মহিলা টি ২০ বিশ্বকাপ- এক চমু অৱলোকন-কৌশিক প্ৰতীম ভূঞা
বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন দেশত ক্ৰিকেটৰ প্ৰসাৰ ঘটা দেখা গৈছে। শেহতীয়াকৈ এছিয়ান গেমছ আৰু আগন্তুক অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিয়ে ক্ৰিকেটক এক নতুন মাত্ৰা প্ৰদান কৰিছে । বৰ্তমান সময়ত পুৰুষৰ লগতে মহিলা ক্ৰিকেটো অনুৰাগীৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে। এই মহিলা ক্ৰিকেটক আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ বাবে ২০০৯ চনত আইচিচি য়ে আৰম্ভ কৰিছিল মহিলা টি ২০ বিশ্বকাপ ক্ৰিকেট। মহিলা টি ২০ বিশ্বকাপৰ ইতিহাস বৰ পুৰণি নহয় যদিও ই কম সময়ৰ ভিতৰতে দৰ্শকৰ ব্যাপক সমাদৰ লাভ কৰিছে।
এই বিশ্বকাপৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল ২০০৯ চনত ইংলেণ্ডত। মুঠ ৮ টা দলে অংশগ্ৰহণ কৰা এই বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল আয়োজক ইংলেণ্ড আৰু নিউজিলেণ্ড । ফাইনেল খেলত ইংলেণ্ডে নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি প্ৰথম ট্ৰফি দখল কৰিছিল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল ক্লেয়াৰ টেইলৰ । আনহাতে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল আইমী ৱাটকিন্স আৰু সৰ্বাধিক উইকেট দখল কৰিছিল হলি কলভিন।
মহিলা টি ২০ বিশ্বকাপৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছিল ২০১০ চনত ৱেষ্ট ইণ্ডিজত। এইবাৰো ৮ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ ফাইনেলখন খেলা হৈছিল বিগত বিশ্বকাপৰ ফাইনেলত উপনীত হোৱা নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত য’ত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক ৩ ৰানৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিছিল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল নিকোলা ব্ৰাউন। আনহাতে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল চাৰা মেকগ্লাছানে আৰু সৰ্বাধিক উইকেট দখল ক্ৰমে ডায়েনা ডেভিদ আৰু নিকোলা ব্ৰাউনে।
মহিলা টি ২০ বিশ্বকাপৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত হৈছিল ২০১২ চনত শ্ৰীলংকাত। ৮ টা দলে অংশগ্ৰহণ কৰা বিশ্বকাপত পুনৰবাৰ ফাইনেলত উপনীত হৈছিল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া। ৰোমাঞ্চকৰ ফাইনেলত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৪ ৰানত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিছিল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল চাৰ্লট এডৱাৰ্ডছ। আনহাতে সৰ্বাধিক ৰান আৰু উইকেট দখল কৰিছিল ক্ৰমে চাৰ্লট এডৱাৰ্ডছ আৰু জুলি হাণ্টাৰে।
২০১৪ চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল বাংলাদেশত। এইবাৰ অংশগ্ৰহণকাৰী দলৰ সংখ্যা আছিল ১০ টা। প্ৰতিযোগিতাখনৰ ফাইনেলত পুনৰ উপনীত হৈছিল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া য’ত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৬ উইকেটত পৰাস্ত কৰিছিল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল আন্যা শ্ব্ৰুবছল । আনহাতে সৰ্বাধিক ৰান আৰু উইকেট দখল কৰিছিল ক্ৰমে মেগ লেনিং আৰু আন্যা শ্ব্ৰুবছলে।
২০১৬ চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল ভাৰতত । পুনৰবাৰ ফাইনেলত উপনীত হোৱা অষ্ট্ৰেলিয়াক এইবাৰ ৱেষ্ট ইণ্ডিজে ৮ উইকেটত পৰাস্ত কৰিছিল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল ষ্টেফানী টেইলৰ আনহাতে ফাইনেলৰ মেন অৱ দ্য মেটচ আছিল হেলি মেথিউছ।
২০১৮ চনৰ টি ২০ বিশ্বকাপ অনুষ্ঠিত হৈছিল ৱেষ্ট ইণ্ডিজত। দহ টা দলে অংশগ্ৰহণ কৰা বিশ্বকাপত এইবাৰো ফাইনেলত উপনীত হৈছিল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া। ফাইনেলত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৮ উইকেটত পৰাস্ত কৰি চতুৰ্থ বাৰৰ বাবে খিতাপ দখল কৰিছিল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ তথা সৰ্বাধিক ৰান সংগ্ৰহ কাৰী আছিল এলিছা হিলি। আনহাতে সৰ্বাধিক উইকেট দখল কৰিছিল ক্ৰমে ডিয়াণ্ড্ৰা ডটিন, এছলি গাৰ্ডনাৰ, মেগান শ্বুটে।
