দুলীপ ট্ৰফী-২০২৪ আৰু ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত-পাৰ্থপ্ৰতীম গোস্বামী
ভাৰতীয় ক্ৰিকেটৰ উত্থানৰ আঁৰৰ এক মূল অংশ ঘৰুৱা ক্ৰিকেটত খেলুৱৈসকলৰ প্ৰদৰ্শনৰ প্ৰতি সচেতন ক্ৰিকেট অনুৰাগীৰ দৃষ্টি সদায়েই নিবদ্ধ হৈ আহিছে। ঘৰুৱা ক্ৰিকেট অথবা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দৃষ্টিনন্দন প্ৰদৰ্শন দাঙি ধৰি ৰাষ্ট্ৰীয় দলত স্থান লাভৰ সপোন সকলো খেলুৱৈয়ে মনত সাঁচি ৰাখে। শেহতীয়াকৈ কৰ্ণাটকৰ এম চিন্নাস্বামী ষ্টেডিয়াম আৰু অনন্তপুৰৰ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈ হোৱা দুলীপ ট্ৰফী প্ৰতিযোগিতাই পুনৰবাৰ ক্ৰিকেট অনুগামীসকলৰ মন মুহিবলৈ সক্ষম হৈছে। আকৰ্ষণীয় বেটিং আৰু বিধ্বংসী বলিঙৰ যৌথ সমাহাৰ হোৱা এই প্ৰতিযোগিতাখনৰ ২০২৪ বৰ্ষ সঁচাকৈয়ে এক গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আছিল।
২০২৪ বৰ্ষৰ প্ৰতিযোগিতাখনত গতানুগতিক প্ৰক্ৰিয়াৰ সলনি ইণ্ডিয়া এ, ইণ্ডিয়া বি, ইণ্ডিয়া চি আৰু ইণ্ডিয়া ডি দলত ভাগ কৰা হৈছিল। ঋষভ পণ্ট, যশস্বী জয়ছোৱাল, শুভমন গীল, কে এল ৰাহুল, ৰুতুৰাজ গাইকোৱাড, ইশান কিশ্বন, ছৰফৰাজ খান, শ্ৰেয়াস আয়াৰ, সূৰ্য্যকুমাৰ যাদৱ, মায়ংক আগৰৱালা, শিভম ডুবে, ৰিয়ান পৰাগৰ লগতে ঘৰুৱা ক্ৰিকেটৰ উজ্জ্বল তাৰকা অভিমন্যু ইশ্বৰণ, ছাই সুদৰ্শন, বিজয়কুমাৰ ব্যাসক, সামাৰ্থ জৈন, মানব সুথাৰ, চামছ মুলানী, আদিয়ে অংশগ্ৰহণ কৰিছিল। চলিত বৰ্ষৰ ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত ইণ্ডিয়া এ আৰু ইণ্ডিয়া বিৰ মাজত অনুষ্ঠিত হৈছিল। প্ৰথম খেলত ইণ্ডিয়া বি দলৰ প্ৰথম ইনিংছত মুশ্বীৰ খানৰ দৰ্শনীয় ১৮১ ৰাণ আৰু দ্বিতীয় ইনিংছত ঋষভ পণ্টৰ আক্ৰমণাত্মক ৬৭ ৰাণৰ সহযোগিতাৰ লগতে বলাৰসকলৰ আকৰ্ষণীয় বলিঙৰ দ্বাৰা ইণ্ডিয়া এ দলক ৫৬ ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হয়। অন্যহাতে দ্বিতীয়খন মেচত ইণ্ডিয়া চি দলৰ অনশুল কাম্বোজ (২টা উইকেট) , বিজয়কুমাৰ ব্যাসক (৩টা উইকেট) আৰু মানব সুথাৰ(২টা উইকেট) তীক্ষ্ণ বলিঙত তচনচ হৈ ইণ্ডিয়া ডি দলে অনায়াসে পৰাজয়বৰণ কৰে। ইণ্ডিয়া ডি দলৰ হৈ মাত্ৰ অক্ষৰ পেটেলে প্ৰথম ইনিংছত ৮৬ ৰাণ সংগ্ৰহ কৰি দলক এক সন্মানজনক স্থিতিত উপনীত কৰে। ব’লাৰে আধিপত্য বিস্তাৰ কৰা খেলখনৰ দুয়োটা ইনিংছ মিলি মানব সুথাৰে সৰ্বাধিক ৮টা উইকেট দখল কৰি মেন অৱ দ্যা মেচ খিতাপ দখল কৰে। প্ৰতিটো দলেই সবৰ্মুঠ ৩ খনকৈ খেলত অংশ লোৱাৰ অন্তত ইণ্ডিয়া ‘এ’ দলে সামগ্ৰিক প্ৰদৰ্শন আৰু পইণ্টৰ ভিত্তিত বিজয়ী দল হিচাপে নিৰ্বাচিত হয়।
