ভৱিষ্যতৰ ভাৰতীয় অলৰাউণ্ডাৰ-অক্ষয় সন্দিকৈ
বৰ্তমান সময়ত ক্ৰিকেট জগতত অলৰাউণ্ডাৰৰ ভুমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। এজন ক্ৰিকেটাৰে কেৱল বেটিং বা বলিঙত ভাল প্ৰদৰ্শন কৰিলেই দলত স্থান লাভ কৰা সহজ নহয়। এজন খেলুৱৈ বেটিং বা বলিং কোনোবা এটা বিভাগত ভাল খেলুৱৈ হোৱাৰ লগতে আনকেইটা বিভাগতো ভাল হোৱাটোও খুবেই গুৰুত্বপূৰ্ণ। ভাৰতীয় ক্ৰিকেট দলৰ বহু গুৰুত্বপূৰ্ণ খেলত পৰাজয় বৰণ কৰাৰ মুখ্য কাৰণ হৈ পৰে প্ৰকৃত অলৰাউণ্ডাৰৰ অভাৱ। বৰ্তমান সময়ত ভাৰতত লাহে লাহে সুদক্ষ অলৰাউণ্ডাৰ খেলুৱৈৰ উত্থানে ভৱিষ্যতৰ ভাৰতীয় দলক আৰু অধিক শক্তিশালী হোৱাত সহায় কৰিব। আজি আমি ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ভাৰতক ক্ৰিকেট বিশ্বৰ অপ্ৰতিৰোধ্য শক্তিলৈ ৰূপান্তৰিত কৰিব পৰা প্ৰতিভা থকা কেইজনমান অলৰাউণ্ডাৰৰ কথা আলোচনা কৰিম।
১/ তিলক বাৰ্মা : Batting Allrounder / Right arm off spin (3-6)
তিলক বাৰ্মা ভৱিষ্যতৰ ভাৰতীয় দলৰ অন্যতম সদস্য ।
ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণতে প্ৰদৰ্শন কৰিব পৰা প্ৰতিভা থকা তিলক বাৰ্মাই ইতিমধ্যেই ভাৰতীয় দলৰ হৈ অভিষেক ঘটাইছে। আইপিএল, ৰঞ্জী ট্ৰফী, বিজয় হাজাৰে ট্ৰফী আদি প্ৰতিযোগিতাতত নিজৰ দুৰ্দান্ত বেটিঙেৰে তিলকে নিজৰ প্ৰতিভাৰ প্ৰমাণ দিছে। বেটিঙৰ লগতে তিলক বাৰ্মা এজন ভাল ব’লাৰো। চিনিয়ৰ ক্ৰিকেটত ব’লাৰ হিচাপে তিলকে বিশেষ স্মৰণীয় প্ৰদৰ্শন কৰা চকুত নপৰিলেও জুনিয়ৰ ক্ৰিকেটত তিলক বাৰ্মা এজন সুদক্ষ ব’লাৰ হিচাপেও পৰিচিত আছিল। বেটিঙত গুৰুত্ব দিবৰ কাৰণে ব’লাৰ হিচাপে তিলক বাৰ্মা অলপ পিছ পৰি ৰৈছে যদিও অলপ গুৰুত্ব দিলেই যে সুযোগ্য বেটিং অলৰাউণ্ডাৰত পৰিণত হ’ব পাৰিব তাত অলপো সন্দেহ নাই।
২/ ৰিয়ান পৰাগ : Batting Allrounder/ Right arm leg spin (4-7)
অসমৰ নিচিনা ক্ৰিকেটৰ ক্ষেত্ৰত পিছ পৰি থকা ৰাজ্যৰ পৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে। বৰ্তমান সময়ত ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ বিশেষকৈ ৫০ অ’ভাৰৰ বিজয় হাজাৰে আৰু ছৈয়দমুষ্টাক আলী টি২০ টুৰ্ণামেণ্টৰ ৰজা হিচাপে পৰিগণিত হৈছে। যোৱা বছৰৰ আইপিএলত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। ৰিয়ান মূলতঃ আক্ৰমণাত্মক মিডল অৰ্ডাৰ বেটচমেন হ’লেও বলাৰ হিচাপেও ৰিয়ানৰ উপযোগীতা কোনোপধ্যেই উলাই কৰিব নোৱাৰি ।
৩/ অভিষেক শৰ্মা :Batting Allrounder / Left arm spin (1-3)
জিম্বাব’ৱেৰ বিৰুদ্ধে নিজৰ দ্বিতীয় আন্তৰ্জাতিক খেলতেই শতক অৰ্জন কৰি বিশ্ব ক্ৰিকেটক নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হোৱা অভিষেক শৰ্মা এজন দুৰ্দান্ত বেটছমেন হোৱাৰ লগতে উপযোগী ব’লাৰো। নিজৰ বাওঁহতীয়া স্পিন বলিঙেৰে প্ৰতিপক্ষক ধৰাসায়ী কৰি তুলিব পৰাৰ সক্ষমতা থকা অভিষেক ভৱিষ্যতৰ ভাৰতৰ যুৱৰাজ সিং হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে।
