ৰোমন্থন কৰিব পৰা ‘স্মৃতি’ মান্ধানা:: ৰক্তিম ৰঞ্জন ফুকন

হাতত বেটখন লৈ যুৱতীগৰাকী যেতিয়া খেলপথাৰত নামে, প্ৰত্যেকজন ক্ৰিকেটপ্ৰেমীৰ মন উৎফুল্লিত হৈ পৰে। দীপলিপ্ গাভৰু, মোহনীয় হাঁ‌হি তথা তাতোকৈয়ো আকৰ্ষণীয় ক’ভাৰ ড্ৰাইভেৰে সকলোৰে মন ভৰাই তোলে। ১৮ সংখ্যাৰ জাৰ্চীটো গাত মেৰিয়াই ফিল্ডত দপদপাই থকা এই খেলুৱৈ গৰাকীয়ে হৈছে ভাৰতীয় ক্ৰিকেট জগতৰ উজ্বলি থকা নক্ষত্ৰ স্মৃতি মান্ধনা। 

১৯৯৬ চনৰ ১৮ জুলাইত মুম্বাইত জন্মগ্ৰহণ কৰা মান্ধনাই বিশ্বৰ অন্যতম গতিশীল আৰু নিপুণ ক্ৰিকেটাৰ হিচাপে নিজৰ নাম খোদিত কৰিছে।  পৰিয়ালত থকা ক্ৰিকেট সংস্কৃতিক অনুসৰণ কৰি  স্মৃতি মান্ধনাই ক্ৰিকেটৰ সৈতে কম বয়সৰ পৰাই আপোনত্ব গঢ়ি তোলে। ৰাসায়নিক বিতৰক হিচাপে পৰিচিত তেওঁৰ পিতৃয়ে তেওঁক এই খেলবিধৰ সৈতে পৰিচয় কৰাই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, য’ত নেকি ভাতৃয়েও অশেষ সমৰ্থন জনাইছিল। স্মৃতিৰ প্ৰতিভাক স্বীকৃতি দি পিতৃয়ে মহাৰাষ্ট্ৰৰ সাংগলীৰ এখন ক্ৰিকেট একাডেমীত নামভৰ্তি কৰে। বাওঁহতীয়া প্ৰাৰম্ভিক বেটাৰ গৰাকীয়ে তেতিয়াৰ পৰাই ক্ৰিকেটত দ্ৰুতগতিত সফলতাৰ ঢৌ তুলিছিল।  প্ৰাৰম্ভিক সফলতাই আশাব্যঞ্জক ভৱিষ্যতৰ ইংগিত দিছিল আৰু ই নিমিষতে নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিলে।

সাধাৰণতে দেখা যায় যে পুৰুষৰ তুলনাত মহিলা ক্ৰিকেটৰ বহু কমকৈ আলোচনা হয়। মহিলা ক্ৰিকেটাৰসকলে প্ৰাপ্য আদৰ লাভ নকৰে যেন অনুভৱ হয়। গতিকে এই লেখাটিত স্মৃতি মান্ধানাৰ ক্ৰিকেট কেৰিয়াৰক ঘৰুৱা ক্ৰিকেট আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুভাগ কৰি বিতংকৈ আলোচনা কৰিবলৈ চেষ্টা চলোৱা হৈছে। ভাৰতৰ দৰে ক্ৰিকেটক ধৰ্ম বুলি ভবা এখন দেশৰ ক্ৰিকেটপ্ৰেমী হিচাপে এয়া যেন মান্ধানাৰ প্ৰতি এক ক্ষুদ্ৰ সন্মান।

