সূৰ্য্যৰ উত্তাপত চাৰখাৰ বিপক্ষৰ জয়ৰ সপোন-ৰূপম গোস্বামী

সূৰ্য্য কুমাৰ যাদৱ নামৰ এজাক ধুমুহা আহিল হঠাৎ‌ ভাৰতীয় ক্ৰিকেটত ২০২১ চনত । আহিব লাগিছিল বহু আগতেই । বহু প্ৰতীক্ষাৰ অন্তত অভিষেক ঘটিল  ধুমূহাজাকৰ।  সূৰ্য্যকুমাৰ যাদৱ বা চমুকৈ স্কাই (SKY) বৰ্তমান ক্ৰিকেট বিশ্বত মিষ্টাৰ ৩৬০ ডিগ্ৰী নামেৰে যাৰ পৰিচয়, বিশ্ব ক্ৰিকেটৰ অন্যতম বিধ্বংসী বেটাৰ । ‘স্কাই’ৰ এই যাত্ৰা পিছে মসৃণ নাছিল । ১৯৯০ চনৰ ১৪ ছেপ্টেম্বৰত মুম্বাইত জন্ম গ্ৰহণ কৰা স্কাইৰ পিতৃৰ প্ৰকৃত ঘৰ হল উত্তৰ প্ৰদেশৰ ঘাজীপুৰত। তেওঁ প্ৰায় ১০ বছৰ বয়সত ক্ৰিকেটৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে প্ৰশিক্ষক অশোক কামাটৰ তত্ত্বাৱধানত । তাৰ পিছত বিখ্যাত ক্ৰিকেটাৰ দিলীপ ভেংচৰকাৰৰ ক্ৰিকেট একাডেমীটো  তেওঁ প্ৰশিক্ষণ লয় । তাৰ পিছত তেওঁ ক্ৰমে মুম্বাইত বিভিন্ন ক্ৰিকেট ক্লাবৰ হৈ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে । স্কাইৰ জীৱনৰ প্ৰথমটো টাৰ্ণিং পইণ্ট হ’ল যেতিয়া তেওঁ মুম্বাই টিমৰ হৈ লিষ্ট ‘এ’ ক্ৰিকেটত অভিষেক ঘটায় গুজৰাটৰ বিপক্ষে  ২০১০ চনত । তাৰ পিছৰে পৰাই ঘৰুৱা ক্ৰিকেটত জয়যাত্ৰা আৰম্ভ হয় সূৰ্য্যকুমাৰ যাদৱৰ। ৰঞ্জী ট্ৰফী, বিজয় হাজাৰে ট্ৰফী,  দেওধৰ ট্ৰফী, চৈয়দ মুস্তাক আলী ট্ৰফীত মুম্বাইক প্ৰতিনধিত্ব কৰি সাফল্য অৰ্জন কৰে । ধাৰাবাহিক ভাবে তেওঁ ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ২০১২ চনত  IPL ৰ মুম্বাই ইণ্ডিয়ানছ টিমত  ‘স্কাই’ৰ IPL অভিষেক ঘটিছিল । সেইবাৰ তেওঁ মাত্ৰ এখন খেলহে খেলিবলৈ সুযোগ পাইছিল আৰু সেইখন খেলটো তেওঁ কোনো ৰাণ নকৰাকৈ আউট হৈছিল । ২০১৪ চনৰ IPL ত তেঁও KKR টিমৰ সদস্য হয় আৰু তেতিয়াৰ পৰাই তেওঁৰ IPL কেৰিয়াৰৰ   জয়যাত্ৰাও আৰম্ভ হয়। ২০১৮ চনৰ IPL অকচনৰ পিছত তেওঁ আকৌ মুম্বাই ইণ্ডিয়ানচ দলৰ সদস্য হৈ IPLত ধুমুহাৰ সৃষ্টি কৰি  তিনিটা চিজনত ১৪০০ তকৈও বেছি ৰাণ কৰি মুম্বাই ইণ্ডিয়ানছক  দুবাৰ খিতাপ জয়ী কৰোৱাত অন্যতম গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। ঘৰুৱা ক্ৰিকেটত কৰি অহা দুৰ্দান্ত প্ৰদৰ্শনৰ ফলস্বৰূপে দেৰিকৈ হ’লেও ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হয় ২০২১ চনত।  ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া ঘৰুৱা শৃংখলাত ভাৰতীয় দলৰ সদস্য হয় ‘স্কাই’।সেই শৃংখলাৰ দ্বিতীয়খন খেলত  তেওঁৰ অভিষেক ঘটে যদিও বেটিং কৰাৰ সুযোগ নাপালে । কিন্তু ১৮ ছেপ্টেম্বৰত  অনুষ্ঠিত খেলখনত  বেটিং কৰি জীৱনৰ প্ৰথমটো আন্তৰাষ্ট্ৰীয় টি ২০ ইনিংছৰ প্ৰথমটো  বলতেই ‘ছয়’ কোবাই  বিৰল অভিলেখ স্থাপন কৰে। ইয়াৰ পিছত তেওঁ আৰু কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাই । লগতে তেওঁ ভাৰতীয় ৫০ অভাৰ ক্ৰিকেট দলৰো নিয়মীয়া সদস্য হবলৈ আৰম্ভ কৰে । এতিয়ালৈ তেওঁ টি ২০ ক্ৰিকেটত ৪ টাকৈ শতক অৰ্জন কৰিছে। ২০২১ চনৰ টি ২০  বিশ্বকাপ ক্ৰিকেটত আৰু ২০২৩ চনৰ ICC ODI বিশ্বকাপ ক্ৰিকেটৰ ভৰতীয়  দলৰ তেওঁ অন্যতম সদস্য আছিল। ২০২৪ চনৰ টি ২০ বিশ্বকাপত ‘স্কাই’ৰ প্ৰদৰ্শন বিশেষ আছিল । তেওঁৰ সেই অবিশ্বাস্য প্ৰদৰ্শন কোনে পাহৰিব পাৰে । বাউন্ডাৰি ৰোপৰ ওপৰত লোৱা  দক্ষিণ আফ্ৰিকাৰ বেটাৰ ডেভিদ মিলাৰৰ সেই কেটচটোৱে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ ছবিয়েই সলনি কৰি দিলে। কি দুৰ্দান্ত কেটচ। হয়তো  ১৯৮৩ ৰ  ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত   কপিল দেৱৰ সেই দুৰ্দান্ত কেটছৰ পিছতেই এইটো দ্বিতীয় শ্ৰেষ্ঠ কেটছ ক্ৰিকেট ইতিহাসৰ। বিগত বছৰত দীৰ্ঘ সময়ৰ বাবে টি২০ বেটাৰৰ ৰেংকিঙৰো শীৰ্ষত আৰোহণ কৰা সূৰ্য্যকুমাৰ নামৰ ধুমুহা যিদিনাই জোৰেৰে বলে সেইদিনা বিপক্ষৰ ব’লাৰৰ বলিং হৈ পৰে ক্লাৱ পৰ্যায়ৰ ৷ অনন্য  তুমি স্কাই। তোমাৰ এই দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত থাকক । এই লেখনি লিখা সময়লৈ সূৰ্য কুমাৰ যাদৱক শ্ৰীলঙ্কাগামী ভাৰতীয়  টি ২০ দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে । হয়তো আনাগত দিনত ‘স্কাই’ক ভাৰতীয় টি ২০ ক্ৰিকেট দলৰ স্থায়ী অধিনায়ক হিচাপেও দেখা পাম ।