মাইকেল বেভান:- দ্যা ফিনিচাৰ:: প্ৰাচুৰ্য্য মহন্ত

এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ ফিনিচাৰ সকলৰ ভিতৰত অন্যতম (সৰ্ব শ্ৰেষ্ঠ বুলি ক’লেও বঢ়াই কোৱা নহয়) অষ্ট্ৰেলিয়াৰ বাওঁহতীয়া বেটাৰ মাইকেল বেভানৰ নাম প্ৰথমেই লোৱা হয় । যি সময়ত অষ্ট্ৰেলিয়াই ক্ৰিকেট বিশ্বত দপদপাই আছিল সেই সময়ত মিডল অৰ্ডাৰ বেটাৰ মাইকেল বেভানে নিজৰ স্বভাৱ সুলভ বিস্ফোৰক বেটিঙেৰে নিজ দলক বহুতো জয় অসম্ভৱ যেন লগা মেচতো সহজ জয়লাভ কৰাত সহায় কৰিছিল। তেওঁৰ আটাইতকৈ প্ৰিয় কাট শ্বটৰ জড়িয়তে ব’লাৰক ভীষন ভাৱে সমস্যাৰ সৃষ্টি কৰিছিল, বিশ্ব ক্ৰিকেটত তেওঁৱে প্ৰথম বেটাৰ যি প্ৰথমে ১/২ৰান লৈ ইনিংছ আৰম্ভ কৰি শেষৰ ফালে মাৰমুখী বেটিঙেৰে দলক জয়ৰ ফালে অগ্ৰসৰ কৰোৱাইছিল।

১৯৯৪চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা বেভানক ক্ৰিকেটৰ “ফিনিশ্বাৰ” শব্দৰ পিতৃ বুলি জনা যায়। বেভানক এদিনীয়া ক্ৰিকেটৰ প্ৰকৃত “ফিনিশ্বাৰ” বুলি কোৱা হয়।

মাইকেল বেভানে অষ্ট্ৰেলিয়াৰ হৈ ২৩২খন এদিনীয়াত ৬টা শতক ৪৬টা অৰ্ধশতকেৰে ৫৩ গড়ে ৬৯১২ ৰান সংগ্ৰহ কৰিছিল। টেষ্ট ক্ৰিকেটত বিশেষ সফল হ’ব নোৱাৰা বাওঁহতীয়া বেভানে১৮ খন টেষ্টত ৬ টা অৰ্ধশতকসহ ৭৮৫ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ ১০ বছৰীয়া এদিনীয়া কেৰিয়াৰত কোনো দিন ৰানৰ গড় ৫০ৰ তললৈ অহা নাছিল আৰু এইটো তেওঁৰ বিশেষ সফলতা বুলি গণ্য কৰা হয়।

বেটিঙৰ সময়ত কোনো দিন হাৰ নমনা মানসিকতা বেভানৰ বেটিঙৰ এক বিশেষত্ব। বেভানে যিখন খেলৰ পৰা “ফিনিশ্বাৰ” নাম লাভ কৰিছিল সেইখন খেলত অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৭৩ ৰানৰ লক্ষ্য আগত লৈ ৩৮ ৰানতে ৬টা উইকেট হেৰুৱাইছিল আৰু বেভানে শেষলৈকে খেলখন টানি নি শেষৰ বলত ৪ মাৰি খেল খনত অষ্ট্ৰেলিয়াক জয়লাভ কৰোৱাইছিল। ১৯৯৯ আৰু ২০০৩ বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়া দলৰ সদস্য হোৱা বেভানে কেৰিয়াৰত  নিজাববীয়াকৈ যথেষ্ঠ খেলত অষ্ট্ৰেলিয়াক জয়ৰ মুখ দেখুৱাবলৈ  সক্ষম হৈছিল। মেচিনৰ গতিত বেটিঙ কৰা বেভানক সেই সময়ত চেৰ পেলাব পৰা বেটাৰ ক্ৰিকেট বিশ্বত তেনেই নগণ্য আছিল। এ বি ডি ভিলিয়াৰ্চ মহেন্দ্ৰ সিং ধোনীক এই যুগৰ শ্ৰেষ্ঠ ফিনিশ্বাৰ হিচাপত ধৰা হয় যদিও বেভানক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰিব পাৰি। বেভানে নিজ কেৰিয়াৰত ৩টা এদিনীয়া বিশ্বকাপত অংশগ্ৰহণ কৰি (১৯৯৬, ১৯৯৯ আৰু ২০০৩) ২৬ খন খেলত ৪৫ গড়ে ৫৩৭ সংগ্ৰহ কৰি থৈ গৈছে। ভাৰতৰ বিপক্ষেও তেওঁ এদিনীয়াত যথেষ্ঠ ভাল প্ৰদৰ্শন আগবঢ়াব সক্ষম হৈছিল।ভাৰতৰ বিপক্ষে তেওঁ সৰ্বমুঠ ৩৫ খন এদিনীয়াৰ ৩১ ইনিংছ খেলি ৪৯.১৩ গড়ে ১টা শতক আৰু ৬টা অৰ্ধশতকসহ ১০৮১ সংগ্ৰহ কৰিব সক্ষম হৈছিল।

তেওঁ কেৰিয়াৰত কেইবাটাও স্মৰণীয় ইনিংছ খেলি থৈ গৈছে, তাৰে দুটামান উলেখ্য কৰা হ’ল।

