সূৰ্য্যই ঢাকি ৰখা হাজাৰটা চন্দ্ৰ- মইদুল হক
If you have good batters in your team you can win a match. But if you want to win a tournament you must have good bowlers in your team.
ক্ৰিকেট খেলত ব’লাৰৰ গুৰুত্ব অনুধাৱন কৰিবলৈ এনেধৰনৰ এটা মন্তব্যই যথেষ্ট। ক্ৰিকেট এক দলগত খেল। দলৰ প্ৰতিজন খেলুৱৈৰে নিজা নিজা দায়িত্ব থাকে। তথাপিও যেন ক্ৰিকেটীয় মহাযুদ্ধৰ আজন্ম সৈনিক হ’ল ব’লাৰসকল। ব’লাৰ এজনে এটা অ’ভাৰতে খেল এখনৰ গতি সলনি কৰি দিব পাৰে। বহু সময়ত বেটাৰ সকলে খেল এখন ধৰি ৰাখিবলৈ নিজৰ বেটিং কৌশলক ঢালৰ দৰে ব্যৱহাৰ কৰে। আক্ৰমণাত্মক শ্বট খেলাৰ সলনি নিৰাপদে কিছু ৰাণ সংগ্ৰহ কৰি খেল এখন সুস্থিৰ অৱস্থালৈ নিবলৈ যত্ন কৰে। কিন্তু ব’লাৰ এজনে নিজৰ মাৰাত্মক অস্ত্ৰ বাউন্সাৰ, বীমাৰ, য়ৰ্কাৰ, শ্লোৱাৰ, কাটাৰ আদিৰে বেটাৰৰ অভেদ্য ঢাল ওফৰাই খেলৰ গতি নিজৰ ফালে লৈ যাব পাৰে।
ব্ৰেডমেনৰ পৰা আৰম্ভ কৰি শচীন কালিচ হৈ কোহলি ৰুট তথা বাবৰ আজমলৈ বেটাৰৰ এই আধিপত্যৰ যুগতো কিন্তু ভিন্ন সময়ত ক্ৰিকেট বিশ্বত বহু ব’লাৰে নিজৰ অধিপত্য সগৌৰৱে প্ৰতিস্থা কৰিছে। কিন্তু আমাৰ আজিৰ আলোচোনাৰ বিষয়বস্তু হ’ল এই বিখ্যাত ব’লাৰ সকলৰ ছাঁত থাকি যোৱা অখ্যাত কিছু ব’লাৰ। এনে বহু ব’লাৰ আছে ক্ৰিকেট বিশ্বত যিসকলে বহু উচ্চ মানদণ্ডৰ খেল প্ৰদৰ্শন কৰিও অখ্যাত হৈয়ে থাকি গ’ল। সূৰ্য্যৰ প্ৰখৰ ৰশ্মিয়ে যেনেকৈ অজস্ৰ নক্ষত্ৰৰ ৰশ্মিক ম্লান কৰি দিয়ে থিক তেনেকৈয়ে যেন এই সকল ব’লাৰৰ কৌশল তথা বিক্ৰমক আন এজন বিখ্যাত ব’লাৰে ম্লান কৰি দিছিল।
বলাৰৰ এই তালিকা খনলৈ লক্ষ্য কৰিলে আমাৰ প্ৰথমতে মনলৈ আহে জেমচ এণ্ডাৰচন আৰু ষ্টুৱাৰ্ট ব্ৰদৰ নাম।
এণ্ডাৰচন আৰু ব্ৰদ: ইংলেণ্ডৰ মহানতম পেচব’লাৰ জেমচ এণ্ডাৰচন। নিজৰ দীৰ্ঘতম কেৰিয়াৰ তথা নিখুত বলিং আৰু পৰিসংখ্যাৰ বাবে ইংলেণ্ডৰ শ্ৰেষ্ঠ ব’লাৰৰ আসন খন অধিকাৰ কৰিছে এণ্ডাৰচনে। এণ্ডাৰচনে জীৱনত ১৮৮ খন টেষ্ট মেচত ৭০৪ টা উইকেট দখল কৰি জীৱন্ত কিংবদন্তীত পৰিণত