টি-২০ ক্ৰিকেট বিশ্বকাপ-এৰি অহা দিনৰ কথাৰে:: জিতুমণি কলিতা
ক্ৰিকেট বিশ্বৰ সকলোতকৈ কম অ’ভাৰৰ বিশ্বকাপ সংস্কৰণটোৱেই হৈছে টি-২০ ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতা। পাঁচ দিনীয়া টেষ্ট ক্ৰিকেটৰ পাছত এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ আৰম্ভ হৈছিল আৰু এই এদিনীয়া ক্ৰিকেটৰ পিছতেই আৰম্ভ হৈছিল তাতকৈ কম অ’ভাৰৰ ক্ৰিকেট প্ৰতিযোগিতা টি-২০ ক্ৰিকেট প্ৰতিযোগিতা। জনপ্ৰিয়তাৰ ফালৰ পৰা এই প্ৰতিযোগিতা ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণৰ তুলনাত অধিক জনপ্ৰিয়। এই টি-২০ ক্ৰিকেট সংস্কৰণটোক লৈয়েই বৰ্তমান সময়ত বহুতো ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত হৈ আহিছে। এই টুৰ্ণামেণ্ট সমূহৰ ভিতৰত সকলোতকৈ সন্মানীয় ক্ৰিকেট টুৰ্ণামেণ্ট খনেই হৈছে টি-২০ ক্ৰিকেট বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ২০০৩ চনৰ ১৩ জুলাই তাৰিখে ইংলেণ্ডত প্ৰথম খন টি-২০ ক্ৰিকেট খেল খেলা হৈছিল আৰু ২০০৫ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত প্ৰথম খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলা হৈছিল। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে ২০০৭ চনৰ পৰা প্ৰতি ২ বছৰৰ মূৰে মূৰে টি-২০ ক্ৰিকেটৰ বিশ্বকাপ অনুষ্ঠিত কৰি আহিছে। পোন প্ৰথমবাৰৰ বাবে ২০০৭ চনত দক্ষিণ আফ্ৰিকাত এই টি-২০ ক্ৰিকেট বিশ্বকাপৰ আয়োজন কৰা হৈছিল।
২০০৭ চনৰ প্ৰথম সংস্কৰণ – বাৰটা দলৰ অংশগ্ৰহনেৰে ২০০৭ চনৰ ১১ চেপ্তেম্বৰৰ পৰা ২৪ চেপ্তেম্বৰলৈ দক্ষিণ আফ্ৰিকাত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। চাৰিটাকৈ গ্ৰুপ পৰ্যায়ত অনুষ্ঠিত হোৱা এই টুনামেণ্টৰ ছেমিফাইনেল পৰ্যায়লৈ নিউজীলেণ্ড, পাকিস্তান, ভাৰত আৰু অষ্ট্ৰেলিয়া নিৰ্বাচিত হৈছিল। ছেমিফাইনেলত পাকিস্তানে নিউজিলেণ্ডক আৰু ভাৰতে অষ্ট্ৰেলিয়াক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল আৰু ফাইনেল খেলত ভাৰতে পাকিস্তানক পৰাভূত কৰি টি-২০ ক্ৰিকেট বিশ্বকাপৰ প্ৰথম বিজয়ী হিচাপে খিতাপ দখল কৰিছিল। এই বিশ্বকাপত ভাৰতৰ মহান অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ ইংলেণ্ডৰ বিৰুদ্ধে ছয়টা বলত ছয়টা ছিক্স কোবোৱাৰ মূহুৰ্তটি সদায় ক্ৰিকেট প্ৰেমীৰ মনত সজীৱ হৈ থাকিব।
