰভ নেত্ৰভালকাৰ । সময় আৰু সুযোগে সৌৰভক আনি দিলে বিশ্বকাপৰ দৰে এক বৃহৎ মঞ্চ, তাতোকৈও ৰোমাঞ্চকৰ- পাকিস্তানৰ দৰে বিশ্বমানৰ ক্রিকেট দল এটিক পৰাস্ত কৰাৰ এক প্রত্যাহ্বান। নিজৰ খেল কৌশলতাক প্রমাণ কৰিবলৈ সৌৰভৰ বাবে এনে সুযোগ আৰু যে সহজতে  নাহে- সেইয়া সৌৰভে ভালকৈয়ে জানিছিল। ৬ জুন ২০২৪ ৰ অতি শ্বাসৰুদ্ধকৰ এটি মুহূর্ত। বিশ্বৰ ক্রিকেটপ্রেমীৰ দৃষ্টি নিবদ্ধ হৈ আছিল সৌৰভ নেত্ৰভালকাৰ ওপৰত। কাৰণ-চুপাৰ অ’ভাৰ ! তাকো বিশ্বকাপৰ ! কোনেও ভাবিব নোৱাৰাকৈ যেতিয়া আমেৰিকা যুক্তৰাষ্ট্রৰ দলটোৱে পাকিস্তানৰ লগত ১৫৯ ৰানৰ স্কৰ ‘টাই’ কৰি চুপাৰ অ’ভাৰত ১৯ ৰানৰ  টাৰ্গেট বান্ধি দিলে তেতিয়াই অধিনায়ক মনাংক পেটেলে সৌৰভৰ হাতত বল তুলি দিলে বাবৰ  বাহিনীক ৰুধিবৰ বাবে। ডালাচ ৰ  গ্ৰেণ্ড প্ৰেইৰিয়েৰ ষ্টেডিয়ামৰ খেলপথাৰে তেতিয়া এক অভূতপূর্ব ক্ষণৰ সাক্ষী হ’বলৈ অপেক্ষা কৰি আছিল । হাতত প্রথম বল লৈ সৌৰভে নিক্ষেপ কৰিলে ষ্ট্ৰাইক এণ্ডত থকা ইফটিখাৰ আহমেদৰ ফালে । ড’ট্ বল ! দ্বিতীয় বলত এটি বাউণ্ডেৰী । তেতিয়াও পাকিস্তানক বিজয়ৰ বাবে ৪ বলত ১৫ ৰানৰ প্রয়োজন। কিন্তু সৌৰভৰ  চতুৰ বলিঙৰ সন্মুখত তিষ্ঠিৱ নোৱাৰি তৃতীয় বলতে পেভিলিয়নমুখী হ’ব লগা হ’ল  ইফটিখাৰ। ক্ৰিজলৈ আহিল ছাদাব খান। কিন্তু সৌৰভৰ লক্ষ্য স্থিৰ আছিল, যিকোনো প্ৰকাৰে এই বৈতৰণী পাৰ হ’বই লাগিব ৷ ইতিমধ্যেই বিজয়ৰ দুৱাৰদলিত উপস্থিত হোৱা আমেৰিকাৰ দলটিক সৌৰভে ৫ ৰান বাকী থকা অৱস্থাতে অ’ভাৰ সমাপ্ত কৰি  এক ঐতিহাসিক আৰু অনন্য জয়ৰ সোৱাদ দিলে। সেইয়া আছিল এইবাৰৰ বিশ্বকাপৰ অন্যতম এক স্মৰণীয় মুহুর্ত। এই  সফলতাৰ পিছতে আমেৰিকাৰ দলটি আৰু বিশেষভাৱে নেত্ৰভালকাৰৰ নাম সমগ্র ক্রিকেট বিশ্বত চর্চালৈ আহিবলৈ ধৰে।
