টাইমিং-দিগন্ত কুমাৰ ভট্টাচাৰ্য্য
‘টাইমিং’- শব্দটো প্ৰথমবাৰৰ বাবে শুনিছিলোঁ ৰন্টু দাৰ মুখত। আমি তেতিয়া হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়োঁ। হাইস্কুল এৰাৰ আমাৰ প্ৰায় বিশ বছৰেই হ’ল। ৰন্টু দাক আমি শ্ৰদ্ধা কৰিছিলোঁ। তেওঁক লৈ গৌৰৱো কৰিছিলোঁ খুউব। গুৱাহাটীত থাকি তাৰে ক্লাৱ এটিৰ হৈ ক্ৰিকেট খেলিছিল। তেতিয়াৰ খুউব নাম কৰা ক্ৰিকেটাৰ আছিল তেওঁ। গাঁৱৰ ঘৰলৈ আহিলে কেতিয়াবা আমাৰ স্কুলৰ ফিল্ডত নামি আমাৰ লগত ক্ৰিকেট খেলিছিল। চিলাই দিয়া বল প্ৰথম তেওঁৰ হাততেই দেখিছিলোঁ। প্ৰায়েই বাঁহৰ বলেৰে খেলা আমিবোৰে ৰ’ লাগি চাইছিলোঁ। আমাৰ দুজনমানক তেওঁ বতাহৰ গতি আৰু দিশ চাই কেনেকৈ বলিং কৰিব লাগে শিকাইছিল।
‘তই চাপৰ। বেটিঙত মন দে’ -মোক কৈছিল তেওঁ।
‘বেটখন এনেকৈ ধৰিবি, ব’লাৰে বলটো হাতত লোৱাৰ পৰাই তীক্ষ্ণ দৃষ্টি ৰাখিবি। বাওঁভৰিখন ইমান আগুৱাই…..সোঁহাতখন ঠিক এনেকৈ বেঁকাকৈ লৈ…..বচ্ দেখিবি হৈ গ’ল সুন্দৰ ক’ভাৰ ড্ৰাইভ!’ ৰন্টুদাই মোক বেটিং কৰিবলৈ মাতে।
মই ৰন্টুদা’ৰ কথা মতেই ব’লাৰৰ বলটোলৈ চাওঁ সুতীক্ষ্ণ দৃষ্টিৰে। বলটো ওচৰলৈ অহাৰ লগে লগে বেট আগুৱাও, ঠিক তেওঁ কোৱাৰ দৰেই।
ৰন্টু দাই চিঞৰে – ‘ধুৰৰ! কট্ বিহাইণ্ড হৈ গ’লি দেখোন! অকল শুনামতে কৰিলেই নহ’বতো। আচল কথা হ’ল -‘টাইমিং’! …..টাইমিং লাগিব বুজিছ? টাইমিং!’
বেটিং কৰিবলৈ শিকা নহ’ল, কিন্তু শব্দটোৱে মনত সাঁচ বহুৱাই থৈ গ’ল। টাইমিঙত কেঁচা হৈ ৰৈছিলোঁ মই, বাৰে বাৰে। জীৱন বাটৰ ভিন্ন কেঁকুৰি পাৰ হওতে টাইমিং ঠিক নোহোৱা বাবেই কৰ্ফাল খাই পৰিছিলোঁ বহুবাৰ! প্ৰতিবাৰে যেন ৰন্টু দাৰ দৰে কাণৰ কাষত চিঞৰি কোনোবাই কৈ যায়-‘তেনেকৈ নহ’ব, ভাই! টাইমিং লাগিব বুজিছ!’
