বাৰ্বাডোজৰ সেই মূহুৰ্তটো-অলকেশ হালৈ
বহুত হতাশা, বহুত ট্ৰল, বহুত অশ্লীল গালি – গালাজ, নিজৰ লগতে নিজৰ পৰিয়ালৰ মানুহ খিনিকো যেন এৰি দিয়া নাছিল ট্ৰল কৰিবলৈ জীৱশ্ৰেষ্ঠবোৰে। এই আটাইবোৰৰ উত্তৰ যেন এটাই আছিল ২০২৪ চনৰ টি টুৱেন্টী বিশ্বকাপৰ ট্ৰফিটো। হয় মই ২০২৪ বৰ্ষৰ ক্ৰিকেট টি টুৱেন্টী বিশ্বকাপ বিজয়ী টিম ইণ্ডিয়াৰ কথাই কৈ আছোঁ ।
২০১১ চনৰ ২ এপ্ৰিল তাৰিখে মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন ভাৰতে ৱানখেৰে ষ্টেডিয়ামত উঠোৱা ট্ৰফীটোৰ পিছত সুদীৰ্ঘ ১৩ বছৰ বিশ্বকাপৰ ট্ৰফী জয়ৰ সোৱাদৰ পৰা ভাৰত বঞ্চিত হৈ আছিল । ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জিকিছিল যদিও বিশ্বকাপৰ ট্ৰফী জিকাৰ আনন্দটো সুকীয়া। ২০১১ চনৰ পিছত অনুস্থিত হোৱা প্ৰতিখন বিশ্বকাপতে ভাৰতে গ্ৰুপ ষ্টেজত ভাল প্ৰদৰ্শন কৰি ছেমি ফাইনেলত অৱতীৰ্ণ হৈছে যদিও কেতিয়াবা ছেমি ফাইনেলৰ পৰা আৰু কেতিয়াবা ছেমি ফাইনেল জয়ী হোৱাৰ পিছতো ফাইনেল খেল খনত পৰাজিত হৈ ট্ৰফী জয়ৰ সোৱাদৰ পৰা বঞ্চিত হব লগা হৈছিল । কোনজন ভাৰতীয়ই পাহৰিব পাৰিব ২০১৪ চনৰ টি টুৱেন্টী বিশ্বকাপৰ শ্ৰীলংকাৰ বিৰুদ্ধে পৰাজয় হোৱা ফাইনেল খনৰ কথা, কোনে পাহৰিব ২০১৫ চনৰ এদিনীয়া বিশ্বকাপৰ কেংগাৰু বাহিনীৰ হাতত পৰাস্ত হোৱা ছেমি ফাইনেল খনৰ কথা , কোনে পাহৰিব ২০১৬ চনৰ টি টুৱেন্টী বিশ্বকাপৰ ছেমি ফাইনেলত লেন্দেল চিইমনচ আউট হোৱাৰ পিছত চেক কৰা হাৰ্ডিক পাণ্ডেয়াৰ ন বল টোৰ কথা । যেন প্ৰতিখন বিশ্বকাপতে মাত্ৰ ট্ৰফী জয়ৰ এখোজৰ পৰা উভতি আহিব লগা গৈছিল ভাৰত। ২০২৩ চনত আমি ভাবিছিলো এইবাৰ ট্ৰফী আমাৰ কিন্তু আহমেদাবাদত প্রতিটো বলেই যেন সিদিনা ট্ৰেভিছ হেডৰ পিছফালে থকা ষ্টাম কেইডাল স্পৰ্শ কৰাৰ পৰা বিৰত আছিল । হয়তো সেই দিনটোও আমাৰ নাছিল। তাৰ পিছত যেন সামাজিক মাধ্যমত খেলুৱৈ সকলক লৈ ৰচনা কৰা হৈছিল এখন ট্ৰলৰ ৰচনাৱলী। হয়টো সেই সকল সঁচা অৰ্থত ক্ৰিকেটপ্ৰেমী নহয়েই ৷ কিন্তু সঁচা অৰ্থত ক্ৰিকেট প্ৰেমী ৰাইজৰ বিশ্বাস আছিল খেলুৱৈ সকলৰ ওপৰত যে ২০১১ ৰ পিছত পোৱা প্ৰতিটো আঘাত যেন এদিন আমাৰ খেলুৱৈ সকলে মচিব । সেই বিশ্বাস আগত ৰাখি ২০২৪ চনত ভাৰতে ৰাওনা গৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কেৰিবিয়ান ভূমিলৈ টি টুৱেন্টী বিশ্বকাপৰ বাবে। বিশ্বকাপ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত খেলুৱৈ কিছুমানৰ জীৱনত যেন বহু হতাশাৰ ধুমুহা বলি আছিল এই ধুমুহা জাকক বাধা দিয়াৰ যেন এটাই উপাই আছিল সেই বিশ্বকাপৰ ট্ৰফীটো । ২২ গজৰ ভূমিত গজ গজাই থকা বিৰাট কোহলি, ৰহিত শৰ্মাৰ ওপৰত যেন প্ৰশ্ন উঠিছিল তেওঁলোক কুফা তেওঁলোকক দলৰ পৰা আঁতৰাই দিলে ভাৰতে ট্ৰফী জিকিব পাৰিব । এনেকুৱা প্ৰশ্ন সমুহৰ উত্তৰ বিচাৰি ৰহিত শৰ্মা নেতৃত্বাধীন দলটোয়ে বিশ্বকাপৰ প্ৰথম খন খেলৰ বাবে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে নামিছিল। প্ৰথমে বেটিং কৰি ভাৰতে মাত্ৰ ১১৩ ৰানতে ইনিংছ সামৰিবলগীয়া গৈছিল কিন্তু আমাৰ বলাৰ সকলৰ মনোবল আছিল দৃঢ় । পাকিস্তানক সেইখিনি লক্ষ্য অতিক্ৰম কৰিবলৈ নিদি ভাৰতে জয়ী হৈছিল ২০২৪ বিশ্বকাপৰ প্ৰথম খন খেল ।
এনেকৈ এখনৰ পিছত আনখন খেল জয়ী হৈ গ্ৰুপ পৰ্যায়ত এখন খেলৰ পূৰ্বে ছেমি ফাইনেলৰ বাবে বাট মুকলি হৈছিল ভাৰতৰ । সেই সময়ত এনেকুৱা এটা পৰিস্থিতি আহি পৰিছিল যে যদি গ্ৰুপ ষ্টেজৰ অন্তিম খন খেলত ভাৰতে কেংগাৰু বাহিনীক পৰাস্ত কৰিব পাৰে তেন্তে কেংগাৰু বাহিনীৰ ছেমি ফাইনেলত উপনীত হোৱাৰ পথ বন্ধ হৈ পৰিব। এয়াই আছিল উত্তম সুযোগ ২০২৩ চনৰ আহমেদাবাদৰ সেই ফাইনেল খনৰ উত্তৰ দিয়াৰ। সেই খঙতেই যেন পেভিলিয়নৰ পৰা মাথো বল সীমাৰেখাৰ বাহিৰ কৰাৰ উদ্দ্যেশ্য লৈ বেটিং কৰিবলৈ খেল পথাৰত নামিছিল ভাৰতীয় দলৰ অধিনায়ক ৰহিত শৰ্মা । ৰোহিত শৰ্মাৰ বেটৰ শব্দ আৰু যেন দৰ্শকে কেটচ ধৰি বলটো খেল পথাৰলৈ দলিয়াই দিয়াৰ প্ৰতিযোগিতাহে চলি আছিল । সিদিনা ৰহিতে ৯১ ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলি কেংগাৰু বাহিনীৰ চেমি ফাইনেলৰ পথত গঢ় বান্ধি দিছিল । আৰু স্বাভাৱিক ভাৱে অষ্ট্ৰেলিয়া সেই খেলখনত পৰাস্ত হৈ নিজৰ মাটিলৈ উৰা মাৰিছিল । তাৰ পিছত আহিছিল ইমান বছৰে পাৰ কৰি অহা সেই একেই মূহুৰ্ত কেইটা । কিন্তু ছেমি ফাইনেলত সহজ ভাৱে জয়ী হৈ টিম ইণ্ডিয়াই প্ৰৱেশ কৰিছিল ট্ৰফী জয়ৰ অন্তিম খন দৰ্জালৈ।