সৌৰভ নৰেশ নেত্ৰভালকাৰ। পাকিস্তানৰ বিৰুদ্ধে খেলা খেলখনে চর্চালৈ অনা সৌৰভ কিন্তু আগৰে পৰাই অতি চতুৰ আৰু কৌশলপূর্ণ ব’লাৰ আছিল । ১৯৯১ চনত মুম্বাইত জন্ম লাভ কৰা  বাঁওহতীয়া মেডিয়াম- ফাষ্ট ব’লাৰজন পূৰ্বতে ভাৰতৰে খেলুৱৈ আছিল । ক্রিকেটক সপোন হিচাপে লৈ খেলিবলৈ লোৱা সৌৰভৰ প্ৰতিভাই দিনক দিনে ক্রিকেটৰ লগত জড়িত মানুহৰ দৃষ্টি আকর্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। যুৰৰাজ সিংৰ দৰে বেটাৰৰ খুটি উফৰাই চকুত পৰা সৌৰভে  ২০০৯ চনত BCCI Corporate ট্ৰফীৰ বাবে যোগ্যতা অর্জন কৰে য’ত ৰবীন উথাপ্পা, সুৰেশ ৰাইনাৰ নিচিনা খেলুৱৈৰ সংস্পর্শলৈ আহে । তীক্ষ্ণ বলিঙৰ সুবাদতে ২০১০ চনত নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনুর্ধ- বিশ্বকাপৰ ভাৰতীয় দলটিত নিজৰ নাম অর্ন্তভুক্ত কৰিবলৈ সক্ষম হয় । কে. এল. ৰাহুল, মায়ংক আগৰৱাল, সন্দীপ শর্মা, জয়দেৱ উনাদকাট, হর্ষল পেটেল আদিৰ দৰে পিছলৈ ভাৰতীয় জাতীয় দল (মুখ্য)ক প্রতিনিধিত্ব কৰা খেলুৱৈৰে সমৃদ্ধ অনুর্ধ-১৯ দলটিত  নিজকে প্ৰমাণ কৰিবলৈ সুবিধা লাভ কৰিলে । যদিও সেই বিশ্বকাপ ভাৰতৰ বাবে বৰ সুখজনক নাছিল তথাপি সৌৰভ নেত্ৰভালকাৰে ৯টা উইকেট  লাভ কৰি ভাৰতৰ হৈ সর্বাধিক উইকেট দখলৰ গৌৰব অর্জন কৰিছিল । সেইয়াই সফলতাৰ দিশে এটি খোজ আছিল । এই প্ৰদৰ্শন আৰু বাঢ়ি অহা আত্মবিশ্বাসক ভৰষা কৰি সৌৰভে জাতীয় দলত অভিষেকৰ আশা পুহি ৰাখিছিল । কিন্তু ভাৰতীয় জাতীয় দলৰ হৈ সেই সময়ত বলিং কৰি থকা দ্বীগজ বলাৰ জাহিৰ খান, আশীস নেহেৰা, শ্ৰীশান্ত আদিৰ উপস্থিতিত সৌৰভৰ ভাৰতৰ হৈ প্রতিনিধিত্ব কৰাৰ ভবিষ্যতৰ দুৱাৰখন অপষ্ট হৈ পৰিছিল । পিছলৈ ২০১৩-১৪ বর্ষৰ ৰঞ্জী ট্রফীত মুম্বাই দলৰ হৈ অভিষেক ঘটে সৌৰভৰ । কিন্তু তাতো স্থান নিগাজী নহ’ল । দুর্ভাগ্যজনকভাৱে জনপ্রিয়তাৰ শীর্ষত উপনীত হোৱা Indian Premier League ৰ কোনো দলৰ বাচনিতো সৌৰভে স্থান লাভ নকৰিলে । ক্রিকেটত নিজৰ ভৱিষ্যত ধূসৰ হৈ পৰাত অনিচ্ছা স্বত্ত্বেও সৌৰভে ২০১৫ চনত আমেৰিকালৈ কম্পিউটাৰ চায়েন্সত উচ্চ শিক্ষা অধ্যয়নৰ বাবে যাবলৈ বাধ্য হয়।
