কেলিস্প’ৰ ছন্দপতন! একালৰ বৃন্দাবন একালত পৰে চন :: কৌশিক প্ৰতীম ভূঞা
ৱেষ্ট ইণ্ডিজ— এসময়ৰ বিশ্ব ক্ৰিকেটত একচেতিয়া শাসন চলোৱা এটা দল। যিটো দলৰ সফলতাসমূহ বাকী দলসমূহৰ বাবে আছিল ঈৰ্ষাৰ কাৰণ। ১৯৭৫, ১৯৭৯ আৰু ১৯৮৩ চনত একেৰাহে তিনিবাৰকৈ এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলা তথা ১৯৭৫ আৰু ১৯৭৯ চনৰ এদিনীয়া বিশ্বকাপজয়ী দলটোৱে এদিনীয়াৰ লগতে টেষ্টতো নিজৰ দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছিল । ১৯৮০ৰ পৰা ১৯৯৪ চনৰ ভিতৰত দলটোৱে এটাও টেষ্ট শৃংখলা হৰা নাছিল। একপ্ৰকাৰে চাব গ’লে দলটোৱে বিশ্ব ক্ৰিকেটত ৰাজত্ব চলাইছিল। দলটোৰ ঘাতক বলিঙৰ সন্মুখত কোনো বেটছমেনেই তিষ্ঠিব পৰা নাছিল।মাইকেল হ’ল্ডিং, জুৱেল গাৰ্ণাৰ, মেলক’ম মাৰ্শ্বাল, কলিন ক্ৰাফ্টৰ দৰে খেলুৱৈৰে গঠিত দলটোৰ বলিং বিভাগে বিপক্ষৰ শিবিৰত ত্রাসৰ সৃষ্টি কৰিছিল। ঠিক তেনেদৰে বেটিঙত ক্লাইৱ লয়ড, ভিভিয়ান ৰিছাৰ্ডছ, গৰ্ডন গ্ৰীনিজ, এলৱিন কালিচৰণ, ৰয় ফেড্ৰিকছৰ দৰে ভয়ংকৰ বেটছমেন উপস্থিতি আছিল দলটোৰ বাবে আন এক শক্তিশালী দিশ । কিন্তু ইমান এটা ভাল অৱস্থাৰ পিছতো বেষ্ট ইণ্ডিজ দলটোৱ বৰ্তমান এনে এক অৱস্থাত উপনীত হৈছেহি যে বিশ্বকাপৰ মূল পৰ্যায়ত খেলাৰ বাবে দলটোৱে যোগ্যতা নিৰ্ণয়কাৰী মেচ খেলিব লগা হৈছে। এনেকুৱা নহয় যে দলটোত প্ৰতিভাৰ অভাৱ হৈছে, কিন্তু বেষ্ট ইণ্ডিজৰ খেল চালে এনেকুৱা লাগে যে দলটি কোনোবাখিনিত ৰৈ গৈছে। আগৰ সেই বেষ্ট ইণ্ডিজে ক’ৰবাত যেন নিজৰ স্বাভাৱিক ছন্দ হেৰুৱাই পেলাইছে ।
১৯৭৫ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ প্ৰদৰ্শন:- এদিনীয়া ক্ৰিকেটৰ ইতিহাসৰ প্ৰথমখন বিশ্বকাপত ৱেষ্ট ইণ্ডিজ দলটিয়ে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল।ক্লাইভ লয়দ নেতৃত্বাধীন দলটিয়ে ফাইনেলত অষ্ট্ৰেলিয়াক ১৭ ৰাণত পৰাস্ত কৰি প্ৰথমবাৰ বিশ্বকাপ জয় কৰিছিল। ফাইনলেত ক্লাইব লয়ডে অধিনায়কোচিত বেটিঙেৰে ৮৫ বলত ১০২ ৰাণৰ বিস্ফোৰক ইনিংছ খেলিছিল । তেনেদৰে বলিঙত কীথ বাঁয়সে ৫০ ৰাণৰ বিনিময়ত ৪ টা উইকেট লাভ কৰিছিল। সেইবাৰ দলটিত আছিল ভিভিয়ান ৰিছাৰ্ডছ, গৰ্ডন গ্ৰীনিজ, ৰয় ফেড্ৰিকছ, এণ্ডি ৰবাৰ্টছ ৰ দৰে তাৰকা খেলুৱৈ।