ফাইনেল খেলখনত ভাৰতৰ বিপক্ষে নামিছিল বিশ্বকাপৰ ট্ৰফী জয়ৰ সপোন আৰম্ভণিৰ পৰা আধৰুৱা হৈ থকা দক্ষিণ আফ্ৰিকা । দুয়োটা দলৰ বাবে আছিল এইখন অতি গুৰুত্বপূৰ্ণ খেল । প্ৰথমে বেটিঙ কৰিব আহি অতি সোনকালে ৩টা উইকেট হেৰুৱাই ভাৰতীয় দলটো বিপৰ্যয়ৰ দিশে আগবাঢ়িছিল । কিন্তু আচৰিত ভাৱে সচৰাচৰ বেটিং ক্ৰমৰ পৰিবৰ্তে অক্ষৰ পেটেলক আগতীয়াকৈ খেল পথাৰলৈ আহিবলৈ পথাই দিছিল । আমাৰ আচৰিত লাগিলেও সিদিনা অক্ষৰ পেটেলেই ভাৰতীয় দলক সংকট মোচনৰ পৰা ওভতায় আনিছিল । এটা ক্রিজত বিৰাট কোহলিয়ে ধীৰ গতিত খেল খন আগুৱাই লৈ গৈ আছিল । অক্ষৰ পেটেলে অৰ্ধশতকৰ বাবে প্ৰয়োজন থকা মাত্ৰ ৩ ৰাণৰ পূৰ্বে পেভিলিয়ন মুখী হব লগা হৈছিল । অক্ষৰ আউট হোৱাৰ পিছত যেন আকৌ সেমেকা হৈ পৰিছিল ভাৰতৰ স্থিতি। কিন্তু বিৰাট কোহলী ভাগৰি পৰা নাছিল । নিজৰ মনত সংকল্প ৰাখি আগবাঢ়িছিল যে আজি মোৰ ওপৰত ১৪০ কোটি ভাৰতীয়ৰ সোণালী সপোনৰ বাস্তৱ নক্সা খন আছে এইখন মই বাৰবাডজত ডাঙৰকৈ আৰি দিবই লাগিব । সেই উদ্দেশ্যেৰে অৰ্ধশতক ৰ পিছত নিৰ্দয় ভাৱে প্ৰহাৰ কৰিছিল দক্ষিণ আফ্ৰিকাৰ বলাৰক । আৰু এক মজবুত ষ্টিতিত ভাৰতীয় দলত নি উপনীত কৰাইছিল আমাৰ কিং কোহলীয়ে ।
ভাৰতীয় দলে বান্ধি দিয়া লক্ষ্য অতিক্ৰম কৰিবলৈ অহা দক্ষিণ আফ্ৰিকাৰ বেটছমেন ৰিজা হেন্দ্ৰিকছক, দক্ষিণ আফ্ৰিকাৰ অধিনায়ক আডাম মাৰ্কৰাম সোনকালে আউট হৈছিল যদিও অভিজ্ঞ কুইনতন দি কক কিন্তু এটা ফালে প্ৰহাৰ অব্যাহত ৰাখিছিল। যেন অভাৰ বাকী থকা অৱস্থাতে দক্ষিণ আফ্ৰিকাই অতি সহজতে লক্ষ্য অতিক্ৰম কৰি লব তেনেকুৱা পৰিস্থিতিও আহি পৰিছিল। কুইণ্টন দি কক আউট হৈ যোৱাৰ পিছত ক্রিজত আহিছিল বৰ্ত্তমান সময়ৰ ছিক্স হীটাৰ বুলি জনাজাত হেনৰী ক্লাচেন । হয়টো ক্লাচেনক আউট নিব পাৰিলেই এইবাৰ ট্ৰফী আমাৰ । কিন্তু ক্লাচেন যেন পেভিলিয়ানৰ পৰা ছেট হৈ আহিছিল । ধাৰাসাৰ ভাৱে ছিক্সৰ বৰষূণ পৰিব ধৰিছিল বাৰবাডজত । এইয়া যেন আছিল ১৪০ কোটি ভাৰতীয়ৰ চকুৰ টোপাল। কিন্তু