এখন তিনিদিনীয়া টেষ্ট আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বীপত ভাৰতৰ সম্ভাৱনা-দীপজ্যোতি শৰ্মা
সদ্যসমাপ্ত ভাৰত বনাম বাংলাদেশৰ টেষ্ট শৃংখলাটোত ভাৰতে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰি ২-০ ব্যৱধানত ছিৰিজটো জয় কৰে ৷ চেন্নাইত খেলা প্ৰথমখন টেষ্টত ভাৰত ২৮০ ৰানৰ বিশাল ব্যৱধানত জয়ী হোৱাৰ পাছত কাণপুৰৰ গ্ৰীণ পাৰ্কত খেলা দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনটোতেই বৰষুণে বিঘিনি জন্মায় আৰু মাত্ৰ ৩৫ অ’ভাৰৰ খেলহে সম্ভৱ হয় ৷ পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় দিনৰ খেল বৰষুণ আৰু সমেকা পিটছৰ বাবে সম্পূৰ্ণভাৱে বাতিল হোৱাৰ পাছত চতুৰ্থ দিনটোত খেল পুনৰ আৰম্ভ হয় ৷ বাংলাদেশে তিনি উইকেটত ১০৭ ৰানৰ প্ৰথম দিনৰ স্কোৰৰ পৰা ইনিংছ আগুৱাই নি আৰু মাত্ৰ ৩৯.২ অ’ভাৰহে খেলিবলৈ সক্ষম হয়, য’ত সংযোগ হয় ১২৬ ৰানৰ ৷ আলহী দলে ২৩৩ ৰানত ইনিংছ সামৰিবলৈ বাধ্য হোৱাৰ মূল কাৰন হ’ল বুমৰাহ, ছিৰাজ, আশ্বিন, জাডেজা আৰু আকাশদীপেৰে গঠিত ভাৰতীয় বলিং বিভাগৰ আক্ৰমণাত্মক বলিং ৷ কিন্তু যেতিয়া ভাৰতে নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰিলে তেতিয়াহে ভাৰতীয় দলৰ পৰিকল্পনা সম্পৰ্কে সকলো জ্ঞাত হ’ল ৷ ৰোহিত আৰু জয়চোৱালে যি আক্ৰমণাত্মক ভংগীৰে বেটিং আৰম্ভ কৰিলে সেয়া আছিল সকলোৰে বাবে কল্পনাৰো অগোচৰ ৷ ৩.৫ অ’ভাৰত ১১ টা বলত ২৩ ৰান কৰি ৰোহিত যেতিয়া আউট হৈছিত তেতিয়া ভাৰতৰ দলীয় স্কোৰ আছিল ৫৫ ৰান ৷ ই এক নতুন টেষ্ট অভিলেখ, টেষ্ট ক্ৰিকেটত দ্ৰুততম দলীয় ৫০ ৰান সংগ্ৰহৰ নিজৰেই পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে ভাৰতে ৷ ইয়াৰ পাছত কোনোৱেই ৰোৱা নাছিল, জয়চোৱাল, গীল, কোহলী, ৰাহুল সকলোৰে ষ্ট্ৰাইক ৰেট আছিল ১০০ৰ ওপৰত ৷ জয়চোৱালৰ ৫১ বলত ৭২, গিলৰ ৩৬ বলত ৩৯, কোহলীৰ ৩৫ বলত ৪৭ আৰু কে.এল. ৰাহুলৰ ৪৩ বলত ৬৮ ৰানৰ আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ৩৪.৪ অ’ভাৰত ২৮৫ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে ভাৰতে, য’ত ৰাণৰেট আছিল ৮.২২ ৷ সম্পূৰ্ণ পৰিকল্পনা অনুসৰি ভাৰতে যিধৰনে খেলিলে এয়া অবিশ্বাস্য আছিল ৷ তিনি অ’ভাৰত দলীয় ৫০, ১০.১ অ’ভাৰত দলীয় ১০০, ১৮.২ অ’ভাৰত দলীয় ১৫০, ২৪.২ অ’ভাৰত দলীয় ২০০ আৰু ৩০.