সংখ্যাৰ আঁৰৰ কথা

২০১৭ বৰ্ষৰ মে’ মাহৰ ২১ তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ কেইজনমান যুৱকৰ দ্বাৰা সংগঠিত হোৱা হোৱাটছ এপ গোটটো পৰৱৰ্তী সময়ত ‘ক্ৰিকেটকোষ’ নামেৰে নামাংকিত হৈছিল ৷ প্ৰথম অৱস্থাত মাত্ৰ ৮/১০ জন সদস্যৰে আৰম্ভ হোৱা গোটটোত পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জিলাৰ বহু ক্ৰিকেটপ্ৰেমী মানুহৰ আগমন ঘটিছিল আৰু গোটটোত হোৱা আলোচনাবোৰৰ মাধ্যমেৰে ক্ৰীড়া সম্পৰ্কীয় লেখা-মেলা, ক্ৰীড়া সাংবাদিকতা আদিত গুৰুত্ব আৰোপ কৰি কাম কৰাৰ বাবে বাবে পৰিকল্পনা কৰা হয় ৷ ইয়াৰে এক অংশ হিচাপে ২০২২ বৰ্ষৰ জানুৱাৰী মাহৰ এক তাৰিখে ভূমিষ্ঠ হয় অসমৰ প্ৰথমখন ক্ৰিকেট বিষয়ক অনলাইন আলোচনী “ক্ৰিকেটকোষ” ৷ আঠটা সংখ্যা সফলতাৰে প্ৰকাশ কৰাৰ পাছত কিছুমান কাৰিকৰী অসুবিধাৰ বাবে সাময়িকভাৱে বন্ধ হৈ থকা এই আলোচনী খন চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা পুনৰ তিনিমাহৰ অন্তৰে অন্তৰে প্ৰকাশ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে ৷ অসমত ক্ৰীড়া সাহিত্য আৰু ক্ৰীড়া সাংবাদিকতাৰ ক্ষেত্ৰখনক অধিক প্ৰসাৰতা দিয়াৰ উদ্দেশ্যে লোৱা আমাৰ এই প্ৰচেষ্টাত প্ৰতিজন ক্ৰীড়াপ্ৰেমীৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শ আশা কৰিছো ৷ ক্ৰীড়াক শিক্ষাৰ এক অবিচ্ছেদ্য অংশ কৰাৰ বাবে যি সজাগতা সৃষ্টিৰ প্ৰয়োজন সেইটো দিশতো ‘ক্ৰিকেটকোষ’ৰ যোগেদি আমি চেষ্টা অব্যাহত ৰাখিম ৷ প্ৰথমতে আমাৰ এই নতুন যাত্ৰাত লেখা দি প্ৰত্যক্ষভাৱে সহায় আগবঢ়োৱা প্ৰতিজন সুহৃদলৈ কৃতজ্ঞতা জ্ঞাপন  কৰিছোঁ ৷ ইয়াৰোপৰি আলোচনীখন প্ৰকাশৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰিকৰী দিশটোৰ সম্পূৰ্ণ দ্বায়িত্ব আগ্ৰহেৰে পালন কৰি থকা দেৱজিত শৰ্মা দাদাৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ’ম ৷ ইয়াৰোপৰি বিভিন্ন দিশত সহায় আগতঢ়োৱা সম্পাদনা সমিতিৰ লগতে ক্ৰিকেটকোষৰ সমূহ সদস্যলৈ কৃতজ্ঞতা যাঁচিলোঁ ৷ সৰ্বশেষত আশা কৰিছো ‘ক্ৰিকেটকোষ’ এইটো সংখ্যাৰ লগতে আহিবলগীয়া প্ৰতিটো সংখ্যা অসমৰ প্ৰতিজন পাঠকে সহৃদয়তাৰে আকোঁৱালি ল’ব আৰু আমাৰ ভুল-ক্ৰুটি সমূহ আঙুলিয়াই দিব ৷

One comment

  • DEBAJIT SHARMA

    ক্ৰিকেটকোষৰ এই যাত্ৰা অব্যাহত থাকক৷