আইপিএলঃ এক নিৰ্মোহ বিশ্লেষণ :: নিলু কুমাৰ আচাৰ্য
সময়ৰ সোঁতত আমাৰ ভাৰতবৰ্ষই বিভিন্ন খেলত অগ্ৰগতি লাভ কৰিছে। কিন্তু যেতিয়াই ক্ৰিকেটৰ কথা আহে ইয়াক এক ধৰ্ম ৰূপে চোৱা হয়। এই দেশৰ বাবে ক্ৰিকেট মাথোন ক্ৰিকেট নহয়, এয়া এক আৱেগ। তথাপি ক্ৰিকেটত দীঘলীয়া সময় অপচয় হোৱাৰ অজুহাতত এটা বৃহৎ সংখ্যক জনসমষ্টি ইয়াৰ পৰা আঁতৰি আছিল। এনেতে ২০০৫ চনত আৰম্ভ হ’ল ক্ৰিকেটৰ এক হ্ৰস্ব আৰু দুগুণ মনোৰঞ্জক সংস্কৰণ– টুৱেন্টি টুৱেন্টি। এই সংস্কৰণে ক্ৰিকেট জগতত এক নতুন যুগৰ সূচনা কৰিলে। টি-২০ সংস্কৰণ বিশ্বত প্ৰৱৰ্তন হোৱাৰ পিছৰে পৰা ক্ৰিকেটৰ প্ৰসাৰতাই এক পৃথক গতি লাভ কৰে। আটায়ে হাতে হাতে আকোঁৱলি লয় ইয়াক। যাৰ জ্বলন্ত উদাহৰণ আমাৰ দেশৰ ‘ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ’ (IPL)।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উৎপত্তিও যথেষ্ট আকৰ্ষণীয়। এই সকলোবোৰ আৰম্ভ হৈছিল যেতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)ৰ উপ-সভাপতি ললিত মোদীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ কল্পনা কৰিছিল। ইউৰোপৰ ক্লাব ফুটবল বিশেষকৈ ইংলিছ প্ৰিমিয়াৰ লীগৰ আলমত ইয়াক সৃষ্টি কৰা হৈছে। অথচ টিভি নেটৱৰ্ক জি গ্ৰুপে (ZEE Group) আৰম্ভ কৰা বিদ্ৰোহী ইণ্ডিয়ান ক্ৰিকেট লীগ (আই চি এল)ৰ প্ৰতিক্ৰিয়া স্বৰূপেও আই পি এলৰ পাতনি ঘটা বুলি ক’ব পাৰি, যদিও BCCI য়ে সদায় কৈ আহিছে যে এনে এখন লীগৰ পৰিকল্পনা ICL-ৰ পূৰ্বেই আছিল তেওঁলোকৰ।
সেয়া যিয়েই নহওক ২০০৮ চনত ভাৰতত এই নতুন ধৰণৰ ক্ৰিকেট লীগৰ আৰম্ভ হ’ল য’ত বিশ্বৰ প্ৰতিটো আগশাৰীৰ দলৰ শ্ৰেষ্ঠ খেলুৱৈসকলে মিলি একো-একোটা দলৰ হৈ খেলিবলৈ লৈছিল। এয়া সঁচাকৈয়ে সমগ্ৰ ক্ৰিকেট ইতিহাসৰ বাবে এক বিস্ময়কৰ পৰিঘটনা আছিল।
আইপিএল আৰম্ভ হ’ল। বিপুল দৰ্শকৰ মাজত ই সফলতাৰ খোপনি পুতিলে। কিন্তু এই সফলতা আৰু বিশাল জন-উৎসাহৰ আঁৰত মাথোন দেশী-বিদেশী তাৰকা খেলুৱৈসকলৰ অৱদানেই নাছিল, ২০০৭ বৰ্ষত ভাৰতে টি-২০ সংস্কৰণৰ প্ৰথমখন বিশ্বকাপ জয় কৰাও ইয়াৰ এক অন্যতম কাৰণ। দক্ষিণ আফ্ৰিকাত আয়োজিত হোৱা এই প্ৰথমখন টি-২০ বিশ্বকাপত ভাৰতীয় দলে বিজয় পতাকা উৰুৱাৰ পিছতে টি-২০ সংস্কৰণ বিশ্বৰ চুকে-কোণে চৰ্চাৰ বিষয় হৈ পৰিছিল, ইয়াৰ ফলশ্ৰুতিতে সংস্কৰণটোৰ দ্ৰুত আত্মপ্ৰকাশ ঘটে, মানুহ সম্পূৰ্ণৰূপে ইয়াৰ মাজত নিমগ্ন হৈ পৰিল বুলি ক’ব পাৰি।
