টি-টুৱেন্টী বিশ্বকাপ-২০২৪-এক চমু সমীক্ষা :: পাৰ্থপ্ৰতীম গোস্বামী
বিশ্ব অন্যতম শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰই ক্ৰীড়াৰ ক্ষেত্ৰত সদায়েই বিশ্বৰ বুকুত আধিপত্য বিস্তাৰ কৰি আহিছে। অলিম্পিকৰ পদক তালিকাত এককভাৱে দমনীয় প্ৰদৰ্শনৰে আমেৰিকাই সদায়েই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। বেছবল, বাস্কেটবল, ফুটবল, টেনিছ, বেডমিণ্টন, সাঁতোৰ, শ্বুটিং আদিত আমেৰিকাৰ ক্ৰীড়াবিদৰ প্ৰদৰ্শনৰ বিষয়ে নতুনকৈ আলোচনা কৰাৰ হয়তো কোনো প্ৰয়োজন নাই। কিন্তু আমেৰিকাত ক্ৰিকেট? শুনিবলৈ আছৰিত লাগিলেও বিশ্বৰ প্ৰথমখন আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ মাজত ১৮৪৪ চনত নিউয়ৰ্কৰ চেইণ্ট জৰ্জ ক্ৰিকেট ক্লাবত। ক্ৰিকেটৰ বৰ্ণিল ইতিহাসৰ পাতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিকেটীয় যাত্ৰাৰ বিষয়ে বৰ বিশেষ কথা উল্লেখ নাই যদিও শেহতীয়াকৈ দেশখনত ক্ৰিকেটৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে ক্ৰিকেট অনুৰাগীসকলক উৎসাহিত কৰি তুলিছে। এইবাৰ ক্ৰিকেটৰ চমু সংস্কৰণ টি-টুৱেন্টি বিশ্বকাপ প্ৰতিযোগিতা আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া বিষয়টিয়ে দেশখনত ক্ৰিকেটৰ এক নতুন জোৱাৰ আনিবলৈ সক্ষম হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে এখন উন্নত দেশে ক্ৰিকেট খেলবিধক আদৰিবৰ বাবে দলিচা পাৰি দিয়া বিষয়টোৱে আগন্তুক দিনত ক্ৰিকেটৰ বিশ্বমুখী যাত্ৰা আৰু তীব্ৰতৰ হোৱাৰ ইংগিত বহন কৰিছে ৷
এইবাৰ আই চি চিৰ টুৱেন্টি২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা যুটীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে অনুষ্ঠিত কৰিব। দুয়োখন দেশৰ সুকীয়া ইতিহাস আৰু ক্ৰিকেটৰ পথাৰৰ যাত্ৰা সম্পূৰ্ণ পৃথক। বিশ্ব ক্ৰিকেটৰ শিশু স্বৰূপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিপৰীতে বিশ্বৰ বুকুত ৭০ৰ দশকৰ পৰা একবিংশ শতিকাৰ প্ৰথম ভাগলৈ দপদপাই থকা ৱেষ্ট ইণ্ডিজৰ বৰ্তমান নিম্নগামী প্ৰদৰ্শন আৰু ভগ্নপ্ৰায় ক্ৰীড়া আন্তঃগাঁথনিৰ বিষয়ে আমি সকলো অৱগত। কিন্তু তেনে এক গুৰুত্বপূৰ্ণ সময়ত ২০২৪ বৰ্ষৰ টি-টুৱেন্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা দুয়োখন দেশৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজৰ যুটীয়া আয়োজনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন ১ জুনৰ পৰা ২৯ জুনলৈ অনুষ্ঠিত হ’ব। সৰ্বমুঠ ২০ খনকৈ দেশৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত ৫৫খন মেচ অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে ২০টাকৈ দলৰ অংশগ্ৰহণৰে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিক পৰ্যায়ত এটা গ্ৰুপত ৫টাকৈ দলৰ সমষ্টিৰে ৪টা গ্ৰুপত বিভক্ত কৰা হ’ব। পৰৱৰ্তী সময়ত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২টা দলৰ দ্বাৰা প্ৰতিযোগিতাখনৰ দ্বিতীয় পৰ্যায় ছুপাৰ-৮ অনুষ্ঠিত কৰা হ’ব। ছুপাৰ-৮ৰ সময়ত ৮টা দলক দুটা গ্ৰুপত সমানে ভাগ কৰা হ’ব আৰু দুয়োটা গ্ৰুপৰ শীৰ্ষ দল দুটাই