অন- ড্ৰাইভ::অমিতাভ মহন্ত

আমাৰ ওঠৰজনীয়া স্কোৱাডৰ ভিতৰত আলোকে আটাইতকৈ জোৰে বলিং কৰিব পাৰে৷

জোৰে মানে এশ পঁচিশৰ ওপৰতেই কৰে৷ বিশাল শৰীৰ, তাৰোপৰি কংক্ৰীটৰ উইকেট৷ নেটত আলোকৰ বল খেলা এটা ডাঙৰ চেলেঞ্জ৷ এই লৈয়েই আলোকৰ বেছ অহমিকা আছে৷ এতিয়ালৈ ডিষ্ট্ৰিক লেভেলত আলোকক চেলেঞ্জ দিব পৰা বেটছমেন তেনেকৈ ওলোৱা নাই৷  আলোকৰ টাৰ্গেট- স্পেলৰ প্ৰথম দুই অভাৰ মেইডেন৷ তাৰপাছত বেটছমেন প্ৰেছাৰত পৰিলে উইকেট নিজেই আহিব৷ 

দুই অপেনাৰে প্ৰেকটিচ কৰাৰ পিছত মই নেটলৈ গ’লোঁ৷ এতিয়ালৈ বলৰ চাইন ভালেখিনি কমিছে৷ অন্ততঃ বাউঞ্চাৰকেইটা দেখা পাম চাগে৷ নাই তথাপি পৰা নাই৷ প্ৰথমটো বল ফ্লিক কৰিবলৈ গৈ লিডিং এজড্৷ পিছৰটো ৱাইড্ হাফভলী, ড্ৰাইভ কৰিবলৈ গৈ মিছ৷ চেষ্টা কৰিছোঁ, আপ্ৰাণ চেষ্টা কৰিছোঁ প্ৰিয়াৰ কান্দোনমুৱা মুখখন পাহৰিবলৈ, কিন্তু নোৱাৰিছোঁ৷ বাৰে বাৰে তাই সন্মুখলৈ আহিছে৷ হেলমেট খুলি এবাৰ চকুৱে মুখে পানী মাৰিলোঁ৷ নাই, তাই কান্দিয়েই আছে৷

তাইৰ কন্দা অলপ কমিলেই আলোকে হাঁহে৷ চকুৰেই প্ৰশ্ন কৰে, “কি ভাই, বল ঠিকেঠাকে দেখিছ?

ইমান কান্দিবলৈ কি আছে৷ শ্লগিং আৰম্ভ কৰোঁ৷ দুটামান কানেক্ট হয়, বেছিভাগ নহয়৷ মই জানো, কোচে সকলোঁ লক্ষ্য কৰি আছে৷ চেশ্যন শেষ কৰি ওলাই অহাৰ লগে লগে মাতি নিলে৷

– ঘৰত কিবা সমস্যা?

 – না৷ অল ৱেল৷

 – মন?

 – ঠিকে আছে চাৰ৷

 – তেন্তে এনেকৈ অস্থিৰ কিয় হৈছ৷ সময় লবি অলপ৷ ক্ৰীজত গৈয়েই মিডলিং হ’ব নেকি? নেটত যিমান পাৰি উইকেট বচাই খেলিবি৷ মেচত কামত আহিব৷ 

কোচৰ কথা শুনিওঁ বিশেষ লাভ নহ’ল৷ প্ৰায়বোৰ মেচতে ফ্লপ৷ শেষৰ মেচখন ডিব্ৰুগড়ৰ লগত আছিল৷ সেইখনত বিয়াল্লিশ ৰাণ কৰিলোঁ৷ দুটা ভাল ছিক্স কোবালোঁ, পইণ্টৰ ঠিক ওপৰেৰে৷

ডিব্ৰুগড়ৰ কোচে এই শ্বট দুটা মন কৰিছিল৷ মেচৰ শেষত মোক মাতি ক’লে, 

– তুমি ইমান অস্থিৰ কিয়? তোমাৰ কোৱালিটী আছে৷ কিন্তু বেটিঙৰ সময়ত ইমান চটফট নকৰিবা৷ তোমাৰ বাবেই বেয়া৷

একো উত্তৰ নিদিলোঁ৷ এওঁক জানো মই ক’ব পাৰিম যে কালি গোটেই ৰাতি প্ৰিয়াই কান্দিছে৷ যদি কৈয়ো দিওঁ, তেওঁ হয়তো বৰ বেছি সুধিব,

– কিয় কান্দিছিল?

