ক্ৰিকেট ইতিহাসৰ ১০ শীৰ্ষ ব’লাৰ যুটি-প্ৰাচুৰ্য্য মহন্ত

বেট-বলৰ মহাৰণ ক্ৰিকেটত আজিৰ এই টি২০ ক্ৰিকেটৰ দিনত প্ৰায় দৰ্শক বা সমৰ্থকে বেটাৰৰ তুলনাত ব’লাৰক কম গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ৷ (বিশেষকৈ ভাৰতত)বেটাৰক ভগৱানৰ দৰে পূজা কৰা হয় কিন্তু ব’লাৰৰ ফেনবেচ তেনেই নগণ্য। নিজকে ব’লাৰ হিচাপে প্ৰতিস্থা কৰিব বিচৰা কিছুমান খেলুৱৈয়ে আইডল হিচাপে বেটাৰক বাচনি কৰে। এইটো ভাবিবলগীয়া কথা নহয় নে?

আজিৰ পৰা ২০বছৰৰ আগত ক্ৰিকেটত হয়টো এইটো পৰিৱেশ নাছিল৷ ক্ৰিকেট বিশ্বৰ প্ৰেক্ষাপটত অহাৰ পৰাই ব’লাৰে বেটাৰৰ সমানে সমানে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰি আহিছে লাগিলে সি পেচ ব’লাৰেই হওঁক বা স্পিন ব’লাৰেই হওঁক, বিংশ শতিকাৰ ৪০ৰ চি.ভি গ্ৰিমেট, এইচ ভেৰিটিৰ পৰা আদি কৰি আজিৰ বুমৰাহ, অশ্বিন, ষ্টাৰ্কলৈকে ব’লাৰে নিজৰ ক্ষমতাৰ বলত অসংখ্য খেলত নিজৰ দলৰ বিজয়ত মূখ্য ভূমিকা পালন কৰি আহিছে। এই ব’লাৰ সমূহৰ মাজত এনে কিছুমান ব’লাৰৰ যুটি আছে যিয়ে বিশ্ব ক্ৰিকেটত দপদপাই আছিল বা আছে। তাৰে ১০টা শীৰ্ষ ব’লাৰৰ যুটি তলত উল্লেখ কৰা হ’ল।

১। জেমছ এণ্ডাৰচন-ষ্টুৱাৰ্ট ব্ৰড:- এই যুটিটোৱে ২১ শতিকাৰ ২য় আৰু ৩য় দশকৰ প্ৰথম ভাগলৈ একেলকে ১৩৮ খন টেষ্টত ভাগ লৈ ১০৩৯ টা উইকেট দখল কৰি শ্ৰেষ্ঠ ব’লাৰ যুটিত প্ৰথম স্থানত আছে।

২। শ্বেণ ৱাৰ্ণ-মেকগ্ৰাথ:-বিশ্ব ক্ৰিকেটক শাসন কৰি থকাৰ কালত অষ্ট্ৰেলিয়ান ক্ৰিকেটে জন্ম দিয়া মহান ক্ৰিকেটাৰ সকলৰ ভিতৰত অন্যতম মেকগ্ৰাথ-ৱাৰ্ণ যুটি হৈছে বিশ্ব ক্ৰিকেটত ১০০০ উইকেট দখল কৰা প্ৰথম যুটি। এই যুটিটোৱে ১০৪ খন টেষ্টত একেলগে ভাগ লৈ ১০০১টা উইকেট দখল কৰিছিল।

৩। ভাছ-মুৰুলীধৰণ:– শ্ৰীলংকা ক্ৰিকেটৰ অন্যতম পেচ ব’লাৰ ভাছ আৰু বিশ্ব ক্ৰিকেটৰ মুকুটবিহিন সম্ৰাট মুৰুলীধৰণ যুটিৱে ৯৫ খন টেষ্টত ৮৯৫ টা উইকেট দখল কৰিছিল।

