ভাৰতৰ টি-২০ বিশ্বকাপ ২০২৪ জয়ৰ তাৰকা -দীপাঞ্জন কাশ্যপ

ক্ৰীড়া সমালোচক, ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক, আৰু সৰহ সংখ্যক প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈৰ দৃষ্টিত বিগত দহ-পোন্ধৰ বছৰৰ ভাৰতীয় পুৰুষ ক্ৰিকেট দলটো বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দল। বিভিন্ন জনে মন্তব্য কৰিলেও ভাৰতীয় দলে আই.চি.চি. প্ৰতিযোগিতাত খিতাপ জয় কৰি সেই কথা প্ৰতীয়মান কৰিবলৈ সক্ষম হোৱা নাছিল। ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাদে বিগত এক দশকতকৈও অধিক কাল ভাৰতীয় দলে কোনো আই.চি.চি. ট্ৰফীত চুম্বন আঁকিব পৰা নাছিল। ২০১৩ চনৰ পিছৰ পৰা ভাৰতে এইবাৰৰ টি-২০ বিশ্বকাপলৈ সৰ্বমুঠ দহখনকৈ আই.চি.চি. প্ৰতিযোগিতাত ভাগ লৈছিল। প্ৰতিবাৰেই নিৰ্বাচকে প্ৰেৰণ কৰিছিল তাৰকাখচিত দল। প্ৰতিবাৰেই ক্ৰীড়া অনুৰাগীয়ে আশা কৰিছিল যে ভাৰতে এইবাৰ আকাংক্ষিত ট্ৰফীটো সগৌৰৱেৰে হস্তগত কৰিব। কিন্তু নাই; বিফলতাৰ পিছত বিফলতা। কোনো বাৰ যদি থমকি ৰৈছে ছেমি ফাইনেলত, কোনো বাৰ আকৌ শিৰ নত কৰিবলগীয়া হৈছে ফাইনেলত। বিৰাট ক’হলি, ৰোহিত শৰ্মা, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামি আদিৰ নিচিনা তাৰকা খেলুৱৈয়ে সৰ্বস্ব উজাৰি দিয়াৰ পিছতো ভাৰতৰ বিশ্ব জয়ৰ সপোন পূৰণ হোৱা নাছিল। 

টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ ২০২৪ চনৰ ১ জুনৰ পৰা ২৯ জুনলৈ যুটীয়াভাৱে আয়োজন কৰিছিল ক্ৰিকেট বিশ্বৰ ‘পূৰ্বৰ বিগ জায়েণ্ট’ ৱেষ্ট ইণ্ডিজ আৰু ক্ৰিকেট মানচিত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰই। দল নিৰ্বাচনৰ সময়ৰ পৰা বিশ্বকাপ আৰম্ভ হোৱালৈ ভাৰতীয় ক্ৰীড়া অনুৰাগীৰ উৎসাহ-উদ্দীপনা বৰকৈ চকুত লগা ধৰণৰ নাছিল। বহুতে মন্তব্য আগবঢ়াইছিল যে এইবাৰৰ দলটো পূৰ্বৰ ভাৰতীয় দলবোৰৰ তুলনাত যথেষ্ট দুৰ্বল। খেলুৱৈ জীৱনৰ বিয়লি বেলাত উপস্থিত হোৱা বিৰাট ক’হলি আৰু ৰোহিত শৰ্মা, ফৰ্মৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি থকা ৰবীন্দ্ৰ জাডেজা, ফৰ্ম তথা পাৰিবাৰিক অশান্তিত জৰ্জৰিত হাৰ্ডিক পাণ্ডিয়া, তথা ভয়ানক দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা ঋষভ পণ্টৰ নিৰ্বাচনক লৈ বহুতেই আঙুলি টোৱাইছিল। তদুপৰি ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত চাৰিজনকৈ স্পীনাৰ দলত অন্তৰ্ভুক্ত কৰাক লৈও বহুতে আপত্তি দৰ্শাইছিল। মুঠৰ ওপৰত এইবাৰৰ দলটোৰ‌ পৰা ক্ৰীড়া অনুৰাগীয়ে বৰ ভাল ফলাফল এটা আশা কৰা নাছিল। পৰিৱৰ্তে টি-২০ ফৰ্মেটৰ বাবে ভয়ংকৰ খেলুৱৈৰে গিজগিজাই থকা দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, আৰু অষ্ট্ৰেলিয়া দলক খিতাপৰ অন্যতম দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল।

প্ৰতিযোগিতাখনত ভাৰতৰ আৰম্ভণি আছিল শান্ত তথা চিৰ পৰিচিত দমনীয় প্ৰদৰ্শনৰ পৰা নিলগত। আমেৰিকাৰ ‘শ্ল’ পিটছ’ত অইন দলৰ খেলুৱৈৰ নিচিনাকৈ ভাৰতীয় বেটছমেনেও ৰাণ সংগ্ৰহৰ বাবে কৰিবলগীয়া হৈছিল সংঘৰ্ষ। তৎসত্ত্বেও আয়াৰলেণ্ড, পাকিস্তান, আৰু আমেৰিকাক পৰাস্ত কৰাৰ সুবাদত (কানাডাৰ বিপক্ষে ভাৰতৰ খেলখন বতৰৰ বিঘিনিৰ বাবে অনুষ্ঠিত হোৱা নাছিল) গ্ৰুপ ‘এ’ত শীৰ্ষস্থান দখল কৰি ভাৰত ‘চুপাৰ-৮’ পৰ্যায়লৈ উন্নীত হৈছিল। গ্ৰুপ পৰ্যায়ত অৰ্শ্বদ্বীপ সিং, জছপ্ৰীত বুমৰাহ, আৰু হাৰ্ডিক পাণ্ডিয়াৰ বলিং আছিল চকুত লগা। বেটিঙত ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদৱৰ একোটাকৈ অৰ্ধশতকৰ বাদে বৰ উল্লেখনীয় অৱদান তেনেকৈ নাছিল। তাৰ মাজতে ঋষভ পণ্টে অৱশ্যে দুটা সৰু আকৰ্ষণীয় ইনিংছ খেলি নিজৰ সুস্থতাৰ প্ৰমাণ দিছিল। 

‘চুপাৰ-৮’ পৰ্যায়ৰ পৰা সকলো খেল ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱাৰ সুবাদত ভাৰতীয় বেটছমেনৰো স্বভাৱ সুলভ বেটিং-বিক্ৰম উজলি উঠে। গ্ৰুপ পৰ্যায়ত ১২০ ৰাণৰ ডেওনা অতিক্ৰম কৰিব নোৱাৰা ভাৰতে ‘চুপাৰ-৮’ত আফগানিস্তান (১৮১ ৰাণ), বাংলাদেশ (১৯৫ ৰাণ), আৰু অষ্ট্ৰেলিয়া (২০৫ ৰাণ)ৰ বিপক্ষে বৃহৎ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তাৰ মূলতেই আছিল সূৰ্যকুমাৰ, হাৰ্ডিক, আৰু ৰোহিতৰ দুৰ্দান্ত বেটিং। লগতে পণ্ট আৰু শিৱম ডুবেৰো চুটি তথা সময়োচিত ইনিংছ। কিন্তু ভাৰতীয় দলৰ বাবে চিন্তাৰ মূল কাৰণ হৈ উঠিছিল বিৰাট ক’হলি। বিশ্বকাপৰ পূৰ্বে সমাপ্ত হোৱা আই.পি.এল.