পৰ্দাৰ আঁৰৰ মানুহ- ৰঘুৰাম মুকুন্দ : সাক্ষৰ জ্যোতি মহন্ত

ভাৰতীয় ক্ৰিকেট দলৰ কেৱল বিশ্বকাপ বুলিয়ে নহয়, যিকোনো সফলতাৰ আঁৰত বহুত মানুহ থাকে, যিসকল কেমেৰা বা চৰ্চাৰ পৰা সদায় আঁৰত থাকে বাবে তেওঁলোক দৰ্শক তথা ক্ৰীড়াপ্ৰেমীৰ মাজতো অপৰিচিত হৈয়ে থাকি যায় ৷ তেনে এজন ব্যক্তি হৈছে “থ্ৰ’ডাউন স্পেচিয়েলিষ্ট” ৰঘুৰাম মুকুণ্ড, যিজন ৰঘু নামেৰেও পৰিচিত। “থ্ৰ’ডাউন বিশেষজ্ঞ” হ’ল এনে এজন ব্যক্তি যিয়ে বলাৰৰ ক্ৰিয়াৰ (Action) অনুকৰণ কৰি বেটছমেনক অনুশীলন আৰু মেচৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিবলৈ অতি নিখুঁত আৰু তীব্ৰ গতিৰে বল নিক্ষেপ কৰাত বিশেষজ্ঞ ৷ ৰঘুৱে বেটছ্মেনক 150/160 Km/hr স্পীডত বল কৰি বেটছ্মেনক অনুশীলন কৰাই ৷ যিটোৰ পৰা ভাৰতীয় বেটছ্মেন সকলে তীব্ৰ গতি বলাৰৰ লগতে বিদেশৰ বাউন্সী পিটছ্ত খেলিবলৈ সুবিধা পায় ৷ Short, Yorker, Wide Yorker, Bouncer ইত্যাদি যিকোনো বল কৰি বেটছ্মেনক প্ৰেকটিছ কৰাব পৰা Skill ৰঘুৰ আছে বাবেই ভাৰতীয় বেটছ্মেনে বিশ্বৰ যিকোনো বলাৰকে সহজে খেলিব পাৰে ৷
এটা দশকৰো অধিক বছৰ ধৰি ভাৰতীয় দলটোৰ সৈতে কাম কৰি অহা ৰঘুৱে তেওঁলোকৰ সহায়ক কৰ্মচাৰীৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। তেওঁ অতি নিখুঁত আৰু বেগেৰে বল নিক্ষেপ কৰাৰ ক্ষমতাৰ বাবে পৰিচিত, যাৰ ফলত তেওঁ দলৰ বাবে এক সম্পদ হিচাপে পৰিগণিত হৈছে । ৰঘুৱে যিকোনো ধৰণৰ বল অনায়াসে কৰিব পাৰে ৷ ৰঘু নিজে বহুত ডাঙৰ খেলুৱৈ নাছিল যদিও তেওঁ এজন প্ৰাক্তন ক্ৰিকেটাৰেই আছিল, যিয়ে তামিলনাডুত জিলা পৰ্যায়ত খেলিছিল।
* শচীন, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাকে ধৰি ভাৰতৰ প্ৰায় সকলো শীৰ্ষ বেটছমেনৰ সৈতে কাম কৰিছে।
* বিভিন্ন ধৰণৰ গতি আৰু বল নিক্ষেপ কৰাৰ ক্ষমতাৰ বাবে তেওঁ পৰিচিত, যাৰ ফলত তেওঁ দলৰ বাবে এক মূল্যৱান সম্পদ।
ভাৰতীয় দলৰ সফলতাত ৰঘুৰ অৱদান বহুলভাৱে স্বীকৃতি লাভ কৰিছে, আৰু তেওঁক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ থ্ৰ’ডাউন বিশেষজ্ঞ হিচাপে গণ্য কৰা হয় ৷ শচীনৰ পৰা কোহলি আৰু এতিয়া প্ৰজন্মৰ গীললৈকে সকলোকে এই ৰঘুৱে নিজৰ Skillৰ প্ৰেকটিছ কৰাই আহিছে ৷ দলৰ সফলতাত ৰঘুৰ অৱদানক সকলো ক্ৰিকেটাৰে শলাগি আহিছে ৷