– তাইৰ ঘৰৰ পৰা বিয়া ঠিক কৰিছে৷ দৰা তাইতকৈ ১২ বছৰ ডাঙৰ৷ 

– তুমি তাইক বিয়া কৰাব খোজা?

মই নিশ্চুপ হৈ থাকিলোঁহেঁতেন৷ এই মূহুৰ্তত যিদৰে আছোঁ৷ তেওঁ মোক চুপ হৈ থকা দেখি আকৌ ক’লে,

– আজি যে তুমি ছিক্স দুটা মাৰিলা দেখি কি ভাৱ হ’ল জানা?

– কি? 

– যেন মই যুৱৰাজৰ বেটিঙহে চাই আছোঁ৷ 

নিঃসন্দেহে মোৰ বাবে খুউব উচ্চ প্ৰশংসা৷ কিন্তু এই মূহুৰ্তত প্ৰিয়াৰ বাহিৰে বেলেগ কথা মনলৈ অহা নাই৷ মেচ হাৰি যোৱা বাবে নহয়, প্ৰিয়াক হেৰুৱাই পেলোৱা বাবে৷ 

– থেংক ইউ চাৰ৷ মই যুৱৰাজৰ বেটিং ফল’ কৰোঁ৷

– ডেটছ্ অলৰাইট্৷ কিন্তু এইটো কি শ্বট্ খেলি আউট হ’লা চোৱাচোন৷

– ফ্লিক কৰিবলৈ গৈ ব’ল্ড৷ লাইন মিছ কৰিলোঁ চাৰ৷ শ্লাইট্ ইনচুইং আছিল৷ 

– ডেটছ্ দ্যা থিং৷ যুৱৰাজে কিন্তু এইটো বল ফ্লিক নকৰিলেহেঁতেন৷ এইবোৰেই শিকিবলগীয়া কথা৷ বাৰু আজিলৈ এৰিছোঁ, কথা হ’ম কেতিয়াবালৈ৷ 

ড্ৰেচিং ৰুমলৈ গ’লোঁ৷ কিট বেগ সামৰিবলৈ আছেই৷ ট্ৰাউজাৰ, জাৰ্চী, পেড, গ্লভছ, গাৰ্ড, থাই পেড, ইনাৰ থাই, হেলমেট সকলোঁ সামৰিলোঁ৷ বেটখন ল’বলৈ লওঁতেই কি জানো মন গ’ল, আইনাৰ সন্মুখত দুবাৰ ফ্লিকৰ শ্বেদ’ কৰিলোঁ৷ ঠিকেই আছে দেখোন৷ হেড পজিশ্যন পাৰফেক্ট৷ বেট-পেডৰ মাজতো গেপ নাই৷ ইফাল সিফাল হ’লে ইনচাউড্ এডজ্৷ কিন্তু মিছ কিয় হ’ল? য়ুৱৰাজে বাৰু কি কৰিলেহেঁতেন? বেট অকণমান আগতে চলালেহেঁতেন? নে সোঁভৰি আৰু অলপ আগুৱালেহেঁতেন? তাৰ পাছত?

নামি যাওঁতেই আলোকৰে মুখামুখি৷ 

– কোচে কিবা কৈছে?

– নাই৷ কিয়?

– একো নাই৷ নেক্সট্ টীম চিলেকচনৰ কিবা?

– না৷ তোক কিবা কৈছে?

– মই আছোঁ টীমত৷ সেয়াই আৰু৷

– সেইটো কিবা মাতি ক’বলগীয়া কথানে? তই নাথাকিলে কোন থাকিব?

সন্তুষ্টিৰ হাঁহি এটা মাৰি আলোক আঁতৰি গ’ল৷ আলোকে পাঁচখন খেলত তেৰটা উইকেট লৈছে৷ তাৰ লগত তুলনা কৰিলে মই চূড়ান্ত ফ্ল’প৷ মই এনেকুৱা একো কৰিব পৰা নাই যাৰ বাবে কোচে মোক এনেকুৱা কিবা নিশ্চয়তা দিব৷ আলোকে ৰঞ্জীৰ বাবে প্ৰিপেয়াৰ কৰিব৷ আৰু এইফালে মই তাকেই নাজানো, দলত থাকিম নে নাই৷ মানুহ ওপৰলৈ উঠে৷ মই দিনে দিনে তললৈ নামি গৈ আছোঁ৷

ঘৰলৈ গৈয়েই গা ধুবলৈ সোমালোঁ৷ মন যে বেয়া মায়ে ধৰিব পাৰিছে, খোৱা বস্তু যতনাই মা আঁতৰি গ’ল৷ ভাতকেইটা খাই লৈ বিচনাত বাগৰ দি ম’বাইলটো অন কৰিলোঁ৷ 

সেইপিনে ৰিং হৈছে৷ সেইপিনে প্ৰিয়া৷

– কেনেকুৱা?