২০২০ চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল অষ্ট্ৰেলিয়াত। ঘৰৰ মাটিত অনুষ্ঠিত এই বিশ্বকাপত অষ্ট্ৰেলিয়াই ভাৰতক ৮৫ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিছিল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল বেথ মুনী। আনহাতে সৰ্বাধিক ৰান আৰু উইকেট দখল কৰিছিল ক্ৰমে বেথ মুনী আৰু মেগান শ্বাটে।
২০২৩ চনৰ বিশ্বকাপ অনুষ্ঠিত হৈছিল দক্ষিণ আফ্ৰিকাত । এইবাৰো অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাক ফাইনেলত ১৯ ৰানত পৰাস্ত কৰি খিতাপ দখল কৰিছিল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল এছলি গাৰ্ডনাৰ । আনহাতে সৰ্বাধিক ৰান আৰু উইকেট দখল কৰিছিল ক্ৰমে লৰা উলভাৰ্ড আৰু ছফী এক্লেষ্টোনে।
বৰ্তমানলৈ মহিলা টি ২০ বিশ্বকাপৰ আঠ টা সংস্কৰণ অনুষ্ঠিত হৈছে আৰু একক আধিপত্য বিস্তাৰ কৰি অষ্ট্ৰেলিয়াই ছবাৰকৈ খিতাপ দখল কৰিছে।আনহাতে ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডে এবাৰকৈ খিতাপ দখল কৰিছে।আনহাতে ভাৰতৰ ক্ষেত্ৰত যদি চাও ভাৰতে বৰ্তমানলৈ চাৰিবাৰকৈ বিশ্বকাপৰ ছেমিফাইনেলত উপনীত হৈছে । ভাৰতে ২০২০ চনৰ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছিল যদিও অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়। বৰ্তমানলৈ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হৈছে অষ্ট্ৰেলিয়াৰ ছুজি বেটছ আনহাতে সৰ্বাধিক উইকেট দখলকাৰী হৈছে দক্ষিণ আফ্ৰিকাৰ শ্ববনিম ইছমাইল।
এই পৰ্যন্ত বিশ্বকাপত অষ্ট্ৰেলিয়াই সৰ্বাধিক ৪৪ খন খেল খেলিছে আৰু দমনীয় প্ৰদৰ্শন আগবঢ়াই ৩৫ খনতে বিজয় সাব্যস্ত কৰিছে। ৩৮ খনৰ ২৮ খনতেই জয়ী হৈ ইংলেণ্ড এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। আনহাতে ভাৰতে ৩৬ খনৰ ২০ খনত জয় লাভ কৰিছে।
টি২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক দলীয় স্কৰ হৈছে ২১৩ ৰান যিটো ইংলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল ২০২৩ চনত। আনহাতে সৰ্বনিম্ন দলীয় স্ক’ৰ হৈছে ৪৬ যিটো বাংলাদেশে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২০১৮ চনত সংগ্ৰহ কৰিছিল।
বিশ্বকাপৰ ইতিহাসত বৰ্তমানলৈকে আঠখন ফাইনেল অনুষ্ঠিত হৈছে । ২০০৯ চনৰ পৰা ফাইনেলৰ মেন অৱ দ্য মেটচ হৈছে ক্ৰমে ইংলেণ্ডৰ কেথেৰিন স্কাইভাৰ- ব্ৰাণ্ট (২০০৯), এলিছা পেৰী (২০১০),জেছ কেমেৰুন (২০১২), চাৰা কয়টে (২০১৪), হেলি মেথিউছ (২০১৬), এছলি গাৰ্ডনাৰ(২০১৮), এলিছা হিলি (২০২০), বেথ মুনী(২০২৩)।
এই প্ৰতিবেদন লিখা পৰ্যন্ত ২০২৪ বৰ্ষৰ বিশ্বকাপ খনো পূৰ্ণগতিত চলি আছে আৰু ভাৰতীয় অনুৰাগীক নিৰাশ কৰি ভাৰতীয় দলটো গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লৈছে। অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত উপনীত হয় আৰু ছেমি ফাইনেলত ক্ৰমে দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক আৰু নিউজীলেণ্ডে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে। মহিলা বিশ্বকাপৰ আৰম্ভণি সংস্কৰণটোক (২০০৯) বাদ দি অষ্ট্ৰেলিয়াই এতিয়ালৈকে প্ৰতিবাৰেই ফাইনেল পৰ্যন্ত আগুৱাই আছিল যদিও এইবাৰ দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াৰ পথ ৰূদ্ধ কৰে ৷ এতিয়া ২০ অক্টোবৰৰ নিশা বিশ্ববাসীয়ে এটা নতুন চেম্পিয়ন দল পোৱাটো ইতিমধ্যে নিশ্চিত হৈছে ৷ ক্ৰিকেটে ইতিমধ্যে জনপ্ৰিয়তাৰ দিশত সমগ্ৰ বিশ্বকে ক্ৰমে চানি ধৰাৰ সময়তে মহিলা ক্ৰিকেটেও পুৰুষ ক্ৰিকেটৰ সমান্তৰালকৈ জনপ্ৰিয়তাৰ দিশত আগুৱাই নিবলৈ সক্ষম হৈছে আৰু ই সামগ্ৰিকভাৱে ক্ৰিকেটৰ বাবেই এক শুভ লক্ষণ হিচাপে চিহ্নিত হৈছে ৷ আগন্তুক দিনত মহিলা ক্ৰিকেটতো টেষ্ট চেম্পিয়নশ্বীপৰ প্ৰচলন হওঁক আৰু মহিলা ক্ৰিকেটে জনপ্ৰিয়তাৰ দিশত আকাশ স্পৰ্শ কৰক— এয়াই কামনা কৰিলোঁ ৷
*******