১৯৭৯ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ প্ৰদৰ্শন:- প্ৰথম বিশ্বকাপৰ দৰে দ্বিতীয় বিশ্বকাপতো ৱেষ্ট ইণ্ডিজে নিজৰ শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছিল। ক্লাইব লয়ড, ভিভিয়ান ৰিছাৰ্ডছ, গৰ্ডন গ্ৰীনিজ, এলৱিন কালিচৰণ, মাইকেল হ’ল্ডিং, মেলক’ম মাৰ্শ্বালৰ দৰে খেলুৱৈৰ দৰে গঠিত দলটিয়ে প্ৰতিযোগিতা খনত শক্তিশালী প্ৰদৰ্শন আগবঢ়াই ফাইনেলত উপনীত হৈছিল। ফাইনেলত দলটিয়ে ভিভিয়ান ৰিছাৰ্ডছৰ অপৰাজিত ১৩৮ ৰাণ তথা ক’লিস কিঙৰ ৬৬ বলত ৮৬ ৰাণৰ বিস্ফোৰক ইনিংছৰ সহায়ত ইংলেণ্ডক ৯২ ৰাণত পৰাস্ত কৰিছিল। বলিঙত জুৱেল গাৰ্ণাৰে ৫ টা তথা কলিন ক্ৰফ্টে ৩ টা উইকেট দখল কৰিছিল।
১৯৮৩ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ প্ৰদৰ্শন:- ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজে এইবাৰো বিশ্বকাপৰ আৰম্ভণি শক্তিশালী ভাৱেই কৰিছিল। দলটিৰ নেতৃত্বত আছিল দুবাৰৰ বিশ্বকাপ জয়েৰে অভিজ্ঞ ক্লাইৱ লয়ড। লগত আছিল বিশ্বকাপ জয়ী অভিজ্ঞ ভিভিয়ান ৰিছাৰ্ডছ, গৰ্ডন গ্ৰীনিজৰ দৰে তাৰকা বেটছমেন । আনহাতে দলটিৰ চিৰপৰিচিত ঘাটক বলিং বিভাগৰ দায়িত্বত মেলক’ম মাৰ্শ্বাল, এণ্ডি ৰৱাৰ্টছ, জুৱেল গাৰ্ণাৰ, মাইকেল হ’ল্ডিংঙৰ দৰে খেলুৱৈ থকা অৱস্থাত সকলোৱে ভাবিছিল যে এইবাৰো ৱেষ্ট ইণ্ডিজেই বিশ্বকাপ জিকিব । দলটোৱেও শক্তিশালী প্ৰদৰ্শন কৰি ফাইনেলত উপনীত হৈছিল। কিন্তু সকলোকে আচৰিত কৰি ফাইনেলত টিম ইণ্ডিয়াই ৪৩ ৰাণত দলটোক পৰাস্ত কৰিছিল। ইয়াৰ লগে লগে বেষ্ট ইণ্ডিজৰ বিশ্ব ক্ৰিকেটত সপোনৰ যাত্ৰা সমাপ্ত হৈছিল।
১৯৮৭ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ প্ৰদৰ্শন:- এইবাৰ ৱেষ্ট ইণ্ডিজ দলটিৰ নেতৃত্বত আছিল অভিজ্ঞ ভিভিয়ান ৰিছাৰ্ডছ। লগতে দলটিত আছিল জেফ ডুজন, কাৰ্ল হুপাৰ, পেট্ৰিক পেটাৰছন, ডেসমণ্ড হেইনছ্ আদিৰ দৰে তাৰকা খেলুৱৈ। কিন্তু প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলতেই দলটো ইংলেণ্ডৰ হাতত ২ উইকেটত পৰাস্ত হৈছিল। কিন্তু পাছৰ খন খেলতেই দলটোৱে শ্ৰীলংকাক ১৯১ ৰাণত পৰাস্ত কৰি শক্তিশালী প্ৰত্যাৱৰ্তনৰ ইংগিত দিছিল। উল্লেখযোগ্য যে উক্ত খেলখনত ভিভিয়ান ৰিছাৰ্ডছে মাৰামুখী বেটিঙেৰে মাত্ৰ ১২৫ টা বলত ১৮১ ৰাণৰ বিস্ফোৰক ইনিংছ খেলিছিল। কিন্তু প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলত ক্ৰমে পাকিস্তান আৰু ইংলেণ্ডৰ হাতত পৰাস্ত হৈ সকলোকে আচৰিত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেল নেখেলাকৈ শোচনীয়ভাৱে গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈছিল কেৰিবিয়ান বাহিনী ৷
