দেশ vs. পৰীক্ষা : অগ্নিভ দত্ত
(স্মৃতিৰ পাতৰ পৰা )
১৯৯৬ চন ।
বিশ্বকাপৰ ছেমি ফাইনেল । ভাৰত আৰু শ্ৰীলংকাৰ মাজত । চেমেষ্টাৰ পৰীক্ষা চলি আছিল গতিকে ক্লাছ ত্লাছ নাছিলেই ।
সাংঘাটিক উত্তেজনা হোষ্টেলত । খেলৰ চিন্তাত পঢ়া শুনাও কৰিব পৰা নাই ভালদৰে । অৱশ্যে খেলটো বাহানাহে এনেয়েও পঢ়া নহ’লহেতেনেই । খেলত ভাৰত জিকিলে কি কি কৰিম প্লেন বনাই তত পোৱা নাই । ছেমিফাইনেল তাৰ পাছত ফাইনেলত কি কি কৰিম ভাবি গুনিয়েই ত’ত নোহোৱা হৈছে আমাৰ ।
অই’ বস্তু পুৰা ৰেডি !! সেইয়া ভাস্কৰে আহি খবৰ দিলেই । ভাস্কৰ মানে আমাৰ অতি মৰমৰ চিয়ানাই পানবজাৰৰ বি এন দেৰ পৰা দুপৰীয়াই গৈ টাকিৰ যোগাৰটো কৰিলেই, লগতে তাৰ লগত খাবলৈ ব্ৰইলাৰ চিকেন অলপ আনি হোষ্টেলৰ খানা বনোৱা পদুমদাক ভালদৰে ড্ৰাই ফ্ৰাই কৰিবলৈও চমজাই আহিলে । এই বিলাকত চিয়ানাৰ ওপৰত কোনো নাই । আজিৰ দিনৰ ইভেণ্ট মেনেজমেণ্টৰ কাম কৰা কেইটাও চিয়ানাৰ লগত পাত্তা নাপালে হয় কিজানি । টাকিৰ লগত বিচলাৰি কেইটা লাগিব, চ’ডা লব লাগিব নে নাইৰ পৰা চাকনা লঁওতে নিমখ কিমান লাগিব, জলকীয়া কিমান সৰু টুকুৰা কৰিব লাগিব , টান মটৰ কেতিয়া লাগিব কেতিয়া নালাগে ,দহ টকাৰ কেই ভাগ , পাঁচ টকাৰ কেইভাগ লাগিব একদম খুটি নাতি হিচাব কৰি কামবোৰ কৰা মানুহ হ’ল এই চিয়ানা ।
ইডেনত খেল আৰম্ভ হোৱাৰ আগতে দৰ্শকৰ যিমান উত্তেজনা বাঢ়িছে তাতকৈ বেছি উত্তেজিত হৈ পৰিছে আমাৰ চিয়ানা । কিন্তু চিয়ানাৰ উত্তেজনাৰ কাৰণ খেলখন একেবাৰেই নহয় । চিয়ানাৰ চিন্তা খেলখন শেষ হোৱাৰ লগে লগে কি কি কৰিব লাগিব সেইবিলাকত । খেল শেষ হোৱাৰ পাছত ৰুমত দুপেগ দুপেগ মাৰি তেতেলিয়াৰ ফালেদি গৈ হাইৱে ধাবাত বাকী ৰাতিৰ পাৰ্টি চলিব । কথা ফাইনেল ।
খেল আৰম্ভ হোৱাৰ আগতেই কমন ৰুম ইতিমধ্যে মানুহেৰে ভৰি পৰিছে কাৰণ হোষ্টেলৰ একমাত্ৰ টিভিটো তাতেই অৱস্থিত । ৰুমটোৰ ভিতৰত থকা চোফাত আগতেই কেইটামানে খেপ দি বহি লৈছেই । গতিকে বেছিভাগেই থিয় হোৱাৰ লগতে আমি কেইটামান একেবাৰে টি ভিৰ সন্মুখত মাটিতে লেপেটা কাঢ়ি বহি লৈছো ।
ইণ্ডিয়াই ইতিমধ্যে টছ জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে । আমাৰ সকলোৰে মুখত তীব্ৰ অসন্তুষ্টি ।কাৰণ ইতিমধ্যে লীগ আৰু নকআউট খেলত শ্ৰীলংকা দলৰ জয়সুৰীয়া আৰু কালুৱাথিনায় সন্ত্ৰাসৰ সৃষ্টি কৰি পেলাইছে । প্ৰথম বলৰ পৰাই উধাই মোধাই কোবাই বলাৰক তচনচ কৰি পেলাই দুই বেটছমেনে । আমাৰো চিন্তা এতিয়া প্ৰথম বেটিং কৰি যাতা স্কৰ কৰি দিলে ইণ্ডিয়াৰ কাৰণে বৰ ভাল নহব ।
