অসমৰ ক্লাৱ ক্ৰিকেট বিশেষ— শ্বহীদ স্মৃতি প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতা আৰু নৱাৰুণ ক্লাৱৰ যাত্ৰা:: সত্যেন্দ্ৰ শৰ্মা (সম্পাদক, নৱাৰুণ ক্লাৱ, নলবাৰী)
১৯৮৩ চনৰ ২৫ জুনৰ ভাৰতীয় সময়মতে সন্ধিয়া সময়। স্থান- ঐতিহাসিক লৰ্ডচ খেলপথাৰ । ক্ৰিকেট বিশ্বকাপ (প্ৰুডেঞ্চিয়েল কাপ)ৰ ফাইনেল খেল । প্ৰতিদ্বন্দ্বী ভাৰত বনাম ৱেষ্ট ইণ্ডিজ। খেলৰ দ্বিতীয়াৰ্ধত বলৱিন্দৰ সিং সান্ধুৰ বলে গৰ্ডন গ্ৰীনিজৰ অফ ষ্টাম্প চুই যোৱা বলটো আৰু ভিভ ৰিচাৰ্ডছৰ বেটৰ পৰা আকাশলৈ ধাৱমান সেই বলটো যাক কেচ আকাৰত আয়ত্ত কৰিছিল কপিল দেৱে- ছাত্ৰ অৱস্থাত টিভিত উপভোগ কৰা সেই মূহুৰ্তবোৰ আমাৰ মনত এতিয়াও সজীৱ। সেই বলটোৰ মাধ্যমেৰেই হয়তো ভাৰতবৰ্ষলৈ উৰি আহিছিল ক্ৰিকেট জ্বৰৰ ভাইৰাছ। পৰৱৰ্তী সময়ত ভাৰতত সেই জ্বৰ ৰূপান্তৰিত হৈছিল ক্ৰিকেটৰ উন্মাদনালৈ। টিভিৰ পৰ্দাত বিজ্ঞাপন আকাৰে আহ্বান আহিছিল– Eat cricket, Drink cricket, Sleep cricket.
১৯৮৩ৰ সৃষ্ট সেই উন্মাদনাৰ বছৰদিন পূৰ্বেই কিন্তু নলবাৰীত আত্মপ্ৰকাশ ঘটিছিল এখন ক্ৰিকেট টুৰ্ণামেণ্টৰ। তেতিয়াৰ অবিভক্ত কামৰূপ জিলাত সংগঠিত ৰূপত আয়োজিত ক্ৰিকেট টুৰ্ণামেণ্ট এইখনৰ বাহিৰেও আৰু আছিল নে নাই সঠিককৈ কোৱা টান । নাম দিয়া হৈছিল “শ্বহীদ স্মৃতি ক্ৰিকেট প্ৰতিযোগিতা” । ইতিমধ্যেই ১৯৭৫ চনত নলবাৰীৰ সেই সময়ৰ যুৱক বৰ্তমানৰ জ্যেষ্ঠ অধিবক্তা মৃগেন দাসক সভাপতি আৰু তেতিয়াৰ খেলুৱৈ বৰ্তমানৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী দিলীপ মেধিক সম্পাদক হিচাপে লৈ গঠিত হোৱা নৱাৰুণ ক্লাব আছিল এই টুৰ্ণামেণ্টখনৰ উদ্যোক্তা, যি সংযোগ এতিয়াও অব্যাহত আছে। ১৯৭৯ চনত অসমত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গনসংগ্ৰাম পৰিষদৰ নেতৃত্বত আৰম্ভ হৈছিল অসমৰ পৰা বিদেশী নাগৰিক বহিস্কৰণৰ দাবীত আন্দোলন। সেই সময়ত সমগ্ৰ অসমীয়াৰ আৱেগ জড়িত সেই আন্দোলনত ইতিমধ্যেই কেইবাগৰাকীও আন্দোলনকাৰীৰ মৃত্যু