ভাৰতীয় ক্ৰিকেটক সঞ্জীৱনী সুধা-দীপজ্যোতি শৰ্মা

বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ভাৰতীয় দলে এটা আইচিচি ট্ৰফীৰ যি খৰাং চলি আছিল তাৰ সমাপ্তি ঘটাই দখল কৰিলে টি২০ বিশ্বকাপ-২০২৪ৰ খিতাপ ৷ ২০০৭ বৰ্ষত টি২০ বিশ্বকাপৰ প্ৰথমটো সংস্কৰণতে খিতাপ দখল কৰা দলটোৱে দ্বিতীয়টো খিতাপৰ বাবে ১৭ বছৰ অপেক্ষা কৰিবলগীয়া কথাটোৱে অকল ভাৰতীয় সকলকেই নহয় অস্বস্তিত ৰাখিছিল সমগ্ৰ বিশ্ববাসীকো ৷ ২০১১ বৰ্ষত এদিনীয়া বিশ্বকাপ জয়ৰ পাছত  পৰৱৰ্তী বিশ্বকাপটো হাতত তুলি ল’বলৈ ১৩ বছৰ আৰু ২০১৩ বৰ্ষত শেষবাৰৰ বাবে চেম্পিয়নছ ট্ৰফী জয়েৰে আইচিচিৰ ট্ৰফী জয় কৰিবলৈ কৰা ১১ বছৰৰ এই অপেক্ষাৰ সময়চোৱাত কিমানবাৰ যে অনুৰাগীৰ হৃদয় ভাঙি থানবান হৈছে তাৰ সীমা নাই ৷ ইয়াৰ ভিতৰত ২০১৪ বৰ্ষৰ টি২০ বিশ্বকাপৰ ফাইনেল, ২০১৫ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেল, ২০১৭ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল, ২০১৯ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেল, ২০২১-২২ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বীপৰ ফাইনেল, ২০২২ বৰ্ষৰ টি২০ বিশ্বকাপৰ ছেমিফাইনেল, ২০২২-২৩ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বীপৰ ফাইনেল আৰু একেবাৰে শেহতীয়াকৈ ২০২৩ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দলৰ ব্যৰ্থতাই অনুৰাগীক ব্যথিত কৰাৰ উপৰি খিতাপৰ একেবাৰে ওচৰ চাপি বাৰে বাৰে বিমুখ হোৱাৰ কাৰন সম্পৰ্কত সকলোকে চিন্তা-চৰ্চা কৰিবলৈ বাধ্য কৰাইছিল ৷ প্ৰতিবাৰেই দলটোৰ সামৰ্থ্যৰ ওপৰত কাৰো সন্দেহ নাছিল আৰু সেই সামৰ্থ্যৰেই দলটোৱে প্ৰদৰ্শনো কৰিছিল, কিন্তু যাত্ৰাৰ অন্তিমটো খোজত পিছলি পৰি লক্ষ্যচ্যুত হোৱা এই ধাৰাই “Chokers” বুলি এক অনাকাংক্ষিত মোহৰ লগাইছিল দলটোৰ ভাৱমূৰ্ত্তিত। কিন্তু এই বিশ্বকাপ জয়ৰ লগে লগে সেই অচলাৱস্থাৰ অৱসান ঘটে আৰু পুনৰ প্ৰাণচঞ্চল হৈ উঠে ভাৰতীয় ক্ৰিকেট ৷ এই খিতাপ কেৱল মাত্ৰ এটা বিশ্বকাপৰ খিতাপ নাছিল, ই আছিল ভাৰতীয় ক্ৰিকেটৰ বাবে সঞ্জীৱনী সুধা, ই আছিল দীৰ্ঘদিনৰ দুই যোদ্ধা ৰোহিত-কোহলীৰ বাবে প্ৰাপ্য সন্মান, ই আছিল পাঁচটাকৈ আইপিএল বিজয়ী অধিনায়ক ৰোহিতৰ সৰ্বোত্তম প্ৰাপ্তি বা ই আছিল আগন্তুক দিনৰ বাবে ভাৰতীয় ক্ৰিকেটক সেৱা কৰাৰ বাবে হাজাৰজনৰ বাবে এক জীৱন্ত প্ৰেৰণা ৷ 

