বলাৰৰ বধ্যভূমি আই পি এল -পূৰ্ণানন্দ নেওগ

১৯৯৬ৰ বিশ্বকাপ ক্ৰিকেটৰ কথা। সেইবাৰ ভাৰতীয় উপ-মহাদেশত বিধ্বংসী হৈ উঠিছিল শ্ৰীলংকাৰ সনথ জয়সূৰ্য আৰু ৰমেশ কালুউইথাৰানা। বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত প্রথমবাৰৰ বাবে ক্ৰিকেটপ্ৰেমীয়ে বিস্ফোৰক নয়নে প্ৰত্যক্ষ কৰিছিল পিঞ্চ হিটিং। বলাৰৰ বাবে সন্ত্ৰাসৰ নাম হৈ পৰিছিল শ্ৰীলংকাৰ তাৰকা যুটিটো। ক্ৰিকেটত ‘পিঞ্চ হিটাৰ’ ধাৰণাই জনপ্ৰিয়তা অৰ্জন কৰিছিল বিশ্বকাপত জয়সূৰ্য আৰু কালুউইথাৰানাৰ সেই বিস্ফোৰক প্ৰদৰ্শনৰ পাছৰে পৰা। কিন্তু সময়ত যে তেনে মাৰমুখি বেটিঙে ক্ৰিকেটৰ পৰিভাষা সলাই আজিৰ অৱস্থা পোৱাবহি সেয়া ভাবিব নোৱাৰা কথা আছিল। সময় বাগৰাৰ লগে লগে ক্ৰিকেটৰ ব্যাকৰণত সংযোগ ঘটিছে নিত্য নতুন অধ্যায়ৰ। কিন্তু সময়ৰ বিৱৰ্তনত ক্ৰিকেটে যে আই পি এলৰ সমীকৰণত বান্ধ খাই দিক-বিদিক হেৰুৱাই পেলাব সেয়া হয়তো বহুতৰ বাবে কল্পনাৰ বাহিৰত আছিল। গ্লেমাৰসৰ্বস্ব আই পি এলৰ নিৰ্দয় সমীকৰণত কলাত্মক ক্ৰিকেটে মৃত্যুৰ ক্ষণ গণিছে। বজাৰসৰ্বস্ব আই পি এলৰ মজিয়া বলাৰৰ বধ্যভূমিত পৰিণত হৈছে। প্ৰতিখন মেচতেই বলাৰে উশাহটো সলাব নৌপাওঁতেই বলে সীমাৰেখা অতিক্ৰম কৰিছে। আই পি এল খেলাটো যেন বলাৰৰ বাবে  হতাশাৰ অনুশীলন হিচাবেই বিবেচিত হৈছে। বেটাৰৰ নিৰ্দয় প্ৰহাৰ বলাৰৰ বাবে পৌনঃপুনিক কচৰতত পৰিণত হৈছে। এইবাৰ আই পিলত যি ঘটিছে সেয়া প্ৰতিযোগিতাখনৰ ইতিহাসতেই বিৰল হিচাবে চিহ্নিত হৈছে। বিশেষকৈ আই পি এলত যিদৰে ৰানৰ বৰষুণ দেখিবলৈ পোৱা গৈছে সেই প্ৰসংগত টি-টুৱেণ্টি ক্ৰিকেটৰ পৰিভাষাক লৈও প্ৰশ্ন উত্থাপন হৈছে। আই পি এলৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ বিভিন্ন দলে একাধিকবাৰ ২০০ৰো অধিক ৰানৰ স্ক’ৰ সংগ্ৰহ কৰিছে। চলিত আই পি এলত এই পৰ্য্যন্ত ৪৩ খন মেচত দলসমূহে ২৬ বাৰ ২০০ৰো অধিক স্ক’ৰ সংগ্ৰহ কৰিছে। আই পি এলৰ কোনো এটা চিজনত সৰ্বাধিক  দুশৰো অধিক স্কৰ সংগ্ৰহ হৈছে ৩৭ বাৰ। এইবাৰ প্ৰায় অৰ্ধেক সংখ্যক মেচ বাকী থকা অৱস্থাত এই অভিলেখো যে ভংগ হ’ব সেয়া প্ৰায় নিশ্চিত। চলিত ছিজনতেই আই পি এলৰ ইতিহাসৰ সৰ্বাধিক স্ক’ৰৰ অভিলেখো ভংগ হয়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিশাল ২৮৭ ৰানৰ স্কৰ আই পি এলৰ সৰ্বাধিক স্ক’ৰ হিচাবে পৰিগণিত হৈছে।  ২৮৮ ৰানৰ বিশাল লক্ষ্য আগত লৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে সংগ্ৰহ কৰা ২৬২ ৰান যোগ দিলে মেচখনত দুয়োটা দলে সংগ্ৰহ কৰা ৰানৰ পৰিমাণ হয়গৈ ৫৪৯ ৰান। টি- ২০ ক্ৰিকেটৰ ইতিহাসত এখন মেচত সংগৃহিত সেয়াই আছিল সৰ্বাধিক ৰান। কেৱল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধেই নহয়, আই পি এলৰ কেইবাটাও দলৰ বিৰুদ্ধে ইটোৰ পাছত সিটো বিশাল স্ক’ৰৰে এইবাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটাৰ প্ৰতিপক্ষৰ বলাৰৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে। ট্ৰেভিছ হেড, অভিষেক শৰ্মা, হেইনৰিছ ক্লাছেনৰ বেটিং পৰাক্ৰমত