হৈছিল আৰু তেওঁলোকক ঘোষণা কৰা হৈছিল জাতীয় শ্বহীদ হিচাপে। সেই শ্বহীদ সকলৰ পূন্য স্মৃতিতেই নৱাৰুণ ক্লাবে আৰম্ভ কৰিছিল ‘শ্বহীদ স্মৃতি ক্ৰিকেট প্ৰতিযোগিতা’। আন্দোলনৰ সমাপ্তিলৈ অৰ্থাৎ ১৯৮৫ চনলৈ শ্বহীদৰ সংখ্যা বাঢ়ি গৈ গৈ হৈছিল ৮৫৫ গৰাকী। উল্লেখযোগ্য যে ক্ৰিকেট প্ৰতিযোগিতা খনৰ আগতেই নৱাৰুণ ক্লাবে অনুষ্ঠিত কৰিছিল শ্বহীদ স্মৃতি ফুটবল প্ৰতিযোগিতা যিখন আৰ্থিক অভাৱৰ হেতুকে কিছু বছৰ পিছতেই বন্ধ হৈ যায়। ১৯৮০-৮১ চনত যিকোনো এখন টুৰ্ণামেণ্ট চলাবলৈ আয়োজক সকলৰ অভাৱ হৈছিল ট্ৰফীৰ। তেতিয়াৰ সম্পাদক দিলীপ মেধিৰ প্ৰচেষ্টাত নলবাৰী চহৰৰ নাগেৰা চকৰ প্ৰতিষ্ঠিত ব্যৱসায়ী স্বৰ্গীয় ৰতনলাল জৈনে তেখেতৰ প্ৰয়াত পিতৃ ফুলছান্দ জৈনৰ সোৱৰণত আমাক বিজয়ী দলৰ ট্ৰ’ফীটো দিবলৈ সন্মতি প্ৰকাশ কৰাত ১৯৮১-৮২ চনত নলবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰথমবাৰলৈ আৰম্ভ কৰা হৈছিল “শ্বহীদ স্মৃতি ক্ৰিকেট প্ৰতিযোগিতা”। পিছলৈ অৱশ্যে ক্ৰীড়ানুৰাগী সকলৰ মাজত ই বিখ্যাত হৈছিল কেৱল “শ্বহীদ স্মৃতি”হিচাপেহে । প্ৰথম বৰ্ষৰ বিজয়ী আছিল নলবাৰীৰ UCC(United Cricket Club) আৰু বিজেতা আছিল উদ্যোক্তা নৱাৰুণ ক্লাব। ইতিমধ্যে দিলীপ মেধি নৱাৰুণ ক্লাবৰ সভাপতি আৰু সম্পাদক হৈছিল ৰানাৰ্ছ ক্লাবৰ পৰা আহি নৱাৰুণত যোগদান কৰা প্ৰয়াত অৰুপ দত্ত। শ্বহীদ স্মৃতি ক্ৰিকেট প্ৰতিযোগিতা খনৰ আজিৰ এই উত্তৰণৰ আঁৰৰ মানুহজনেই হ’ল প্ৰয়াত অৰুপ দত্ত। এই সুযোগতে বন্ধুবৰ প্ৰয়াত অৰুপ দত্তলৈ পুনৰাই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলোঁ। তেখেত শাৰীৰিক ভাবে অসুস্থ হৈ পৰাত ২০১৩-১৪ চনৰ পৰা আমি (নিবন্ধকাৰ) এই ক্লাবৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। কৃতজ্ঞতা জ্ঞাপন কৰিছো তদানীন্তন মন্ত্ৰী প্ৰয়াত নগেন শৰ্মা দেৱলৈ যিজনৰ আন্তৰিক প্ৰচেষ্টাত নলবাৰী মহাবিদ্যালয়ৰ খেলপথাৰখনে এক নতুন ৰূপলৈ গতি ল’ব আৰম্ভ কৰিছিল আৰু আমাৰ টুৰ্ণামেণ্টখন উন্নত হোৱাত সহায়ক হৈছিল।