১৯৯২ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ প্ৰদৰ্শন:- এইবাৰ ৱেষ্ট ইণ্ডিজ দলটিৰ নেতৃত্বত আছিল ৰিচী ৰিচাৰ্ডছন। লগতে আছিল মেলক’ম মাৰ্শ্বাল, কাৰ্টলি এমব্ৰোচ, কাৰ্ল হুপাৰ, ডেসমণ্ড হেইনছ্ ৰ দৰে তাৰকা খেলুৱৈ। উক্ত বিশ্বকাপত ব্ৰায়ান লাৰাৰ দৰে যুৱ প্ৰতিভাইও স্থান লাভ কৰিছিল।সেইবাৰ প্ৰতিযোগিতাৰ প্ৰথমখন খেলতেই দলটিয়ে পাকিস্তানৰ বিৰুদ্ধে ১০ উইকেটত বৃহৎ বিজয় সাব্যস্ত কৰিছিল। উল্লেখযোগ্য যে উক্ত খেলখনত ব্ৰায়ান লাৰাই ৮৮ ৰাণৰ অপৰাজিত ইনিংছ খেলি “মেন অৱ দ্য মেচ”ৰ সন্মান লাভ কৰিছিল। কিন্তু ইয়াৰ পাছৰ খেলখনতেই দলটি শক্তিশালী ইংলেণ্ডৰ হাতত ৬ উইকেটত পৰাস্ত হৈছিল। সেইবাৰ বিশ্বকাপত দলটিয়ে ভাৰত, শ্ৰীলংকা আৰু জিম্বাব’ৱেক পৰাস্ত কৰিছিল যদিও দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আৰু শক্তিশালী অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ পুনৰবাৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল ।
১৯৯৬ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজ প্ৰদৰ্শন:- এইবাৰো ৱেষ্ট ইণ্ডিজ দলটিৰ নেতৃত্বত আছিল পুনৰ ৰিচী ৰিছাৰ্ডছন । লগতে দলটিত আছিল ব্ৰায়ান লাৰা, ইয়ান বিশ্ব’প, কাৰ্টলি এমব্ৰোচ, কাৰ্টনি ৱালছ্ আদিৰ দৰে তাৰকা খেলুৱৈ । দলটিয়ে গ্ৰুপ পৰ্যায়ত মিশ্ৰিত প্ৰদৰ্শন দাঙি ধৰিছিল যদিও কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছিল। কিন্তু কোৱাৰ্টাৰ ফাইনেলত ব্ৰায়ান লাৰাৰ ৯৪ বলত ১১১ ৰাণৰ বিস্ফোৰক ইনিংছ তথা যুব খেলুৱৈ শিৱনাৰায়ণ চন্দৰপ’লৰ সময়োপযোগী ৫৬ ৰাণৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত সকলোকে আচৰিত কৰি শক্তিশালী দক্ষিণ আফ্ৰিকাক ১৯ ৰাণত পৰাস্ত কৰিছিল। উক্ত খেলখনত বলিঙত ৰ’জাৰ হাৰ্পাৰে ৪৭ ৰাণৰ বিনিময়ত ৪ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিল আৰু এনেদৰে সুদীৰ্ঘ ১৩ বছৰৰ পাছত দলটি ছেমি ফাইনেলত উপনীত হৈছিল। ছেমি ফাইনেলতো দলটিয়ে বলিঙত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অষ্ট্ৰেলিয়াক ৫০ অ’ভাৰত ২০৭ ৰাণত বান্ধি ৰাখিছিল। কিন্তু অষ্ট্ৰেলিয়াৰ নিয়ন্ত্রিত বলিঙৰ সন্মুখত দলটিয়ে আটাইকেইটা উইকেট হেৰুৱাই ৪৯.৩ অ’ভাৰত ২০২ ৰাণ কৰিবলৈহে সক্ষম হৈছিল । শিৱনাৰায়ণ চন্দৰপ’লৰ ৮০, ব্ৰায়ান লাৰাৰ ৪৫ তথা ৰিচী ৰিছাৰ্ডছনৰ ৪৯ ৰাণৰ বাহিৰে বাকী সকলো বেটছমেন সম্পূৰ্ণৰূপে ব্যৰ্থ হয় আৰু এনেদৰে মাত্ৰ ৫ ৰাণত পৰাস্ত হৈ চতুৰ্থবাৰৰ বাবে ফাইনেল খেলাৰ দলটিৰ যি সপোন সেইয়া সপোন হৈয়ে ৰয়।