১ অ’ভাৰত দলীয় ২৫০ ৰান— এই সকলোবোৰ আছিল এটা টি২০ ইনিংছৰ উৎকৃষ্ট উদাহণ ৷ ইয়াৰ পাছত পৰিকল্পনাৰ অংশ হিচাপে ১১ অ’ভাৰ বাংলাদেশক বেটিং কৰাই ২৬ ৰানত দুটা উইকেটৰ পতন ঘটাই ভাৰতে একপ্ৰকাৰ টেষ্টখনত জয়লাভৰ এক পৰিৱেশ গঢ়ি তোলে ৷ চতুৰ্থ দিনটো ইমান ঘটনাবহুল আছিল যে খেলখনৰ দুটা দিন পৰিত্যক্ত হোৱাৰ দুখ অনুৰাগীৰ মনৰ পৰা নাইকিয়া হৈ গৈছিল ৷ সেই দিনটোতেই দুয়োটা দৰল দ্বাৰা সংগৃহীত মুঠ ৪৩৭ ৰান হ’ল ভাৰতৰ মাটিত টেষ্টৰ এটা দিনত সংগ্ৰহ হোৱা দ্বিতীয় সৰ্বোচ্চ ৰানসংখ্যা। ইয়াৰ পূৰ্বে ২০০৯ বৰ্ষত ভাৰত বনাম শ্ৰীলংকাৰ এখন টেষ্টৰ দ্বিতীয় দিনটোত ৪৭০ ৰান সংগ্ৰহ হৈছিল ৷ খেলৰ পঞ্চম তথা অন্তিম দিনটোত ভাৰতীয় ব’লাৰে বাংলাদেশী বেটাৰক মুৰ দঙাৰ সুযোগেই নিদিলে আৰু পৰৱৰ্তী ১২০ ৰান সংগ্ৰহ কৰি আন আঠটা উইকেট হেৰুয়ায় ৷ বাংলাদেশে দ্বিতীয় ইনিংছত ১৪৬ ৰান সংগ্ৰহ কৰাৰ পাছত প্ৰথম ইনিংছত ৫২ ৰানৰ অগ্ৰগতি লাভ কৰাৰ সূত্ৰে জয়ৰ লক্ষ্য লাভ কৰে মাত্ৰ ৯৫ ৰানৰ ৷ পৰ্যাপ্ত অ’ভাৰ হাতত বাকী থকা স্বত্ত্বেও ভাৰতে জয়লাভৰ বাবে অধিক সময় ব্যয় নকৰি মাত্ৰ ১৭.২ অ’ভাৰতেই তিনিটা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হৈ সাত উইকেটত বিজয় সাব্যস্ত কৰে ৷ যশস্বী জয়চোৱালে দ্বিতীয় ইনিংছতো আক্ৰমণাত্মক বেটিঙেৰে ৪৫ বলতেই ৫১ ৰানৰ ইনিংছ খেলে । বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয় অৱধাৰিত আছিল যদিও এইখন টেষ্টত জয় আছিল সঁচাকৈয়ে বিশেষ ৷ বেটিং/বলিং উভয় বিভাগতেই এক বিশেষ আক্ৰমণাত্মক পৰিকল্পনাৰে খেলি ভাৰতে একপ্ৰকাৰ বাংলাদেশক পৰাজিত হ’বলৈ বাধ্য কৰালে ৷ প্ৰথম দিনটোত মাত্ৰ ৩৫ অ’ভাৰৰ খেল, পৰৱৰ্তী দুটা দিন সম্পূৰ্ণ খেল নোহোৱাৰ পাছতো ভাৰতে যিধৰণে সহজ জয় সাব্যস্ত কৰিলে সেইটোৱে দলটোৰ তীব্ৰ জয়ৰ বাসনাক পৰিস্ফুট কৰি তুলিছে ৷ এইখিনিতে ভাৰতে এইখন টেষ্টত আন কেইটামান ৰেকৰ্ডো ভংগ কৰে বা পৰিসংখ্যা উন্নত কৰে ৷ ইয়াৰ ভিতৰত দয়োটা ইনিংছ সামৰি ভাৰতৰ ৰান সংগ্ৰহৰ ৰেট আছিল ৭.৩৬, যিটো এটা নতুন অভিলেখ ৷ ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই জিম্বাব’ৱেৰ বিৰুদ্ধে ২০০৫ বৰ্ষত উভয় ইনিংছ সামৰি ৬.৮০ ৰেটত ৰান সংগ্ৰহ কৰিছিল ৷ একেদৰে ঘৰৰ মাটিত একেৰাহে ১৮ টা টেষ্ট শৃংখলা জয় কৰি নিজৰেই পৰিসংখ্যা উন্নত কৰিছে দলটোৱে । ২০১৩ বৰ্ষৰ পৰা বৰ্তমানলৈ ঘৰুৱা পৰিৱেশত এটাও টেষ্ট শৃংখলা হেৰুৱাবলগীয়া হোৱা নাই ভাৰতে ৷ এইক্ষেত্ৰত ১৯৯৪ বৰ্ষৰ পৰা ২০০০ চনলৈ নিজৰ ঘৰৰ মাটিত ১০ টা টেষ্ট শৃংখলা জিকা অষ্ট্ৰেলিয়া বহু পিছ পৰি