২০২৪ বৰ্ষৰ দুলীপ ট্ৰফীৰ উল্লেখযোগ্য প্ৰদৰ্শনসমূহ –
শীৰ্ষ দল
পইণ্ট টেবুল
ইণ্ডিয়া এ – ১২ পইণ্ট
ইণ্ডিয়া চি – ৯ পইণ্ট
ইণ্ডিয়া বি – ৭ পইণ্ট
ইণ্ডিয়া ডি – ৬ পইণ্ট
বলিং
অনুশুল কাম্বোজ (ইণ্ডিয়া চি) – ১৬টা উইকেট (৩খন মেচ)
শ্ৰেষ্ঠ বলিং – ৬৯ ৰাণৰ বিনিময়ত ৮টা উইকেট
মুকেশ কুমাৰ (ইণ্ডিয়া বি) – ১৫টা উইকেট (৩ খন মেচ) – শ্ৰেষ্ঠ বলিং – ৪/৯৮
নৱদ্বীপ ছাইনী (ইণ্ডিয়া বি) – ১৪টা উইকেট (৩ খন মেচ) – শ্ৰেষ্ঠ বলিং – ৭৪ ৰাণৰ বিনিময়ত ৫টা উইকেট
অৰ্শদ্বীপ সিং (ইণ্ডিয়া ডি) – ১৩ টা উইকেট (৩ খন মেচ) – শ্ৰেষ্ঠ বলিং – ৪০ ৰাণৰ বিনিময়ত ৬টা উইকেট
বেটিং
ৰিকি ভুই (ইণ্ডিয়া বি) – ৩৫৯ ৰাণ (৩ খন মেচ) – সৰ্বাধিক – ১১৯*
অভিমন্যু ইশ্বৰণ (ইণ্ডিয়া বি) – ৩০৯ ৰাণ (৩ খন মেচ) – সৰ্বাধিক – ১৫৭*
শ্বাশত ৰাৱাট (ইণ্ডিয়া এ) – ২৫৬ ৰাণ (২ খন মেচ) – সৰ্বাধিক – ১২৪
ৰুতুৰাজ গাইকোৱাড (ইণ্ডিয়া চি) – ২৩২ ৰাণ (৩ খন মেচ) – সৰ্বাধিক – ৬২ ৰাণ
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শেহতীয়াকৈ ঘৰুৱা ক্ৰিকেটৰ মান উন্নীতকৰণৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ঘৰুৱা ক্ৰিকেটৰ উন্নয়নেহে প্ৰকৃতাৰ্থত ভাৰতীয় ক্ৰিকেটৰ মান উন্নীত কৰিবলৈ সক্ষম হ’ ব বুলি সময়ে সময়ে ক্ৰিকেট বিশেষজ্ঞ সকলে দৃঢ় মত পোষণ কৰি আহিছে। এইক্ষেত্ৰত প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ বাবে ২০২৪-২৫ বৰ্ষৰ দুলীপ ট্ৰফী এক উল্লেখযোগ্য প্ৰতিযোগিতা হিচাপে বিবেচিত হৈছে। অনাগত সময়ত ভাৰতীয় ক্ৰিকেট দলে নিউজিলেণ্ডৰ বিৰুদ্ধে ৩খন টেষ্ট, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ভূমিত ৫ খন আৰু ইংলেণ্ডৰ বিৰুদ্ধে ৫ খনীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব। ক্ৰিকেটৰ দীঘলতম সংস্কৰণত আন্তৰ্জাতিক পৰ্যায়ত প্ৰদৰ্শনৰ মান উন্নত কৰি ৰাখিবলৈ ঘৰুৱা ক্ৰিকেট এক অনুশীলনমূলক স্তৰ হিচাপে গণ্য কৰা হয়। তদুপৰি ঘৰুৱা ক্ৰিকেটৰ প্ৰদৰ্শনে ভৱিষ্যতৰ ভাৰতীয় ক্ৰিকেট খেলুৱৈ হিচাপে গঢ় লোৱাত মানসিকভাৱে প্ৰতিগৰাকী খেলুৱৈকে সাজু কৰি তোলে। আশা কৰোঁ, ভাৰতীয় ক্ৰিকেটৰ উৰ্দ্ধমুখী যাত্ৰা প্ৰথম শ্ৰেণীৰ প্ৰতিখন প্ৰতিযোগিতাকেই সম গুৰুত্ব প্ৰদান কৰি খেলুৱৈসকলে অংশগ্ৰহণ কৰি থাকিব।
*******