তিনি তাৰকাৰ ৰিক্ততা পূৰাব কোনে ?-কৌশিক প্ৰতীম ভূঞা

২৯ জুন ২০২৪,সময় তেতিয়া মাজ নিশা ১১ বাজি ২৩ মিনিট। হঠাৎ সকলো ক্ৰিকেটপ্ৰেমী ভাৰতীয়ৰ বুকুৰ স্পন্দন বাঢ়ি গৈছিল । কাৰণ সেই সময়ত এটা মৰিব ধৰা স্বপ্ন পুনৰ প্ৰাণ পাই উঠিছিল। কিন্তু  কেনেকৈ….? হয় ঠিকেই ধৰিব পাৰিছে । সেই সময়তেই ভাৰতৰ বিশ্ব জয়ত হেঙাৰ হৈ পৰা ডেভিদ মিলাৰক হাৰ্দিক পাণ্ডিয়াৰ বলত সূৰ্য কুমাৰ যাদৱে এক অবিশ্বাস্য কেটচ আয়ত্ব কৰি পেভিলিয়নৰ বাট দেখুৱাইছিল। মাজ নিশা । সচৰাচৰ সকলোৰে শুৱাৰ সময় । কিন্তু সেইদিনা সেই সময়ত সকলো ক্ৰিকেটপ্ৰেমী আছিল উজাগৰে। কাৰণ সেই সময়ত তেওঁলোক সাক্ষী হ’বলৈ গৈ আছিল এক ঐতিহাসিক ক্ষণৰ। ঠিক ১১ বাজি ৩০ মিনিট কমেন্ত্ৰীত যেতিয়া ৰবি শাস্ত্ৰীৰ কণ্ঠত শুনা গ’ল ” It’s in the air. It’s India who win the T20 World Cup after 17 years.The drought is over. An ICC tournament after 13…”উহ কি যে এক মধুৰ ক্ষণ। এইষাৰ বাক্য শুনিবলৈ কিমান দিন যে বাট চাব লগা হৈছিল তাৰ কোনো হিচাপ নাই । কি ৰোহিত শৰ্মা, কি বিৰাট ক’হলি নাইবা কি সাধাৰণ ক্ৰিকেট প্ৰেমী সকলোৰে চকুত আৱেগ স্পষ্টকৈ দেখা দিছিল। চকুলোত ভাঁ‌হি অহা আৱেগক কোনেও আনকি ৰখাবলৈও যত্ন কৰা নাছিল।

সকলো ক্ৰীকেটপ্ৰেমীয়ে লাভ কৰিছিল উদযাপনৰ এটা দিন।কাৰোবাৰ হাতত যদি ভাৰতৰ জাতীয় পতাকা আন কাৰোবাৰ হাতত ৰোহিত-বিৰাটৰ ফটো।মাজনিশা ৰাজপথত মানুহৰ ভিৰে বুজায় দিছিল এই বিশ্বকাপ আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল । সকলো ব্যস্ত ফূৰ্তি- তামাছত।কোনোৱে যদি ভগৱানক ধন্যবাদ দিছে আন কোনোৱে আকৌ বেলেগৰ আগত নিজৰ আৱেগ প্ৰকাশ কৰিছে। কিন্তু অলপ পাছত যিটো ঘটনা হ’বলৈ গৈ আছিল তাৰ বাবে হয়তো কোনো ক্ৰীকেট অনুৰাগী মানসিকভাৱে প্ৰস্তুত নাছিল।

সময় ঠিক ১১ বাজি ৪৫ মিনিট আৰম্ভ হৈছিল Presentation Ceremony. ঘোষণা হৈছিল ‘মেন অৱ দ্য মেটছ’। আগুৱাই আহিছিল বিৰাট ক’হলি ।”This was my last T20 World Cup, this is exactly what we wanted to achieve. One day you feel like you can’t get a run and this happens, God is great. Just the occasion, now or never kind of situation. This was my last T20 game playing for India.Time for the next generation to take the T20 game forward” বিৰাট ক’হলিৰ অৱসৰ। কোনোৱে যেন নিজৰ কান দুখনকে বিশ্বাস কৰিব পৰা নাছিল। যদিও অৱসৰৰ বাবে ক’হলিৰ দৰে খেলুৱৈৰ বাবে ইয়াতকৈ উপযুক্ত মঞ্চ একো হ’ব নোৱাৰে। কিন্তু সকলো বুজিও যেন অবুজন আমি। কেনেকৈ কল্পনা কৰিম ক’হলি বিহীন ভাৰতীয় দল । যদিও টেষ্ট আৰু এদিনীয়া খেলি যাব কিন্তু ক’ৰবাত যেন হৃদয়ৰ একোণত এটা বিষ থাকি যাব।কাৰণ বিগত ১৪ বছৰে ভাৰতৰ মিডল অৰ্ডাৰ সুন্দৰকৈ চম্ভালি যোৱা খেলুৱৈ জনেই হ’ল বিৰাট ক’হলি।

