উমাৰ অনিৰুদ্ধ যাত্ৰা-স্বপ্না দাস
ক্ৰিকেটৰ নামত বলিয়া কণমানি ছোৱালীজনী । ক্ৰিকেট খেলিব বিচাৰে । কিন্তু তাই নিৰুপায় ! কোনেও খেলিবলৈ সংগ নিদিয়ে । খেলিবলৈ গ’লেই বাটে-পথাৰে ক্ৰিকেট খেলি থকা শিশু-কিশোৰবোৰে তাইক কয়– ছোৱালীয়ে বোলে ক্ৰিকেট নেখেলে । মনৰ তাগিদাত তাই সহোদৰা আৰু দুই-এগৰাকী সমনীয়াৰ সৈতে ঘৰৰ সন্মুখৰ বাটতেই খেলিবলৈ লয় ক্ৰিকেট । মাকে আঁৰ চকুৰে চাই থাকে জীয়েকক। তাই ক্ৰিকেট খেলা, ক্ৰিকেটৰ নাম শুনিলেই উদ্বাউল হোৱা জীয়েকৰ মনৰ উমান পাই মাকে তাইক প্ৰেৰণা দিয়ে– “ছোৱালী হ’লি কি হ’ল; মন আছে যদি খেল ক্ৰিকেট।”
*
২০১১ চন । বোকাখাটত ক্ৰিকেট সন্থাৰ অধীনস্থ চেলেঞ্জাৰ ক্লাবত আৰম্ভ হৈছিল এলানি মহিলা ক্ৰিকেটৰ প্ৰশিক্ষণ । ছোৱালীৰ ক্ৰিকেট– তাকে লৈ অনেকৰ অনেক মন্তব্য । কাৰো কোনো কথালৈ ভ্ৰূক্ষেপ নকৰি ছাহিদুৰ (ৰাজা) ৰহমানে প্ৰশিক্ষণ দি গৈছিল প্ৰশিক্ষাৰ্থী মহিলা ক্ৰিকেটাৰসকলক । কেইদিনমান প্ৰশিক্ষণ শিবিৰ চলাৰ মাজতে হঠাতে ছাহিদুৰ (ৰাজা) ৰহমানৰ সন্মুখত হাজিৰ হৈছিল এগৰাকী কণমানি । চতুৰ্থ শ্ৰেণীত পঢ়ি থকা কণমানিজনীৰ আন্তৰিক আবেদন– তাইক ক্ৰিকেট শিকাব লাগে । পোনতে বয়সৰ দোহাই দি মানা কৰিছিল ৰহমানে । ছোৱালীজনী নাচোৰবান্দা । উপায়ান্তৰ নাপাই ৰহমানে পিছদিনাৰ পৰা অংশ ল’বলৈ ক’লে ছোৱালীজনীক । ‘মই আজিৰ পৰাই শিকিম’ বুলি লগত লৈ অহা কাপোৰ পিন্ধি কণমানিজনীও নামি পৰিছিল ফিল্ডত– ক্ৰিকেট শিকিবলৈ।
সেই যে আৰম্ভণি– তেতিয়াৰ পৰাই পোনতে ছাহিদুৰ (ৰাজা) ৰহমান আৰু পিছলৈ মেহবুব আলমক গুৰু মানি নিৰন্তৰ ক্ৰিকেটৰ প্ৰশিক্ষণত ব্যস্ত হয় কণমানিজনী । ক্ৰিকেট বলিয়া ছোৱালীজনীয়ে আপোন ঘৰৰ পৰা বোকাখাট চহৰলৈ প্ৰায় ৮ কিলোমিটাৰ বাট নিতৌ খোজকাঢ়ি আহে ক্ৰিকেটৰ প্ৰশিক্ষণ ল’বলৈ। প্ৰতিকূল বতৰত বোকা-পানী গচকিও আহে । আনকি বানৰ সময়ত নাৱেৰে আহিও নিতৌ প্ৰশিক্ষণ লয় কণমানিজনীয়ে ।
*
দিন বাগৰে। ছাহিদুৰ (ৰাজা) ৰহমান সুখী হয়। কিয়নো মহিলাৰ ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ বাবে অনেকৰ অনেক বক্তব্য হজম কৰাৰ পিছত তেওঁৰ সিদ্ধান্ত যে ভুল নাছিল সেই কথা প্ৰতীয়মান কৰিছিল ৰাজ্যিক পৰ্যায়ত উজলি উঠা অনামিকা বড়ি, কল্পনা চাওতালহঁতে । চতুৰ্থ শ্ৰেণীত পঢ়ি থকা অৱস্থাতে ২০১১ চনত ক্ৰিকেট শিকিবলৈ উদ্বাউল হোৱা ছোৱালীজনীয়েও তেওঁৰ সপোনৰ বাটত আশাৰ খোজ পেলাবলৈ সক্ষম হয়। ২০১৩ চনত ১৯ বছৰ অনুৰ্দ্ধ অসম দলত তেওঁ স্থান লাভ কৰে। তাৰ পিছৰ পৰাই অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰখা ছোৱালীজনী ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এতিয়া এটা চিনাকি নাম । আনকি তেওঁ পৰিগণিত হয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰেক্ষাপটত ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা ক্ৰিকেটাৰ হিচাপেও।
কোন তেওঁ?