ৰন্টু দাৰ গালি শুনি লাজতে মূৰটো তল কৰিছিলোঁ। ওচৰেৰে তৰুলতা পাৰ হৈ যায় লগৰকেইজনীৰ লগত। তেতিয়া মোৰ লাজটো দুগুণে বাঢ়ে, কাণ মূৰ ৰঙা পৰে। তৰুলতা আমাৰ স্কুলৰ ওচৰৰ ছোৱালী স্কুলখনত পঢ়িছিল।
সদায় ৰাতিপুৱা তাই আমাৰ ঘৰৰ আগেৰেই স্কুললৈ যায়। নতুনকৈ মেখেলা-চাদৰ পিন্ধা শিকিছে। মই নঙলা মুখৰ পৰাই চাই ৰওঁ সদায়। ইফালে তাইৰ ধীৰ গতিৰ খোঁজ, আনফালে মোৰ হিয়াত কম্পন। লগৰ ৰাতুলে কৈছিল, ‘মনৰ কথা সোনকালে কৈ দে, ৰৈ থাকি লাভ নাই। সময়ৰ কাম সময়ত নকৰিলে একো নহ’বগৈ পাছত’।
এদিন গোটেই নিশা উজাগৰে থাকি চাৰিশাৰীত মনৰ কথা লিখিলোঁ। তাই অহাৰ লগে লগে চিঠিখন জাঁপি তাইৰ গালৈ দলিয়াই দি প্ৰেম প্ৰকাশ কৰাৰ আশা পাঙিছিলোঁ মনতে। তাই আহিছিল সেইদিনা অকলে। নঙলামুখৰ গোলাপজোপাৰ আঁৰ লৈ তাইলৈ লক্ষ্য কৰি দলিয়াইছিলোঁ। চিঠিখন তাই যোৱাৰ পাছতহে পৰিল বাটত। ভুল ‘টাইমিং’। তাই ঘূৰিও নাচালে। কোন তলকত সৰু ভন্টিয়ে চিঠিখন বুটলি পিতাইৰ কাষলৈ দৌৰিলে গমকে নাপালোঁ।
‘দাদাই এইখনেৰে তৰু বাইদেউৰ লগত ‘জাহাজ জাহাজ’ খেলিছে’- পিতাইৰ হাতত তুলি দিছিল চিঠিখন তাই। অনক্ষৰ পিতায়ে ডাঙৰ ভন্টিক মাতি আনিছিল।
তাই ডাঙৰ ডাঙৰকৈ মাতি পঢ়ি শুনালে মোৰ প্ৰেমপত্ৰ। শব্দবোৰে পিতাইৰ চকু-মুখ ৰঙচুৱা কৰি আনিছিল ক্ৰমাৎ।
‘টাউনত চাকৰি কৰা কলিতা দা’ৰ ছোৱালীৰ লগত প্ৰেম কৰাৰ সপোন দেখ তই?’ – উৰুকাৰ বাবে ৰখা ফলা খৰিৰ কোববোৰ ভৰিত পৰিবলৈ ধৰিলে। সোঁ-বাওঁভৰিক লক্ষ্য কৰি অহা কোবটোৰ পৰা বচাবলৈ ভৰি ডাঙি ডাঙি জপিয়াইছিলোঁ। এবাৰ সোঁখন, আনবাৰ বাওঁখন। ভুল হৈ যায় টাইমিংবোৰ। ৰঙা দাগবোৰ জিলিকিবলৈ আৰম্ভ কৰিলে ভৰিত। পিতাইৰ টাইমিং সঠিক আছিল, ঠিক ৰজনী মাষ্টৰৰ দৰে। এবাৰ আগনিশা হৰেশ্বৰহঁতৰ চোতালত বহি চোৱা মিঠুনৰ চিনেমাৰ ‘ফাইট’বোৰৰ সৰস আলোচনা কৰি থাকোতেই ছাৰ দৌৰি আহিছিল বেতডাল জোঁকাৰি। মিঠুনৰ চিনেমাৰ পৰা ওলাই আহি জ্যামিতিৰ সূত্ৰ ক’বলৈ হাঁহাকাৰ লাগিছিল আমাৰ।
বাকীকেইজনে টাইমিং মিলাইছিল। হাতখন এবাৰ পিছুৱাই,এবাৰ আগুৱাই টাইমিং মিলাই বেতৰ কোবৰ পৰা ৰক্ষা পৰিছিল বাকীকেইজন। মই নোৱাৰিলোঁ। মোৰ টাইমিং সঠিক নাছিল! তেজ বিৰিঙি উঠিছিল হাতত। ৰন্টু দাই কোৱাৰ দৰে কোনোবা এজনে আকৌ যেন বিৰক্তিৰে কৈ যায় – ‘নহ’ব তোৰ। সময়ৰ শৰ সময়ত নামাৰিলে পিছুৱাই ক’ৰবাত পৰি ৰ’বি জীৱনত।’
অংক মোৰ বাবে যম আছিল। ৰজনী মাষ্টৰক দেখিলেও গাটো বিছাই ডঁকা দি ডাঁকিছিল। সমীকৰণবোৰ অদ্ভূত লাগিছিল মোৰ। মাষ্টৰে শিকোৱা সমীকৰণবোৰ মিলাব নোৱাৰিছিলোঁ কাহানিও। এতিয়াও নোৱাৰোঁ, বৰ কঠিন লাগে জীৱনৰ সমীকৰণবোৰ। যিটো ভাবি লৈ আগ বাঢ়োঁ, ওলোটাটোহে হয়। ধৰি লোৱা মতে নিমিলে।
‘আই ও, আজি মই নোৱাৰিম চাগে। ইয়াৰ পাছত আৰু নপঢ়োঁ মই। যিকোনো কামেই কৰিম লাগিলে’- মেট্ৰিক পৰীক্ষাৰ অংকৰ কাকতখন দিবলৈ অহাৰ আগে আগে মাক কৈ আহিছিলোঁ। মায়ে একো বুজা নাছিল। পৰীক্ষাৰ শেষৰ দহমিনিটৰ কথা মনত আছে এতিয়াও। পাছফালৰ পৰা কাগজৰ টুকুৰাটো ৰাতুলে দলিয়াইছিল মোলৈ-‘ধৰিবি, বিশ নম্বৰ আছে।’ মই হাত ডাঙিছিলোঁ। শেষ আছিল সেই টুকুৰাটো। মোৰ পিছফালে বহা ৰাজীৱে হাত মেলি টুকুৰাটো ল’লে। তাৰ টাইমিং সঠিক, মোৰ নহ’ল।
‘মই লিখি তোক দি আছোঁ’ – ৰাজীৱে ক’লে। মই ৰৈ থাকিলোঁ। ফাইনেল বে’ল পৰিল। অংকত পাছ কৰিব নোৱাৰিলোঁ। মেট্ৰিক ফেইল হৈ থাকিব লগা হ’ল আজীৱন। ৰিজাল্ট দিয়াৰ দিনা ৰাজীৱৰ ঘৰত কোমোৰাৰে ৰন্ধা হাঁহৰ মাংসৰ গোন্ধ আমাৰ ঘৰলৈ আহিল। মই ভোকত থকা স্বত্বেও নিমখ-তেলেৰে ভাত মুঠি খাব নোৱাৰিলোঁ। অংকৰ পৰীক্ষাৰ দিনা মোৰ টাইমিং সঠিক হ’লে মায়ে কিজানি পাৰৰ মাংস ৰান্ধিলেহেঁতেন, নাৰিকলেৰে! পিতায়ে কিজানি মহাসুখে ভাখেৰিৰ বাঁহৰ খুটাটো ফালি তাতে সাঁচি ৰখা খুচুৰা পইচাৰ হিচাপটো কৰিলেহেঁতেন কলেজত নাম লগোৱাৰ টকাৰ হিচাপৰ কিছু অংশ তাৰ পৰা আহে নে নাই বা বুলি!