কলংক মোচন, অভিযোগ-প্ৰতি অভিযোগৰ সমাধান এই বিশ্বকাপ—

বিশ্ব পৰ্যায়ৰ খিতাপ দখলৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা ভাৰতীয় দলে বহন কৰি অহা কলংক বাৰ্বাডোজত মচি পেলালে ৰোহিত এণ্ড কোম্পানীয়ে ৷ ভাৰতীয় ক্ৰিকেটানুৰাগীৰ মনত এনেকুৱা এটা চিন্তায়ো বাহ সাজিছিল যে দলটোৱে সদায় ছেমিফাইনেল বা ফাইনেল পৰ্যন্ত আগবাঢ়িব আৰু তাতেই অভিযান সামৰিব ৷ খিতাপ দখল ভাৰতীয় দলৰ বাবে এক অসম্ভৱ কাৰ্য্য ৷ এনেকৈ ভাবিবলৈ দলটোৰ বিগত সময়ৰ ব্যৰ্থতা সমূহেই উপযুক্ত কাৰক ৷ এই নক-আউট মেচত দলটো ব্যৰ্থ হোৱাৰ কাৰন সম্বন্ধে বহুবাৰ আলোচনাও হৈছে ৷ ইয়াত জ্যেষ্ঠ খেলুৱৈৰ ব্যৰ্থতা, নক-আউট মেচৰ চাপ চম্ভালি লোৱাৰ অসমৰ্থতা আদিয়েই আঙুলিওৱা হৈছিল ৷ বিগত সময়ত বহুকেইখন নক-আউট মেচত ৰোহিত-বিৰাট বা যশপ্ৰীত বুমৰাহৰ দৰে জ্যেষ্ঠ তাৰকাই প্ৰত্যাশা অনুসৰি প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছিল আৰু তাৰ ফলো দলে ভোগ কৰিছিল ৷ সাধাৰণতে প্ৰচুৰ চাপ থকা এইসমূহ মেচত জ্যেষ্ঠ খেলুৱৈয়ে নিজৰ অভিজ্ঞতাৰ সদ্ব্যৱহাৰ কৰি দ্বায়িত্বশীল প্ৰদৰ্শন আগবঢ়োৱাৰ আশা কৰা যায় ৷ আন বহুতৰ এক অভিযোগ আছিল বা সেইটো তথ্যভিত্তিকো আছিল যে আইপিএলত দপদপাই থাকি ভাৰতীয় দলত স্থান পোৱা বহু খেলুৱৈ বিশ্বকাপৰ দৰে মঞ্চত গৈ ভিজা মেকুৰী হৈ পৰে আৰু ব্যৰ্থ হয় দল ৷ এইবাৰৰ বিশ্বকাপ দলত ৰিংকু সিঙৰ দৰে উদীয়মান তাৰকাক দলত নলৈ শিৱম ডুবেৰ নিচিনা কাৰিকৰী ভাৱে খুত থকা খেলুৱৈক দলত লোৱা কথাটোৱেও অসন্তুষ্ট কৰিছিল অনুৰাগীক ৷ আনকি বহুবাৰ ভাল প্ৰদৰ্শনেৰে উজলি উঠা অৰ্শ্বদীপ সিঙক লৈয়ো  আছিল অনেকৰ আপত্তি ৷ আইপিএলত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা হাৰ্ডিক পাণ্ডিয়াই