এই ১৪ বছৰীয়া বৰ্ণিল যাত্ৰাৰ আৰম্ভ হৈছিল ২০১০ চনত যেতিয়া ক’হলিয়ে জিম্বাব’ৱেৰ বিৰুদ্ধে টি২০ আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটাইছিল। তাৰ পাছত বৰ্তমানলৈ ১২৫ খন খেলৰ ১১৭ টা ইনিংছত ৪৮.৭ গড়ে আৰু ১৩৭.০৪ ষ্ট্ৰাইক ৰেটেৰে এটা শতক আৰু ৩৮ টা অৰ্ধশতকৰ সহায়ত ৪১৮৮ ৰাণ সংগ্ৰহ কৰিছিল । য’ত তেওঁ‌ৰ সৰ্বোচ্চ আছিল আফগানিস্তানৰ বিৰুদ্ধে ১২২ ৰাণ । আকৌ ১৩ টা ইনিংছত বলিং কৰি লাভ কৰিছিল ৪ টা উইকেট। ঠিক তেনেদৰে  ট২০ বিশ্বকাপতো ক’হলিয়ে  ৩৫ খন খেলত ৫৮.৭২ গড়ে আৰু ১২৮.৮১ ষ্ট্ৰাইকৰেটেৰে ১৫ টা অৰ্ধশতকৰ সহায়ত ১২৯২ ৰাণ সংগ্ৰহ কৰিছিল । য’ত তেওঁ‌ৰ সৰ্বোচ্চ আছিল অপৰাজিত ৮৯ ৰাণ । অকল ইমানেই নহয় ক’হলি হ’ল টি২০ বিশ্বকাপৰ বৰ্তমানলৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটছমেন। কোনে পাহৰিব পাৰে ক’হলিৰ ২০১২ চনৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত ৭৮ ৰাণ, ২০১৪ চনৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অপৰাজিত ৭২ ৰাণ, ২০১৬ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অপৰাজিত ৮২ ৰাণ, ২০২২ চনৰ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত ৮২ ৰাণ নাইবা এইবাৰৰ বিশ্বকাপৰ ফাইনেলত খেলা ৭৬ ৰাণ। ক’হলি আমাৰ বাবে কি সেইয়া দুনাই কোৱাৰ প্ৰয়োজন নাই। যেতিয়াই দল সংকটত পৰে তেতিয়াই ত্ৰাণকৰ্তাৰ ৰূপত দেখা দিয়া মানুহজনেই হ’ল ক’হলি।

কিন্তু অনুৰাগীৰ দুখৰ বেদনা ইমানতে অন্ত পৰা নাছিল। কিয়নো অলপ সময়ৰ পাছতে কেপ্টেইন ৰোহিত শৰ্মাইও টি২০ৰ যাত্ৰা ইমানতেই সমাপ্ত কৰাৰ কথা ঘোষণা কৰিছিল। যিজনৰ হাতত ধৰি দেশে ১৩ বছৰৰ পাছত বিশ্ব জয়ৰ সোৱাদ লাভ কৰিছিল সেইজনেও অৱশেষত নতুন চামৰ হাতত দলৰ দায়িত্ব অৰ্পনৰ কথা ঘোষণা কৰি নিজৰ ১৭ বছৰীয়া বৰ্ণিল টি২০ কেৰিয়াৰ ইমানতেই সামৰণি মাৰিছিল।

ৰোহিত শৰ্মাই নিজৰ টি২০ যাত্ৰা আৰম্ভ কৰিছিল ইংলেণ্ডৰ বিৰুদ্ধে ২০০৭ চনত। বৰ্তমানলৈ নিজৰ ১৭ বছৰীয়া টি২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ১৫৯ খন খেলৰ ১৫১ টা ইনিংছত ৩১.৩৪ গড়ে আৰু ১৪০.৮৯ আকৰ্ষণীয় ষ্ট্ৰাইকৰেটেৰে ৫ টা শতক আৰু ৩২ টা অৰ্ধশতকৰ সহায়ত ৪২৩১ ৰাণ সংগ্ৰহ কৰিছে। য’ত তেওঁ‌ৰ সৰ্বোচ্চ হৈছে ১২১ ৰাণ। আনহাতে টি২০ বিশ্বকাপত সতীৰ্থ বিৰাট ক’হলিৰ পাছতে হৈছে দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী। টি২০ বিশ্বকাপত তেওঁ ৪৭ খন খেলৰ ৪৪ টা ইনিংছত ৩৪.৮৫ গড়ে আৰু ১৩৩.০৪ ষ্ট্ৰাইক ৰেটেৰে ১২২০ ৰাণ সংগ্ৰহ কৰিছে। তেওঁ‌ বিশ্বকাপত খেলা কেইটামান আকৰ্ষণীয় ইনিংছ হৈছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২০০৭ চনত খেলা ৫০ ৰাণ, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০১০ চনত খেলা অপৰাজিত ৭৯ ৰাণ, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২০১৪ চনত খেলা অপৰাজিত ৬২ ৰাণ, আফগানিস্থানৰ বিৰুদ্ধে ২০২১ চনত খেলা ৭৪ ৰাণ, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই বিশ্বকাপত খেলা ৯২ ৰাণ।