– মোটামুটি৷ বিয়াল্লিশ৷

– এটাও ফিফটী নহ’ল দেখোন৷ 

– তাকেই ৰ৷ ভালেই খেলি আছিলোঁ, দুটা ক্লীন…

– বাৰু বাদ দে সেইবোৰ৷ কিবা ভাবিলি?

মনে মনে হাঁহিলোঁ৷ তোৰ কাষত, অন্তত তোৰ কাষত এই বিয়াল্লিশটোৱে গুৰুত্ব পাব পাৰিলেহেঁতেন৷ কেৱল ফিফটী, হাণ্ড্ৰেডেই সকলো? সেই যে দুটা এক্সট্ৰা অৰ্ডিনেৰী শ্বট্ খেলিলোঁ! পইণ্টৰ ওপৰেৰে৷  সেইবোৰ সকলো মিছা?

– কি হ’ল? একো নামাত যে?

– নাই৷ ভাবিছোঁ৷

– তই ভাবিয়েই থাক৷ দৰাঘৰ পৰহিলৈ আকৌ আহিব৷ 

– কাইলৈ এবাৰ লগ কৰিবি?

– কিয়?

– এনেই৷ বিশেষ একো নাই। 

– এনেই লগ ধৰি কি কৰিবি? বাদ দে অ’৷ কিবা কৰিব পাৰ যদি জনাবি৷ 

– ৰাতি ফোন কৰিবি?

– নকৰোঁ৷ মই ঠিক কৰিছোঁ, মই আৰু নাকান্দো৷ তোকো আমনি নকৰো৷ কন্দা কটাৰে একো নহয়। 

– কিয়?

– কান্দি লাভ আছে? যিমানে দিন গৈছে, বুজি আহিছোঁ যে এই বিয়া ৰখাব পৰা নাযাব৷ তোক কৈয়ো লাভ নাই। 

– ইমান সহজে কৈ দিলি! ইমান সহজ? 

– নহ’লে? চিলিং ফেনত ওলমি দিম?

ফোনটো কাটি দিলোঁ৷ তাই আৰু ৰাতি ৰাতি ফোন নকৰে, নাকান্দে! নিজৰ বুলিবলৈ মোৰ সেইখিনি সময়েই আছিল৷ জানো বাৰু, তাই মোক ভাল নাপায়৷ তাই কেৱল নিজকে বচাবলৈ বিয়াখন ভাঙিব খুজিছে৷ এনেকুৱা নহয় যে এইখন বিয়া ভাঙিলে তাই মোকেই বিয়া কৰিব৷ তাইৰ বাবে চাগে মই জাষ্ট এটা অপশ্যন৷ তথাপি…… ৰাতিৰ সেই ফোনকলবোৰ! জৰুৰী আছিল মোৰ বাবে, কোনোবাখিনিত৷

সেই কোচজনৰ কথা মনত পৰিছে৷ যুৱৰাজে কিন্তু সেই বলটো ফ্লিক নকৰিলেহেঁতেন৷ কথাবোৰ বেলেগকৈ ভাবিবলৈ মন যায় কেতিয়াবা৷ বাৰু, মোৰ ঠাইত যুৱৰাজ হ’লে প্ৰিয়াই মান্তি হ’লহেঁতেন? বোধহয় হ’লহেঁতেন৷ সুদৰ্শন পুৰুষ, ক্লাছী ক্ৰিকেটাৰ৷ যুৱৰাজৰ এটা শ্বট প্ৰেমিকাৰ দহটা চুম্বনৰ দৰে৷ 

বিনিময়ত মই কি পালোঁহেঁতেন? প্ৰিয়াৰ বন্ধু বাবে বৰবেছি যুৱৰাজৰ সৈতে এটা প্ৰেকটিছ চেশ্যন৷ “যুবি, ই মোৰ খুব ভাল বন্ধু বুজিছা, খুব ভাল খেলে৷ তাক দুটামান টিপ্‌চ দিবাচোন৷ বৰ মন ৰঞ্জি খেলাৰ৷”

নে মই সুধিলোঁহেঁতেন- “কেনেকৈ পটালি ভাই? কি শ্বট মাৰিলি?”