আমাৰ অধিনায়ক সিদিনা কোনোপধ্যে পৰাজয় বৰণ কৰাৰ মুডত নাছিল। ৪ অভাৰত দক্ষিণ আফ্ৰিকাক প্ৰয়োজন আছিল ২৬ ৰাণৰ । ক্রিজত আছিল দুৰ্দান্ত বেটচমেন কিলাৰ মিলাৰ আৰু ক্লাচেন । তেওঁলোকৰ কাৰণে ৪ অভাৰত এইখিনি ৰাণ কৰা একেবাৰেই সহজ কাম। ১৬ নম্বৰ অভাৰটো কৰিবলৈ ৰহিত শৰ্মাই আগবঢ়াই দিছিল নিজৰ জীৱন পথত ধুমুহাই আৱৰি ৰখা হাৰ্ডিক পাণ্ডেয়াক । এয়াই আছিল সকলো ট্ৰল, ধুমুহা উভতাই পথাই হিৰো হোৱাৰ সুবৰ্ণ সুযোগ। ১৬ নম্বৰ অভাৰৰ প্ৰথম বলটোতে ক্লাচেনক পেভিলিয়ানলৈ বিদায় দিছিল হাৰ্ডিক পাণ্ডেয়াই। তেতিয়াই এটা দৰ্শকৰ মাজৰ পৰা এটা আৱাজ ভাঁহি আহিছিল ” ভাৰত মাতা কী জয়” কিন্তু এতিয়াও ক্রিজত কিলাৰ মিলাৰ বৰ্তি আছিল। কিন্তু ভাৰতীয় বলাৰ হাৰ্ডিক, অৰ্শদ্বীপ, বুমৰাহৰ যাদুই মিলাৰক নন ষ্ট্ৰাইকত থিয় দি থাকিবলৈ বাধ্য কৰাইছিল ।
অন্তিম অভাৰ । দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে প্ৰয়োজন ১৬ ৰাণৰ । বলিংত হাৰ্ডিক পাণ্ডেয়া । পাণ্ডেয়াই য়ৰকাৰ কৰিবলৈ চেষ্টা কৰা বলটো ফুলতাছ আকাৰে মিলাৰৰ বেটত পৰিলগৈ । তাৰ পিছত এটা কমেন্ত্ৰি ” long off, long off ,long off surya kumar takes the catch” এটা উৎসাহ ভৰা মাত , হয় সেই কেটছটোৰ কথা হয়টো কোনেও নাপাহৰে । পাহৰিব নোৱাৰেও সেইটো যেন কেটছ নাছিল ট্ৰফীটোহে সূৰ্য কুমাৰ যাদৱে বাৱাণ্ডৰীৰ বাহিৰ হব খোজাত জঁপিয়াই ভিতৰলৈ আনি ১৪০ কোটি ভৰতীয়ৰ আগত দাঙি ধৰিছিল । মিলাৰ আউট হোৱাৰ পিছত নিশ্চিত হৈ পৰিছিলো এইবাৰ বিশ্বকাপৰ চেম্পিয়ন ভাৰত । হয় শেষত ১৩ বছৰৰ অপেক্ষাৰ অন্ত পৰিছিল । সেইদিনা প্ৰতিগৰাকী খেলুৱৈৰ চকুত সুখৰ অশ্ৰু নিগৰি আহিছিল । সেইদিনা অত দিনে ট্ৰলৰ সন্মুখীন হোৱা হাৰপিক পাণ্ডেয়া সিদিনা হিৰ হৈছিল । সেইদিনা কুফা কোহলী নিকা গৈছিল । সেইদিনা শান্ত ৰাহুল দ্ৰাবিড় সুখত আত্মহাৰা হৈছিল ।
ভাল সময়ত লগত থাকি বেয়া সময়ত লগ এৰা মানসিকতা এচামৰ আছে । সময় সদায় একে নাথাকে । সময়ৰ সময় আহিলেহে সি প্ৰতিটো প্ৰশ্নৰ প্ৰত্যুত্তৰ দিয়ে।
বাৰবাডজৰ সেই মূহুৰ্তটো আজীৱন সজীৱ হৈ থাকিব অন্তৰাত্মাত ।
*******