৪। কাৰ্টনি এমব্ৰোচ-কাৰ্টলে ৱালচ:- একালৰ ভয়ংকৰ ৱেষ্ট ইণ্ডিজৰ ভয়ংকৰ ব’লাৰ। এটা সময়ত বহু বেটাৰ ৱালছ-এমব্ৰোচৰ বলৰ সন্মুখীন হ’ব লগা হ’লে হিংস্ৰ জন্তুৰ মুখৰ আগত পৰাৰ দৰে অসহায় হৈ পৰা দেখা গৈছিল। এইটো যুটিয়ে বেটাৰৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি ৯৫ টেষ্টত ৭৬২টা উইকেট দখল কৰিছিল।

৫। ষ্টাৰ্ক-লিয়ন:– এওঁলোক দুজনে বৰ্তমানলৈকে ৮৪ খন টেষ্টত ৬৭১টা উইকেট দখল কৰিছে। বৰ্তমান এই দুজন হৈছে অষ্ট্ৰেলীয়া দলৰ বলিং লাইন আপৰ ৰাজহাঁড় সদৃশ ৷

৬। ৰবিচন্দ্ৰন অশ্বিন-ৰবিন্দ্ৰ জাদেজা:– ভাৰতৰ ক্ৰিকেট ইতিহাসৰ যিসকল স্পিনাৰে বিশ্বক্ৰিকেটত নিজৰ নাম উজলাইছে তাৰে ভিতৰত প্ৰথম শাৰীত থাকিব অশ্বিন-জাদেজা। বলিঙৰ লগতে নিজৰ কৌশলী বেটিঙেৰে দলক অলেখ জয়ৰ সোৱাদ দিয়া ভাৰতীয় দলৰ আমাৰ সকলোৱে আপোন এই যুটিটোতে এতিয়ালৈকে একেলগে ৫৫ খন টেষ্টত ভাগ লৈ ৫৬২টা উইকেট দখল কৰিছে ৷ হয়তো আৰু ২/৪বছৰ খেলিলে এইটোকে বহু ৰেকৰ্ড ভংগ কৰিব বুলি আশা কৰিব পাৰিব।

৮। ৱাছিম আক্ৰাম-ৱাকাৰ ইউনুছ:– ভাৰতীয় দলৰ চিৰ প্ৰতিদ্বন্দী পাকস্তানী ক্ৰিকেট দলৰ সৰ্বকালৰ শ্ৰেষ্ঠ ব’লাৰদ্বয় ৱাছিম-ৱাকাৰে নিজৰ বাওঁহতীয়া বলিঙেৰে এটা সময়ত সকলো বেটাৰকে থকা-সৰকা কৰি থৈ গৈছে। পাকিস্তানী ক্ৰিকেট আগুৱাই যোৱাত এই দুজন ক্ৰিকেটাৰৰ ভুমিকা উল্লেখ্যযোগ্য। এই যুটিটোৱে ৬১ টেষ্টত ৫৫৯টা উইকেট দখল কৰিছিল।

৯। শ্বণ পোলক-জেক কালিছ:– আজিৰ দক্ষিণ আফ্ৰিকা আৰু ১০ বছৰৰ আগৰ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ চেহেৰা আকাশ পাতাল পাৰ্থক্য আছে৷ পোলক আৰু কালিছ হৈছে আফ্ৰিকা ক্ৰিকেটক চুড়ান্ত শিখৰলৈ তুলি নিছিল। বিশ্বৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ সকলৰ ভিতৰৰ এই যুটিয়ে বেটিং বলিং উভয়তে সফলতা লাভ কৰিছিল। দুয়োয়ে একেসময়তে ৯৩ খন টেষ্টত ৫৪৭টা উইকেট দখল কৰিছিল।

১০। ট্ৰেণ্ট ব’ল্ট-টিম ছাউথী:– দ্বৈতভাৱে ৬৫খন টেষ্টত ৫৪১টা উইকেট দখল কৰা বৰ্তমান বিশ্বৰ দুয়ো অন্যতম সফল পেচ ব’লাৰ যুটি । বাওঁ-সোঁ হতীয়া কম্বিনেশ্বনেৰে বেটাৰক শ’লঠেকত পেলোৱা দুয়োকে বিশ্ব ক্ৰিকেটে বহুত দিনলৈ মনত ৰাখিব।

*******