অসফল খেলুৱৈ–সফল প্ৰশিক্ষক: সত্যেন্দ্ৰ শৰ্মা
ভালকৈ মন কৰিলেই আমাৰ আশে-পাশেই হওঁক অথবা দূৰণিৰেই হওক এনেকুৱা ভালেসংখ্যক ব্যক্তিৰ বিষয়ে আমি জ্ঞাত যিসকলে অতি সফলভাবে কাম কৰি থকা ক্ষেত্ৰখনত নিজৰ এক নিৰ্দিষ্ট বয়সলৈকে আছিল কোনো কাৰণতেই চকুত নপৰা বিধৰ। সেইয়া শিক্ষা, ৰাজনীতি, ক্ৰীড়া, সাংস্কৃতিক আদি যি দিশতেই নহওঁক । কিন্তু পিছলৈ তেওঁলোকে বাছি লোৱা ক্ষেত্ৰখনত হয়গৈ আনৰ কাৰণে একো একোজন ঈৰ্ষণীয় ব্যক্তি।
আমি ইয়াত উল্লেখ কৰিবলৈ লৈছোঁ ক্ৰীড়া জগতৰ এনেকুৱা কেইজনমানৰ বিষয়ে যাৰ খেলুৱৈ জীৱনত নাছিল কোনো উল্লেখযোগ্য সফলতা। কিন্তু পিছলৈ তেওঁলোকে বাছি লোৱা প্ৰশিক্ষকৰ বৃত্তিটোত হ’লগৈ গোটেই ক্ৰীড়াজগতত নিজা নিজা ক্ষেত্ৰত একো একোজন মূধাফুটা প্ৰশিক্ষক। তেনেকুৱা কেইজনমান হ’ল —
জন বুছানন : এও আছিল অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ উত্থানৰ আঁৰৰ অন্যতম এজন। খেলুৱৈ হিচাপে কুইঞ্চলেণ্ডৰ হৈ মাত্ৰ ৭(সাত) খন মেছ খেলি তেওঁ সংগ্ৰহ কৰিছিল ১৬০ ৰাণ। ২০০৭ ৰ বিশ্বকাপ জয়ৰ পিছত তেওঁৰ কাৰ্যকাল অন্ত পৰে। পিছলৈ কলকাতা নাইট ৰাইডাইৰাছ্ দলৰ প্ৰশিক্ষক হিচাপে তেওঁ নিযুক্তি পাইছিল।
মিকি আৰ্থাৰ : দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়ান নাগৰিক এইজন বিখ্যাত প্ৰশিক্ষকে কোনোদিনে জাতীয় দলৰ হৈ খেলিব পোৱা নাছিল যদিও তেওঁ খেলিছিল ভালেসংখ্যক প্ৰথম শ্ৰেণীৰ মেছ । চাউথ আফ্ৰিকা লগতে অষ্ট্ৰেলিয়াৰো প্ৰশিক্ষক এইজনৰ তত্ত্বাৱধানতেই ২০১৭ চনত পাকিস্তানে জয়ী হৈছিল ICC চেম্পিয়নচ্ ট্ৰফীত।
মাইক হেছন : নিউজিলেণ্ডৰ এইজন আছিল সেই দেশৰ আটাইতকৈ দীঘলীয়া সময়ৰ প্ৰশিক্ষক। নাছিল এওৰ কোনো প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলাৰ অভিজ্ঞতা। ২০১৫ চনত এওঁৰ প্ৰশিক্ষণতেই নিউজিলেণ্ড দল বিশ্বকাপৰ ফাইনেললৈকে আগুৱাইছিল।
ট্ৰেভৰ বেইলিছ : এওঁৰ অৱশ্যে ৫৮ খন প্ৰথম শ্ৰেণীৰ মেছ খেলাৰ অভিজ্ঞতা আছিল। ২০০৭ চনত শ্ৰীলংকাৰ মুখ্য প্ৰশিক্ষক আৰু ২০১৯ ৰ বিশ্বকাপ জয়ী ইংলেণ্ড দলৰো মুখ্য প্ৰশিক্ষক ট্ৰেভৰ বেইলিছৰ প্ৰশিক্ষণতেই কেকেআৰ দলে ২০১২ আৰু ২০১৪ ত আই পি এলত বিজয়ী হৈছিল।