আজি আইপিএল বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট লীগৰ লগতে শ্ৰেষ্ঠতম স্প’ৰ্টিং ইৱেন্টৰ অন্যতম। এসময়ত সৰ্বকালৰ শ্ৰেষ্ঠতম ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু সনথ জয়সূৰ্য্যক একেলগে বেটিং মুকলি কৰা দেখাৰ সৌভাগ্য য’ত এই লীগৰ জৰিয়তে হৈছিল, আজি ইয়াতেই কিংবদন্তি মহেন্দ্ৰ সিং ধোনী, এই প্ৰজন্মৰ অনুপ্ৰেৰণা বিৰাট কোহলী, ৰোহিত শৰ্মা, মিচেল ষ্টাৰ্ক, ডেভিদ ৱাৰ্ণাৰ আদিৰ দৰে শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকে ধৰি বিশ্বৰ আন আন শ্ৰেষ্ঠতম ক্ৰিকেট খেলুৱৈসকলক একেখন মঞ্চত অংশগ্ৰহণ কৰা দেখা যায়।
সঁচা ক’বলৈ গ’লে ক্ৰিকেট বিশ্বৰ বাবে আইপিএল এতিয়া প্ৰতি বছৰে আয়োজিত হোৱা এক দুমহীয়া উৎসৱ স্বৰূপ।
এই উৎসৱৰ ভাল দিশবোৰঃ
১) দুমাহ জুৰি প্ৰতি সন্ধিয়া আৰম্ভ হোৱা মনোৰঞ্জন আৰু উত্তেজনাৰ এক সুন্দৰ মাধ্যম।
২)আই পি এলত সকলো ধৰণৰ ক্ৰিকেটাৰ– অৱসৰপ্ৰাপ্ত, নতুনকৈ ওলাই অহা, বৰ্তমান খ্যাতিসম্পন্ন অথবা অখ্যাত আটাইকে এক বিশ্বমানৰ মঞ্চ প্ৰদান কৰা হয়। লগতে নতুন ক্ৰিকেটাৰসকলে অভিজ্ঞসকলৰ সৈতে কাম কৰাৰ সুযোগ পায় আৰু তেওঁলোকৰ খেলৰ মানদণ্ডও উন্নত হয়। ৰাষ্ট্ৰীয় দলৰ সুযোগ পোৱাৰ পূৰ্বেই নিজক আন্তৰ্জাতিক প্ৰতিদ্বন্দিতাৰ আধাৰত ভালদৰে গঢ় দিয়াৰ সুযোগ পায়।
৩)অৰ্থনীতিত ৰাজহ যোগ কৰে লগতে আই পি এল লীগে ক্ৰিকেট স্তম্ভলেখক, আম্পায়াৰ, সকলো দলৰ বাবে সাজ-পোছাক ডিজাইনাৰ, খেলুৱৈক সুৰক্ষা দিবলৈ নিৰাপত্তাৰক্ষী আদিৰ দৰে অপৰিসীম কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰে। আনহাতে টিকট বিক্ৰী কৰি পোৱা ধনো বৃহৎ পৰিমাণৰ হয়।
৪)ক্ৰিকেট জগতক ওচৰলৈ লৈ আহে। এই লীগত সমগ্ৰ বিশ্বৰ ক্ৰিকেট খেলুৱৈক অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ ফলত ই অতি বৈচিত্ৰময় হৈ পৰে আৰু যেতিয়া বিভিন্ন দেশৰ খেলুৱৈয়ে একেলগে খেলে তেতিয়া সংস্কৃতি, মূল্যবোধ আৰু শিক্ষণৰ একত্ৰীকৰণ হয়। ইয়াৰ ফলত মানুহ অধিক মুকলি মনৰ হয় আৰু বিভিন্ন গোটক ওচৰলৈ লৈ যাবলৈ সক্ষম হয়।
কিন্তু প্ৰতিটো বিষয়ৰ গুণৰ লগতে কিছু নেতিবাচক দিশো থাকে। আইপিএলো তাৰ পৰা পৃথক নহয়। আমি চমুকৈ চাবলৈ গ’লে তলত উল্লেখিত কথাবোৰ মুলতঃ ভাবি চাব পাৰোঁ…
আইপিএল’ৰ নেতিবাচক দিশবোৰঃ
১) টকাৰ খেল। এই লীগে নিলামৰ জৰিয়তে নিজৰ খেলুৱৈ নিৰ্বাচন কৰে, যাক খেলুৱৈ বিক্ৰী বুলি ক’ব পাৰি। খেলুৱৈসকলে টকাৰ বাবে খেলে আৰু দলৰ মালিকসকলৰো প্ৰথম লক্ষ্য ব্যয় কৰা ধনৰ অধিকতকৈ অধিক উপাৰ্জন কৰা। আই পি এলৰ বহু মালিক আৰু খেলুৱৈক ক’লা ধন ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ‘চি. এছ. কে.’ আৰু ‘আৰ.আৰ.’ৰ উদাহৰণেৰে ইয়াক মনত পেলাব পাৰি।