পৰিসংখ্যালৈ মন কৰিলেই দেখা যায় ৰোহিত-ক’হলি ভাৰতীয় দলটিৰ বাবে কি আছিল। এজনে যদি বিস্ফোৰক আৰম্ভণি দিছিল আনজনে আকৌ মিডল অৰ্ডাৰৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল আৰু সেয়েহে অনুৰাগীৰ মাজতো তেওঁ‌লোক “RoKo” নামেৰে জনপ্ৰিয় হৈছিল।

কিন্তু বিৰাট ক’হলিয়ে আৰম্ভ কৰা অৱসৰৰ যাত্ৰা ৰোহিত শৰ্মাতেই শেষ হোৱা নাছিল । বিশ্বকাপ জিকাৰ পাছদিনাই অৰ্থাত ৩০ জুন তাৰিখে সামাজিক মাধ্যমত পোষ্ট কৰি আন এজন জ্যেষ্ঠ তাৰকা খেলুৱৈ তথা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজায়ো অৱসৰ ঘোষণা কৰে।নিজৰ বেটিং, বলিং তথা আকৰ্ষণীয় ফিল্ডিঙৰ বাবে নাম থকা খেলুৱৈ আছিল ৰবীন্দ্ৰ জাদেজা। নিজৰ টি২০ কেৰিয়াৰত  জাডেজাই ৭৪ খন খেলৰ ৪১ টা ইনিংছত তেওঁ‌ ২১.৪৬ গড়ে আৰু ১২৭.১৬ ষ্ট্ৰাইক ৰেটেৰে ৫১৫ ৰাণ সংগ্ৰহ কৰিছিল য’ত সৰ্বোচ্চ হৈছে ৪৬ ৰাণ। আনহাতে ৭১টা ইনিংছত ২৯.৮৫ গড়ে আৰু ৭.১৩ ইক’নমিৰে ৫৪ টা উইকেট দখল কৰাৰ লগতে ২৮ টাকৈ গুৰুত্বপূৰ্ণ কেটচ আয়ত্ব কৰিছিল। অৰ্থাৎ ক’ব গ’লে এজন পাৰফেক্ট 3D প্লেয়াৰ আছিল জাদেজা। টি২০ বিশ্বকাপত বেটিঙত বৰ বিশেষ সফল নহলেও বলিঙত ২৯ টা ইনিংছত ২৮.৯ গড়ে আৰু ৭.২২ ইক’নমিৰে ২২ টা উইকেট দখল কৰিছিল । আনহাতে ফিল্ডিঙত দলৰ হৈ কিমান ৰাণ বচাইছিল  তাৰ কোনো হিচাপ নাই । ক’ব গ’লে ভাৰতৰ সৰ্বকালৰ এজন অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ আছিল ৰবীন্দ্ৰ জাদেজা।

কিন্তু এই তিনিওজন জ্যেষ্ঠ তাৰকা খেলুৱৈৰ বিদায়ৰ লগে লগে বৰ্তমান প্ৰশ্ন হৈছে তেওঁলোকৰ ৰিক্ত স্থান পূৰাব কোনে?তেওঁলোকে দলত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেই ভূমিকা পালন কৰিব কোনে? ৰবীন্দ্ৰ জাদেজাৰ ঠাইত বহুতে অক্ষৰ পেটেলৰ নাম ল’ব খোজে।পেটেলেও যেতিয়াই দলত সুবিধা পাইছে নিজৰ প্ৰতিভাৰ পৰিচয় দিছে। ইতিমধ্যে হৈ যোৱা বিশ্বকাপতো পেটেলে বেটিং, বলিং আৰু ফিল্ডিং এই তিনিওটা বিভাগতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। কিন্তু সাম্প্ৰতিক সময়ত অনুৰাগীৰ মনলে অহা আটাইতকৈ ডাঙৰ প্ৰশ্নটোৱেই হ’ল পৰৱৰ্তী সময়ত ৰোহিত শৰ্মা আৰু বিৰাট ক’হলিৰ ঠাই ল’ব কোনে …???