কিদৰে দেশ উদ্ধাৰিব বুলি প্ৰশ্ন কৰিছিল বহুতেই ৷ আনকি প্ৰশ্ন উঠিছিল বিৰাট কোহলীৰ ষ্ট্ৰাইক ৰেটক লৈয়ো ৷ বিৰাট কোহলীয়ে কৰা ৰান দলৰ বাবে কিমান লাভদায়ক সেই লৈ হৈছিল সৰৱ আলোচনা। এই সকলোবোৰৰ এটাই উত্তৰ আছিল এই বিশ্বকাপৰ খিতাপ ৷ ৰোহিতৰ সুদক্ষ নেতৃত্ব, ফাইনেলত কোহলীৰ হিমশীতল ইনিংছ, সমগ্ৰ শৃংখলাত বুমৰাহৰ অবিশ্বাস্য বলিং, সূৰ্য্যকুমাৰৰ বেটিঙৰ লগতে ফাইনেলত সেই বিশেষ কেটছটো, হাৰ্ডিকৰ ফাইনেলৰ শেষ অ’ভাৰটোৰ লগতে সমগ্ৰ শৃংখলাত দ্বায়িত্বশীল অলৰাউণ্ড প্ৰদৰ্শন, কুলদীপ-অক্ষৰৰ মিতব্যয়ী স্পিন বলিং, বুমৰাহৰ যোগ্য সহযোগী হিচাপে অৰ্শ্বদীপৰ উজ্বল প্ৰদৰ্শন, আঘাতৰ পৰা উভতি আহি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ সবল খোজ পেলোৱা ঋষভ পন্টৰ নিঃস্বাৰ্থ প্ৰদৰ্শন, শিৱম ডুবেৰ নিজকে প্ৰমাণ কৰাৰ যৎপৰোনাস্তি চেষ্টা— এই সকলোবোৰ মিলি বিশ্বকাপ-২০২৪ত ভাৰতীয় দলৰ যাত্ৰা আছিল অন্য এক প্ৰেৰণাদায়ক কাহিনী ৷ ভাৰতীয় জনগণৰ বাবে ক্ৰিকেট কি, অনুৰাগীৰ হৃদয়ত ক্ৰিকেটাৰৰ স্থান কি সেয়া বিশ্বকাপ জয়ৰ নিশা সমগ্ৰ দেশৰ ৰাজপথত পালন কৰা সমদল বা অঘোষিত দীপাৱলী আৰু ৫ জুলাইৰ দিনা মুম্বাইৰ মেৰিন ড্ৰাইভ বা ৱাংখেড়েত দলৰ বিজয় উৎসৱত সমবেত হোৱা জনসমূদ্ৰৰ ছবিয়েই তাৰ উত্তৰ বহন কৰিছে ৷ খেলৰ মাজেৰে যে সমাজত সম্প্ৰতি আৰু ভাতৃত্ববোধৰ বাৰ্তা বিয়পাব পাৰি তাৰেই এক উদাহৰণ হৈ ৰ’ব ভাৰতীয় দলৰ বিশ্বকাপ জয়ৰ বিজয় উৎসৱ ৷ এই বিশ্বকাপ জয়ৰ পিছতেই অনুৰাগীয়ে বছৰ বছৰ ধৰি বহন কৰি অহা ব্যৰ্থতাৰ দুখো অন্ত পৰিছে আৰু ভৱিষ্যতৰ বাটত বহুবাৰ বিশ্বজয়ৰ উন্মাদনাত মিলি যোৱাৰো সপোন দেখিছে। সঁচাকৈয়ে এই বিশ্বকাপ এটা মাথো খিতাপ নাছিল আমাৰ বাবে, ই আছিল ভাৰতীয় ক্ৰিকেটৰ সঞ্জীৱনী সুধা ৷