১৯৯৮ চনত ভাৰতৰ বিপক্ষে শ্বাৰজাহত অনুষ্ঠিত এখন খেলত তেওঁ সংগ্ৰহ কৰা ১০১ ৰানৰ সহায়ত অষ্ট্ৰেলিয়াই ভাৰতক ২৬ ৰানত পৰাস্ত কৰিছিল। খেলখনত অষ্ট্ৰেলিয়াই কম ৰানৰ ভিতৰত ৪টা উইকেট হেৰুৱাইছিল যদিও তেওঁৰ সেই শতকৰ সহায়ত অষ্ট্ৰেলিয়াই ২৮৪ ৰান সংগ্ৰহ কৰিছিল, তেওঁৰ লগতে মাৰ্ক ৱ’ই ৮১ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। উক্ত খেল খনত ভাৰত পৰাস্ত হ’লেও শচীন তেণ্ডুলকাৰৰ গুৰুত্বপূৰ্ণ শতকৰ বাবে শচীনক ‘মেন অফ দ্যা মেছ’ৰ বটাঁ প্ৰদান কৰা হৈছিল।

আন এটা গুৰুত্বপূৰ্ণ ইনিংছ হৈছে ১৯৯৬ চনৰ বিশ্বকাপৰ ৱেষ্ট ইণ্ডিজ বনাম অষ্ট্ৰেলিয়া মাজত অনুষ্ঠিত হোৱা ছেমি ফাইনেল মেচখন ৷

সেইখন খেলত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ষ্টোৱাৰ্ট ল’ৰ ৭২ আৰু বেভানৰ ৬৯ ৰানৰ সহায়ত ২০৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল যদিও শ্বেণ ৱাৰ্ণৰ স্পিন ভেল্কীৰ সহায়ত অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজক মাত্ৰ ৫ ৰানত পৰাস্ত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল। ১৯৯৭ চনত দক্ষিন আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এখন খেলত ২৪৬ ৰানৰ লক্ষ্য অকলেই যুজি ৮২ ৰান সংগ্ৰহ কৰিছিল যদিও শীৰ্ষক্ৰমৰ আন বেটাৰৰ অসযোগিতাৰ বাবে খেলখনত তেওঁৰ দল মাত্ৰ ১৯৮ ৰানতে অলআউট হৈ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। তেওঁ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামতো এটা সুন্দৰ ইনিংছ খেলি অসমৰ দৰ্শকৰ মন জয় কৰাৰ লগতে অষ্ট্ৰেলিয়াকো জয়ৰ সোৱাদ প্ৰদান কৰিছিল। নিউজিলেণ্ডৰ বিপক্ষে অনুস্থিত টিভিএছ কাপৰ সেই খেলখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি বেভানৰ অপৰাজিত ৮৪ ৰানৰ সহায়ত ২২৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে নিউজিলেণ্ডে ১৮১ ৰানহে সংগ্ৰহ কৰিব সক্ষম হৈছিল ৷ টি ২০ অহাৰ পিছত বিশ্বত বহুত ফিনিশ্বাৰৰ আবিৰ্ভাৱ ঘটিছে ৷ সেই সকলৰ ভিতৰত ভাৰতৰ ৰিংকু সিঙৰ নামো শেহতীয়াকৈ তালিকাভুক্ত হৈছে ৷ তুলনা কৰা নাই যদিও ক’ব বিচৰা হৈছে যে ৰিংকু সিঙে বেভানৰ দৰে ফিনিশ্বাৰ হোৱাৰ সক্ষমতা দেখুৱাইছে, প্ৰয়োজনীয় সা সুবিধা আৰু পৰ্যাপ্ত সুযোগ পালে ৰিংকুৱেও নিজৰ প্ৰতিভাৰ প্ৰমান দিব পাৰিব বুলি আশা কৰিব পাৰি। শেষত পুনৰ বেভানৰ কথালৈ ঘুৰি আহি এটা কথাই ক’ব বিচাৰিম যে টি২০ বা টি১০ৰ ধামখুমীয়াত ১৫/২০ বলত অৰ্ধশতক অৰ্জন কৰা ফিনিশ্বাৰৰ আৱিৰ্ভাৱ হৈছে যদিও বেভানৰ সেই ধ্ৰুপদী খেলৰ কলা আয়ত্ত্ব কৰাটো আজিৰ প্ৰজন্মৰ খেলুৱৈৰ বাবে এক দুৰ্বোধ্য সমীকৰণ হৈ ৰ’ব ৷ বৰ্তমান সময়ৰ ক্ৰিকেটৰ প্ৰায়বোৰ নীতি-নিয়ম বেটাৰৰ সহায়ক হোৱা বাবেও বহু সময়ত ৰাণ সংগ্ৰহ কৰাটো এটা হাতৰ খেল হৈ পৰে বহু বেটাৰৰ বাবে ৷ কিন্তু বেভানে খেলা সময়চোৱাত সেই সুবিধা একেবাৰেই নাছিল আৰু বিশ্বৰ বাঘা বাঘা ব’লাৰৰ বিৰুদ্ধে দলৰ বিপৰ্যয়ৰ সময়ত বেভানে খেলা সেই মেচ বিজয়ী ইনিংছবোৰে তেওঁক সদায়ে আনতকৈ পৃথক এখন আসনত অধিষ্ঠিত কৰি ৰাখিব ৷