ত চমকপ্ৰদ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ক’হলিৰ পৰা ক্ৰীড়া অনুৰাগীয়ে বিশ্বকাপতো দুৰ্দান্ত প্ৰদৰ্শন আশা কৰিছিল। কিন্তু অধিনায়ক ৰোহিতৰ লগত বিশ্বকাপৰ প্ৰতিখন খেলতে অ’পেনিং কৰিবলৈ নমা ক’হলিৰ প্ৰদৰ্শন আছিল তেনেই পুতৌজনক। বাংলাদেশৰ বিপক্ষে ২৮ বলত কৰা ৩৭ ৰাণেই আছিল তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। ক’হলিৰ নিচিনা বিশ্বশ্ৰেষ্ঠ বেটছমেন এজনৰ পৰা দল তথা অনুৰাগীয়ে তাতকৈ বহুত ভাল প্ৰদৰ্শন আশা কৰিছিল। বেটছমেনৰ সমান্তৰালকৈ ‘চুপাৰ-৮’ পৰ্যায়তো নিজৰ সুন্দৰ বলিঙেৰে জিলিকি থাকে অৰ্শ্বদ্বীপ আৰু বুমৰাহ। লগতে ৱেষ্ট ইণ্ডিজৰ স্পিন-সহায়ক উইকেটত কুলদীপ যাদৱে নিজৰ স্পিনৰ যাদু দেখুৱাবলৈ সক্ষম হয়।

২৬ জুনত অনুষ্ঠিত হোৱা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত ‘আনলাকী’ দক্ষিণ আফ্ৰিকা তুলনামূলকভাৱে নতুন তথা সম্ভাৱনাপূৰ্ণ দল আফগানিস্তানৰ মুখামুখি হৈছিল। কোনো সুযোগেই প্ৰদান নকৰি দক্ষিণ আফ্ৰিকাই আফগানিস্তানক শোচনীয় ভাৱে ন উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত অপৰাজিত হৈ থকা ভাৰত ২৭ জুনত অনুষ্ঠিত হোৱা দ্বিতীয় খন ছেমি ফাইনেলত মুখামুখি হৈছিল দুবাৰৰ প্ৰাক্তন বিজয়ী তথা ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ। ইংলেণ্ড দলটোত জ’ছ বাটলাৰ, ফিল ছল্ট, হেৰি ব্ৰুক, লিয়াম লিভিংষ্ট’ন, জনি বেয়াৰষ্ট’ আদিৰ লেখীয়া টি-২০ ক্ৰিকেটৰ ভয়ংকৰ বেটছমেন থকা সত্ত্বেও এইবাৰৰ বিশ্বকাপত প্ৰদৰ্শন আছিল তেনেই নিস্প্ৰভ। সেয়েহে ভাৰতকে ‘ফেভাৰিট’ হিচাপে গণ্য কৰা হৈছিল। আশা কৰা ধৰণে ভাৰতে ইংলেণ্ডক হৰুৱাবলৈ বৰ বিশেষ কষ্ট কৰিবলগীয়া নহ’ল। ৰোহিতৰ অৰ্ধশতকীয় ইনিংছ তথা সূৰ্যকুমাৰৰ ৪৭ ৰাণৰ সহায়ত ভাৰতে ইংলেণ্ডৰ সন্মুখত ১৭২ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। লক্ষ্য অনুসৰণৰ বাবে ক্ৰীজলৈ অহা ইংলেণ্ড দলটোৰ ‘টপ-অৰ্ডাৰ’ত মোক্ষম আঘাত হানি অক্ষৰ পেটেলে তিনিটাকৈ উইকেট দখল কৰে। কুলদীপ আৰু জাডেজাৰ পৰিৱৰ্তে পাৱাৰপ্লেত অক্ষৰৰ হাতত বল‌ তুলি দি অধিনায়ক ৰোহিতে নিজৰ বিচক্ষণতাৰ পৰিচয় দিয়ে। অক্ষৰে নিজৰ উচ্চতাৰ সুযোগ লৈ পিটছত উপলভ্য ‘এক্সট্ৰা বাউন্স’ৰ সঠিক ব্যৱহাৰেৰে ইংলেণ্ডক শ’লঠেকত পেলাবলৈ সক্ষম হয়। কুলদীপ আৰু বুমৰাহেও নিজৰ সুনাম অনুযায়ী বলিং কৰি ক্ৰমান্বয়ে তিনিটা আৰু দুটা উইকেট দখল কৰে।