ছেমি-ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। টি-টুৱেন্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ সৰ্বাধিক মেচ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব। বিশ্বকাপ প্ৰতিযোগিতাৰ মেচসমূহ ৱেষ্ট ইণ্ডিজৰ এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়াম, বাৰ্বাডোজৰ কেনিংটন অ’ভেল, গুয়ানাৰ প্ৰভিডেন্স ষ্টেডিয়াম, চেইণ্ট লুছিয়াৰ ডাৰেন ছামী ক্ৰিকেট গ্ৰাউণ্ড, চেইণ্ট ভিনচেন্ট এণ্ড গ্ৰেণাডাইনছৰ আৰ্নছ ভেল ষ্টেডিয়াম আৰু ত্ৰিনিদাদ এণ্ড ট’বেগৰ ব্ৰায়ান লাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ চেন্ট্ৰেল ব্ৰৱাৰ্ড ৰিজিঅ’নেল পাৰ্ক ষ্টেডিয়াম, নিউয়ৰ্কৰ নাছাউ কাউণ্টী আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়াম আৰু টেক্সাছৰ গ্ৰেণ্ড প্ৰেইৰী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ চুড়ান্ত মেচখন ৱেষ্ট ইণ্ডিজৰ বাৰ্বাডোজত অনুষ্ঠিত হ’ব।
বিগত সময়ছোৱাত টি-টুৱেন্টি ক্ৰিকেটৰ আকাশলংঘী জনপ্ৰিয়তাই বিশ্বৰ প্ৰতিটো কোণত ক্ৰিকেট অনুৰাগীৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। টেষ্ট আৰু এদিনীয়া ক্ৰিকেটততৈ জনপ্ৰিয়তা বহুগুণে বৃদ্ধি পালেও বৰ্তমানেও টি-টুৱেন্টি ক্ৰিকেটে নিজৰ গুণগত মান বৃদ্ধি ক্ষেত্ৰত বৰকৈ সফল হোৱা পৰিলক্ষিত হোৱা নাযায়। বৰঞ্চ আৰ্থিক লাভ আৰু গ্লেমাৰৰ বাবে বহুতো প্ৰতিভাশালী ক্ৰিকেটাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈ টি-টুৱেন্টি লীগত অংশগ্ৰহণৰ আগ্ৰহ দেখুওৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ কুইণ্টন ডি কক, ৱানিন্দু হাসৰাংগা, নবীন উল হক এইক্ষেত্ৰত জলন্ত উদাহৰণ। কিন্তু বিশ্বজনীন প্ৰসাৰ আৰু ক্ৰিকেটৰ উত্থানৰ বাবে টি-টুৱেন্টি ক্ৰিকেটৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। সেয়েহে ২০২৪ বৰ্ষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাই এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি ক্ৰিকেটৰ শিশু হিচাপে পৰিচিত বহুতো দেশত ক্ৰিকেটৰ উত্থান আৰু প্ৰতিভাৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা কৰিব বুলি আশা কৰিব পাৰি। ২০২৪ বৰ্ষৰ টি-টুৱেন্টি বিশ্বকাপ ক্ৰিকেট কেৱল মাত্ৰ অনুৰাগীৰ বাবেই যে বিশেষ হ’ব তেনে নহয়। বিশ্ব ক্ৰিকেটৰ বহুতো তাৰকাৰ বাবে এইখনেই হ’ব অন্তিম বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ভাৰতৰ বিৰাট কোহলি, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাডেজা, ৰবিচন্দ্ৰন অশ্বিন, অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্ণাৰ, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, মেথিউ ৱেড, মিচেল মাৰ্শ্ব, ইংলেণ্ডৰ বেন ষ্ট’কছ, জনী ৱেয়াৰষ্ট, জ’ছ বাটলাৰ, নিউজিলেণ্ডৰ কেন উইলিয়ামচন, টীম ছাউঠীকে ধৰি বহুতো ক্ৰিকেট তাৰকাৰ বাবে হয়তো এইয়া অন্তিম টি-টুৱেন্টি বিশ্বকাপ প্ৰতিযোগিতা আৰু সেয়েহে এই প্ৰতিযোগিতাখন স্মৰণীয় কৰি তুলিবলৈ প্ৰতিটো দলেই আপ্ৰাণ চেষ্টা কৰিব বুলি ক্ৰিকেট অনুৰাগীসকলে বিশ্বাস কৰে।