ক্রিকেটৰ সপোন আৰু ক্রমান্বয়ে নেদেখা হ’ল সৌৰভে। তাৰ বিপৰীতে নিজৰ উচ্চ শিক্ষাতে মনোনিৱেশ কৰি ভবিষ্যত গঢ়াৰ কথাটোকহে প্রাধান্য দিবলৈ আৰম্ভ কৰিছিল । কিয়নো আমেৰিকাৰ দৰে বেচবল, বাস্কেটবল, এমেৰিকান ফুটবলৰ দমন থকা দেশ এখনত ক্রিকেটক লৈ কিবা ভবাৰ কথাটো একেবাৰে অমূলক বুলি পৰিগণিত হৈছিল সৌৰভৰ দৃষ্টিত। কিন্তু কোনে জানে ভৱিষ্যতৰ কথা। সময়ে কাৰ বাবে কি কঢ়িয়াই লৈ ফুৰে জনাৰ উপায় নাথাকে। সৌৰভৰ সমুখতো তেনে সময়ে আহিল। পঢ়ি থকা অৱস্থাতে বন্ধুবর্গৰ যোগেদি আমেৰিকাৰ ক্রিকেটৰ বিষয়ে তথ্য লাভ কৰিবলৈ ধৰিলে। ক্রিকেটে আকৌ এবাৰ হেৰাই যোৱা সপোনৰ আঁত ধৰি সেউজীয়া ঘাঁহনিৰ বাইশ গজলৈ হাত বাউল দিলে ৷ ২০১৬ চনত প্রথম বাৰৰ বাবে আমেৰিকাত ক্রিকেট খেলিবলৈ আৰম্ভ কৰিলে । প্ৰতিভা কেতিয়াও লুকাই নাথাকে ৷ ইংৰাজীত এষাৰ কথা আছে “ Life always gives you a second chance”।সৌৰভৰ ক্ষেত্ৰতো সেইয়াই হল। ICCয়ে পূৰ্বতে এজন খেলুৱৈয়ে এখন দেশৰ হৈ খেলিবলৈ প্ৰয়োজন হোৱা সেই দেশত অতি কমেও বসবাসৰ চাৰি বছৰীয়া সময়সীমা কমাই তিনি বছৰ কৰি দিলে। সৌৰভে সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে। ২০১৮ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ দলত সৌৰভে স্থান লাভ কৰে। আমেৰিকাৰ হৈ সেইয়াই আৰম্ভণি। পাছলৈ আৰু ঘুৰি চোৱাৰ প্রয়োজন নোহোৱা হ’ল । ক্রমান্বয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ ক্রিকেট দলৰ প্রায় নিয়মীয়া সদস্য হৈ পৰা সৌৰভক ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ T-20 আন্তঃৰাষ্ট্রীয় দলৰ অধিনায়ক হিচাপে নিযুক্ত কৰা হ’ল। বর্তমানে ৪৮ খন এদিনীয়া আৰু ৩০ খন টি২০ খেলত আমেৰিকা যুক্তৰাষ্ট্রক প্রতিনিধিত্ব কৰি সৌৰভে এদিনীয়াত ৭৩ টা আৰু টি২০ত ২৯ টাকৈ  উইকেট দখল কৰিবলৈ সক্ষম হৈছে। ২০২২ চনত ছিংগাপুৰৰ বিপক্ষে খেলা টি২০ খেলখনত সৌৰভে আমেৰিকাৰ হৈ এখন খেলত ৫ টা উইকেট দখল কৰিবলৈ সক্ষম হোৱা প্রথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় ।