১৯৯৯ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজ প্ৰদৰ্শন:- ইতিমধ্যেই দুখন বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা অভিজ্ঞ ব্ৰায়ান লাৰাৰ হাতত এইবাৰ দলটিৰ গুৰু দায়িত্ব অৰ্পন কৰা হৈছিল। লগতে দলটিত আছিল শিৱনাৰায়ণ চন্দৰপ’ল, কাৰ্টলি এমব্ৰোচ, কাৰ্টনি ৱালছ্, মৰৱিন ডিলনৰ দৰে তাৰকা খেলুৱৈ। সকলোৱে ভাবিছিল দলটিয়ে এইবাৰ সুন্দৰ প্ৰদৰ্শন আগবঢ়াব । কিন্তু সকলোকে নিৰাশ কৰি দলটি প্ৰথমখন খেলতেই পাকিস্তানৰ হাতত ২৭ ৰাণৰ ব্যৱধানত পৰাস্ত হৈছিল।দলটিয়ে গ্ৰুপ পৰ্যায়ত মিশ্ৰিত প্ৰদৰ্শন আগবঢ়াই ৫খনৰ ৩ খন খেলত জয় লাভ কৰি গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল।
২০০৩ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ প্ৰদৰ্শন:- ইতিমধ্যে ১৯৯৯ চনৰ বিশ্বকাপত ব্ৰায়ান লাৰাৰ অধিনায়কত্বত দুৰ্বল প্ৰদৰ্শন আগবঢ়োৱা বেষ্ট ইণ্ডিজ দলৰ নেতৃত্ব সলনি কৰি আন এজন অভিজ্ঞ খেলুৱৈ কাৰ্ল হুপাৰক দলটিৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু অধিনায়ক সলনি হৈছিল যদিও দলটিৰ প্ৰদৰ্শনত কোনো ধৰণৰ সাল-সলনি হোৱা নাছিল।উল্লেখযোগ্য যে সেইবাৰ ব্ৰায়ান লাৰা, শিৱনাৰায়ণ চন্দৰপ’ল, ক্ৰিছ গেইল, মৰৱিন ডিলনৰ দৰে তাৰকা খেলুৱৈ দলটিত অন্তৰ্ভুক্ত হৈছিল। কিন্তু ব্যক্তিগতভাৱে ব্ৰায়ান লাৰা, শিৱনাৰায়ণ চন্দৰপ’ল, মৰৱিন ডিলনে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল যদিও দলগত প্ৰদৰ্শন বৰ এটা ভাল নাছিল আৰু পুনৰবাৰ দলটি বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল।
২০০৭ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজ প্ৰদৰ্শন :- এইবাৰ বিশ্বকাপত পুনৰ দলটিৰ অধিনায়ক সলনি কৰি আকৌ এবাৰ জেষ্ঠ্য তথা অভিজ্ঞ খেলুৱৈ ব্ৰায়ান লাৰাৰ হাতত অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হয়। দলটিত এইবাৰ স্থান লাভ কৰিছিল ক্ৰিছ গেইল, ৰামনৰেশ ছাৰৱান, শিৱনাৰায়ণ চন্দৰপ’লৰ দৰে তাৰকা খেলুৱৈয়ে । লগতে আছিল ডুৱেইন ব্ৰেভ’, ডুৱেইন স্মিথ, দিনেশ ৰামডিন, মাৰ্লন ছেমুৱেলছৰ দৰে যুৱ প্ৰতিভা।দলটিয়ে গ্ৰুপ পৰ্যায়ত শক্তিশালী প্ৰদৰ্শন আগবঢ়াই ৩ খনৰ তিনিওখন খেলতে জয় লাভ কৰি “Super 8” লৈ যোগ্যতা অৰ্জন কৰিছিল। কিন্তু সকলোকে আচৰিত কৰি দলটিয়ে “Super 8” ত অতি শোচনীয় প্ৰদৰ্শন আগবঢ়াই ৭ খনৰ মাত্ৰ ২ খন খেলত জয় লাভ কৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল।