ঘৰুৱা ক্ৰিকেট:- ২০১৩ চনৰ অক্টোবৰ মাহত তেওঁ চাঞ্চল্যৰ সৃষ্টি কৰিছিল, যেতিয়া তেওঁ এদিনীয়া খেলত দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল। গুজৰাটৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ হৈ খেলি তেওঁ বাডোদৰাৰ আলেম্বিক ক্ৰিকেট খেলপথাৰত পশ্চিম মণ্ডলৰ ১৯ বছৰ অনুৰ্ধ প্ৰতিযোগিতাত ১৫০ বলত অপৰাজিত ২২৪ ৰান সংগ্ৰহ কৰে।২০১৬ চনৰ মহিলা চেলেঞ্জাৰ ট্ৰফীত মান্ধনাই ইণ্ডিয়া ৰেডৰ হৈ অংশ লৈ তিনিটা অৰ্ধশতক অৰ্জন কৰিছিল। উক্ত প্ৰতিযোগিতাত ইণ্ডিয়া ব্লুৰ বিৰুদ্ধে ফাইনেলত ৮২টা বলত অপৰাজিত ৬২ ৰান সংগ্ৰহ কৰি নিজৰ দলটোক ট্ৰফী জয় কৰাত সহায় কৰিছিল। ১৯২ ৰান সংগ্ৰহ কৰি তেওঁ প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে আত্মপ্ৰকাশ কৰে। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত মান্ধনাই অষ্ট্ৰেলিয়াৰ বিখ্যাত মহিলা বিগ বেছ লীগত (WBBL) ব্ৰিজবেন হিটৰ বাবে এবছৰৰ বাবে চুক্তিবদ্ধ হয় আৰু হৰমনপ্ৰীত কৌৰৰ সৈতে লীগৰ বাবে চুক্তিবদ্ধ হোৱা প্ৰথম দুগৰাকী ভাৰতীয়ৰ ভিতৰত অন্যতম হয়। ২০১৮ চনৰ জুন মাহত মান্ধনাই কিয়া ছুপাৰ লীগৰ ডিফেণ্ডিং চেম্পিয়ন ৱেষ্টাৰ্ণ ষ্টৰ্মৰ সৈতে চুক্তিবদ্ধ হয়। ফলশ্ৰুতিত এই প্ৰতিযোগিতাত খেলা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ২০১৮–১৯ বৰ্ষৰ মহিলা বিগ বেছ লীগ ছিজনৰ বাবে তেওঁক হোবাৰ্ট হাৰিকনেছৰ দলত অন্তৰ্ভুক্ত কৰা হয়। ইয়াত তেওঁ‌ আশানুৰূপ প্ৰদৰ্শনেই আগবঢ়ায়। ২০২১-২২ বৰ্ষৰ মহিলা বিগ বেছ লীগ ছিজনৰ বাবে পুনৰ তেওঁক ছিডনী থাণ্ডাৰৰ দলত অন্তৰ্ভুক্ত কৰা হয়। এই ছিজনত তেওঁ প্ৰতিযোগিতাখনৰ এতিয়ালৈকে সৰ্বাধিক স্ক’ৰৰ অভিলেখ স্পৰ্শ কৰে। আনহাতে ২০২১ বৰ্ষতে তেওঁক চাউদাৰ্ণ ব্ৰেভে দ্য হাণ্ড্ৰেডৰ উদ্বোধনী ছিজনৰ বাবে চুক্তিবদ্ধ কৰা হয় য’ত ৭খন খেল খেলি ১৬৭ ৰাণ সংগ্ৰহ কৰে।

সেই সময়তে মহিলা প্ৰীমিয়াৰ লীগৰ সূচনা হয়। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা উদ্বোধনী ডব্লিউ পি এল নিলামত তেওঁক ৰয়েল চেলেঞ্জাৰছ্‌ বেংগালুৰুৱে ৩.৪ কোটি টকাত ক্ৰয় কৰে আৰু ই  নিলামৰ সৰ্বাধিক দৰ হিচাপে পৰিগণিত হয়। মান্ধানাক দলৰ অধিনায়ক হিচাপেও নিৰ্বাচিত কৰা হয়। বৰ্তমান সময়তো তেওঁ‌ আৰ.চি.বি দলৰ নেতৃত্ব বহন কৰি আছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট:- স্মৃতি মান্ধনাই ২০১৪ চনৰ আগষ্ট মাহত ৱৰ্মছলি পাৰ্কত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটায়। প্ৰথম আৰু দ্বিতীয় ইনিংছত ক্ৰমে ২২ আৰু ৫১ ৰান কৰি নিজৰ দলটোক মেচখন জয় কৰাত গুৰুত্বপূৰ্ণ অৰিহনা যোগায়। লগতে তেওঁ প্ৰথম উইকেটত  থিৰুছ কামিনিৰ সৈতে ৭৬ ৰানৰ যুটি বান্ধি ১৮২ ৰানৰ লক্ষ্য অতিক্ৰম কৰিছিল। ২০১৬ চনত হোবাৰ্টৰ বেলেৰিভ অভালত ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ দ্বিতীয়খন এদিনীয়া খেলত মান্ধানাই প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শতক (১০৯টা বলত ১০২ ৰাণ) অৰ্জন কৰে। উল্লেখযোগ্য যে স্মৃতি মান্ধনা আছিল একমাত্ৰ ভাৰতীয় খেলুৱৈ যিয়ে ২০১৬ চনৰ আইচিচিৰ বছৰৰ শ্ৰেষ্ঠ মহিলা দলত নিৰ্বাচিত হৈছিল। কৰুণভাৱে সেই বছৰৰ জানুৱাৰী মাহত ডব্লিউ বি বি এলত থকা সময়ছোৱাত  আঘাতপ্ৰাপ্ত হৈ ক্ৰিকেটৰ পৰা বিৰতি ল’ব লগা হৈছিল। কিন্তু অদম্য সাহসৰ পৰিচয় দি ২০১৭ চনৰ বিশ্বকাপৰ বাবে দললৈ ঘূৰি আহে আৰু ডাৰ্বিত ইংলেণ্ডৰ বিৰুদ্ধে ৯০ ৰান সংগ্ৰহ কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰে। তাৰ পিছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত দ্বিতীয় শতক(১০৬*) অৰ্জন কৰি ২০১৭ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। অৱশ্যে ফাইনেলত ইংলেণ্ডৰ হাতত ৯ ৰানত পৰাস্ত হৈ চূড়ান্ত খিতাপ অৰ্জন কৰাত ব্যৰ্থ হয়। উল্লেখনীয়ভাৱে পিছৰ মাহত ইংলেণ্ডৰ বিৰুদ্ধে খেলা তিনিখন এদিনীয়া মেচৰ বাবে তেওঁক ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।