খেল পথাৰলৈ কালুৱথিয়ানা আৰু জয়সুৰীয়া নামিছে । আমাৰ ভাৰতৰ ফালৰ পৰা শ্ৰীনাথে বল দিব দৌৰিছে । শ্ৰীনাথৰ বলে কালুৱাথিনাৰ বেট চুই চিধা মঞ্জেকাৰৰ হাতত ।
ইয়াহু !!! গোটেইবোৰে জপিয়াই উঠিছো ,অৱিশ্বাস্য প্ৰথম বলতে কালুৱাথিনা আউট । কমন ৰুমত চিঞৰ বাখৰৰ কোবত কোনোৱে কাকো নুশুনাৰ নিচিনা হৈছে । তাৰ পাছত চাৰি নম্বৰ বলটোত আকৌ জয়সুৰীয়াই বলতো থাৰ্দমেনলৈ মাৰি পঠোৱাৰ লগে লগে বল গৈ প্ৰভাকৰৰ হাতত ।
ইডেন গাৰ্ডেন ষ্টেদিয়াম উল্লহত ফাটি পৰিছে । আমাৰ ইয়াতো জয়সুৰীয়াৰ বল প্ৰভাকৰৰ হাতত পৰাৰ আগেয়ে টিভিৰ আগত জপিয়াই উঠিছো চবে । জপিয়াই উঠিহে মন কৰিছো আমাৰ লগতে জাপ মাৰি উঠা দীপু দা হঠাৎ মাটিত বাগৰি পৰিছে !! কি হ’ল, কি হ’ল হাঁহাকাৰ লাগিল । দীপু দাই কৈছে দাঁত কেইটা নাই ।
আমি ধৰিব পৰা নাই কি দাঁত নাই ? তেতিয়াহে ওলালগৈ উৰহি গছৰ গুৰি । দীপু দাৰ আগফালৰ চাৰিটা দাঁত আছিল আৰ্টিফিচিয়েল, মানে লগোৱা ।জয়সুৰীয়া আউট হঁওতে জাপ মাৰোতে কাৰোবাৰ হাতৰ কিলাকুটি লাগি একে কোবেই দাঁত উভালি পৰিল । কিন্ত্ত উভালি পৰাতেই নাথাকি দাঁত সোমাই গৈ আচৰিত ভাৱে দীপু দাৰ ডিঙিৰ আধাত লাগি ধৰিল ।গতিকে হাঁহাকাৰ লাগিল ।
দীপু দা মানুহটোৰো অৱস্থা নাই , এফালে দাঁত ডিঙিৰ আধাত, আনফালে ইমান দিন চকচকীয়া দাঁত উলিয়াই হাঁহি থকাৰ ভাণ্ডা ফুট হৈ যোৱাৰ দুখত মানুহটোৰ অৱস্থা নাই । যি কি নহঁওক লগে লগে ওচৰৰে আয়ুৰ্বেদিক হস্পিতেললৈ লৈ যোৱা হ’ল কিবা উপায় দিব পাৰে নেকি বুলি ।
কিন্তু তাৰ ডাক্টৰে ৰিক্স লব নিবিচৰাত গুৱাহাটি মেডিকেললৈ পঠাই দিয়া হ’ল । হঠাৎ সাংঘাটিক উত্তেজনাৰ মাজতে এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ’ল । দীপু দা জি এম চিলৈ এম্বুলেন্সত দুটাৰ লগত পঠাই আমি ইতিমধ্যে আয়ুৰ্বেদিক কলেজৰ পৰা ঘুৰি আহি পোৱা মানে শ্ৰীলংকা দলেও হেৰুৱা খোপনি পুতিব লাগিছে আৰু ৫০ অভাৰৰ অন্তত ভাল স্কৰ এটা বনাবলৈ সক্ষম হ’ল ।
ভাৰতে বেট ধৰাৰ আগতে ব্ৰেকত গৈ হোষ্টেল ৭ ৰ ওচৰত থকা ইব্ৰা কাৰ হোটেলত ৰুটী তৰকাৰী মাৰি আহি ভাৰতৰ বেটিং চোৱাত লাগিলো ।
আমি ভাৰতে প্ৰথমে বেট নকৰাত যে অসন্তুষ্ট হৈছিলো ঠিক কাৰণতেই হৈছিলো যেন লাগিল । এটা এটাকৈ ভাৰতৰ উইকেট পৰি যাব লাগিল । টেণ্ডুলকাৰৰ বাহিৰে কোনেও একো বিশেষ কৰিব নোৱাৰিলে অৱশেষত ইডেনৰ দৰ্শকে খেল খনত গণ্ডগোল লগোৱাত খেল আধাতে সামৰি শ্ৰীলংকাক বিজয়ী ঘোষনা কৰা হ’ল ।