আনহাতে ফুটবলৰ ক্ষেত্ৰত এনেধৰণৰ উল্লেখযোগ্য কেইজনমান হ’ল —–
জো মৰিণহো : পৰ্তুগালৰ নাগৰিক এই মৰিণহো এনেকুৱা এজন প্ৰশিক্ষক, যাৰ প্ৰশিক্ষণত পৰ্তুগাল, ইটালী, স্পেইন আৰু ইংলেণ্ডৰ ঘৰুৱা বিখ্যাত লীগ সমূহত বিভিন্ন সময়ত বিভিন্ন ক্লাবে চেম্পিয়ন হ’বলৈ সক্ষম হৈছিল। প্ৰশিক্ষক হিচাপে তেওঁ কৰ্মৰত ক্লাব সমূহ আছিল – এফ্ চি পৰ্টো, ইন্টাৰ মিলান,ছেলছী, ৰিয়েল মাদ্ৰিদ, মানচেষ্টাৰ ইউনাইটেড, টটেনহাম হটস্পাৰ । মিডফিল্ডাৰ হিচাপে পৰ্টুগীজ ক্লাব “ৰিও এভ” ত খেলা এইজন প্ৰখ্যাত প্ৰশিক্ষকৰ খেলুৱৈ জীৱনত নাছিল কোনো আকৰ্ষনীয় সফলতা।
ভেন গ’ৰাণ এৰিকছন : ২০০১-২০০৭ লৈ ইংলেণ্ড দলৰ প্ৰথম বিদেশী প্ৰশিক্ষক হিচাপে নিযুক্ত এও আছিল চুইদেনৰ নাগৰিক। ৰাইট বেক পজিচনত খেলিবলৈ আৰম্ভ কৰা এওৰো খেলুৱৈ জীৱনত নাছিল কোনো ঈৰ্ষণীয় সফলতা। ১৯৭৭ চনত প্ৰশিক্ষকৰ জগতলৈ ঢাপলি মেলা এওঁৰ নাম তিনিখন দেশ আৰু ১৭ টা ক্লাবৰ প্ৰশিক্ষক হিচাপে সৰ্বজন বিদিত।
কাৰ্লোছ এলবাৰ্টো পেৰেইৰা: ব্ৰাজিল,চাউথ আফ্ৰিকা,ইউ. এ. ই. , কুৱেইট,ঘানা, ছৌদি আৰব এই ছখন দেশৰ হৈ বিশ্বকাপত প্ৰশিক্ষকৰ দায়িত্ব পালন কৰা এৱেঁই একমাত্ৰ প্ৰশিক্ষক । অন্যতম সফল এইগৰাকী প্ৰশিক্ষকৰো খেলুৱৈ হিচাপে ফুটবল জগতত একো অৰিহণা নাই।
আৰ্ছেন ওৱেংগাৰ : ১৯৯৬ চনত প্ৰশিক্ষক হিচাপে যোগদান কৰাৰ পিছত এওঁৰ অধীনত আৰ্ছৈনাল ক্লাবে জয় কৰিছিল ১৫ টাকৈ ট্ৰফি। ১৯৮১ চনত ফুটবল প্ৰশিক্ষণৰ ডিপ্লোমা লোৱাৰ আগতে এইজনা বিখ্যাত ফৰাছী প্ৰশিক্ষকে তেওঁৰ স্থানীয় গাওঁ অথবা কোনো অপেছাদাৰী ক্লাবৰ হৈ ছেগা-চোৰোকাকৈহে ফুটবল খেলিছিল। নাছিল কোনো সফলতা।
এই উদাহৰণবোৰৰ পৰা কব পাৰি যে অকল ক্ৰীড়া বুলিয়েই নহয়, যিকোনো ক্ষেত্ৰতেই সফল হ’বলৈ হ’লে সেই বিষয়বস্তুৰ ওপৰত প্ৰাৰম্ভিক পাৰদৰ্শিতা নেথাকিলেও ভৱিষ্যতে সেইয়া কেতিয়াও হেঙাৰ হ’ব নোৱাৰে । লাগে মাথোঁ অদম্য ইচ্ছা আৰু সাধনা।