২০১১ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজ প্ৰদৰ্শন :- এইবাৰ ৱেষ্ট ইণ্ডিজ দলটিৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ডাৰেন ছামিৰ হাতত।দলটিত আছিল ডাৰেন ব্ৰেভ’, ক্ৰিছ গেইল, শিৱনাৰাণ চন্দৰপ’ল, ৰামনৰেশ ছাৰৱান, কাইৰণ প’লাৰ্ড, ডোৱেইন ব্ৰেভ’, নিকিতা মিলাৰ, ৰবি ৰামপ’ল, আন্দ্ৰে ৰাছেল, কেমাৰ ৰ’ছৰ দৰে তাৰকা খেলুৱৈ। বহু বছৰৰ পাছত ৱেষ্ট ইণ্ডিজে অভিজ্ঞ তথা যুৱ খেলুৱৈৰ দ্বাৰা সমৃদ্ধ এক সন্তুলিত দল বিশ্বকাপলৈ প্ৰেৰণ কৰিছিল। পিছে দলটিয়ে গ্ৰুপ পৰ্যায়ত মিশ্ৰিত প্ৰদৰ্শন আগবঢ়াইছিল যদিও বলিঙত কেমাৰ ৰ’ছ আৰু আন্দ্ৰে ৰাছেলৰ লগতে ৰবি ৰামপ’লৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰহৰ হৈছিল।উল্লেখযোগ্য যে কেমাৰ ৰ’ছ আৰু আন্দ্ৰে ৰাছেলে উক্ত বিশ্বকাপত হেট্ৰিক অৰ্জন কৰিছিল। পিছে কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে অতি শোচনীয় প্ৰদৰ্শন আগবঢ়াই ৪৩.৩ অভাৰত গোটেই কেইটা উইকেট হেৰুৱাই মাত্ৰ ১১২ ৰাণ সংগ্ৰহ কৰিছিল। পৰিণতিত পাকিস্তানে বেটিঙতো শক্তিশালী প্ৰদৰ্শন আগবঢ়াই দহ উইকেটত জয়ী হৈছিল। ইমানতেই ২০১১ চনৰ বিশ্বকাপত বেষ্ট ইণ্ডিজৰ যাত্ৰা সমাপ্ত হয়।
২০১৫ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ প্ৰদৰ্শন:- এইবাৰ বেষ্ট ইণ্ডিজ দলটোৱে ক্ৰিকেট প্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছিল । কাৰণ দলটোৱে ২০১২ চনৰ টে২০ বিশ্বকাপত চূড়ান্ত বিজয়ী হৈছিল। সকলোৱে ভাৱিছিল ৱেষ্ট ইণ্ডিজ দলটিৰ স্বৰ্ণিল দিন পুনৰ ঘূৰি আহিছিল। স্বাভাৱিকতেই দলটিক লৈ সকলোৰে আশা প্ৰত্যাশা বৃদ্ধি পাইছিল। জেছন হ’ল্ডাৰ নেতৃত্বাধীন দলটিত আছিল মাৰ্লন ছেমুৱেলছ, জনছন চাৰ্লছ, লেণ্ডন ছিমনছ, ডাৰেন ব্ৰেভ’, ক্ৰিছ গেইল, আন্দ্ৰে ৰাছেল, ডাৰেন ছামি, ডুৱেইন স্মিথ, সুনীল নাৰিণ, কেমাৰ ৰ’ছ, নিকিতা মিলাৰৰ দৰে তাৰকা খেলুৱৈ। পিছে দলটিয়ে গ্ৰুপ পৰ্যায়ত মিশ্ৰিত প্ৰদৰ্শন দাঙি ধৰিছিল যদিও ৬ খনৰ ৩ খনত জয় লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰহৰ হৈছিল।