নে চুপচাপ  প্ৰেকটিচত মন দিলোঁহেঁতেন? বডী ষ্ট্ৰেইট, ইমান লুজ বেটিং গ্ৰীপ? শ্বট কমপ্লিট নোহোৱালৈ মুৰ নুতুলিবা… ব্লা ব্লা ব্লা…

হঠাৎ বিৰাট খঙ উঠি আহিল৷ চিঞৰি উঠিলোঁ৷ নিজেই ঠিক কৰিম চব৷ কাকো নালাগে মোক৷

মায়ে পাকঘৰৰ পৰা মাত দিলে- “কিবা লাগে?”

“অলপ ভালপোৱা৷”

 

………..

পিছৰ মাহটোত তাইৰ বিয়া হৈ গ’ল৷ 

মোৰো প্ৰেকটিচ সম্পূৰ্ণকৈ বন্ধ হৈ গ’ল৷ বেট-পেড দেখিলেই খং উঠে৷ বেট-পেডৰ ফাঁকেৰেইটো বলটোৱে ষ্টাম্প উৰোৱাই দিলে৷ নহ’লে ফিফটী হৈ যায় সিদিনা, কি ঠিক তাৰ পাছত হাণ্ড্ৰেড৷ পিছদিনা বাতৰি কাকতত মোৰ ফটো ওলালহেঁতেন৷ প্ৰিয়াৰ দেউতাকে বাতৰি কাকত পঢ়ি তাইক মাতিলেহেঁতেন৷

 – এই ল’ৰাটো তোৰ বন্ধু নহয় জানো?

– অ’ দেউতা! বিৰাট ভাল খেলে৷ অহাবাৰ ৰঞ্জী কল পাই যাব পাৰে৷ 

– এটেকিং খেলে৷ আই পি পালে জীৱনলৈ চিন্তা নাই৷ 

– পাব পাৰে৷ মানে পাবই…..৷

– ঘৰলৈ আহিবলৈ কবিচোন৷ অলপ কথা পাতিম৷

আস্! মোৰ সম্ভাব্য সমস্ত সপোন সেই ডেলিভাৰীটোৱে শেষ কৰি দিলে৷ চকুপানী ওলাব খোজে… চাল্লা, সামান্য সেই চুইঙখিনি সহ্য নহ’ল? চা মই এতিয়া কি সহ্য কৰিব লগীয়া হৈছে! কিমানটা নিশা পাৰ হৈ গ’ল, প্ৰিয়াই ৰাতি ফোন কৰি কন্দা নাই৷ তথাপি সহ্য কৰিছোঁ৷ ইয়াতকৈ টান আছিল ডেলিভাৰীটো?

আবেলি অকলে অকলে গৈ পাৰ্কত বহি আছিলোঁ৷ এইখিনি সময়ত খেলাৰ অভ্যাস, ঘৰত থাকিব নোৱাৰো৷ পাৰ্কত বহুত মানুহ৷ হৰেক ৰকমৰ মুখ৷ কোনোবাই হাঁহিছে, কোনোবাই বেজাৰ কৰিছে৷ কিন্তু প্ৰিয়াৰ সেই ক্ৰন্দনৰত মুখ ক’তো নাই৷ আজিকালি কোনেও নাকান্দে? কোনেওঁ কষ্ট নাপায়?

সন্ধ্যা পাৰ্কৰ পৰা ওলায়েই আলোকৰ মুখামুখি হ’ল৷ প্ৰেকটিচৰ পৰা উভটিছে৷ 

– প্ৰেকটিচত অহা নাই যে? চিলেকশ্যন আছে দেখোন৷

মনে মনে থাকিলোঁ৷ মুখ মেলিলেই যেন আলোকে সকলো গম পাব৷ আলোকৰ এটাই দুৰ্বলতা, বাওঁহতীয়া বেটচমেনৰ বিৰুদ্ধে৷ যদি তাক এতিয়াই কৈ দিওঁ, খেলা এৰি দিছোঁ…..

সি খুব আনন্দ পাব? নে তাচ্ছিল্য ভৰা চকুৰে মোলৈ চাব? লুজাৰ…!

মনৰ ভাৱ মনতে লুকুৱাই ক’লোঁ৷

– চাওঁ ৰচোন৷ কিবা এটা মাইণ্ডত আছে৷ গৈ আছোঁ যা প্ৰেকটিচত৷

– অ’কে৷ চল বেষ্ট অৱ্ লাক্৷

আচৰিত৷ প্ৰিয়াই হাঁহিছে!

– চৰী, চৰী! মোৰ মানুহটো যে নহয়, ইমান জমনি৷ হাঁহি হাঁহি পাগল হৈ যাবি৷ 

– অ’৷

– তয়ো যে মানে! এতিয়াওঁ খং কৰিয়েই আছ? বাদ দে না৷ সেইবোৰ পুৰণা কথা৷

অস্ফুট স্বৰত ক’লোঁ 

– নাহ৷ মই কাক, কিয় খং কৰিম? 