২৯ জুন আৰু বাৰ্বাডোজৰ কেনছিংটন অ’ভেল — ১৪০ কোটি ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ থকা টি-২০ বিশ্বকাপৰ ফাইনেল। প্ৰতিযোগিতাত তুলনামূলকভাৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই যোগ্য দল হিচাপেই ভাৰত আৰু দক্ষিণ আফ্ৰিকা ফাইনেলৰ সমুখ-সমৰত অৱতীৰ্ণ হৈছিল। এক কথাত ক’বলৈ গ’লে ফাইনেলত কোনোটো দলকে ‘ফেভাৰিট’ হিচাপে গণ্য কৰিব পৰা নগৈছিল। উত্তেজনাপূৰ্ণ ফাইনেলৰ টছত জয়ী হৈ ৰোহিতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। পিছে বেটিঙৰ সিদ্ধান্ত যেন সঠিক নাছিল! পাৱাৰপ্লেৰ ছয় অ’ভাৰৰ ভিতৰতে মাথোঁ ৩৪ ৰাণত ভাৰতে ৰোহিত, পণ্ট, আৰু সূৰ্যকুমাৰৰ মূল্যৱান উইকেট হেৰুৱায়। আন এক ফাইনেলত পৰাজয়ৰ গ্লানি মূৰ পাতি সহ্য ল’বলৈ যো-জা চলোৱাৰ সময়তে ভাৰতীয় ইনিংছৰ দায়িত্ব লয় প্ৰতিযোগিতাখনত নিৰাশ কৰা ভাৰতৰ বহু যুঁজৰ নায়ক ক’হলিয়ে। ক’হলিক যোগ্য সহযোগিতা আগবঢ়ায় বেটিংক্ৰমত উন্নীত হোৱা অলৰাউণ্ডাৰ অক্ষৰে। ক’হলিয়ে নিজৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলত ছটা চাৰি আৰু দুটা ছয়েৰে ৫৯ বলত ৭৬ ৰাণৰ এক গুৰুত্বপূৰ্ণ ইনিংছ উপহাৰ দিয়ে। অক্ষৰে মাৰমুখী বেটিঙেৰে মাথোঁ ৩১ বলত চাৰিটা ছয় আৰু এটা চাৰিৰে ৪৭ ৰাণৰ সাহসী ইনিংছ খেলে। শেষৰ ফালে ডুবেৰ খৰতকীয়া ২৭ ৰাণৰ সহায়ত ভাৰতে নিৰ্ধাৰিত বিশ অ’ভাৰত ১৭৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। বুমৰাহ আৰু অৰ্শ্বদ্বীপৰ খুৰধাৰ বলিঙত ইনিংছৰ আৰম্ভণিতেই দক্ষিণ আফ্ৰিকা শ’লঠেকত পৰে। মাথোঁ বাৰ ৰাণতে দুটাকৈ উইকেট হেৰুৱাবলগীয়া হয়। কিন্তু অভিজ্ঞ কুইণ্টন ডে-ককৰ লগত প্ৰথমে ট্ৰিছটান ষ্টাবছ আৰু তাৰ পিছত হেনৰিক ক্লাছেনে ভাৰতীয় ব’লাৰৰ সন্মুখত সাহসেৰে মুখামুখি হয়। ইনিংছৰ চৈধ্যতম অ’ভাৰলৈ খেলখনত দুয়ো দলৰ সম্ভাৱনা প্ৰায় সমান আছিল। কিন্তু পোন্ধৰ নম্বৰ অ’ভাৰত ক্লাছেনে অক্ষৰৰ এটা অ’ভাৰত ২৪ ৰাণ সংগ্ৰহ কৰি খেলৰ গতিয়েই সলনি