উল্লেখযোগ্য যে দলটিৰ তাৰকা খেলুৱৈ ক্ৰিছ গেইলে গ্ৰুপ পৰ্যায়ত জিম্বাৱয়েৰ বিৰুদ্ধে মাত্ৰ ১৪৭ বলত ২১৫ ৰাণৰ মাৰামুখী ইনিংছ খেলিছিল। পিছে পুনৰবাৰ কোৱাৰ্টাৰ ফাইনেলত দলটিয়ে দুৰ্বল প্ৰদৰ্শন আগবঢ়াই নিউজিলেণ্ডৰ বিৰুদ্ধে ১৪৩ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত হৈছিল।নিউজিলেণ্ডৰ ৩৯৩ ৰাণৰ বিপৰীতে ৱেষ্ট ইণ্ডিজে ৩০.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ২৫০ ৰাণ সংগ্ৰহ কৰিছিল আৰু পুনৰবাৰ কোৱাৰ্টাৰ ফাইনেলতেই বিশ্বকাপৰ যাত্ৰা সামৰিছিল ।
২০১৯ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজ প্ৰদৰ্শন:- ২০১৯ চনৰ বিশ্বকাপ ৱেষ্ট ইণ্ডিজৰ বাবে এক দুখজনক বিশ্বকাপ আছিল। কাৰণ তিনিবাৰকৈ বিশ্বকাপৰ ফাইনেল খেলা তথা দুবাৰকৈ বিশ্বকাপ জয়ী দলটিয়ে বিশ্বকাপত খেলিবলৈ যোগ্যতা অৰ্জন কৰিবলৈও কোৱালিফায়াৰ খেলিব লগা হৈছিল। বিশ্বকাপত এটা স্বৰ্ণিল ইতিহাস থকা দলৰ বাবে ই আছিল এটা দুখজনক ঘটনা। পিছে জেছন হ’ল্ডাৰ নেতৃত্বাধীন তথা ক্ৰিছ গেইল, ডাৰেন ব্ৰেভ’, ছিমৰণ হেটমেয়াৰ, শ্বাই হ’প, এৱিন লুইচ, নিকোলাচ পুৰান, কেমাৰ ৰ’ছৰ দৰে তাৰকা সমৃদ্ধ দলটিয়ে গ্ৰুপ পৰ্যায়ত অতি শোচনীয় প্ৰদৰ্শন আগবঢ়াই ৯ খনৰ মাত্ৰ ২ খনত জয়লাভ কৰি গ্ৰুপৰ পৰাই বাহিৰ হৈছিল। ইয়াৰ লগে লগে ক্ৰিকেট প্ৰেমীৰ মাজত দলটিৰ ভাৱমূৰ্তি যথেষ্ট ম্লান পৰিছিল
২০২৩ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজ দলটিৰ প্ৰদৰ্শন:- ২০২৩ বৰ্ষৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজ দলটিয়ে খেলিবলৈ যোগ্যতাই অৰ্জন কৰিব পৰা নাছিল। শুনিবলৈ আচৰিত যদিও ইয়েই সত্য। বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জনকাৰী খেলত দলটি জিম্বাৱয়ে, নেদাৰলেণ্ড আৰু স্কটলেণ্ডৰ দৰে দুৰ্বল দলৰ বিৰুদ্ধে পৰাস্ত হৈ বিশ্বকাপ খেলাৰ পূৰ্বেই বিশ্বকাপৰ পৰা বাহিৰ হৈছিল।ইয়াৰ লগে লগে ৱেষ্ট ইণ্ডিজ দলটিয়ে ক্ৰীড়া প্ৰেমীৰ মাজত যথেষ্ট প্ৰশ্নৰ অৱতাৰণা কৰি গৈছিল।