– মাতবোল বন্ধ কৰি দিবি মোৰ লগত?

 নীৰৱতা!

 – ৰাতি এবাৰ ফোন কৰিবি? হাজাৰটামান কথা জমা হৈ গৈছে৷ কোনো নাই শুনিবলৈ৷

– ৰাতি নোৱাৰিম দে৷ এওঁ বেছি ৰাতিলৈ থাকিলে বেয়া পায়৷ ৰূমৰ পৰা কথা ক’ব দিগদাৰ না৷ 

– ভালে আছ ন?

– আছোঁ৷ বিয়াখন নাভাঙিল, ভালেই হ’ল দে৷ ফুলষ্টপ দিবলগা আছিলেই৷ মানুহটো বেয়া নহয়৷ 

– এডজাষ্ট কৰি লৈছ? পাৰিলি?

– মই সংসাৰখন নিজৰ মতে কৰি লৈছোঁ৷ পাৰিম, পাৰিছোঁ৷

– ৱাহ! বঢ়িয়া! 

– বাদ দে সেইবোৰ৷ কালি খেল চালি? যুবি ইজ লাভ! উফ! মেচ উইনিং শ্বটতো যে!

– নাই চোৱা৷ কি শ্বট?

– মিছ কৰিলি৷ জেগাত থাকি আম্পায়াৰৰ কাষেৰে প্লেচ কৰিছে৷ আহ! যেন এটা ৱাইল্ড কিছ! ইমান ৰিলেক্স হৈ কেনেকৈ খেলে ভাই!

মনে মনে ভাবিলোঁ৷ মই খেল চোৱা নাই৷ কিন্তু তোক দেখিলোঁ৷ কি ৰিলেক্স হৈ সংসাৰ কৰিছ তই৷ মোৰ বুকুত শেল হৈ বিন্ধিছে তোৰ সুখবোৰে৷ কি কৰোঁ মই তোক? 

হিংসা? অৱজ্ঞা? ঈৰ্ষা? 

ৰাতি ফোনটো আহিল৷

– আমি বিছাৰিছোঁ তুমি এইবাৰ আমাৰ দল, মানে ডিব্ৰুগড়ৰ হৈ খেলা৷ 

না ক’ব লাগিছিল, নক’লোঁ। বোধহয় প্ৰিয়াৰ বাবে। তাইৰ দৰে হাঁহিব নুখুজিলেও হেৰুৱাবও নোখোজোঁ জীৱনৰ উইকেট। ময়ো জীৱন নামৰ খেলখন স্বাচ্ছ্যন্দে খেলিব পৰা খেলুৱৈ, প্ৰিয়াক বুজাব খোজোঁ।

প্ৰথম মেচ! প্ৰথম অভাৰ৷ স্ক’ৰবৰ্ডত এটা শুণ্য ওলমি আছে৷ কাষত এটা উইকেট৷ 

গাৰ্ড লৈ ক্ৰিজত থিয় দিলোঁ৷ আলোকৰ অভাৰৰ তৃতীয় বল৷ ৰাণ আপ লৈছে, আম্পায়াৰক অতিক্ৰম কৰি বল এৰিলে৷ গুড লেংথ, সামান্য অভাৰ পিটচড্৷ মিডল আৰু লেগ ষ্টাম্পৰ মাজত৷ সামান্য ইনচুইং৷ ফ্লিক কৰোঁ? বেটৰ মাজত লাগিলে চিক্স হ’ব পাৰে৷ আলোকৰ অহংকাৰ ফাটিব৷ না, নকৰিলোঁ৷ ঠাইতে থিয় হৈ ষ্ট্ৰেইট বেট ড্ৰাইভ কৰিলোঁ৷ একমুহূৰ্ত- মিড অনৰ ফিল্ডাৰে সোঁফালে জাপ দিলে৷ ফ’ৰ! সেইফালৰ পৰা নন্ ষ্ট্ৰাইকাৰৰ চিঞৰ… “নাইচ শ্বট্… শ্ৰেয়াস৷”

আলোকলৈ চালোঁ৷ হতাশ! মোৰফালে চাই আছে৷ মিচিকিয়াই হাঁহি এটা মাৰিলোঁ৷ হেলমেটৰ বাবে সি বোধহয় নেদেখিলে৷

অস্ফুট স্বৰেৰে ক’লোঁ,

– দেখিছ প্ৰিয়া! চা, ময়ো দিব পাৰোঁ৷ সেই চুম্বন। বা চুম্বনৰ দৰে স্বাচ্ছন্দ্য…।