তেওঁ উমা । উমা চেত্ৰী।
*
ভাৰতৰ মহিলা ক্ৰিকেটৰ এটা চিনাকি নাম উমা চেত্ৰী। ২০২৩ চনৰ জুনত প্ৰথমবাৰৰ বাবে ভাৰতীয় ছিনিয়ৰ দললৈ আমন্ত্ৰণ লাভ কৰা উমা চেত্ৰীয়ে ২০২৩ বৰ্ষৰ ১৩ জুনৰ পৰা হংকঙত অনুষ্ঠিত এচিচি এমাৰ্জিং মহিলা এছিয়া কাপতো ভাৰতীয় মহিলা ক্ৰিকেট দলটোত স্থান লাভ কৰি উমাই টিন খৱং ৰোডস্থিত ৰিক্ৰিয়েশ্বন গ্ৰাউণ্ডত অনুষ্ঠিত খেলেৰে অভিযান আৰম্ভ কৰি সুখ্যাতি লাভ কৰিছিল উইকেট কীপাৰ হিচাপে । চীনৰ হাংঝৌত একেটা বছৰতে অনুষ্ঠিত এছিয়ান গেমছতো ভাৰতীয় মহিলা দলৰ হৈ খেলিছিল তেওঁ। ২০২৪ বৰ্ষৰ ১৬ জুনৰ পৰা দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত ক্রিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতৰ ছিনিয়ৰ মহিলা দলৰ হৈও খেলাৰ সুযোগ উমা চেত্ৰীয়ে লাভ কৰে।
কান্ধূলিমাৰী নামৰ গোলাঘাট জিলাৰ বোকাখাট অঞ্চলৰ এখন প্ৰত্যন্ত গাঁৱত ২০০২ চনৰ ২৭ জুলাইত ওপজা উমা পিতৃ লোকবাহাদুৰ চেত্ৰী আৰু মাতৃ দীপা চেত্ৰীৰ পাঁচটা সন্তানৰ ভিতৰত কনিষ্ঠ সন্তান। তেওঁ পিতৃ-মাতৃৰ একমাত্ৰ কন্যা। ভায়েক বিজয় চেত্ৰীসহিতে চুবুৰীয়া কিশোৰৰ সৈতে ৰাস্তাত ক্ৰিকেট খেলি থকা দেখি দেখি মাকে উমাৰ মনৰ উমান লৈ ভালদৰে ক্ৰিকেট খেলিবলৈ হেনো প্ৰথমতে উৎসাহিত কৰিছিল। বোকাখাট হিন্দী হাইস্কুলৰ পৰা শিক্ষাগ্ৰহণ কৰা উমা চেত্ৰীয়ে বোকাখাটতে ক্ৰিকেটৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ লোৱাৰ পিছত পৰ্যায়ক্ৰমে ৰাজ্যিক আৰু ভাৰতীয় ‘এ’ দলৰ হৈ খেলাৰ উপৰি টিম ইণ্ডিয়াতো স্থান লাভ কৰে। দোহাৰিছোঁ যে অসমৰ পৰা ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ উমা চেত্ৰী। ২০২৩ চনৰ জুলাই মাহত উমাই ভাৰতীয় মহিলা দলৰ হৈ বাংলাদেশ ভ্ৰমণৰ সৈতে আন্তৰ্জাতিক ক্ৰিকেটৰ জগতত প্ৰৱেশ কৰিছিল । সপোন খেদা মন এটাক সাৰথি কৰি অব্যাহত ৰখা নিৰন্তৰ প্ৰয়াসৰ ফলশ্ৰুতিত আকৌ এবাৰ উজলি উঠিছে অসম কন্যা উমা চেত্ৰীৰ প্ৰতিকূলতাকো নেওচি কৰা অনিৰুদ্ধ যাত্ৰা নহয়নে প্ৰেৰণাৰ অমল উৎস !