ফ্ৰন্টফুটত উমা-যুগললোচন দাস

বোকাখাতৰ  কান্ধুলীমাৰি গাঁৱৰ কিশোৰীজনীয়ে ৰাস্তাত ভায়েকৰ লগত ক্ৰিকেট খেলি ভবা নাছিল যে তাই বোকা- পানীৰ মাজত ফ্ৰন্টফুটত ভৰিখন থৈছে। তাই ভবা নাছিল যে তাইৰ হাতদুখন উইকেটৰ পিছত ভাৰতীয় দলৰ অতন্দ্ৰ প্ৰহৰী হ’ব। ফ্ৰন্টফুটত ভৰিখন থকাৰ বাবেই তাই আজি ২২ গজৰ যুঁজত দেশৰ এগৰাকী যোদ্ধাৰূপে পৰিগণিত হ’ব পাৰিছে।

(২)

চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেট দলত অভিষেক। ভাৰতীয় ক্ৰিকেটত  এগৰাকী অসমীয়া হিচাপে কোনেও ইমান দিনে সম্ভৱ নকৰা এটা সপোন বাস্তৱায়িত হৈছে। বোকাখাতৰ  কান্ধুলীমাৰি গাঁৱৰ সেই কিশোৰীজনীয়ে অসমৰ ক্ৰিকেট ইতিহাসত নতুন যুগৰ সূচনা কৰি এই স্বপ্ন সাৰ্থক কৰিলে। এই ছোৱালীজনী হ’ল উমা চেত্ৰী।  নামটো এতিয়া কাৰো অপৰিচিত নহয়। 

(৩)

উমাৰ অভিষেক টি- ২০ আন্তঃৰাষ্ট্ৰীয় মেচখনত 

 প্ৰথমে বেটিং কৰি  নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল দক্ষিণ আফ্ৰিকা। উইকেটৰ পিছত থাকি  উইকেটৰক্ষকৰ গুৰু দায়িত্ব উমাৰ। এক দুৰ্ভেদ্য প্ৰাচীৰ হৈ থিয় দিছিল। সতৰ্ক দৃষ্টি সতীৰ্থ বলাৰৰ হাতৰ পৰা বিজুলী বেগেৰে নিক্ষেপিত বগা বলটোত। সুযোগ আহিল।  আলহী দলটোৰ অপেনাৰ টানজিম ব্ৰিটছ (৫২ ৰান)ক দিপ্তী শৰ্মাৰ এক যাদুকৰী বলত ক্ষিপ্ৰতাৰে ষ্টাম্পিং কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো চিকাৰ লাভৰ উল্লাস উমাৰ। এই সাফল্যত  উদ্ধুদ্ধ উমা। সতীৰ্থৰ অভিবাদন। কিন্তু দুৰ্ভাগ্যবশতঃ বৰষুণৰ বাবে মেচখন সম্পূৰ্ণ নহ’ল। হাতত বেট লৈ বেটিং চমক দেখুৱাৰ সুযোগ নষ্ট কৰিলে বৰষুণজাকে। তৃতীয়খন মেচত ভাৰতৰ  দমনীয় প্ৰদৰ্শনৰ ওচৰত দক্ষিণ আফ্ৰিকাই সহজে সেও মানে ১০ উইকেটত পৰাস্ত হৈ। এই মেচত খেলি আমাৰ উমাই দক্ষিণ আফ্ৰিকাৰ ইলিজ মেৰি মাৰ্স্কে পূজা বস্ত্ৰাকাৰৰ বলত দিয়া কেচ আয়ত্ত কৰে। আন্তঃৰাষ্ট্ৰীয় মেচত উমাৰ এইটো প্ৰথম কেচ।

(৪)

জীৱনৰ প্ৰথমদুখন আন্তঃৰাষ্ট্ৰীয় মেচত ষ্টাম্পিং আৰু কেচ আয়ত্ত কৰি  নিজৰ প্ৰতিভাৰ উমান দিলে ২২ বছৰীয়া উমা চেত্ৰীয়ে। এখন ভিতৰুৱা গাঁৱৰ বোকা পানীৰ মাজত থাকি ৰাষ্ট্ৰীয় দলত খেলাৰ কথাটো ৰূপকথাৰ দৰে।

২০০২ চনৰ ২৭ জুলাইত গোলাঘাট জিলাৰ বোকাখাতৰ কান্ধূলিমাৰী গাঁৱত উমা ছেত্ৰীৰ জন্ম। এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোকবাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ পাঁচটা সন্তানৰ ভিতৰত কনিষ্ঠ সন্তান উমা। ঘৰৰ চাৰিজন পুত্ৰৰ তিনিজনেই বহিঃৰাজ্যত কৰ্মৰত। ভায়েক বিজয় চেত্ৰীয়ে গাঁৱৰ ৰাস্তাৰ ওপৰতে লগৰীয়াৰ সৈতে ক্ৰিকেট খেলে।