ভাঙি টচনচ হৈছে প্ৰতিপক্ষৰ বলিং লাইন আপ। দলটোৱে বেংগালুৰুৰ বিৰুদ্ধে কৰা ২৮৭ ৰানৰ লগতে দিল্লী কেপিটেলছৰ বিৰুদ্ধে সংগ্ৰহ কৰা ২৬৬ ৰান আৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ২৭৭ ৰানৰ ইনিংছ কেইটাৰ বাবেই আই পি এলত দলটোৰ বেটিং সক্ষমতা আৰু পাৰদৰ্শিতা নতুন ৰূপত প্ৰতিফলিত হৈছে। ইপিনে, পঞ্জাব কিংছে ২৬৩ ৰানৰ লক্ষ্য অতিক্ৰম কৰি আন এক অভিলখৰ অধিকাৰী হয়। টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰানৰ লক্ষ্য অতিক্ৰম কৰি অনন্য অভিলেখ স্থাপন কৰে দলটোৱে। একেদৰে চলিত ছিজনতেই অভিলেখৰ জোলোঙাত আন এক নতুন অভিলেখ যোগ দিলে চেন্নাই ছুপাৰ কিংছেও। টুৰ্ণামেণ্টৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ২১২ ৰান সংগ্ৰহ কৰাৰ পাছতেই চেন্নাই ছুপাৰ কিংছ টি-২০ৰ ইতিহাসতেই সৰ্বাধিক ২০০ৰ অধিক ৰান কৰা দলত পৰিণত হয়। কেৱল ২০০ ৰানেই নহয়, আই পি এলৰ ইতিহাসত এইবাৰেই সৰ্বাধিক ২৫০ৰো অধিক ৰানৰ সাক্ষী হৈ ৰৈছে ক্ৰিকেটপ্ৰেমী। চলিত ছিজনৰ পূৰ্বে কেবল দুবাৰ কোনো দলে ২৫০ ৰানৰ সীমা অতিক্ৰম কৰিছিল। ২০১৩ চনত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ২৬৩ৰ পাছত সুদীৰ্ঘ ১০টা বছৰৰ অন্তৰালত ২০২৩ চনত দ্বিতীয়টো আঢ়ৈশ ৰানৰ ইনিংছ লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে কৰিছিল পঞ্জাৱ কিংছৰ বিৰুদ্ধে। কিন্তু এইবাৰৰ আই পি এলত এই পৰ্য্যন্ত ৮ বাৰকৈ বিভিন্ন দলে এনেদৰে আঢ়ৈশ ৰান অতিক্ৰম কৰিছে। আই পি এলত ২০০ ৰান এতিয়া গড় স্ক’ৰত পৰিণত হৈছে। আই পি এলৰ এনে সংহাৰী ৰূপে স্বাভাৱিকতেই ক্ৰিকেট বিশ্বত আলোচনাৰ জোৱাৰ তুলিছে। ইমপেক্ট প্লেয়াৰৰ অন্তৰ্ভুক্তিয়ে বলাৰৰ বাবে যুঁজখন অধিক কঠিন কৰি তুলিছে। আগতে পাৱাৰ-প্লেৰ সময়খিনিলৈকে সীমাবদ্ধ আছিল মাৰমুখি বেটিং। পাৱাৰ-প্লেৰ পাছত পুনৰ ডেথ অভাৰত বিধ্বংসী হৈ উঠিছিল বেটাৰ। তুলনমূলকভাৱে মাজৰ অভাৰখিনিত আছিল বলাৰৰ নিয়ন্ত্ৰণ। কিন্তু ইমপেক্ট প্লেয়াৰৰ অন্তৰ্ভুক্তিয়ে এতিয়া মাজৰ অভাৰখিনিতো অনুৰূপ বেটিং শৈলীকে আঁকোৱালি লৈছে দলসমূহে। এইবাৰৰ আই পি এলত মাজৰ অভাৰখিনিত প্ৰতিটো দলেই গড়ে ১০/১২ ৰানকৈ  সংগ্ৰহ কৰিছে। নিৰ্জীৱ আৰু সম্পূৰ্ণৰূপে ফ্লেট উইকেট তৈয়াৰ কৰি এইবাৰ বেটাৰক দিয়া হৈছে অবাধ স্বাধীনতা। চেপাক আৰু ইডেন গাৰ্ডেনৰ দৰে উইকেটো এইবাৰ পূৰ্বৰ তুলনাত বলাৰৰ সহায়ক হৈ থকা নাই। বেংগালুৰুৰ এম চিন্নস্বামি আৰু দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামৰ সৰু বাউন্দেৰি বলাৰৰ বাবে ঘাতক বিবেচিত হৈছে। বিগত সময়ছোৱাত আই পি এলৰ প্ৰতি কমি অহা আগ্ৰহ আৰু উচাহ ঘূৰাই আনিবলৈ সম্পূৰ্ণ ব্যৱসায়িক স্বাৰ্থতেই প্ৰতিযোগিতাখনৰ ৰেহ-ৰূপ সলাই পেলোৱা হৈছে নেকি তাক লৈও ক্ৰিকেট অনুৰাগীৰ মাজত সৃষ্টি হৈছে চৰ্চা। কাৰণ যিয়েই নহওঁক, টি- ২০ ক্ৰিকেটৰ এই নতুন ৰূপত বেটাৰৰ আধিপত্য প্ৰতিষ্ঠা হ’ব ঠিকেই, কিন্তু একে সময়তে প্ৰকৃত বেট-বলৰ যুঁজ উপভোগৰ পৰা ক্ৰিকেট অনুৰাগীক যে বঞ্চিত কৰিব সেয়াও নিশ্চিত।