ভাৰতৰ ঘৰুৱা ক্ৰিকেট আৰু তাৰকা খেলুৱৈৰ অনীহা :: দীপজ্যোতি শৰ্মা

ভাৰতবৰ্ষৰ ক্ৰিকেট ক্ষেত্ৰখনৰ উত্থানৰ ক্ষেত্ৰত ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা সমূহৰ ভূমিকা অপৰিসীম ৷ ঘৰুৱা প্ৰতিযোগিতা সমূহৰ ভিতৰত ৰঞ্জী ট্ৰফী, দেওধৰ ট্ৰফী, দুলীপ ট্ৰফী, ইৰাণী ট্ৰফী, বিজয় হাজাৰে ট্ৰফী আদি উল্লেখযোগ্য ৷ বছৰ বছৰ ধৰি এই প্ৰতিযোগিতা সমূহৰ পৰা বহু প্ৰতিভা ওলাই আহিছে আৰু ইয়াৰে মাজৰ পৰাই বহুতে বিভিন্ন সময়ত ভাৰতীয় ক্ৰিকেটলৈ সেৱা আগবঢ়াইছে ৷ এই প্ৰতিযোগিতা সমূহত ভাল খেলি পৰৱৰ্তী সময়ত তাৰকাৰ পৰা মহাতাৰকাৰ শাৰীলৈ উন্নীত হোৱা বহু খেলুৱৈ আছে আৰু তাৰকাৰ শাৰীত থকাৰ পিছতো সেইসকলৰ খেলুৱৈৰ অংশগ্ৰহণে প্ৰতিযোগিতা বোৰক মহীয়ান কৰিছে ৷ কিন্তু যোৱা কেইটামান বছৰত এটা কথা পৰিলক্ষিত হৈছে যে ৰাষ্ট্ৰীয় দলত খেলা প্ৰায়বোৰ তাৰকা খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট খেলিবলৈ আগ্ৰহী নহয় ৷ তেওঁলোকে ব্যক্তিগত সমস্যা, আঘাত, বিশ্ৰাম আদিৰ দোহাই দি এই প্ৰতিযোগিতাসমূহৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু ইয়াৰ ফলত পৰোক্ষভাৱে হ’লেও ভাৰতীয় ক্ৰিকেটৰেই ক্ষতি হৈছে ৷ জ্যেষ্ঠ খেলুৱৈ সকলে প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ নকৰাৰ ফলত দৰ্শক-অনুৰাগীয়ে খেলসমূহৰ প্ৰতি আকৰ্ষণ হেৰুৱাইছে আৰু বহুসময়ত দৰ্শকশূণ্য ষ্টেডিয়ামতেই খেল সম্পন্ন হৈছে ৷ ইয়াৰ দ্বাৰা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদো ৰাজহ সংগ্ৰহৰ দিশত লোকচানৰ সন্মুখীন হৈছে ৷ আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল জ্যেষ্ঠ তাৰকাসকলে এই প্ৰতিযোগিতা সমূহত খেলিলে উদীয়মান খেলুৱৈসকল যথেষ্ট লাভান্বিত হয় ৷ এজন উদীয়মান বেটাৰে যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন ব’লাৰ বা এজন নৱাগত ব’লাৰ যদি এজন আন্তঃৰাষ্ট্ৰীয় তাৰকাৰে  মুখামুখি হয় তেন্তে তেওঁৰ প্ৰকৃত প্ৰতিভা বহিৰ্ভূত হয় ৷ তেনেকুৱাত এজন খেলুৱৈৰ ভুলবোৰ ওলাই পৰে আৰু তেওঁৰ উন্নতি কৰিবলগীয়া দিশসমূহ দৃষ্টিগোচৰ হয় ৷ এই কথাটোৱে নতুনকৈ ওলাই অহা এইসকল খেলুৱৈৰ প্ৰকৃত পথ প্ৰদৰ্শকৰ কাম কৰে বুলিব পাৰি ৷ একেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমাগত বিফলতাই ভাৰাক্ৰান্ত কৰা কোনো খেলুৱৈয়েও নিজৰ কাৰিকৰী ক্ৰুটিসমূহ আঁতৰাই পুনৰ পূৰ্বৰ সাৱলীল কলাত্মক শৈলীৰ মাজলৈ উভতি অহাৰ বাবে উপযুক্ত মঞ্চখনেই হ’ল ঘৰুৱা ক্ৰিকেট ৷ ভাৰতীয় ক্ৰিকেটত সুনীল গাভাস্কাৰ, কপিলদেৱ নিখাঞ্জ, মহিন্দৰ অমৰনাথ, গুণ্ডাপ্পা বিশ্বনাথ, দিলীপ ৱেংচৰকাৰ, শচীন তেণ্ডুলকাৰ, মহম্মদ আজহাৰউদ্দিন, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাৱিড়, ভি.ভি.এছ. লক্ষ্মণ, অনিল কুম্বলে, জৱাগল শ্ৰীনাথ আদি তাৰকা খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় খেল নথকা অৱস্থাত বহুবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৰ্শক-অনুৰাগীক আমোদ দিয়াৰ লগতে ভাৰতৰ ঘৰুৱা ক্ৰিকেটক বিশ্ব পৰ্যায়ৰ আলোচনাৰ বিষয় হোৱাত সহায় কৰিছিল ৷ শেহতীয়া এক সাক্ষাৎকাৰত প্ৰাক্তন ক্ৰিকেটাৰ কীৰ্তি আজাদে এনেদৰে নিজৰ মন্তব্য ৰাখিছে—”আমি কেৰিয়াৰ আৰম্ভ কৰা দিনবোৰত বিষেণ সিং বেদী, মদন লাল, সুৰিন্দৰ অমৰনাথ, মহিন্দৰ অমৰনাথ, চেতন চৌহান, সুনীল গাভাস্কাৰ, সন্দীপ পাটিল, কৰ্ষণ ঘাৱৰী আদি তাৰকা খেলুৱৈয়ে মোৰ আৰু ৰবি শাস্ত্ৰীৰ দৰে নৱাগত সকলৰ সৈতে খেলিছিল। এই সকলো জ্যেষ্ঠ টেষ্ট দলৰ খেলুৱৈয়ে নিজৰ দলৰ হৈও খেলিছিল আৰু নিজৰ ৰাজ্যৰ গৌৰৱৰ বাবেও খেলিছিল যিটো মানসিকতা আজিকালিৰ প্ৰায়ভাগ জ্যেষ্ঠ খেলুৱৈৰ মাজত নোহোৱা যেন লাগে।” তথ্যৰ আধাৰত এটা কথা উল্লেখ কৰিব পাৰি যে সাম্প্ৰতিক বিশ্ব ক্ৰিকেটৰ সৰ্বাধিক জনপ্ৰিয় তাৰকা বিৰাট কোহলীয়ে ২০১১ চনত টেষ্ট অভিষেক ঘটোৱাৰ পাছৰ পৰা মাত্ৰ এখনহে ৰঞ্জী মেচ খেলিছে ৷ একেদৰে বৰ্তমানৰ ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই শেষবাৰৰ বাবে ৰঞ্জী মেচ খেলিছে ২০১৫ চনত ৷ তাৰকা ব’লাৰ যশপ্ৰীত বুমৰাহে শেষৰখন ৰঞ্জী খেলিছিল ২০১৭ চনতেই, য’ত তেওঁ বিধ্বংসী বলিঙেৰে শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হৈছিল ৷ এইসমূহ তথ্য ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ বাবে মুঠেই উৎসাহজনক নহয় যদিও এয়াই সত্য ৷ এইক্ষেত্ৰত দুই টেষ্ট তাৰকা আজিংক্যা ৰাহাণে আৰু চেতেশ্বৰ পূজাৰা অৱশ্যে ব্যতিক্ৰম আৰু দুয়োজনে সুৰুঙা ওলালেই নিয়মীয়াকৈ ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ কৰি আহিছে ৷ শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ (BCCI)য়ে লোৱা এটা পদক্ষেপে এইক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে ৷ ৰষ্ট্ৰীয় দলত নিয়মীয়াকৈ খেলি থকা দুই সদস্য ক্ৰমে শ্ৰেয়াছ আয়াৰ আৰু ঈশান কিষণে ৰাষ্ট্ৰীয় দলৰ সৈতে নথকাৰ সময়চোৱাতো চলি থকা ঘৰুৱা ক্ৰিকেটৰ মেচত অংশ নোলোৱাৰ বাবে তেওঁলোকক সতৰ্কবাণী জাৰি কৰা হৈছিল আৰু দুয়োজনকে কেন্দ্ৰীয় বাৰ্ষিক চুক্তিৰ পৰাও ৰেহাই দিয়া হৈছে ৷ এই পদক্ষেপে আন খেলুৱৈসকলৰো ঘৰুৱা ক্ৰিকেটৰ প্ৰতি থকা বেপৰোৱা মনোভাৱ সলনি কৰিব বুলি আমি আশা কৰিছো ৷ বিশ্ব ক্ৰিকেটত বৰ্তমান সময়ত দপদপাই থকা অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজীলেণ্ড আদি দলৰ প্ৰায়ভাগ জ্যেষ্ঠ খেলুৱৈয়ে নিয়মীয়াকৈ ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰা দেখা যায় আৰু এইটোৱে দেশসমূহৰ নতুন খেলুৱৈ সকলক বহুখিনি উপকাৰ কৰিছে ৷ ষ্টিভ স্মিথ, মাৰ্ণাচ  লাবুচেন, জ’চ হেজলউড, নাথান লিয়’ন আদি তাৰকাই শ্বেফিল্ড শ্বীল্ডত খেলাটো নিয়মীয়া ঘটনা ৷ একেদৰে বেন ষ্টোকছ বা জেমছ এণ্ডাৰছনৰ দৰে তাৰকায়ো কাউন্টী ক্ৰিকেটত নিজৰ অংশগ্ৰহণ অব্যাহত ৰাখিছে ৷ বহুসময়ত আইপিএলৰ দৰে লোভনীয় প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিও বহু বেদেশী খেলুয়ৈয়ে আন্তঃৰাষ্ট্ৰীয় খেলৰ প্ৰস্তুতিৰ বাবে ঘৰুৱা ক্ৰিকেটত অংশ লোৱা পৰিলক্ষিত হৈছে ৷ এইবোৰ উদাহৰণে ভাৰতীয় ক্ৰিকেটাৰকো ঘৰুৱা ক্ৰিকেটৰ প্ৰতি আগ্ৰহী কৰিব বুলি আশা কৰিছো ৷ বিশ্ব ক্ৰিকেটত ভাৰতীয় ক্ৰিকেটৰ উত্থানত আমাৰ ৰঞ্জী ট্ৰফী, বিজয় হাজাৰে ট্ৰফী বা দেওধৰ ট্ৰফীৰ দৰে প্ৰতিযোগিতাৰ অৱদান যথেষ্ট আছে আৰু সেই কথা কেতিয়াও পাহৰাটো উচিত নহয় ৷ আগন্তুক সময়ত বিৰাট কোহলী, ৰোহিত শৰ্মা, ৰবিচন্দ্ৰন আশ্বিন বা যশপ্ৰীত বুমৰাহৰ দৰে খেলুৱৈয়ে ৰঞ্জী বি বিজয় হাজাৰেৰ মেচত অংশ ল’ব আৰু ষ্টেডিয়াম ভৰ্তি দৰ্শকৰ হৰ্ষোল্লাসত ভাৰতৰ ঘৰুৱা ক্ৰিকেটে আকৌ এবাৰ প্ৰাণচঞ্চল ৰূপটো ঘুৰাই পাব বুলি আশা কৰিছো৷

 

 

 

 

2 comments

  • প্ৰাঞ্জল দাস

    বৰ ভাল পালোঁ সম্পাদকীয়।

  • Puja Devi

    সুন্দৰ হৈছে ৷