দ্বিতীয়ত আছে ৷ টেষ্ট মেচত সৰ্বাধিক জয়ী হোৱা দলৰ তালিকাতো ভাৰত এতিয়া চতুৰ্থলৈ উন্নীত হৈছে ৷ ১৮০ খন টেষ্ট জিকা ভাৰততকৈ এতিয়া আগত আছে অষ্ট্ৰেলিয়া (৪১৪), ইংলেণ্ড (৩৯৭) আৰু ৱেষ্ট ইণ্ডিজ (১৮৩) ৷ এই সকলোবোৰ পৰিসংখ্যাৰ পৰা বৰ্তমান সময়ত টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ আধিপত্য সম্পৰ্কে নিশ্চিত হ’ব পাৰি ৷ এই টেষ্টখনত আমি প্ৰত্যক্ষ কৰা এটা মূল কথা হ’ল- জয়ৰ প্ৰতি থকা ভাৰতীয় দলৰ লিপ্সা ৷ বৰ্ষাবিঘ্নিত এখন মেচত একপক্ষীয় আধিপত্য বিস্তাৰেৰে বিপক্ষক সম্পূৰ্ণ বশ কৰি জয় একপ্ৰকাৰ আজুৰি আনি বিশ্ব টেষ্ট চেম্পিয়নশ্বীপৰ পইন্ট তালিকাত ইতিমধ্যে শীৰ্ষত উপনীত হৈছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটো ৷
বিশ্ব টেষ্ট চেম্পিয়নশ্বীপৰ ফাইনেলৰ পূৰ্বে এতিয়া ভাৰতীয় দলে খেলিবলৈ বাকী আছে আঠখন টেষ্ট ৷ তাৰ ভিতৰত ঘৰৰ মাটিত তিনিখন খেলিব নিউজীলেণ্ডৰ বিৰুদ্ধে আৰু আন পাঁচখন খেলিব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ মাটিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৷ টেষ্ট চেম্পিয়নশ্বীপৰ ফাইনেলত উপনীত হোৱাৰ বাবে এতিয়া ভাৰতে এই আঠখন টেষ্টৰ ভিতৰত তিনিখন টেষ্ট জিকাটো জৰুৰী ৷ এইক্ষেত্ৰত এই তিনিটা জয় ভাৰতে নিশ্চিতভাৱে লাভ কৰিব বুলি অনুৰাগীয়ে আশা কৰিছে । টেষ্ট চেম্পিয়নশ্বীপৰ ফাইনেলত উপনীত হোৱাৰ দৌৰত বৰ্তি থকা আন চাৰিটা দল অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু নিউজীলেণ্ডৰ তুলনাত সুবিধাজনক স্থিতিত আছে ভাৰত ৷ ফাইনেলত স্থান সুৰক্ষিত কৰাৰ বাবে এই মূহুৰ্তত অষ্ট্ৰেলিয়াক সাতখন টেষ্টৰ পৰা চাৰিখনত জয়, দক্ষিণ আফ্ৰিকাক ছয়খন টেষ্টৰ পৰা পাঁচখনত জয়, শ্ৰীলংকাক চাৰিখন টেষ্টৰ পৰা তিনিখনত জয় আৰু নিউজীলেণ্ডক ছয়খন টেষ্টৰ পৰা ছয়খনতেই জয় জৰুৰী। নিউজীলেণ্ডৰ সম্ভাৱনা প্ৰায় শূণ্য যদিও আন তিনিটা দলে শেষ মূহুৰ্তলৈ চেষ্টা চলাব ৷ এই তীব্ৰ প্ৰতিদ্বন্দিতামূলক প্ৰতিযোগিতা খনত একো-একোটা পইন্ট কিমান মূল্যৱান সেয়া শেহতীয়া ভাৰত-বাংলাদেশ টেষ্টখনত ভাৰতে জয়ৰ বাবে প্ৰয়োগ কৰা কৌশল আৰু পৰিকল্পনাই সকলোৰে আগত দাঙি ধৰিছে । এতিয়া ঘৰুৱা পৰিৱেশত নিউজীলেণ্ডৰ বিৰুদ্ধে আৰু বিগত দুটাকৈ অষ্ট্ৰেলিয়া ভ্ৰমণত অষ্ট্ৰেলিয়াক দমন কৰা ভাৰতীয় দলে এইবাৰৰ ভ্ৰমণত কেনে প্ৰদৰ্শন আগবঢ়ায় সেয়া প্ৰত্যক্ষ কৰিবলৈ ক্ৰিকেটানুৰাগীয়ে আগ্ৰহেৰে বাট চাইছে ।
******