হৈছেহি। কিন্তু এণ্ডাৰচনৰে সমসাময়িক ষ্টুৱাৰ্ট ব্ৰদো এজন মহান পেচ ব’লাৰ। জীৱনৰ ১৬৭ খন টেষ্ট মেচত ৬০৪ টা উইকেট দখল কৰি ব্ৰদেও নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিছে। এণ্ডাৰচনৰ প্ৰদৰ্শনে হয়টো কেৰিয়াৰৰ বেছিভাগ সময়তে ব্ৰদৰ নামক আৱৰি ৰাখিলে। কেৰিয়াৰৰ আৰম্ভনিতে টি টুৱান্টিত যুৱৰাজ সিংৰ বেটত এক অ’ভাৰত ৬ টা ছয় দি কুখ্যাত হৈ পৰা ব্ৰদ হয়টো কেৰিয়াৰত ৬০৪ টা টেষ্ট উইকেট দখল কৰিও ৬ টা ছয়ৰ গ্লানিৰ পৰা নিজকে উদ্ধাৰ কৰিব নোৱাৰিলে।
ৱাৰ্ণ আৰু মেকগ্ৰাথ: বিশ্বৰ মহানতম স্পীনাৰ, লেগ স্পীনৰ যাদুকৰ, বিশ্ববাসীক লেগ স্পীনৰ কলাত্মক দিশৰ অনুভৱ দিয়া ব’লাৰ জনেই হল শ্বেন ৱাৰ্ণ। শ্বেন ৱাৰ্ণে নিজৰ লেগ স্পীনেৰে ক্ৰিকেট বিশ্বক যেন মোহাচ্চণ্ন কৰি ৰাখিছিল। কেৰিয়াৰত ১৪৫ খন টেষ্ট মেচত ৭০৮ টা উইকেট দখলেৰে ৱাৰ্ণ নিসন্দেহে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ব’লাৰ। কিন্তু শ্বেন ৱাৰ্ণৰে সমসাময়িক আন এজন কিংবদন্তী অষ্ট্ৰেলীয়ান ব’লাৰ হল গ্লেন মেকগ্ৰাথ। মেকগ্ৰাথৰ নিখুত চুইঙ আৰু সথিক লেংথৰ কথা সৰ্বজনবিদিত। আমাৰ প্ৰজন্মৰ বাবে হয়টো ২০০৩ চনৰ বিশ্বকাপ ফাইনেল খেলখনৰ শচীনক আউট কৰা সেই বিশেষ এটা বলেই যঠেষ্ট মেকগ্ৰাথৰ বলিঙৰ চোক মনত ৰাখিবলৈ। নিজৰ কেৰিয়াৰত ১২৪ খন টেষ্টত ৫৬৩ টা আৰু ২৫০ খন এদিনীয়াত ৩৮১ টা উইকেট দখলেৰে অষ্ট্ৰেলিয়াৰ মহানতম পেচাৰ হিচাপে নিজকে প্ৰতিস্থা কৰিলেও যেন মেকগ্ৰাথক কোনোবা খিনিত শ্বেন ৱাৰ্ণৰ যশস্যাই ঢাকি ৰাখিলে।
মেকগ্ৰাথ, ব্ৰেট লী আৰু গিলেস্পী: অষ্ট্ৰেলিয়াৰ পেচ বলিংঙৰ কথা ওলালে হয়টো সৰ্বাধিক উইকেট দখলকাৰী গ্লেন মেকগ্ৰাথৰ নাম আৰম্ভনিতেই ওলাব। তাৰ পিছতে হয়টো নিজৰ গতিৰে বিশ্বৰ বেটাৰক থৰহৰি কম্পমান কৰি ৰখা ব্ৰেট লীৰ নাম উচ্ছাৰিত হব। কিন্তু এইখিনিতে ক’ৰবাত যেন হেৰাই থাকে জেচন গিলেস্পীৰ নাম। অষ্ট্ৰেলিয়াৰ প্ৰাচীন খিলঞ্জীয়া জনগোষ্ঠী কামিলাৰোই সম্প্ৰদায়ৰ পৰা খেলা প্ৰথম জন টেষ্ট ক্ৰিকেটাৰ জেছন