মান্ধানাই ২০১৮ চনৰ অক্টোবৰ মাহত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা মহিলা বিশ্ব টি-২০ প্ৰতিযোগিতাৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে। প্ৰতিযোগিতাখনৰ সময়ত তেওঁ ভাৰতৰ বাবে WT20I মেচত ১০০০ ৰান সংগ্ৰহ কৰা তৃতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে মহিলা টি-২০ত মাত্ৰ ২৪টা বলত ভাৰতৰ হৈ স্মৃতি মান্ধনাই দ্ৰুততম অৰ্ধ শতক অৰ্জন কৰিছিল। ইয়াৰ আগতেও ২০১৮ চনৰ মাৰ্চ মাহত মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয়  প্ৰতিযোগিতাত ভাৰতৰ হৈ  অৰ্ধশতক অৰ্জন কৰিছিল। ২০১৮ চনৰ ৩ আগষ্টত মহিলা ক্ৰিকেট ছুপাৰ লীগত প্ৰথম শতক অৰ্জন কৰা খ্যাতিও লাভ কৰে। সেই বছৰতে তেওঁ ৬৬.৯০ গড়ে ৬৬৯ ৰান সংগ্ৰহ কৰি WODI ৰ আগশাৰীৰ ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল আৰু আইচিচিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ আৰু আইচিচিৰ বছৰৰ মহিলা এদিনীয়া খেলুৱৈ হিচাপে নিৰ্বাচিত হয়। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ বাবে ভাৰতৰ মহিলা টি-২০ দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল। গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথম টি-২০ মেচত ইংলেণ্ডৰ বিৰুদ্ধে ২২ বছৰ আৰু ২২৯ দিন বয়সত  মহিলা দলৰ নেতৃত্ব দি ভাৰতৰ হৈ কনিষ্ঠতম টি-২০ অধিনায়ক হিচাপে পৰিগণিত হয়। ২০১৯ চনৰ মে’ মাহত তেওঁ CEAT আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বঁটা-২০১৯ত বছৰৰ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ বঁটা লাভ কৰে। ২০১৯ চনৰ নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছিৰিজৰ সময়ত তেওঁ ইনিংছৰ ক্ষেত্ৰত তৃতীয় দ্ৰুততম ক্ৰিকেটাৰ হিচাপে WODI ত ২০০০ ৰান সংগ্ৰহ কৰে।  ২০২১ চনৰ মে’ মাহত ইংলেণ্ডৰ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ খেলৰ বাবে তেওঁক ভাৰতৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচখনৰ প্ৰথম ইনিংছত তেওঁ টেষ্ট ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে আৰু অষ্ট্ৰেলিয়াত এদিনীয়া আৰু টেষ্ট দুয়োটা খেলতে শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। শেহতীয়াকৈ ২০২২ চনত হাংঝোত অনুষ্ঠিত হোৱা এছিয়ান গেমছত তেওঁ স্বৰ্ণ পদক লাভ কৰে।

যিকোনো ক্ৰীড়া যাত্ৰাৰ দৰেই মান্ধনাৰ কেৰিয়াৰেও আঘাতকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কিন্তু তেওঁৰ স্থিতিস্থাপকতা আৰু দৃঢ়তা গুণৰ বাবে অধিক শক্তিশালী ৰূপত  প্ৰত্যাৱৰ্তন কৰিছে। স্মৃতি মান্ধনাই নিজৰ প্ৰতিভাৰে ক্ৰিকেট ক্ষেত্ৰখনক শোভা বঢ়াই থকাৰ সময়তে অনুৰাগীসকলে অধিক স্মৰণীয় প্ৰদৰ্শনৰ বাবে আগ্ৰহেৰে আশা কৰিছে। তেওঁৰ এই যাত্ৰা কেৱল ব্যক্তিগত সফলতাই নহয়, বিশ্বজুৰি মহিলা ক্ৰিকেটৰ বৃদ্ধি পোৱা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চুই যোৱা উচ্চতাৰো প্ৰমাণ। সামৰণিত ক’ব পাৰি যে স্মৃতি মান্ধনাৰ কাহিনী প্ৰতিভা, অধ্যৱসায় আৰু উৎকৃষ্টতাৰ কাহিনী। কভাৰ ড্ৰাইভ তথা অফ-ফিল্ডৰ অভূতপূৰ্ব খেলেৰে এটা প্ৰজন্মক অনুপ্ৰাণিত কৰা মান্ধনা অনস্বীকাৰ্যভাৱে ক্ৰিকেটৰ এক ৰত্ন। ভাৰতীয় ক্ৰিকেটৰ বুৰঞ্জীত তেওঁৰ নাম উজ্জ্বলভাৱে জিলিকি থকাটো ধুৰূপ।