ভাৰতৰ যি অনাকাংক্ষিত পৰাজয় তেনেদৰে আমাৰ কাৰণেও এক অনাকাংক্ষিত পৰিস্থিতি । খেল জিকিলে কি কি কৰিম তাৰহে প্লেন কৰা আছিল , যিহেতু ভাৰত হাৰিব বুলি ভবাই নাছিলো । গতিকে ঠিক কৰা হ’ল প্লেন চব একেই থাকিব কেৱল ফুৰ্ত্তি কৰাৰ ঠাইত আমি কামবিলাক দুখমনেৰে কৰিম । প্ৰব্লেম চলভ ।
চিয়ানাই কৰি থোৱা যোগাৰেৰে আৰম্ভ হৈ গ’ল । আৰম্ভহে হ’ল কিন্তু শেষ কৰিবলৈ শেষত তেতেলিয়াৰ হাইৱে ধাবা যাব লগা হ’ল । মাজৰাতি দুখ শোক চব সামৰি ৰুম আহি পাঁওতে ৰুমমেটে পাছ দিনাৰ পৰীক্ষাৰ কাৰণে পঢ়া সামৰি শোৱাৰ যা যোগাৰ কৰিছে । ধেত তেৰিকা খেলৰ নামত মিছা মিছি গোটেই দিনটো মানে লগতে ৰাতিটোও গ’ল ।
পিছদিনাৰ পৰীক্ষাটোৰ চিন্তা আহি তেতিয়াহে মুৰত সোমালেহি । যি হয় যি নহয় ৰাতিপুৱালৈ এতিয়াও ছয় ঘণ্টা আছে গতিকে এটলিষ্ট কিবা অলপ পঢ়ো বুলি লঁওতেই আকৌ চিয়ানাৰ মাতত তাঁহাতৰ ৰুম পালোগৈ ।
অৰিন্দমে মেহদী হাচান ফালাত লাগিছে নেমুৱে গীটাৰত টুঙ টুঙুৱাত লাগিছে । চাঁওতে চাঁওতে আকৌ মেহফিল জমিয়ে গ’ল । হঠাৎ তিনি মান বজাত কাইলৈ পৰীক্ষা আছে বুলি মনত পৰাত ৰাতিপুৱা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নিজৰ নিজৰ ৰুমত শুবলৈ আহিলো । ৰাতিপুৱা এলাৰ্মৰ শব্দত সাৰ পাই খকা মকাকৈ উঠি কিতাপ উলিয়াই এফালৰ পৰা পাত ওলোতাই যাব ধৰিলো ।
ডায়নিং হল খোলাই নাই । আনদিনা হোৱাহেতেন আয়ুৰ্বেদিকৰ সন্মুখৰ কলিতাদাৰ দোকানলৈ গৈ মেগী এক প্লেট খালোগৈ হেতেন কিন্তু আজি যাবলৈ সাহস নহলগৈ । অকনমান পাছতে ডায়নিং হল খোলাত লুচি দুখন আৰু বুটৰ দাইল খৰধৰকৈ গিলি আহি আকৌ পঢ়াত লাগিলো । পঢ়াত ইমানেই মনোযোগ দিয়াত লাগিলো যে ৰুমমেটে –অই পৰীক্ষা আজি ৰুমতে দিবি নেকি বুলি মাতোতেহে মন কৰিলো পৰীক্ষালৈ যাব হ’লেই ।
আকৌ সাহসেই লক্ষ্মী বুলি মনতো দাঠ কৰি পেন দুটা পকেটতলৈ পৰীক্ষালৈ বুলি ৰুমৰ পৰা ওলালো আমি দুয়োটা । চেন্দেল চোচৰাই চোচৰাই আহি থাকোতে দেখিছো ইফালৰ পৰা চিগেৰেটটো উঁঠতলৈ আৰু হাতত ক্ৰিকেটৰ বেটখনলৈ অৰিন্দম তলৰ টি টি ( টেবুল টেনিছ ) ৰুমটোৰ পৰা হাঁহি হাঁহি ওলাই আহিছে । যেন কিবা সাংঘাটিক কিবাহে কৰিব ওলাইছে ।
পাছফালে নেমুৱে ষ্টাম্পকেইদাল আৰু চেঙে হাতত বলটো লৈ দলিয়াই দলিয়াই আহি আছে ।
আব্বে কি হ’ল তঁহতৰ পৰীক্ষা দিব নাযাঁও নেকি ? মই সুধিবই নাপালো অৰিন্দমে ফিল্ডত ষ্টাম্পকেইদাল পুতিব ললেই – ধুৰ পৰীক্ষা দিয়ে নেকি ? ইমান দুখৰ দিনত আৰু পৰীক্ষা দিব পাৰি নেকি ?