৪/ তনুষ কটিয়ান: Bowling Allrounder / Lower order Bat(6-9)
ৰঞ্জী চেম্পিয়ন মুম্বাইৰ অন্যতম সদস্য তনুষ কটিয়ান। মূলতঃ বলাৰ হিচাপে দলত স্থান লাভ কৰিলেও যিকোনো সময়তে বেট হাতত খেলৰ দিশ সলনি কৰিব পাৰৰ সক্ষমতা থকা খেলুৱৈ তনুষ কটিয়ান। অৱশ্যে টি-২০ বা ৫০ অ’ভাৰৰ খেলতকৈ টেষ্ট মেচ বা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ বাবে বেটিং উপযোগী খেলুৱৈ তনুষ কটিয়ান।
৫/ অনুকুল ৰয় : Bowling Allrounder / Lower middle order bat (4-8)
২০১৮ ৰ ১৯ অনুৰ্ধ বিশ্বকাপ বিজয়ী অনুকুল ৰয় ভাৰতৰ আন এজন ভৱিষ্যতৰ অলৰাউণ্ডাৰ। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিক প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’লেও আই পি এলৰ নিচিনা প্ৰতিযোগীতাত ভালদৰে সুযোগ নোপোৱা তথা সুযোগৰ সদ্বব্যৱহাৰ কৰিবলৈ অক্ষম নোহোৱাৰ বাবে বৰ্তমানলৈকে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু প্ৰতিভা আৰু ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিক প্ৰদৰ্শন কৰি অহা অনুকুল ৰয় ভৱিষ্যতৰ ভাৰতীয় দলক সেৱা কৰিবলৈ সক্ষম হ’ব সেয়া এক প্ৰকাৰ নিশ্চিত।
৬/ মুছীৰ খান : Batting Allrounder/ Left Arm Spin(3-5)
ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য মুছীৰ খান। ২০২৪ ৰ ১৯ অনুৰ্ধ বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন কৰি মুম্বাইৰ হৈ ৰঞ্জী ট্ৰফী জয় কৰাত মুখ্য ভূমিকা লোৱা মুছীৰ খান এগৰাকী ভাল বেটছমেন হোৱাৰ লগতে প্ৰতিভাৱান ব’লাৰো। ভৱিষ্যতৰ ভাৰতীয় দলত এজন টপঅৰ্ডাৰ বেটিং অলৰাউণ্ডাৰ হিচাপে মুছীৰ খানে দপদপাই থাকিবলৈ সক্ষম হোৱাৰ পূৰ্ণ সম্ভাবনা আছে।
৭/ অৰ্চিন কুলকাৰ্ণী : Batting Allrounder/Pace bowling(1-3)
মুছীৰ খানৰ নিচিনাকৈ ১৯ অনুৰ্ধ বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰা অৰ্চিন কুলকাৰ্ণী এজন সুদক্ষ ফাষ্ট বলিং অলৰাউণ্ডাৰ। ভাৰতীয় দলত কপিল দেৱৰ পিছৰ পৰাই খালী হৈ থকা পেচ বলিং অলৰাউণ্ডাৰৰ অভাৱ অৰ্চিন কুলকাৰ্ণী য়ে পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি ভাৰতীয় ক্ৰিকেট মহলত চৰ্চা চলিছে।
৮/ ৰাজ অংগদ বাৱা :Batting Allrounder / Pace Bowling(4-8)
২০২২ ৰ ১৯ অনুৰ্ধ বিশ্বকাপৰ বিজয়ী সদস্য ৰাজ অংগদ বাৱা। জুনিয়ৰ ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰা ৰাজ বাৱাই বৰ্তমানলৈকে চিনিয়ৰ ক্ৰিকেটত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহলেও, অতি শীঘ্ৰেই যে এজন সুদক্ষ বেটিং অলৰাউণ্ডাৰ হিচাপে ভৱিষ্যতৰ ভাৰতীয় দলত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব তাৰ সম্পূর্ণ সম্ভাৱনা আছে।
৯/ হৰ্ষিত ৰাণা: Pace Bowling Allrounder / Lower order Batter(7-9)