কৰি দিয়ে। হাতত ছটা উইকেট অক্ষত থকা অৱস্থাত দক্ষিণ আফ্ৰিকাক অন্তিম পাঁচ অ’ভাৰত জয়ৰ বাবে প্ৰয়োজন আছিল মাথোঁ ৩০ ৰাণৰ। তেনে পৰিস্থিতিত বেটিং কৰি থকা দলে ৯০-৯৫ শতাংশ খেলতেই জয়লাভ কৰে বুলি ক’লেও ভুল‌ কোৱা নহয়। ভাৰতৰ খিতাপ জয়ৰ আশা স্তিমিত হৈ পৰিছিল। তেনে সময়তেই যেন ভাগ্য পৰিৱৰ্তন হয় ভাৰতৰ! ষোল্লতম অ’ভাৰত বুমৰাহে মাত্ৰ চাৰি ৰাণ দিয়াৰ পিছত সোতৰতম অ’ভাৰত হাৰ্ডিকে দুৰ্দান্ত বেটিং কৰি থকা ক্লাছেনক পেভিলিয়নৰ মুখ দেখুৱায়। ওঠৰ আৰু উনৈশ নম্বৰ অ’ভাৰত বুমৰাহ আৰু অৰ্শ্বদ্বীপে নিজৰ অভিজ্ঞতাৰ যথোচিত প্ৰয়োগ কৰি ক্ৰমান্বয়ে মাথোঁ দুই আৰু চাৰি ৰাণ দিয়ে আৰু খেলখনত ভাৰতৰ সম্ভাৱনা পুনৰবাৰ জিলিকাই তোলে। খিতাপ জয় কৰিবলৈ অন্তিম ছয় বলত দক্ষিণ আফ্ৰিকাক প্ৰয়োজন আছিল ষোল্ল ৰাণৰ। ৰোহিতে বলিঙৰ দায়িত্বভাৰ অৰ্পণ কৰে অভিজ্ঞ হাৰ্ডিকৰ ওপৰত। সন্মুখত টি-২০ ক্ৰিকেটৰ ভয়ংকৰ বেটছমেন ডেভিদ মিলাৰ। অ’ভাৰৰ প্ৰথমটো বল ‘ল’ ফুলটছ’; মিলাৰে দেহৰ সৰ্বশক্তি প্ৰয়োগ কৰি বল মাৰি পঠিয়ায় ‘লং-অফ’ৰ সীমাৰেখাৰ দিশে। বলে সীমাৰেখা অতিক্ৰম কৰিব লওঁতেই ঘটিল চমৎকাৰটো। সূৰ্যকুমাৰে নিজৰ সংযম অটুট ৰাখি অত্যন্ত পৰিপক্কতাৰে দুবাৰৰ প্ৰচেষ্টাত সীমাৰেখাৰ বাহিৰলৈ অগ্ৰসৰ হোৱা বলটো কৰায়ত্ত কৰি মিলাৰক পেভিলিয়নলৈ উভতি যাবলৈ বাধ্য কৰোৱায়। লগে লগেই যেন ভাৰতৰ বিশ্ব জয়ৰ সপোন দিঠক হোৱাটো সুনিশ্চিত হৈ পৰে! কোটি কোটি ভাৰতীয়ৰ প্ৰাৰ্থনাই অৱশেষত যেন প্ৰশান্তিৰ হাঁহি মাৰিবলৈ সক্ষম হ’ব! অ’ভাৰৰ বাকীকেইটা বল প্ৰত্যাশিত ভাৱে কোনো হানি-বিঘিনি নোহোৱাকৈ পাৰ হোৱাত দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ভাৰত পুনৰবাৰ বিশ্ব চেম্পিয়ন হোৱাটো সুনিশ্চিত হ’ল। ক্ৰীড়াপ্ৰেমীৰ লগতে ভাৰতীয় ক্ৰিকেটাৰসকলৰ আনন্দ-উল্লাসে ষ্টেডিয়ামৰ বাহিৰে-ভিতৰে এক বিশেষ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। ফাইনেলৰ দায়িত্বশীল ইনিংছৰ বাবে ক’হলিয়ে ‘প্লেয়াৰ অফ দ্যা মেচ’ আৰু সমগ্ৰ প্ৰতিযোগিতাত কৰা দুৰ্দান্ত বলিঙৰ বাবে বুমৰাহে ‘প্লেয়াৰ অফ দ্যা চিৰিজ’ খিতাপ লাভ কৰে। 