২)দ্যুতক্রীড়াৰ বহুলতা। ‘ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ’ ভাৰতত জুৱা খেলৰ কাৰ্য্যকলাপৰ এক উল্লেখযোগ্য চালক, য’ত ১৪ কোটিতকৈ অধিক লোকে নিয়মিতভাৱে জুৱা’ত অংশগ্ৰহণ কৰে, আৰু আই পি এলৰ সময়ত সেই সংখ্যা ৩৭ কোটিলৈ বৃদ্ধি পায়। ভাৰতত আই পি এল অবৈধ পণ আৰু জুৱাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াৰ ‘আণ্ডাৰগ্ৰাউণ্ড বেটিং উদ্যোগ’ৰ মূল্য ৩.৫ ট্ৰিলিয়ন টকা হ’ব বুলি অনুমান কৰা হৈছে।
গতিকে সমাজক আর্থিকভাৱে জুৰুলা কৰাতো আইপিএল পৰোক্ষভাৱে নিশ্চয় দায়ী।
৩) গোপনীয় কৌশলৰ সমাপ্তি। বিভিন্ন দেশৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত একেলগে খেলে আৰু থাকে, যিয়ে তেওঁলোকৰ খেলাৰ কৌশলৰ বিষয়ে ইজনে সিজনৰ আগত বহু কথাই উদঙাই দিয়ে। এই কৌশলসমূহ প্ৰতিপক্ষই খেলি থকাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় মেচত ব্যৱহাৰ কৰিব পাৰে বা কৰে।
৪) খেলুৱৈসকলক ক্লান্ত কৰি তোলে। চলি থকা আন্তঃৰাষ্ট্ৰীয় মেচৰ ব্যস্ত অনুসূচী আৰু তাৰ পিছত দুমাহ ধৰি একেলেথাৰীয়ে খেলা শৃংখলাটোৱে খেলুৱৈসকলক অতিশয় ভাগৰুৱা কৰি তোলে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁলোকৰ প্ৰদৰ্শনত প্ৰভাৱ পৰিব পাৰে।
৫) লীগৰ ভুল সময়সূচী। এই লীগ এপ্ৰিল আৰু মে’ মাহত অনুষ্ঠিত হয় যিখিনি সময় ভাৰতত বছৰৰ অতি গৰম মাহ। বিশেষকৈ ৰাজস্থানত গৰমৰ বাবে খেলুৱৈসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বিচিচিআই বৰ্তমান বিশ্বৰ আটাইতকৈ চহকী আৰু ক্ষমতাসম্পন্ন ক্ৰিকেট ব’ৰ্ড। তেওঁলোকে নিজৰ সুবিধা অনুযায়ী সময় তালিকা আনৰ ওপৰত জাপি দিয়ে। এই সময়সূচী এই কথা বিবেচনা কৰি কৰা নহয় যে সকলো দেশৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব। সঁচা ক’বলৈ গ’লে বিচিচিআইয়ে আগবঢ়োৱা লোভনীয় উপাৰ্জন আৰু দমনীয় ব্যৱস্থাৰ আগত বাধ্য হৈ বহু দলে এই দুমাহ নিজৰ শৃংখলাই নাৰাখে।
আই পি এলৰ এনে দোষ আৰু গুণৰ কথাতো সদায় থাকিব, কিন্তু ইয়াক আমি সম্পূৰ্ণ নিৰাকৃত কৰিব নোৱাৰোঁ। ইয়াত এটা যুক্তিসংগত চিন্তাধাৰা আৰু সমৰ্থন কৰিবলৈ দুয়োটাৰে ভাৰসাম্য ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। আশা কৰোঁ আমাৰ এই প্রিয় লীগখন কেলেংকাৰী বোৰৰ পৰা মুক্ত হৈ আগবাঢ়ি যাব চিৰন্তন! নেতিবাচক দিশবোৰ সময়ৰ সৈতে শুধৰণি হওক আৰু ক্ৰিকেটৰ এক গৌৰৱময় আয়োজনৰূপে পৃথিৱীত ভাৰতৰ সুনামৰ লগতে আমাৰ অৰ্থনীতিতো ইতিবাচক যোগদান আগবঢ়াই গৈ থাকক।