আই পি এল জয়ী কলকাতা নাইট ৰাইডাৰ্চৰ হৈ দুৰ্দান্ত বলিং কৰা হৰ্ষ৭ ৰাণা যে এজন সুদক্ষ বেটচমেনো সেই সম্পর্কে অধিকাংশ ক্ৰিকেটপ্ৰেমী অজ্ঞাত। বলিঙৰ লগতে বেটিঙৰ জৰিয়তেও খেল জিকোৱাৰ সম্ভাৱনা থকা হৰ্ষিত ৰাণা যে ভৱিষ্যতৰ জাতীয় দলৰ অন্যতম সদস্য হৈ পৰিব সেয়া নিশ্চিত।
১০/ ৰাজবৰ্ধন হাংগাৰগেকাৰ : Pace Bowling Allrounder / Lower order hitter(8-10)
২০২২ ৰ অনুৰ্ধ ১৯ বিশ্বকাপ জয়ী আন এজন গুৰুত্বপূৰ্ণ সদস্য ৰাজবৰ্ধন হাংগাৰগেকাৰ। বলিঙৰ লগতে প্ৰয়োজনত বেটিং কৰিও মেচৰ ফলাফল সলনি কৰিবলৈ সক্ষম ৰাজবৰ্ধন যে ভাৰতীয় দলৰ ভৱিষ্যতৰ অলৰাউণ্ডাৰ সেয়া নিশ্চিত।
১১/ মানৱ চুঠাৰ :Spin Bowling Allrounder /Lower order Bat(7-9)
মানৱ চুঠাৰ ৰাজস্থানৰ হৈ ঘৰুৱা ক্ৰিকেটত অংশগ্রহণ কৰা আৰু নিজৰ প্ৰদৰ্শনৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভৱিষ্যতৰ ভাৰতীয় দলৰ আন এজন সম্ভাৱনা পূর্ণ অলৰাউণ্ডাৰ। প্ৰধানতঃ বলিং মানৱ চুঠাৰৰ শক্তিশালী বিভাগ হ’লেও প্ৰয়োজনত বেটিং কৰি দলৰ বিপদৰ পৰা উদ্ধাৰ কৰিব পৰা সক্ষমতা আছে।
১২/ নিতীশ কুমাৰ ৰেড্ডী :Batting Allrounder /Pace Bowling(3-8)
এই বাৰৰ আইপিএলত ছানৰাইজাৰ্চ হাইদৰাবাদৰ হৈ বেটে বলে দুৰ্দান্ত প্ৰদৰ্শন কৰি নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নিতীশ কুমাৰ ৰেড্ডীক পৰৱৰ্তী ভাৰতীয় পেচ বলিং অলৰাউণ্ডাৰ হিচাপে গণ্য কৰা হৈছে। নিজৰ প্ৰতিভা আৰু কষ্টৰে নিতীশে ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ আশা পূৰণ কৰিব পাৰি সকলো আশাবাদী।
এই তালিকাৰ মাজৰ পৰা ইতিমধ্যেই তিলক বাৰ্মা, ৰিয়ান পৰাগ আৰু অভিষেক শৰ্মাৰ ভাৰতীয় জাতীয় দলৰ হৈ অভিষেক ঘটিছে। তালিকাৰ বাকী কেইজনৰ প্ৰতিভা আৰু ঘৰুৱা ক্ৰিকেটত প্ৰদৰ্শন মন কৰিলে গোটেই কেইজনেই যে নিজকে যোগ্য অলৰাউণ্ডাৰ হিচাপে প্ৰমাণ কৰি ভৱিষ্যতৰ ভাৰতীয় দলৰ অন্যতম সদস্য হোৱাৰ সম্ভাৱনা আছে । এই তালিকাৰ পৰা ৱাছিংটন সুন্দৰ আৰু যশস্বী জয়ছোৱালক বাদ দিছো, কাৰণ সুন্দৰ ইতিমধ্যেই আন্তর্জাতিক অভিজ্ঞতাৰে পৰিপুষ্ট খেলুৱৈ আৰু যশস্বীয়ে যোৱা কেইবছৰমানৰ পৰা বলিং কৰা প্ৰায় বন্ধ কৰি দিয়া নিচিনা হৈছে। হাৰ্দিক পাণ্ড্যা, অক্ষৰ পেটেল, শিৱম ডুবেৰ দৰে খেলুৱৈ ভাৰতীয় দলৰ বৰ্তমানৰ তাৰকা, কাৰণ তেওঁলোকৰ বয়স ইতিমধ্যেই ৩০ৰ ঘৰত। সেয়েহে তেওঁলোককো এই তালিকাৰ পৰা বাদ দিয়া হৈছে। এই সকলৰ ওপৰিও মহিপাল ল’মৰৰ, আব্দুল ছামাড, ময়ংক ডাগৰ, অথৰ্ব অংকললেকাৰ, ময়ংক মাৰকন্দে আদি খেলুৱৈকো বাদ দিয়া হৈছে, কাৰণ প্ৰতিভাৱান হ’লেও তেওঁলোকৰ বৰ্তমানৰ কেৰিয়াৰৰ গ্ৰামৰ ফালে মন কৰিলে তেওঁলোকৰ ভাৰতীয় দলৰ হৈ খেলাৰ সম্ভাৱনা প্ৰায় নাই বুলি ক’ব পাৰি।
আশা কৰো এই প্ৰৱন্ধৰ জৰিয়তে ভাৰতীয় দলৰ ভৱিষ্যতৰ অলৰাউণ্ডাৰ খেলুৱৈ সকলৰ বিষয়ে জনাবলৈ সক্ষম হৈছো। এই তালিকাৰ খেলুৱৈ সকলে ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি ভৱিষ্যতত বিশ্বকাপ ট্ৰফী আৰু অন্য টুৰ্ণামেণ্ট জয় কৰিবলৈ ভাৰতক সহায় কৰিব সেয়াই আশা কৰিছোঁ।
*******