‘একালৰ বৃন্দাবন একালত পৰে চন’ আপ্তবাক্যৰ উদাহৰণ হিচাপে ৱেষ্ট ইণ্ডিজ ক্ৰিকেটতো বৰ্তমান একেই অৱস্থাই বিৰাজ কৰিছে। আৰ্থিক সংকটে ৱেষ্ট ইণ্ডিজ ব’ৰ্ডক জুৰুলা কৰিছে। পাৰিশ্ৰমিকক লৈ ব’ৰ্ড তথা খেলুৱৈৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে। খেলুৱৈ সকলৰ অন্য দেশৰ লীগ খেলসমূহৰ প্ৰতি অত্যধিক প্ৰীতিয়ে দলটিৰ ভৱিষ্যতৰ প্ৰতি অশনি শংকেত কঢ়িয়াই আনিছে।একপ্ৰকাৰ ক’ব গ’লে দলটি বৰ্তমান অস্তিত্বৰ ৰক্ষাৰ যুঁজত অৱৰ্তীৰ্ণ হৈছে। কোনে পাহৰিব পাৰে ক্লাইব লয়ডৰ অধিনায়কত্বৰ সেই দুৰ্জেয় ৱেষ্ট ইণ্ডিজ দলক, য’ত আছিল ভিভিয়ান ৰিছাৰ্ডছ, গৰ্ডন গ্ৰীনিজ,এলৱিন কালিচৰণ, মাইকেল হ’ল্ডিং, মেল্কম মাৰ্শ্বালৰ দৰে দুধৰ্ষ খেলূৱৈ । ১৯৭৬-১৯৯৫ প্ৰায় দুই দশক ধৰি এই সময়ছোৱাত ৱেষ্ট ইণ্ডিজ দলে বিশ্ব ক্ৰিকেটত একপ্ৰকাৰ একচ্ছত্ৰী ৰাজত্ব চলাইছিল। কিন্তু নবৈৰ দশক অহাৰ লগে লগে ভিভিয়ান ৰিছাৰ্ডছ, মাইকেল হ’ল্ডিং, মেলক’ম মাৰ্শ্বালৰ বিদায়ৰ লগে লগে দলটিৰ প্ৰদৰ্শনো নিম্নমানৰ হৈ পৰে । আনকি ১৯৯৬ চনৰ পাছত দলটি এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলতো উপনীত হ’ব পৰা নাই। এনেকুৱা নহয় যে দলটিত প্ৰতিভাৰ অভাৱ। কাৰণ তাৰ পাছতো দলটিত ব্ৰায়ান লাৰা, শিৱনাৰায়ণ চন্দৰপ’ল, কাৰ্টনি ৱালছ, কাৰ্টলি এমব্ৰোচ, ক্ৰিছ গেইল, কাইৰণ প’লাৰ্ড, সুনীল নাৰিণৰ দৰে খেলুৱৈৰ আগমন ঘটিছিল। কিন্তু দলটিৰ ভাগ্য উদয় হোৱা নাই । বৰ্তমানো দলটিত শ্বাই হ’পৰ দৰে ধ্ৰুপদী বেটাৰ, ৰ’ভমেন পাৱেলৰ দৰে আক্ৰমণাত্মক বেটাৰ, নৱতম চাঞ্চল্য শ্বেমাৰ জোছেফৰ দৰে খেলুৱৈ আছে।এইসকলে বৰ্তমানো ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ পূৰ্বৰ গৰিমা অলপ হ’লেও ধৰি ৰাখিছে। কিন্তু দলটোক আগৰ সেই অৱস্থালৈ আনিব পৰা নাই। বৰ্তমান ৱেষ্ট ইণ্ডিজৰ খেল চাই বহুতেই ক’ব খোজে যে দলটোৰ তাৰকা খেলুৱৈৰ অত্যধিক আক্ৰমণাত্মক শৈলী ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ বাবে হানিকাৰক। কথাষাৰৰ তাৎপৰ্য্য নোহোৱা নহয়, কাৰণ বৰ্তমানৰ তাৰকা খেলুৱৈ নিকোলাছ পুৰাণ, ছিমৰণ হেটমেয়াৰ, ৰভমেন পাৱেলৰ শৈলী হৈছে আক্ৰমণাত্মক । কিন্তু বৰ্তমানো দলটিত শ্বাই হ’পৰ দৰে ধ্ৰূপদী ইনিংছ খেলা খেলুৱৈ আছে। আকৌ খেলুৱৈ সকলৰ মাজত ব্যক্তিগত মতভেদেও দলগত প্ৰদৰ্শনত যথেষ্ট প্ৰভাৱ পেলাইছে । কিন্তু সকলো বাদ দি এজন ক্ৰিকেট প্ৰেমী হিচাপে আমিও বিছাৰো যে সকলো বাদ-বিবাদ একাষৰীয়া কৰি ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ পূৰ্বৰ গৰিমা পুনৰ ঘূৰি আহক। কাৰণ প্ৰকৃত ক্ৰিকেট প্ৰেমীয়ে দলটিৰ এই দুৰ্দশা চাই কেতিয়াও শান্তি নাপায় । সদৌ শেষত ক্লাইভ লয়ডৰ সেই পুৰণি ৱেষ্ট ইণ্ডিজ পুনৰ ঘূৰি আহক এয়ে আমাৰ কামনা॥