এইবাৰৰ ভাৰতৰ বিশ্বকাপ জয় কেইবাটাও কাৰণে বিশেষ। প্ৰথমে অধিনায়ক ৰোহিত শৰ্মাৰ কথা ক’বই লাগিব। আক্ৰমণাত্মক বেটিঙেৰে ভাৰতৰ ইনিংছ আৰম্ভ কৰাৰ উপৰিও অধিনায়ক হিচাপে ৰোহিতৰ প্ৰদৰ্শন আছিল চকুত লগা। সকলো ক্ৰীড়া বিশেষজ্ঞই প্ৰায় একেমুখে ৰোহিতৰ নেতৃত্বক প্ৰশংসাৰে উপচাই পেলাইছে। প্ৰতিযোগিতাখনত ২৫৭ ৰাণ সংগ্ৰহ কৰি ৰোহিত দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে বিবেচিত হয়। একেদৰে অৰ্শ্বদ্বীপ সিঙে সোতৰটা উইকেট দখলেৰে প্ৰতিযোগিতাৰ যুটীয়া সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়। পোন্ধৰটা উইকেট দখলেৰে বুমৰাহ যুটীয়া ভাৱে দ্বিতীয় স্থানত থাকে। হাৰ্ডিক পাণ্ডিয়াই ১৫১.৫৮ ষ্ট্ৰাইক ৰেটেৰে সৈতে ১৪৪ ৰাণ কৰাৰ উপৰিও প্ৰয়োজনীয় সময়ত বলিং কৰি ১১টাকৈ উইকেট দখল কৰে। অক্ষৰ পেটেলে গুৰুত্বপূৰ্ণ ৯২ ৰাণ কৰাৰ লগতে নটাকৈ উইকেট লাভ কৰে। একেদৰে কুলদীপেও নিজৰ সুনাম অটুট ৰাখি দহটা উইকেট দখল কৰে। সূৰ্যকুমাৰ যাদৱে দুটাকৈ অৰ্ধশতকৰ উপৰিও আন দুটা গুৰুত্বপূৰ্ণ ইনিংছ খেলে; তদুপৰি তেওঁৰ ফিল্ডিং গোটেই প্ৰতিযোগিতাখনতে আছিল চকুত লগা। ঋষভ পণ্ট আৰু শিৱম ডুৱেয়ো প্ৰয়োজনীয় সময়ত গুৰুত্বপূৰ্ণ ষ্ট্ৰাইক ৰেটেৰে সৈতে ‘ইমপেক্টফুল’ ইনিংছ খেলে। মহম্মদ ছিৰাজে উইকেট আশা কৰাতকৈ কমকৈ পালেও ইক’নমী বলিং কৰে। ক’হলিৰ কথা ক’বলৈ গ’লে ‘ওস্তাদৰ খেল শেষ ৰাতি’ লেখীয়া। ছেমি ফাইনেললৈকে ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হ’লেও ফাইনেলত দলৰ প্ৰয়োজনৰ সময়ত তেওঁ মূল্যৱান ইনিংছ উপহাৰ দিয়ে। বুমৰাহে ‘প্লেয়াৰ অফ দ্যা চিৰিজ’ খিতাপ লাভ কৰিলেও হাৰ্ডিক, ৰোহিত, অৰ্শ্বদ্বীপ, আৰু অক্ষৰৰ প্ৰদৰ্শনো আছিল এই খিতাপ লাভৰ বাবে সমানেই যোগ্য। বুমৰাহে এই খিতাপ নাপাই এওঁলোকৰ কোনোবা এজনে পোৱা হ’লেও কোনোৱেই প্ৰতিবাদ কৰাৰ অৱকাশ নাছিল। এইবাৰ ভাৰতীয় দলৰ খেলুৱৈসকলৰ প্ৰদৰ্শন কিমান উচ্চ পৰ্যায়ৰ আছিল সেয়া প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলটো লক্ষ্য কৰিলেই বুজি পাবলৈ যথেষ্ট। শ্ৰেষ্ঠ দলটোৰ বাৰ গৰাকী (দ্বাদশ খেলুৱৈ সহিতে) খেলুৱৈৰ ছয় গৰাকীয়ে ভাৰতৰ। তেওঁলোক হৈছে – ৰোহিত, সূৰ্যকুমাৰ, হাৰ্ডিক, অক্ষৰ, বুমৰাহ, আৰু অৰ্শ্বদ্বীপ।