এতিয়া দ্বায়িত্ব নতুনৰ—

বিশ্বকাপ কেইটামান মূহুৰ্তৰ পাছতেই বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টি২০ ক্ৰিকেটক বিদায় দিয়াৰ কথা ঘোষণা কৰাৰ এদিন পাছতেই জ্যেষ্ঠ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজায়ো একেই সিদ্ধান্তৰ কথা ঘোষণা কৰে ৷ অৱশ্যে বিশ্বকাপ জয়ৰ উন্মাদনাত মিলি থকা ভাৰতীয় অনুৰাগীয়ে এই বিদায়ৰ দুখ ভবাৰ ধৰণে নাপালে আৰু এক উপযুক্ত সময়ত উপযুক্ত মঞ্চত তেওঁলোকে এই সিদ্ধান্ত লোৱা বুলিয়েই সকলোৱে পতিয়ন গৈছে ৷ বিগত ১০/১২ বছৰ ভাৰতীয় বেটিঙৰ মূল শক্তি হিচাপে দ্বায়িত্ব বহন কৰি অহা ৰোহিল-কোহলীৰ একে সময়তে বিদায়ে টি২০ দলটোক দুৰ্বল কৰিব নেকি বুলি বহুতে প্ৰশ্ন কৰিছে ৷ একেদৰে মিতব্যয়ী চতুৰ বলিং, দুৰ্দান্ত ফিল্ডিং আৰু সময়োপযোগী বেটিঙেৰে জিলিকি থকা জাডেজাৰো অভাৱ অনুভৱ কৰিব নেকি বুলি আলোচনা চলিছে । এইক্ষেত্ৰত ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰখননৈ লক্ষ্য কৰিলে দেখা যায় যে এই অভাৱ সদায়েই থাকিব যদিও ইয়াৰ পৰিপূৰক বিকল্পৰো অভাৱ আমাৰ নাই ৷ শুভমন গীল, যশস্বী জয়চোৱাল আৰু ৰুতুৰাজ গাইকোৱাডৰ দৰে যুৱ প্ৰতিভাই ইতিমধ্যেই সকলোকে আস্বস্ত কৰিছে আৰু টি২০ দলৰ শীৰ্ষ বেটিংক্ৰমত এই তিনি খেলুৱৈয়ে দীৰ্ঘদিন সেৱা আগবঢ়াব বুলি আমি আশা কৰিব পাৰো ৷ শেহতীয়াকৈ শুভমন গিলৰ নেতৃত্বত ভাৰতীয় দলে জিম্বাব’ৱেৰ বিৰুদ্ধে টি২০ শৃংখলা জিকিছে যদিও শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে সূৰ্য্যকুমাৰ যাদৱৰ হাতত নেতৃত্বৰ ভাৰ অৰ্পণ কৰা হৈছে আৰু ই স্থায়ী হোৱাৰ সম্ভাৱনাই অধিক ৷ এনেক্ষেত্ৰত বেটিংক্ৰমত শুভমন, যশস্বী, ৰুতুৰাজ, সূৰ্য্যকুমাৰ, হাৰ্ডিক, সঞ্জু চেমছন আদি থকাৰ উপৰি অসমৰ ৰিয়ান পৰাগে অধিক সুযোগ পোৱাৰ সম্ভাৱনা আছে । ৰিয়ানক সুযোগ দিয়াৰ কাৰন তেওঁৰ বেটিঙৰ লগতে দুৰ্দান্ত ফিল্ডিং আৰু হাতত বল তুলি ল’ব পৰা সক্ষমতা ৷ ইতিমধ্যেই বিভিন্ন দলে ‘পাৰ্ট টাইম’ ব’লাৰ ব্যৱহাৰ কৰি লাভ কৰি পোৱা সফলতা আমি দেখিছো আৰু ইমানদিনে ভাৰতীয় দলে অভাৱত ভুগি থকা এই বিষয়টো ৰিয়ানৰ যোগেদি পুৰোৱাৰ সম্পূৰ্ণ চেষ্টা কৰিব ৷ ৰবীন্দ্ৰ জাডেজাৰ বিদায়ৰ পাছত দলত হাৰ্ডিক পাণ্ডিয়াৰ লগত থাকিব অক্ষৰ পেটেল বা ৱাশ্বিংটন সুন্দৰ ৷ উইকেটৰক্ষকৰ ভাৰ চম্ভালাৰ ক্ষেত্ৰত পন্টেই সদায় অগ্ৰাধিকাৰ পাব যদিও তাতো থাকিব ধ্ৰুৱ জুৰেল বা জিতেশ শৰ্মাৰ দৰে বিকল্প ৷ বলিঙতো বুমৰাহৰ সহযোগ কৰিবলৈ অৰ্শ্বদীপ বা ছিৰাজ আছে যদিও সুযোগৰ অপেক্ষাত আছে হৰ্ষিত ৰাণা, মায়াংক যাদৱ আদিৰ দৰে নতুন খেলুবৈ ৷ যজুৱেন্দ্ৰ চহলৰ দৰে খেলুৱৈ মূল দলৰ বাহিৰত থাকিবলগীয়াটো দুৰ্ভাগ্যজনক যদিও বিকল্পৰ ভিৰে এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছে দলীয় মেনেজমেণ্টক ৷ নতুন চাম স্পিনাৰৰ ভিতৰত জিলিকি উঠা ৰবি বিষ্ণয়ে কুলদীক যাদৱৰ সংগ দি ভাৰতীয় ক্ৰিকেটক দীঘলীয়া সেৱা আগবঢ়াব বুলি আমি আশাবাদী ৷ বিকল্পৰ অভাৱ ভাৰতীয় ক্ৰিকেটত বৰ্তমান একেবাৰেই নাই যদিও নতুনসকলে সুযোগ কেনেদৰে কামত লগাই সেয়াহে হ’ব মূল কথা ৷ এতিয়া আগন্তুক সময়ত এই নতুসকলে ভাৰতীয় ক্ৰিকেটক কেনেদৰে আগবঢ়াই নিয়ে সেয়া হ’ব নতুনৰ লগতে দলত থকা জ্যেষ্ঠসকলৰ বাবে মূল প্ৰত্যাহ্বান ৷

 

One comment

  • ভাস্কৰজ্যোতি ডেকা

    সুন্দৰ বিশ্লেষণ