ক্ৰিকেটৰ মহান শিল্পী এলেষ্টেয়াৰ কুক-সাক্ষৰ জ্যোতি মহন্ত
বিশ্ব ক্ৰিকেটত এনে এজন খেলুৱৈ আছে যিজনৰ কথা কমকৈ চৰ্চিত হ’লেও সেইজন খেলুৱৈয়ে যদি কম বয়সতে অৱসৰ নল’লেহেঁতেন তেন্তে হয়টো টেষ্ট ক্ৰিকেটত হয়টো ‘God of Cricket’ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰিব পাৰিলেহেঁতেন । সেই মহান খেলুৱৈজন হৈছে ইংৰাজ ক্ৰিকেটাৰ এলেষ্টেয়াৰ কুক, যিজন সঁচাকৈয়ে এই খেলৰ কিংবদন্তি ৷ তেওঁৰ কেৰিয়াৰ আছিল উল্লেখযোগ্য৷ বয়স আৰু স্বাস্থ্য বিবেচনা কৰিলে তেওঁ অৱসৰ সঁচাকৈয়ে সময়তকৈ বহুত আগত লৈছিল ।
ক্ৰিকেট ইতিহাসত কুকৰ কৃতিত্ব আকৰ্ষণীয় :
– টেষ্ট ক্ৰিকেটত ইংৰাজ বেটছমেনে সৰ্বাধিক ৰান সংগ্ৰহ (১২,৪৭২)
– কুকে মুঠ ১৬১ খন টেষ্টত অংশগ্ৰহণ কৰিছিল ।
– টেষ্ট ক্ৰিকেটত ইংৰাজ বেটছমেনৰ সৰ্বাধিক শতক (৩৩)
– ইংৰাজ টেষ্ট দলৰ সৰ্বাধিক দীৰ্ঘদিনীয়া অধিনায়ক (৫৯ মেচ)
– ইংলেণ্ডক দুটা এছেজ জয়ত নেতৃত্ব দিয়ে (২০১৩ আৰু ২০১৫)
– কুকে ভাৰতত ২০১২ চনত প্ৰথম ৩ খন টেষ্টত ৩ শতক অৰ্জন কৰি ইংলেণ্ডে ভাৰতত টেষ্ট শৃংখলা জয়ৰ প্ৰধান নায়ক আছিল
– এলেষ্টেয়াৰ কুকৰ ২৪৩ ৰানটোৱেই আছিল সৰ্বাধিক ব্যক্তিগত স্ক’ৰ য’ত এজন বেটছমেনক DRS ৰ সহায়ত OUT দিয়া হৈছিল।
এলেষ্টেয়াৰ কুক সন্দৰ্ভত গ্ৰেট সুনীল গাভাস্কাৰে কৈছিল- “১৫ হাজাৰ টেষ্ট ৰাণ আৰু ৫০টা টেষ্ট শতক তেওঁৰ বাবে অসাধ্য নহয়”। শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰাৰ সন্দৰ্ভত কুক সঁচাকৈয়ে ভাৰতীয় কিংবদন্তিগৰাকীৰ ১৫,৯২১ ৰানৰ ৰেকৰ্ডক প্ৰত্যাহ্বান জনোৱাৰ পথত আছিল। কিন্তু ৩৩ বছৰ বয়সত অৱসৰ লোৱাৰ অৰ্থ হ’ল তেওঁ এই কৃতিত্ব অৰ্জন কৰাৰ সুবৰ্ণ সুযোগ হেৰুৱালে । আগতীয়াকৈ অৱসৰ লোৱাৰ পিছতো ইংৰাজ ক্ৰিকেটত তথা বিশ্ব ক্ৰিকেটত কুকৰ অৱদান অতুলনীয় হৈ আছে আৰু এই ক্ৰীড়ালৈ তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব।