ক্ৰিকেটকোষৰ কুইজ :: দীপজ্যোতি শৰ্মা

(১) ২০১১ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা এইগৰাকী খেলুৱৈয়ে কেৰিয়াৰৰ প্ৰথম দুয়োখন এদিনীয়া মেচতেই (বাংলাদেশৰ বিৰুদ্ধে) পাঁচটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে এই কৃতিত্ব অৰ্জন কৰা তেওঁ হ’ল বিশ্ব ক্ৰিকেটৰ একমাত্ৰ খেলুৱৈ ৷ কোন বাৰু ?


(২) সাম্প্ৰতিক সময়ত ক্ৰিকেটৰ বহুলভাৱে প্ৰচলিত সংস্কৰণটো হ’ল টি২০ ক্ৰিকেট ৷ ইংলেণ্ড আৰু ৱেলছ্ ক্ৰিকেট ব’ৰ্ডৰ মাৰ্কেটিং মেনেজাৰ ষ্টুৱাৰ্ট ৰবাৰ্টছনক এই টি২০ সংস্কৰণৰ পিতৃ বুলি অভিহিত কৰা হয় ৷ তেওঁৰ চিন্তাৰ আধাৰতেই ২০০৩ চনত প্ৰথমখন টি২০ মেচ খেলা হৈছিল ৷ প্ৰশ্নটো হ’ল- ২০০৩ বৰ্ষৰ ১৩ জুনত ৱাৰৱিকশ্বায়াৰ আৰু চমাৰছেটৰ মাজত খেলা মেচখন কি শ্ল’গানেৰে  আৰম্ভ হৈছিল ?


(৩) ১৯৩২-৩৩ চনৰ কুখ্যাত ব’ডীলাইন ছিৰিজত তেওঁ ইংলেণ্ডৰ হৈ টেষ্ট অভিষেকতে শতক (১০২) অৰ্জন কৰিছিল ৷ ১৯৪৬ চনত ভাৰতীয় ক্ৰিকেটক নেতৃত্ব প্ৰদান কৰা এইগৰাকী খেলুৱৈয়ে ইংলেণ্ডৰ হৈ তিনিখন আৰু ভাৰতৰ হৈ খেলিছিল তিনিখন টেষ্ট ৷ ১৯৩২ চনত ‘উইজডেন’ৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান অৰ্জন কৰা কোন বাৰু এইগৰাকী ক্ৰিকেটাৰ ?


(৪) এখন টেষ্টত দেশৰ হৈ বেটিঙত ইনিংছ মুকলি কৰাৰ উপৰি দলৰ হৈ বলিঙো মুকলি কৰা খেলুৱৈসকলৰ ভিতৰত ৯ খন টেষ্টত এই দ্বায়িত্ব পালন কৰি তৃতীয় স্থানত আছে পাকিস্তানৰ মুদচ্ছৰ নজৰ ৷ ১৪ খন টেষ্টত এই দ্বায়িত্ব পালনেৰে দ্বিতীয়ত আছে ভাৰতৰ এম.এল. জয়সিমহা ৷ ২১ টেষ্টত বটিং বলিং উভয়তে দলৰ হৈ ইনিংছ মুকলি কৰি তালিকাৰ প্ৰথমত থকা খেলুৱৈজনো এজন ভাৰতৰেই ৷ কোন বাৰু ?

 

(৫) “ক্ৰিকেটৰ মক্কা” খ্যাত লৰ্ডচ খেলপথাৰত টেষ্ট খেলাটো প্ৰতিগৰাকী খেলুৱৈৰ এটা সপোন ৷ এই খেলপথাৰত টেষ্ট খেলি শতক অৰ্জাটো তাতোকৈ বেছি সম্ভ্ৰান্ত সপোন ৷ লৰ্ডচত আটাইতকৈ বেছি টেষ্ট শতক আছে ইংলেণ্ডৰ মাইকেল ভ’ন আৰু গ্ৰহাম গুচৰ নামত, উভয়ে ছয়টাকৈ শতক অৰ্জন কৰিছে ৷ প্ৰশ্ন হ’ল- লৰ্ডচত সৰ্বাধিক টেষ্ট শতক অৰ্জনকাৰী বিদেশী খেলুৱৈগৰাকী কোন ?


(৬) এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ এখন মেচত শতক আৰু পাঁচ বা তাতোধিক উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰিছে বৰ্তমানলৈ মাত্ৰ পাঁচজন খেলুৱৈয়ে ৷ এই তলিকাত অন্তৰ্ভূক্ত চাৰিজন খেলুৱৈ ক্ৰমে- ছাৰ ভিভিয়ান ৰিচাৰ্ডছ (১১৯ ৰাণ আৰু ৫/৪১), প’ল কলিংউড (১১২* ৰাণ আৰু ৬/৩১), ৰোহণ মুস্তাফা (১০৯ ৰাণ আৰু ৫/২৫) আৰু বেচ ডী লীডে (১২৩ ৰাণ আৰু ৫/৫২) ৷ তালিকাত অন্তৰ্ভূক্ত পঞ্চমগৰাকী খেলুৱৈয়ে শতকটোক দ্বিশতকলৈ ৰূপান্তৰিত কৰিছিল ৷ কোন বাৰু ?

উত্তৰসমূহ—

(১) ব্ৰায়ান ভিট্টোৰী

(২) I don’t like cricket, I love it.

(৩) ইফটিকাৰ আলীখান পাটাউডী

(৪) মনোজ প্ৰভাকৰ

(৫) দিলীপ ৱেংচৰকাৰ (তিনিটা শতক)

(৬) নিউজীলেণ্ডৰ মহিলা ক্ৰিকেটাৰ এমেলিয়া কেৰ (২৩২* ৰাণ আৰু ৫/১৭) 

পাঠকৰ বাবে প্ৰশ্ন—

এইগৰাকী ক্ৰিকেটাৰৰ জন্ম হৈছিল ১৯৮০ চনৰ ২৭ জুনত দক্ষিণ আফ্ৰিকাৰ নাটাল প্ৰদেশৰ পিটাৰ মেৰিটজবাৰ্গত ৷ ২০০৪ বৰ্ষত তেওঁ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল জিম্বাব’ৱেৰ বিৰুদ্ধে ৷ ২০০৮ চনত নিজৰেই মাতৃভূমি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পাছত বিখ্যাত ‘The Times’য়ে তেওঁক অভিহিত কৰিছিল ‘The most complete batsman in cricket’ বুলি ৷ কোন বাৰু ?

(পাঠকলৈ আগবঢ়োৱা প্ৰশ্নৰ প্ৰথমগৰাকী শুদ্ধ উত্তৰ দিওতাৰ নাম ক্ৰিকেটকোষৰ পৰৱৰ্তী সংখ্যাত প্ৰকাশ কৰা হ’ব ৷ পাঠকে ৮৬৩৮৭৬৩২৪৫ নম্বৰত হোৱটছএপ যোগে উত্তৰ পঠিয়াব পাৰিব ৷)