গীলেস্পী। দীঘল চুলি আৰু পাহাৰ সম ওখ পেশীবহুল দেহাৰে সৈতে বলিং কৰিবলৈ দৌৰা সময়ত গিলেস্পীক দেখিলে যেন বেটাৰৰ বুকু কপি উঠিছিল। ৭১ খন টেষ্টত ২৫৯ টা আৰু ৯৭ খন এদিনীয়াত ১৪২ টা উইকেট দখল কৰা গিলেস্পীৰ সৰহ সংখ্যক চিকাৰ আছিল টপ অৰ্দাৰ বেটাৰ। গিলেস্পীৰ টপ অৰ্দাৰৰ উইকেট দখলৰ পিছত মেগ্ৰাথ আৰু লীয়ে সেই সময়ত বহু দলৰ বেটিং ক্ৰম ধৰাসায়ী কৰি দিছিল। হয়তো গিলেস্পীৰ বলিং পৰিসংখ্যা আৰু অধিক উন্নত হোৱাৰ থল আছিল। হাতত বেট লৈও গিলেস্পীয়ে নৈশ প্ৰহৰী হিচাপে আহি ২০১ ৰানৰ ইনিংচ খেলি নিজৰ চাপ ৰাখিবলৈ সক্ষম হৈছিল।
মুৰুলীধৰন আৰু চামিণ্ডা ভাচ: স্পীনাৰৰ কথা ক’বলৈ গলে বিশ্বত শ্বেন ৱাৰ্ণৰ লগতে উচ্ছাৰিত হয় মুট্টিয়াহ মুৰুলীধৰনৰ নাম। বিশ্বৰ মহানতম স্পীনাৰ হিচাপে নিজকে প্ৰতিস্থিত কৰিবলৈ মুৰুলীধৰনে কেতিয়াও চেষ্টাৰ ত্ৰুতি নকৰিলে। ৱাৰ্ণে যদি লেগ স্পীনক ক’লাৰ শাৰীলৈ উন্নীত কৰালে মুৰুলীয়ে অফস্পীনক বিশ্ববাসীৰ আগত যাদুৰ দৰে উপস্থাপন কৰিলে। অফস্পীনৰ বেলেগ বেলেগ ভেৰিয়েচনেৰে বিপক্ষৰ উইকেট পতন ঘটোৱা মুৰুলীৰ দুছৰাৰ ওপৰত প্ৰতিবন্ধো লগোৱা হ’ল। কিন্তু মুৰুলীৰ জয় হ’ল। দুছৰাক আই চি চি য়ে মান্যতা দিলে। নিজৰ কেৰিয়াৰত মুৰুলীয়ে অভিলেখ সংখ্যক ৮০০ টা টেষ্ট উইকেট আৰু ৫৩৪ টা এদিনীয়া উইকেট দখল কৰি ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বলাৰত পৰিগনিত হৈছে। একে সময়তে কিন্তু শ্ৰীলংকাৰ আন এজন মহানতম পেচ ব’লাৰ চামিণ্ডা ভাচে শ্ৰীলংকান ক্ৰিকেটত সেৱা আগবঢ়াই নিৰৱে আঁতৰি গল। হয়টো মুৰুলীৰ প্ৰদৰ্শনৰ চোকে ভাচক লোক চক্ষুৰ পৰা আঁতৰতে ৰাখিলে সদায়ে। টেষ্টত ৩৫৫ টা আৰু এদিনীয়াত ৪০০ টা উইকেট দখলেৰে চামিণ্ডা ভাচে শ্ৰীলংকান ক্ৰিকেটত পেচ বলিঙৰ গুৰি ধৰিছিল।
কুম্বলে আৰু হৰভজন: এই তালিকাত ভাৰতৰ স্পীন যুটি অনিল কুম্বলে আৰু হৰভজন সিংৰ নামো সন্নিবিষ্ট হয়। অনিল কুম্বলে ৬১৯ টা টেষ্ট উইকেটেৰে ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বলাৰত পৰিগণিত হৈছে। কিন্তু কুম্বলেৰ লগতে একেলগে বলিং কৰা হৰভজনো কোনো গুণে কম নাছিল। কুম্বলেৰ লেগ স্পীন টপ স্পীনৰ লগত হৰভজনৰ অফস্পীন আৰু দুছৰাৰ তাণ্ডৱত বহু দলৰ বেটিং তাছ পাতৰ দৰে খহি পৰিছিল। মুৰত বেণ্ডেজ বান্ধি কুম্বলেৰ বলিঙ, পাকিস্তানৰ বিৰুদ্ধে এটা ইনিংচত ১০ টা উইকেট দখল আদি কুম্বলেৰ কেৰিয়াৰৰ স্মৰণীয় মুহুৰ্ত। আনহাতে ক’লকাতা টেষ্টত অষ্ট্ৰেলীয়াৰ বিৰুদ্ধে হৰভজনৰ হেট্ৰিকনো কোনে পাহৰিব পাৰিব? তথাপিও যেন কেৰিয়াৰত ৪১৭ টা টেষ্ট উইকেট আৰু ২৬৯ টা এদিনীয়া উইকেট দখল কৰা হৰভজন সদায়ে কুম্বলেৰ ছত্ৰছায়াতে থাকি গল।
ৱাছিম আক্ৰাম আৰু ৱাকাৰ ইউনুছ: এটা সময়ত পাকিস্তান আছিল বিশ্বৰ পেচ ব’লাৰৰ কঠিয়াতলি সদৃশ। পাকিস্তানলৈ পেচ বলিঙৰ এই সুনাম কঢ়িয়াই অনাত মূখ্য ভুমিকা আছিল চুইঙ সম্ৰাট ৱাছিম আক্ৰাম আৰু স্পীদষ্টাৰ ৱাকাৰ ইউনুচৰ। মাৰাত্মক ইন চুইঙ আৰু আউট চুইঙেৰে বিপক্ষৰ বেটাৰক থিৰ হ’বলৈ সুযোগ নিদিয়া ৱাছিম আক্ৰামৰ পিছতে ভয়াৱহ য়ৰ্কাৰ আৰু বাউন্সাৰেৰে বেটাৰক ত্ৰাহি মধুসুদন সুৱৰিবলৈ বাধ্য কৰিছিল ৱাকাৰ ইউনুছে। পেচ বলিঙৰ এই যুগলবন্দীত যেন সন্মোহিত হৈ ৰৈছিল ক্ৰিকেট বিশ্ব। কেৰিয়াৰত ৫০২ টা এদিনীয়া উইকেট আৰু ৪১৪ টা টেষ্ট উইকেটেৰে চুইঙ কিং হিচাপে খ্যাতি লাভ কৰা আক্ৰামৰ প্ৰদৰ্শনে কিন্তু বহু সময়ত ৱাকাৰ ইউনুচৰ নাম আন্ধাৰতে ৰাখিলে। ৩৭৩ টা টেষ্ট উইকেট আৰু ৪১৬ টা এদিনীয়া উইকেটেৰে হয়তো অন্য এক সময়ত ৱাকাৰ ইউনুচ মহানতম বলাৰৰ শাৰীলৈ উন্নীত হ’লহেতেন।
শ্বন পোলক, জেক কালিচ আৰু মাখায়া এনটিনি: বৰ্ণ বৈষম্যবাদে ভংগুৰ কৰি দিয়া দক্ষিণ আফ্ৰিকা ক্ৰিকেটৰ নৱজাগৰণৰ যুগত যিকেইজন মহান ক্ৰিকেটাৰক সন্মানেৰে স্মৰণ কৰিব লাগিব তাৰ ভিতৰত শ্বন পোলক, জেক কালিচ আৰু মাখায়া এনটিনিৰ নাম উল্লেখযোগ্য। পৰিসংখ্যাৰে জুখিলে ব’লাৰ হিচাপে শ্বন পোলক এটা যুগৰ প্ৰতিনিধি। আনহাতে জেক কালিছ বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ খেলুৱৈ। পোলকে ৪২১ টা টেষ্ট উইকেট আৰু ৩৯৩ টা এদিনীয়া উইকেটেৰে নিজৰ শ্ৰেষ্ঠত্ব প্ৰমান কৰিছে। একে সময়তে জেক কালিছে ১৩২৮৯ টেষ্ট ৰান আৰু ১১৫৭৯ এদিনীয়া ৰাণৰ লগতে ২৯২ টা টেষ্ট উইকেট আৰু ২৭৩ টা এদিনীয়া উইকেটেৰে হয়টো ক্ৰমে ৩৯০ টা টেষ্ট উইকেট আৰু ২৬৬ টা এদিনীয়া উইকেট দখল কৰা মাখায়া এনটিনিৰ নামটো কৰবাত লুকাই ৰাখিবলৈ সক্ষম হৈছে। শ্বন পোলক আৰু জেক কালিছৰ মাজত সোমাই যেন মাখায় এনটিনি ইতিহাসৰ পাতত হেৰাই যাব। কিন্তু মাখায়া এনটিনিৰ বলিং দক্ষিন আফ্ৰিকা ক্ৰিকেটৰ উত্থানৰ এক আপুৰুগীয়া সম্পদ আছিল।
কৰ্টনী ৱালচ আৰু কাৰ্টলী এম্ব্ৰোচ: কেৰিবিয়ান ক্ৰিকেটৰ সোনালী যুগ বুলিলে যিকেইজন মহান খেলুৱৈৰ নাম মনলৈ আহে তাৰ ভিতৰত অন্যতম হল কৰ্টনী ৱালচ আৰু কাৰ্টলী এম্ব্ৰোচ। এই দুজন ব’লাৰৰ ভয়াবহ পেচ বলিং আছিল সেই সময়ৰ বেটাৰৰ বাবে দুঃস্বপ্ন। বিশ্ব ক্ৰিকেটক শাসন কৰিবলৈ যেন এই দুজনৰ বলিং ৰান আপেই যঠেষ্ট আছিল। ৫১৯ টা টেষ্ট উইকেট আৰু ২২৭ টা এদিনীয়া উইকেট দখল কৰি কৰ্টনী ৱালচে বিশ্ব ক্ৰিকেটত এক মচিব নোৱাৰা চাপ ৰাখিছিল। একে সময়তে কাৰ্টলী এম্ব্ৰোচেও ৪০৫ টা টেষ্ট উইকেট আৰু ২২৫ টা এদিনীয়া উইকেট দখল কৰি কেৰিবিয়ান পেচ যুগলবন্দীৰ ভয়াৱহতাৰ ধাৰা অক্ষুন্ন ৰাখিছিল। হয়তো তদানীন্তন সময়ত এনেধৰনৰ প্ৰদৰ্শনৰে এম্ব্ৰোছ মহানতম বলাৰৰ শাৰীলৈ উন্নীত হ’লহেতেন। কিন্তু ৱালচৰ প্ৰদৰ্শনে হয়টো কৰবাত এম্ব্ৰোচক ঢাকি ৰাখিলে।
ক্ৰিকেটীয় ইতোহাসত বিচাৰিলে হয়তো আৰু অধিক এনেধৰনৰ বলিং যুটি পোৱা যাব। হয়তো কাৰোবাৰ পৰিসংখ্যা অলপ কম কাৰোবাৰ অলপ বেছি হ’ব। কিন্তু ব’লাৰ হিচাপে এওলোকৰ অৱদান নশ্চ্যাৎ কৰিব নোৱাৰি। ক্ৰিকেটীয় পথাৰত ব’লাৰৰ এই শ্ৰেষ্টত্বৰ যুঁজে হয়টো ক্ৰিকেটৰ মাদকতাক এন অনন্য মাত্ৰা প্ৰদান কৰি ক্ৰিকেট খেল অধিক উপভোগ্য কৰি তুলিব। বেটাৰৰ অধিপত্যৰ যুগত ব’লাৰৰ প্ৰাধান্য বিচাৰ কৰি নৱপ্ৰজন্মক ব’লাৰ হিচাপে নিজকে গঢ় দিয়াত উৎসাহ দিয়াটো হয়টো আমাৰ দৰে ক্ৰিকেটপ্ৰেমীৰ এক নৈতিক দায়িত্ব হৈ পৰে।
******