ভায়েকহঁতে খেলা দেখি উমাৰো মন গৈছিল। উইকেট কিপিং কৰি দিছিল সিহঁতক। বলটোৰ পিছে পিছে দৌৰি বুটলি আনি দিয়াৰ কামটো কৰাত  বিজয়হঁতে ভালেই পাইছিল। কিন্তু সিহঁতে জনা নাছিল যে একাগ্ৰতাৰে খেলা বায়েকজনীয়ে ক্ৰিকেটক একাত্মতাৰে ভাল পাই পেলাইছিল।  ৰাস্তাত খেলি থকা দেখি মাকে উমাৰ প্ৰতিভাৰ উমান পালে। মাতৃয়ে নিজৰ সন্তানৰ মাজত লুকাই থকা প্ৰতিভা চিনি পায়। সেয়ে উমাক ক্ৰিকেট খেলাৰ বাবে উৎসাহিত কৰিবলৈ লয়।  বোকাখাত হিন্দী হাইস্কুলত পঢ়াৰ লগতে ক্ৰিকেট সাধনা কৰি গ’ল উমাই। 

(৫) 

ইতিমধ্যে উমাৰ ক্ৰিকেট প্ৰতিভাৰ কথা বিয়পি পৰিছিল। স্থানীয় প্ৰশিক্ষকৰ তত্বাৱধানত নিজৰ লক্ষ্য সাধনৰ দিশত আগ বাঢ়ে। স্থানীয় খেলপথাৰত কঠোৰ অনুশীলন। উমাৰ এই যাত্ৰাৰ আঁৰত বিশেষ ভূমিকা আছিল দুই প্ৰশিক্ষক ক্ৰমে ৰাজা ৰহমান আৰু মেহবুব আলমৰ ।

২০১১ চনতে কান্ধুলীমাৰি গাঁৱৰ পৰা ওলাই আহি হাতত ক্ৰিকেট বেট তুলি লোৱা উমা চেত্ৰীক ক্ৰিকেটৰ অ আ ক খ শিকাই এগৰাকী সুদক্ষ ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাত এই দুয়োগৰাকী দক্ষ প্ৰশিক্ষকৰ অৰিহণা আছিল যথেষ্ঠ । উমাৰ প্ৰতিভাক ঘহি পিহি উজ্জ্বল কৰি তুলিলে।

(৬)

লক্ষ্যপ্ৰাপ্তিৰ স্পৃহাত আতুৰ উমাই ৰাজ্যিক দলৰ পৰা ভাৰতীয় ‘এ’ দলৰ পাছত  টিম ইণ্ডিয়াত স্থান লাভ কৰে।  ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া ক্ৰিকেটাৰৰ কৃতিত্ব অৰ্জন কৰিলে উমাই। ২০২৩ চনৰ জুলাইত ভাৰতীয় মহিলা দলত  বাংলাদেশ ভ্ৰমণৰ সুযোগ পায়।  এই ভ্ৰমণৰ জৰিয়তে উমাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত  প্ৰৱেশ কৰে। সেইবছৰতে হংকঙত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধ ইমাৰ্জিং এছিয়া কাপত ফাইনেলত বাংলাদেশক পৰাস্ত কৰা ইণ্ডিয়া এ দলটোৰ সদস্য আছিল।

ইয়াৰ পিছত ২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰো সদস্য আছিল।

(৭)

ভাৰতীয় দলত উইকেট ৰক্ষক হিচাপে অন্তৰ্ভুক্ত হ’লেও খেলাৰ সুযোগ অহা নাছিল। কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি- ২০ শৃংখলাৰ দ্বিতীয়খন মেচত খেলপথাৰত অৱতীৰ্ণ হৈ নিজৰেই নহয় অসমবাসীৰো দীৰ্ঘদিনীয়া সপোন ফলৱতী কৰিলে উমাই। যাত্ৰা পথত প্ৰথম খোজটো দিছেহে। এতিয়াও বহু দূৰ আগবাঢ়িবলৈ আছে। ছেফালী বাৰ্মা, স্মৃতি মান্ধানাৰ দৰে তাৰকাৰে সমৃদ্ধ ভাৰতীয় দলত নিজৰ স্থান ধৰি ৰখাৰ বাবে প্ৰতিটো খোজতে আছে তীব্ৰ প্ৰত্যাহ্বান। সুযোগৰ সদব্যৱহাৰ কৰিব পৰাটোৱেই উমাৰ এতিয়া প্ৰধান লক্ষ্য। আত্মবিশ্বাসেৰে আগবাঢ়া উমা, তোমাৰ লগত অসমবাসীৰ শুভকামনা, আশীৰ্বাদ সদায় আছে, থাকিব। ক্ৰিকেটৰ পথাৰত সদায় ফ্ৰন্টফুটত থাকা তুমি…।