২০০৯ চনৰ সংস্কৰণ- ২০০৯ বৰ্ষত এই প্ৰতিযোগিতাৰ ২য় সংস্কৰণ অনুষ্ঠিত কৰা হয়। এই বাৰৰ আয়োজক দেশ আছিল ইংলেণ্ড । পাকিস্তান আৰু শ্ৰীলংকা মুখামুখি হোৱা ফাইনেল খেল খনত শ্ৰীলংকাই প্ৰথমে বেট ধৰি ২০ অ’ভাৰত ১৩৮/৬ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে পাকিস্তানে ১৮.৪ অ’ভাৰত ১৩৯/২ সংগ্ৰহ কৰি এই প্ৰতিযোগিতাৰ বিজয়ৰ খিতাপ দখল কৰে।
২০১০ চনৰ সংস্কৰণ- এই প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণটি ৱেষ্ট ইণ্ডিজত ২৯১০ বৰ্ষত অনুষ্ঠিত হয়। অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড মুখামুখি হোৱা এই প্ৰতিযোগিতাৰ ফাইনেল খেল খনত ইংলেণ্ড বিজয়ী হৈছিল।
২০১২ চনৰ সংস্কৰণ- ইয়াৰ চতুৰ্থ সংস্কৰণ ২০১২ বৰ্ষত শ্ৰীলংকাত অনুষ্ঠিত হয়। ফাইনেলত মুখামুখি হৈছিল শ্ৰীলংকা বনাম ৱেষ্ট ইণ্ডিজ । ৱেষ্ট ইণ্ডিজ এই খেলত শ্ৰীলংকাক পৰাভূত কৰি বিজয়ৰ খিতাপ দখল কৰিছিল।
২০১৪ চনৰ সংস্কৰণ- ইয়াৰ পঞ্চম সংস্কৰণ অনুষ্ঠিত হৈছিল বাংলাদেশত ২৯১৪ চনত ৷ প্ৰতিযোগিতা খনত বিৰাট কোহলীয়ে ৩১৯ ৰাণ কৰি প্ৰতিযোগিতাৰ সৰ্বোচ্চ ৰাণ অৰ্জন কৰি “মেন অৱ দা ছিৰিজ” হিচাপে নিৰ্বাচিত হৈয়ো চুড়ান্ত খেলত ভাৰত শ্ৰীলংকাৰ হাতত পৰাভূত হৈছিল।
২০১৬ চনৰ সংস্কৰণ- এই প্ৰতিযোগিতাৰ সপ্তম সংস্কৰণ ভাৰতত অনুষ্ঠিত হৈছিল ২০১৬ চনত ৷ এই প্ৰতিযোগিতাতো বিৰাট কোহলিয়ে “মেন অৱ দা ছিৰিজ”ৰ খিতাপ লাভ কৰিছিল যদিও ভাৰতে এই প্ৰতিযোগিতাত ছেমিফাইনেললৈহে আগুৱাবলৈ সক্ষম হৈছিল। ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি হোৱা ফাইনেল খেলখনত ৱেষ্ট ইণ্ডিজ বিজয়ী হৈ ২য় বাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল কৰিছিল। এই ফাইনেল খনত বেন ষ্টোকছে দিয়া মেচৰ অন্তিমটো অ’ভাৰত ক্ৰমাগত চাৰিটা ছিক্সাৰেৰে ৱেষ্ট ইণ্ডিজক মেচ জিকোৱা কাৰ্লোছ ব্ৰাথৱেইটক নিশ্চয় সকলোৱে মনত ৰাখিছে ৷
২০২১ চনৰ সংস্কৰণ- ইয়াৰ অষ্টম সংস্কৰণটি অনুষ্ঠিত হয় ওমান আৰু সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ত। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড মুখামুখি হোৱা এই প্ৰতিযোগিতাৰ ফাইনেল খেল খনত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰলৈ এই প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰে।