ooo
টৰ্চটোৰ ক্ষীন পোহৰ ল’কাৰটোৰ ওপৰত পৰিল।
হৰিহৰে মোলৈ চাই ক’লে-‘সাৱধানে খুলিবি, শব্দ হ’লে মৰিম দুয়ো’। মই জ্বৰ ঘমাদি ঘামিছোঁ। টাউনত পাণ-তামোলৰ দোকান দি তিনিজনীয়া পৰিয়াল এটিক পোহপাল দি জীয়াই থকাটো কষ্টকৰ। নৰহৰি আমাৰ গাঁৱৰেই। সিয়েই কৈছিল এদিন প্ৰথমতে কথাটো। এৰাতিৰ কষ্ট, এবছৰলৈ সুখৰ জীৱন। কষ্ট-সংশয় অলপ নথকা নহয়, কিন্তু সফল হ’লে জীৱনটোৱে অন্য গতিও ল’ব পাৰে। সি কোৱা কথাবোৰ সঁচা যেন বোধ হৈছিল। মান্তি হৈছিলোঁ তাৰ কথাত।
সন্তপৰ্ণে মই ডুপ্লিকেট চাবিপাটেৰে ল’কাৰটো খুলিবলৈ চেষ্টা কৰিলোঁ। কিমান টকা থাকিব পাৰে বাৰু ভিতৰত! মনে মনে হিচাপ এটা কৰি ল’লোঁ। সৰু শব্দ কৰি ল’কাৰটো খোল খালে কিন্তু তাৰ লগে লগে বাজি উঠা কাণ তাল মৰা শব্দ এটিয়ে আমাৰ যেন প্ৰাণ বায়ু লৈ যাব, এনে লাগিল। আমি তত ধৰিবই নোৱাৰিলোঁ। হঠাতে বাহিৰত চিঞৰ-বাখৰ আৰম্ভ হ’ল। মানুহৰ দৌৰা-দৌৰি। হুইচেলৰ শব্দ। হয়তো মানুহঘৰৰ বাহিৰত থকা ছিকিউৰিটি গাৰ্ডকেইজনৰ চিঞৰ।
‘ঐ পলা, মৰিলোঁ আজি….’- হৰিহৰৰ আটাহ কাণত সোমাল! দুয়ো দৌৰিবলৈ আৰম্ভ কৰিলোঁ আন্ধাৰতে। দুই মহলাৰ চাঁদৰ ওপৰ পালোঁ।
‘ইয়াৰ পৰা জাঁপ দিব লাগিব। মাটি পাই সৌ পথাৰৰ মাজেৰে গৈ ৰাষ্টা উঠিম। জাঁপ দে…..ইহঁত আহিছে পিছফালে’- হৰিহৰে জপিয়ালে তললৈ। ময়ো জপিয়াবলৈ লওতেই পিছফালৰ পৰা কোনোবা দুজনে ধৰিলে মোক সঁজোৰে। মোৰ টাইমিং নিমিলিল, হৰিহৰৰ মিলিল! সি বাচি গ’ল। গভীৰ আশংকাত মোৰ চকু দুটা মুদ খাই আহিল।
সাৰ পাই সৰ্বশৰীৰতে বিষ অনুভৱ কৰিলোঁ। লক আপৰ ভিতৰতে কোনোবা এজনে আহি মোৰ গালে-মুখে পানী অকন ছটিয়াই দি গ’ল। ঠিয় হ’বলৈও ভৰি দুখনে যেন শক্তি হেৰুৱাই পেলাইছে।
লক্ আপৰ ভিতৰৰ পৰাই দেখিলোঁ পত্নী নীৰু আহিছে। উখহা দুচকু তাইৰ। পুলিচ দুজনৰ লগত কিবা কথা পাতিছে। তাইৰ কোলাত আমাৰ কণমানি পোণা। সি ভৰি দুখন বেঁকা কৰি নিশ্চুপ হৈ পুলিচজনৰ ৰঙা টুপীটো চাই আছে। বোধকৰোঁ তাৰ ঠাণ্ডা লাগিছে। এইবাৰ শীত পৰাৰ লগে লগেই তাক গৰম কাপোৰ এযোৰ কিনি দিম বুলি কথা দিছিলোঁ নীৰুক। সমীকৰণবোৰ নিমিলিল। সিক্ত হ’ল মোৰ দুচকু। দুগালেৰে বৈ আহিল চকুলো। নীৰুৱে মোলৈ চালে। তাই চোৱাৰ আগতেই মই চকুপানী মঁচি লৈছিলোঁ। তাই নেদেখিলে। প্ৰথমবাৰৰ বাবে মোৰ ‘টাইমিং’ সঠিক হ’ল। এক সেমেকা হাঁহি বিৰিঙি উঠিল মোৰ দুই ওঁঠত!!