প্ৰতিযোগিতা খনৰ আৰম্ভণিৰ বৰ্ষবোৰত নলবাৰী মহাবিদ্যালয়ৰ খেলপথাৰখন আছিল ক্ৰিকেটৰ কাৰণে অনুপযুক্ত। কোনোধৰণৰ ৰোলাৰ আদিৰ ব্যৱহাৰ অবিহনেই আমি সদস্য সকলে নিৰ্মাণ কৰিছিলোঁ ‘পিটছ্’ , যিখন আছিল অতিকৈ নিম্নমানৰ। উদ্যোক্তা নৱাৰুণৰ বাহিৰেও তেতিয়াৰ যোগদান কাৰী দলসমূহৰ ভিতৰত অন্যতম আছিল ইউচিচি, অংকুৰগোষ্ঠী, স্পৰ্টিং ইউনিয়ন, নৰ্থ কামৰূপ, ৰানাৰ্ছ, বিদ্যাপুৰ ক্ৰিকেট ক্লাব আদি।
সময় বাগৰিল। Channel 9ৰ বদান্যতাত আমি টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’লো বলৰ ছুইং, বৰষুণৰ কনিকাৰ স্পৰ্শ, ৰৌদ্ৰোজ্জল দুপৰীয়া বিদেশৰ খেলত হাতত বিয়েৰৰ মাগ লৈ খেল উপভোগ কৰা দৰ্শক, খেলপথাৰত স্বল্পবসনা গাভৰু, টনী গ্ৰেগ, ৰিছী বেন’ হঁতৰ মনপৰষা ধাৰাভাষ্য আৰু বহুতো। সময়ৰ সৈতে খাপ খুৱাই পৰিৱৰ্তন আহিল শ্বহীদ স্মৃতি ক্ৰিকেট প্ৰতিযোগিতালৈও । তাহানিৰ বগা বেলবটম, ফুল হাৱাইন ছাৰ্ট, ভৰিত সাধাৰণ মানৰ কেনভাছৰ জোতা, ওখোৰা মোখোৰা খেলপথাৰ, অতি বিপজ্জনক উইকেট আৰু কেৱল নলবাৰীৰ খেলুৱৈৰ ঠাইত সমাহাৰ ঘটিল ক্ৰিকেটৰ উপযোগী ট্ৰাউজাৰ, ADIDASৰ পোছাক, ভৰিত REEBOKৰ বুট, নৱাৰূণ ক্লাবৰ দ্বাৰা নিৰ্মিত বহুখিনি উন্নত টাৰ্ফ উইকেট, তুলনামূলকভাৱে মসৃণ আউটফিল্ড লগতে ৰাজ্যিক আৰু আন্তঃৰাজ্যিক খেলুৱৈৰ। আনকি কোনোবা ক্লাবৰ হৈ ইয়াত দপদপাব ধৰিলেহি বহিঃৰাজ্যৰ খেলুৱৈয়েও আৰু তেনেকুৱা দিনবোৰতেই অৰ্থাৎ নব্বৈৰ দশকৰ প্ৰথমভাগতেই সম্ভৱতঃ প্ৰতিযোগিতা খন ৰূপান্তৰিত হৈছিল “শ্বহীদ স্মৃতি প্ৰাইজমানী ক্ৰিকেট টুৰ্ণামেণ্ট” লৈ। বিভিন্ন শিতানৰ ট্ৰফী সমূহৰ সৈতে সন্নিৱিষ্ট হ’ল নগদ ধন। বিভিন্নজন শুভাকাংঙ্খী, ক্ৰীড়ানুৰাগীৰ আৰ্থিক বৰঙণি, সদস্য বহুতৰেই নিজৰ পকেটৰ ধন- মুঠতে য’ৰ পৰা যেনেকৈ নহওঁক সংগ্ৰহ কৰা হৈছিল প্ৰাইজমানীৰ কাৰণে প্ৰয়োজনীয় ধনৰাশি । মাজতে কেইবছৰমান নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু প্ৰয়াত ছাত্ৰ নেতা দীনেশ কলিতাৰ সোঁৱৰণত তেওঁৰ বন্ধুবৰ্গই এই টুৰ্ণামেণ্ট খনলৈ আৰ্থিক দিশত কিছু সহযোগিতা আগবঢ়াইছিল। বিজয়ী আৰু বিজিত দলক লগতে অন্যান্য ট্ৰফী সমূহৰ ক্ষেত্ৰতো সময়ে সময়ে পৰিস্থিতিৰ সৈতে খাপ খুৱাই সালসলনি ঘটি থাকিল। প্ৰৱৰ্তন ঘটিল বগা বল আৰু ৰঙীন জাৰ্চীৰ। অসমৰ বিভিন্ন প্ৰান্ত বিশেষকৈ গুৱাহাটী, তেজপুৰ, সৰভোগ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, ওদালগুৰি, বজালী আদিৰ লগতে আলিপুৰদুৱাৰ পৰ্যন্ত প্ৰসাৰ ঘটিল এই টুৰ্ণামেণ্ট খনৰ। কুৰি শতিকাৰ শেষ তথা একবিংশ শতিকাৰ আৰম্ভণিৰ বহু খেলুৱৈ বিশেষকৈ গুৱাহাটীৰ খিনিৰ হৃদয়ত শ্বহীদ স্মৃতি ক্ৰিকেট টুৰ্ণামেণ্টৰ কথা আজিও বিদ্যমান। টুৰ্ণামেণ্টখনৰ এই সম্প্ৰসাৰণৰ ক্ষেত্ৰত নলবাৰীৰ এগৰাকী ক্ৰিকেট অনুৰাগী, খেলুৱৈ, আম্পায়াৰ লগতে আমাৰ শুভাকাংখী মৃণ্ময় ভূঞাৰ অৰিহণা উল্লেখযোগ্য। একাধিকবাৰ এই টুৰ্ণামেণ্ট খনত বিজয়ী হৈছে GCCC (Guwahati cricket coaching centre), UCC Nalbari, অংকুৰ গোষ্ঠী নলবাৰী, নৱৰত্ন নলবাৰী আদি। Runner up হৈছিল নৱাৰুণ, স্পৰ্টিং ইউনিয়ন, বঙাইগাঁও, আলিপুৰদুৱাৰ, CCCC (City cricket coaching centre) Guwahati, শান্তিপুৰ ক্লাব গুৱাহাটী, ব্লুস্টাৰ নলবাৰী, ৰিজাৰ্ভ বেংক গুৱাহাটী আদি দলসমূহ। সেই দিনবিলাকত ৰঞ্জী ট্ৰফীকে আৰম্ভ কৰি বিভিন্ন গ্ৰুপত অসমৰ ৰাজ্যিক দলবোৰক প্ৰতিনিধিত্ব কৰা বহুসংখ্যক খেলুৱৈয়ে বিভিন্ন দলৰ হৈ এই টুৰ্ণামেণ্টত খেলিবলৈ আহিছিল, আহি আছে আৰু ভৱিষ্যতলৈও আহি থাকিব বুলি আমি আশাবাদী। বিভিন্ন দলৰ হৈ বিভিন্ন সময়ত প্ৰতিনিধিত্ব কৰা কেইগৰাকীমান ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈৰ ভিতৰত গৌতম দত্ত, পৰাগ দাস, অংশুমান ভাগৱতী, শুভদ্বীপ ঘোষ, পলাশজ্যোতি দাস, নিশান্ত বৰদলৈ, মৃগেন তালুকদাৰ, ছাদেক ইমৰাণ চৌধুৰী, স্বৰূপম পুৰকায়স্থ, চানক্য শৰ্মা, কৃষ্ণ দাস, বিকীৰণ দাস, কৌশিক ভট্টাচাৰ্য্য, দীপ বৰা, সুশান্ত বিশ্ব শৰ্মা আদিৰ নাম উল্লেখযোগ্য ৷ বিভিন্ন প্ৰতিকূলতাৰ কাৰণে মাজতে এই টুৰ্ণামেণ্টখন স্থবিৰ হৈ পৰিলেও এই বছৰ অৰ্থাৎ ২০২৪ ৰ পৰা পুনৰাই প্ৰতিযোগিতা খন আৰম্ভ হৈছে যিটো আছিল টুৰ্ণামেণ্টখনৰ ৩৭ তম সংস্কৰণ। এইবেলি গুৱাহাটীৰ বাড ক্ৰিকেট ক্লাবে নলবাৰীৰ ইউনিক স্পোৰ্টছ ক্লাবক হৰুৱাই চেম্পিয়ন হবলৈ সক্ষম হয়।
বিভিন্ন ক্ষেত্ৰত এই টুৰ্ণামেণ্টখন সাফল্যমণ্ডিত কৰাত যিসকলৰ অৰিহণা আছে সকলোকে এই লেখাৰ জৰিয়তে শলাগ ল’লো। সকলোৰে নাম উল্লেখ কৰা সম্ভৱ নহয়, তথাপিও উল্লেখ কৰিবলৈ লৈছোঁ ১৯৭৫ চনত গঠিত নৱাৰুণ ক্লাবৰ যিসকলৰ সুবাদত আৰম্ভ হৈছিল “শ্বহীদ স্মৃতি ক্ৰিকেট প্ৰতিযোগিতা”। তেওঁলোক আছিল – মৃগেন দাস(অধিনায়ক), দিলীপ মেধি, সত্যেন্দ্ৰ শৰ্মা (নিবন্ধকাৰ), সুশীল মেধি, জয়ন্ত শৰ্মা, হেমচন্দ্ৰ তালুকদাৰ, অজিত দাস,অলকেশ বৰুৱা, মৃণাল ৰয়মেধি, প্ৰয়াত ক্ৰমে বিজিত ভাগৱতী, দেৱেশ্বৰ স্বৰ্গীয়াৰী, মন্টু ডেকা, নৃপেন ডেকা, ধীৰেন ডেকা, অতীন্দ্ৰ গোস্বামী। অহা বৰ্ষত সোনালী জয়ন্তী বৰ্ষত ভৰি দিবলৈ ওলোৱা নৱাৰুণ ক্লাবৰ অন্যান্য কাৰ্যাৱলীৰ লগতে সমূহ ক্ৰীড়ানুৰাগীৰ সহযোগিতাত আমি এই টুৰ্ণামেণ্টখন অধিক উজ্বল ৰূপত অনুষ্ঠিত কৰিব পাৰিম বুলি আশাবাদী। লগতে প্ৰতিগৰকী ক্ৰিকেটপ্ৰেমীক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সমান্তৰালকৈ নিজৰ ৰাজ্যৰ ক্লাৱ ক্ৰিকেটৰ খবৰ ৰাখিবলৈ অনুৰোধ জনালো কাৰন যিকোনো এটা ক্ৰীড়া প্ৰতিভা অংকুৰিত হোৱাৰ প্ৰথম মঞ্চখনেই হ’ল স্থানীয় ক্লাৱসমূহ ৷ গতিকে ভৱিষ্যতৰ এজন তাৰকা খেলুৱৈ সৃষ্টিত এই ক্লাৱসমূহৰ ভূমিকা কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ ৷
(বিনম্ৰ দ্ৰষ্টব্য- শ্বহীদ স্মৃতি ক্ৰিকেট টুৰ্ণামেণ্ট ৰ বাহিৰেও নৱাৰুণ ক্লাব জন্মলগ্নৰে পৰাই সুখ্যাতিৰে জড়িত হৈ আছে ফুটবল, ভলীবল, এথলেটিকছ, বেডমিন্টন, নলবাৰী ক্ৰীড়া সন্থাৰ সমূহ কাৰ্যসূচীৰ লগতে বিভিন্ন সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰত। এই লেখাত আমি ওপৰোক্ত বিষয়সমূহত আলোকপাত কৰা নাই।)