মই কিবা সুধিব লঁওতেই চক্ৰই – আব্বে তই নাযাঁও যদি থাক মই পৰীক্ষা দিব যাঁও দেই ।
মই বোলো দোস্ত তই যা মোক অলপ ইঁহতৰ দুখৰ সমভাগী হবলৈ দে, তই গৈ থাক পাৰিলে মই অলপ পাছত যাম দে ।
মইও লাহে লাহে উইকেট কিপাৰৰ পজিচনটোলৈ ইফালে সিফালে চাঁওতে দেখিছো হোষ্টেলৰ ইটো চিৰিয়েদি চিগেৰেটটো টানি টানি তাৰ এজ ইউজোৱেল নাচটো দি দি আহি আছে চিয়ানা আমাৰ ফালে । হাফপেণ্ট গেঞ্জি দেখিয়েই ধৰি লৈছো ইয়াৰো পৰীক্ষা দিবলৈ যোৱাৰ কোনো মতলব নাই ।
ইফালে সাত নম্বৰ হোষ্টেলৰ ফালৰ পৰা কলিতা দাৰ দোকানত চাহ খাই নিশ্চিন্ত মনে হাৱাই চেণ্ডেল চোচৰাই চোচৰাই বগাও আহি আছে যেন পৃথিৱীখনত কৰিব লগা আন একো নাই তেনে এটা ভাবত । তাক দেখি এক মিনিটৰ কাৰণেও লগা নাই আজি পৰীক্ষা জাতীয় কিবা আছে বুলি । তাক কিবা সোধাৰ আগতেই মোকহে ওলোতাই সুধিলে- আবে ক’ত যোৱা বে ?
কিনো কম ভাবি চেঙক বল দিবই কলো সিটো ফালৰ পৰা । ইতিমধ্যে হোষ্টেলটো প্ৰায় খালী হোৱাৰ নিচিনা হ’লগৈ লৰাবোৰ পৰীক্ষা দিবলৈ গৈ গৈ আৰু ফিল্ডত থাকিলোগৈ ছয় সাতটা মান । কাৰো মুখত পৰীক্ষা তৰীক্ষাৰ কথাই নাই যেন গোটেইকেইটা এইমাত্ৰ ইডেনৰ পৰাহে নামিছে ফিল্ডত ।
আবে নাযাৱ নেকি পৰীক্ষা দিবলৈ ? ছেঙৰ বলটো অৰিন্দমে মিছ কৰাত বলটো হাততলৈ আকৌ এবাৰ চেষ্টা কৰি চালো কোনোবা ওলাই নেকি ? কাৰো একো উত্তৰ নাই ।
আব্বে বলটো দলিয়া বে- চিয়ানাৰ চিঞৰ সেইটো ।।
নাই নহব আৰু গম পালো । ৰহ মই বল দিঁও বুলি ক্ৰিজৰ ইটো ফাললৈ খোজ কাঢ়ি যাব ধৰিলো । মনটো অলপ গধুৰ লাগিছিল যদিও দেশৰ কাৰণে আৰু পৰীক্ষা কি বস্তু বুলি মনলৈ অহাৰ লগে লগে মনটো মুকলি লাগি গ’ল।
(চিয়ানা মানে ভাস্কৰলৈ বৰ মনত পৰে ।যতেই আছে তাতেই কুশলে থাক চিয়ানা )