আমেৰিকা যুক্তৰাষ্ট্রই অনাগত দিনত সৌৰভৰ  দৰে ক্রিকেটাৰৰ কান্ধত ভৰ দি আন্তঃৰাষ্ট্রীয় ক্রিকেটত নাম উজ্বলাবলৈ সক্ষম হব তাকে লৈ আমি আশাবাদী | সদ্যসমাপ্ত টি২০ বিশ্বকাপৰে ভাৰতৰ বিৰুদ্ধে খেলা খেলখনত সৌৰভে বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ উইকেট লাভ কৰে। এক আছুটীয়া সাক্ষাৎকাৰত সৌৰভে সেইয়া জীৱনৰ  এক অনন্য মুহূর্ত বুলি উল্লেখ কৰে। এই বিশ্বকাপত সৌৰভে পাকিস্তানৰ বিপক্ষে  ২/১৮, ভাৰতৰ বিপক্ষে ২/১৮, দক্ষিণ আফ্রিকাৰ বিপক্ষে ২/২১ প্রদর্শনেৰে মুঠ ছখন খেলত ৬ টা উইকেট দখল কৰে । এনে ধাৰাবাহিক প্রদর্শন অব্যাহত থাকিলে অনাগত দিনত সৌৰভক IPL ৰ কোনোবা এটি দলত নিশ্চয়কৈ দেখিবলে পোৱা যাব। উল্লখনীয় যে সৌৰভৰ লগতে এৰন জোনছ্, মনাংক পেটেল আদি খেলুৱৈৰ দুর্দান্ত প্ৰদর্শনৰ বলত আমেৰিকা যুক্তৰাষ্ট্রৰ দলটোৱে বিশ্বকাপৰ গ্ৰূপ পর্যায়ৰ পৰা উন্নীত হৈ চুপাৰ-৮ পৰ্যায়ত উপনীত হয়। যদিও চুপাৰ-৮ পৰ্যায়ত আমেৰিকাই ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল তথাপি দলৰ প্রথম বিশ্বকাপতে কৰা এই অভূতপূর্ব প্ৰদর্শনে আমেৰিকাত ক্রিকেটৰ উত্থানত নিশ্চয়কৈ সহায় কৰিব। সেইয়া আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ বাবে ভাল খবৰ। অন্যহাতেদি এই সফলতাৰে দলটিয়ে ২০২৬ চনত ভাৰত-শ্ৰীলংকাত অনুষ্ঠিত হবলগীয়া টি২০ বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিলে। স্মর্তব্য যে যদিওবা সৌৰভ এজন আন্তঃৰাষ্ট্রীয় ক্রিকেটাৰ কিন্তু পেচাত সৌৰভ আমেৰিকাৰ Oracle নামৰ এটি প্রতিষ্ঠিত কোম্পানীৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কর্মৰত | প্রচলিত খৱৰ অনুসৰি চুপাৰ-৮ পৰ্যায়ত প্রৱেশৰ পাছত সৌৰভে নিজৰ কোম্পানীৰ পৰা চুটী বৃদ্ধি কৰিব লগীয়াও হৈছিল। অৱশ্যে কেৱল সৌৰভেই নহয় তেওঁৰ দলৰ মনাংক পেটেল, নিসর্গ পেটেলৰ দৰে খেলুৱৈ পেচাত ব্যৱসায়ী বা কর্মচাৰী হিচাপেহে নিযুক্ত। সেইয়া যিয়েই নহওক আমেৰিকা যুক্তৰাষ্ট্রীয় দলৰ এই সমূহ খেলুৱৈৰ সফলতাই সেই দেশৰ নতুন প্ৰজন্মক ক্রিকেটৰ প্রতি আকর্ষণ কৰিবলৈ সক্ষম হব। সৌৰভৰ  দৰে ক্রিকেটাৰে আৰু অধিক উৎসাহেৰে আন্তঃৰাষ্টীয় ক্রিকেটত ভবিষ্যতেও দপদপাই থাকক আৰু ক্রিকেটৰ জনপ্রিয়তাত অৱদান আগবঢ়াই যাওক সেয়াই আমাৰ কামনা