২০২২ চনৰ সংস্কৰণ- অষ্ট্ৰেলিয়াত এই প্ৰতিযোগিতাৰ নৱম সংস্কৰণটি অনুষ্ঠিত হৈ যায় ২০২২ বৰ্ষত । ফাইনেল খেলখনত ইংলেণ্ডে পাকিস্তানৰ মুখামুখি হৈ পাঁচ উইকেটত জয়লাভেৰে এই প্ৰতিযোগিতাত ২য় বাৰৰ বাবে চেম্পিয়নৰ খিতাপ দখল কৰে। এই প্ৰতিযোগিতাত ভাৰতৰ বিৰাট কোহলীয়ে প্ৰতিযোগিতাত আকৌ এবাৰ সৰ্বাধিক ২৯৬ ৰাণ সংগ্ৰহ কৰিছিল।
চলিত বৰ্ষৰ ১ জুনৰ পৰা ২৯ জুনলৈ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত এই প্ৰতিযোগিতাৰ দশমটি সংস্কৰণ অনুষ্ঠিত হ’ব। সৰ্বমুঠ ২০ টা দলে অংশগ্ৰহণ কৰিব লগীয়া এই প্ৰতিযোগিতা খন সৰ্বমুঠ ৪ টা গ্ৰুপত ভাগ কৰি খেল সমূহ অনুষ্ঠিত হ’ব। মুঠ ৫৫ খন খেল অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ ফাইনেল খেলখন ২৯ জুন তাৰিখে খেলা হ’ব।
টি-২০ ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতা হৈছে অতিকৈ ৰোমাঞ্চকৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত নতুন নতুন ৰেকৰ্ড গঢ়া আৰু ভঙা হয় প্ৰতিখন খেলতেই। এই টি-২০ ক্ৰিকেট বিশ্বকাপত এতিয়ালৈকে সৰ্বোচ্চ ৰাণ কৰাৰ ৰেকৰ্ড ১১৪১ ৰাণেৰে বিৰাট কোহলীয়ে নিজৰ নামত ৰাখিবলৈ সক্ষম হোৱাৰ লগতে ২০১৪ চনত তেওঁ ৩১৯ ৰাণ কৰি কোনো এটা সংস্কৰণত সৰ্বাধিক ৰাণ কৰা বেটচমেন হিচাপে চিহ্নিত হৈ আছে। ইয়াৰ উপৰিও ৪৭ টা উইকেট দখল কৰি ছাকিব আল হাচানে (বাংলাদেশ) সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে। এই টি-২০ ক্ৰিকেটৰ ইতিহাসত সবাতোকৈ সফল উইকেটৰক্ষক হিচাপে মহেন্দ্ৰ সিং ধোনী আৰু উইকেটৰক্ষণ নকৰাকৈ সৰ্বাধিক কেচ আয়ত্ত্বকাৰী হিচাপে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি বেটচমেন এবিভি ভিলিয়াৰ্চৰ নামটো সন্নিৱিষ্ট হৈ আছে। তেওঁ ২০০৭ চনৰ পৰা ২০১৬ চনলৈ সৰ্বমুঠ ২৩ কেচ আয়ত্ত্ব কৰিছে। বেটিঙত সৰ্বাধিক শতক (২ টা) অৰ্জনৰ তালিকাত শীৰ্ষত আৰোহণ কৰি আছে ক্ৰিছ গেইলে ৷ বলিঙত সৰ্বশ্ৰেষ্ঠ স্পেলটোৰ অধিকাৰী হৈ আছে শ্ৰীলংকাৰ অজন্থা মেণ্ডিজ (৬/৮)৷ একেদৰে এতিয়ালৈকে টি২০ বিশ্বকাপৰ মঞ্চত ছয়জন ব’লাৰে হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ সেইকেইজন হ’ল- ব্ৰেট লী, কুৰ্টিছ কেম্ফাৰ, ৱানিন্দু হাসৰংগা, কাগিছ’ ৰাবাডা, কাৰ্তিক মিয়াপ্পান আৰু জ’চুৱা লিটল ৷ এনেদৰে বহু সময়ত বহু খেলুৱৈয়ে নিজ নিজ প্ৰদৰ্শনৰ উজ্বলতাৰে টি-২০ বিশ্বকাপৰ মঞ্চ শুৱনি কৰি খেলবিধক অধিক মনোগ্ৰাহী কৰাত অৰিহণা যোগাইছে ৷